Ratnawali

Ratnawali written by Madhabdeva

ছবি

দেৱে তীৰ্থে চিৰকালে কদাচিতো শুদ্ধি কৰে
সাধু সৱে সদ্যে পাপ হৰে।
হেন সাধুসঙ্গ এৰে মোক্ষ চাহে যিটো নৰে
নাহি মূঢ়মতি তাত পৰে।।
হেনবা বুলিবা বাক পাপ নষ্ট কৰিবাক
আছে কোন সমৰ্থ সন্তৰ।
শুনা মন সাৱধানে গঙ্গাদেৱী বিদ্যামানে
যেন ভগীৰথৰ উত্তৰ।। ৪২২
গঙ্গাদেৱী বুলিলন্ত শুনা বাপু ভগীৰথ
হৰিবো সবাৰো পাপচয়।
মই কেনমতে শুদ্ধি হৈবো নাজানোহো বুদ্ধি
কি কৰিবো কহিয়ো নিৰ্ণয়।।
শুনি ভগীৰথে পাছে বুলিলা গঙ্গাৰ আগে
শুনা মাৱ বচন আমাৰ।
নকৰিবা তুমি ডৰ তযু পাপ নিৰন্তৰ
সাধুসবে কৰিবে সংহাৰ।। ৪২৩
নজানে ব্ৰহ্মত পৰে সিটো সাধু সন্ত নৰে
জগতকে পৱিত্ৰ কৰন্ত।
তাসম্বাৰ সঙ্গী যিটো তাৰো শুদ্ধ হৃদয়তো
প্ৰকটে আছন্ত ভগৱন্ত।।
এহি হেতু মহন্তক নোচোৱে কিঞ্চিতো পাপে
যেহেন সূৰ্য্যক অন্ধকাৰ।
তাৰাসৱে অস্তে সঙ্গে পৰশিলে পাপমানে
সমুলঞ্চে হৈবে বুন্দামাৰ।।২২৪
দেৱসবে মনুষ্যৰ সুখ দুখ দুইৰো হেতু
সুখ হেতু মাত্ৰ সাধু জন।
এতেকেসে সাধু সঙ্গ পৰম দুৰ্ল্লভ অতি
শুনা বাসুদেৱৰ বচন।।
দেৱঋষি নাৰদক বুলিলন্ত বাসুদেৱে
শুনা মুনিৰাজ মহাশয়।
দেৱৰ চৰিত্ৰ যত ইটো প্ৰাণী সমস্তৰ
সুখ দুখ দুয়ো মিলাৱয়।। ৪২৫
অচ্যুতