Tourism

Tourism

পৰ্যটনৰ স্থানসমূহ

       মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান বৰনাৰায়ণপুৰত পৰ্যটনৰ এক বিস্তৃত ক্ষেত্ৰ দেখা যায়৷ উপযুক্ত প্ৰচাৰৰ অভাৱত পৰ্যটকক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত সফল হোৱা নাই৷ ঐতিহাসিক আৰু জৈৱ-বৈচিত্ৰৰ দিশৰ পৰা এই স্থানসমূহৰ গুৰুত্ব অধিক দেখা যায়৷দু:সাহসিক অভিযান,প্ৰাকৃতিক সৌন্দৰ্য আৰু নান্দনিক অনুভৱৰ ক্ষেত্ৰতো এই স্থানসমূহে পৰ্যটকক আকৰ্ষণ কৰিব পাৰিব৷ ভিন্ন জনগোষ্ঠীৰ বাসস্থান এই অঞ্চলত জনগোষ্ঠীয় জীৱন আৰু সংস্কৃতি অধ্যয়নৰ এক সুবিধাও আছে৷ সেয়ে তেনে কেইখনমান স্থানৰ বিষয়ে ইয়াত উল্লেখ কৰা হ’ল৷

মহাপুৰুষ মাধৱদেৱ জন্মস্থান

       মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান হিচাবে দুটি স্থান নিজ নিজ বিশ্বাস আৰু পৰম্পৰা অনুসৰি এক দীৰ্ঘ সময়জুৰি চলি আহিছে৷এখন লেটেকুপুখুৰী আৰু আনখন উজীৰৰ টোল (ৰঙাজান)৷

ফুলনি থান

       বৈষ্ণৱ ধৰ্মৰ এক পবিত্ৰ স্থান হিচাবে ফুলনি থানক জনসমাজে বিশ্বাস কৰে৷ বছৰটোৰ সকলো সময়তে ইয়ালৈ অসমৰ ভিন্ন স্থানৰ পৰা ভক্তৰ আগমন ঘটে৷ ১৬৩৮ ৰ পৰা ১৬৬৮ চনৰ ভিতৰত বদলা পদ্ম আতাৰ দ্বাৰা ফুলনি থান প্ৰতিষ্ঠা হয় ৷১৯৬৩ চনত স্হায়ী মণিকুট আৰু নামঘৰ প্ৰতিষ্ঠা কৰে৷

বদলা সত্ৰ

       বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক বদলা পদ্ম আতাৰ সৈতে বদলা সত্ৰৰ স্মৃতিবিজড়িত হৈ আছে৷ ১৬৩৬ চনত বদলা পদ্ম আতাই স্থাপন কৰা সত্ৰখনি ভকতসকলে পদ্ম আতাৰ নামেৰে শ্ৰদ্ধাৰে ৰাখে৷এই সত্ৰতে বৰ্তমান মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ কাম চলি আছে৷

বেলগুৰি সত্ৰ

       মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ মণিকাঞ্চন সংযোগস্থল ধুৱাহাট (বেলগুৰি)স্থাপিত বেলগুৰি সত্ৰ ১৯৩৭ চনত নাৰায়ণপুৰত প্ৰতিস্থা হয়৷পূৰ্ব স্থান বানে উটুৱাই নিয়াত নাৰায়ণপুৰত স্থাপন কৰে৷সত্ৰীয়া সংস্কৃতি চৰ্চাৰ এক ধাৰাবাহিকতা দেখা যায়৷

       শিয়ালমৰা সত্ৰ, কলানি থান, শক্ৰাহী সত্ৰ,সাউকুঁচি সত্ৰ, আঁহতগুৰি সত্ৰ, দেবেৰাপাৰ থান, ভাটৌকুঁচি থান, হৰিদেৱ থান আদিয়ে বৃহত্তৰ অঞ্চলটিত মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ ধৰ্ম আৰু সংস্কৃতি চৰ্চা আৰু বিকাশৰ অৰ্থে নিজক নিয়োজিত কৰি আহিছে৷

মাঘনোৱা দ’ল

       পিছলা নদীৰ কাষত থকা মাঘনোৱা দ’লৰ নিৰ্মাতা সম্পৰ্কে মতভেদ দেখা যায়৷চাংৰুং ফুকনৰ বুৰঞ্জীক প্ৰামাণ্য নথি বুলি ধৰিলে স্বৰ্গদেউ শিৱসিংহই এই দ’ল নিৰ্মাণ কৰিছিল বুলি সিদ্ধান্ত ল’ব পাৰি৷ মাঘনোৱা দ’লটোৰ চাৰিওফালে প্ৰায় ৫ ফুট ওখ ইটাৰ বেৰ। দ’লত লাগি থকা বুলনি ঘৰৰ পাৰ প্ৰায় ১২৫ হাত দূৰত বাট চ’ৰাসহ দুৱাৰ আছে। দ’লটো আঠকোণীয়া আৰু সন্মুখৰ গাতে লাগি আছে বুলনি ঘৰ। আঠকোণীয়া দ’লটোৰ কাৰ্নিচৰ তলৰ পৰা মাটিত লগা বেৰৰ অংশৰ মাজ ভাগ মৃদঙৰ দৰে পেটুৱা। চাংৰুং ফুকনৰ বুৰঞ্জীৰ মতে ১৬৪৩ শকৰ ফাগুন মাহত দ’লটি নিৰ্মাণ কৰা হৈছে৷ ওখ ৩২ হাত, বেৰ ৭০ হাত, ডাঠ ৪ হাত৷

বাপুচাং

       বৰখামতি, শ্ৰীভূঞা, বৰপথাৰত বাপুচাং আছে৷ বৌদ্ধধৰ্মালম্বী খামতিসকলৰ উপাসনাস্থল বাপুচাঙলৈ ব্ৰহ্মদেশ, সিংহল, টাৱাং আদি বিভিন্ন স্থানৰ পৰা ভিক্ষু আৰু পৰ্যটক আহে৷

নদী

       ডিক্ৰং, পিছলা দ্ৰোপাং, দিহিৰী, চেঁচা আদি নদীৰে পৰিবেষ্টিত অঞ্চলটিত দু:সাহসিক অভিযানৰ এক সুন্দৰ সম্ভাৱনা আছে৷ সুন্দৰ প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ নদীৰ উৎসসমূহে পৰ্যটকক আকৰ্ষণ কৰে৷

পিছলা

       যোগিনী তন্ত্ৰৰ পিচ্ছিলা, গঙ্গাৰ ভাগিন পিছলা, গৌতমস্য মহাফলা পিছলা বুলি পৰিচিত পিছলা এখন ইতিহাসপ্ৰসিদ্ধ নদী৷ ইয়াৰ পাৰতে মাঘনোৱা দ’ল, কোচ আহোমৰ যুদ্ধ আদি ইতিহাসপ্ৰসিদ্ধ চিনাকি জড়িত হৈ আছে৷ আই নামতো পিছলা নদী সঘন উল্লেখ পুৱা যায়৷

ৰজাদিনীয়া পুখুৰী

       এই অঞ্চলত ৰাধা পুখুৰী, মাহধোৱা পুখুৰী, চাউলধোৱা পুখুৰী, গোঁহাই পুখুৰী, বুঢ়া-বুঢ়ী পুখুৰী, ৰঙতি পুখুৰী, বৰলা পুখুৰী, লেটেকু পুখুৰী, বেটী পুখুৰী, ৰহধলা পুখুৰী, খোলচোৱা পুখুৰী আদি ৰজাদিনীয়া পুখুৰী আছে৷বছৰৰ বিভিন্ন সময়ত এই পুখুৰীবোৰলৈ পৰিভ্ৰমী চৰাইৰ আগমন ঘটে৷

জনগোষ্ঠীয় জীৱন

       খামতি, দেউৰী, মিচিং, কাৰ্বি, সোণোৱাল কছাৰী, বড়ো, মেছ কছাৰী আদি ভিন্ন জনগোষ্ঠীৰ বসতিস্থল অঞ্চলটিত জনগোষ্ঠীয় পৰম্পৰা আৰু জীৱন-পদ্ধতি অধ্যয়ন আৰু দৰ্শনৰ সুবিধা আছে৷

অৰুণাচল আৰু মাজুলী

       অৰুণাচল প্ৰদেশ আৰু নদী দ্বীপ মাজুলী অঞ্চলটিৰ পৰা নিচেই ওচৰত৷যাতায়ত আৰু যোগাযোগৰ সুবিধাও পোৱা যায়৷

Compiled by- যোগেন তামুলী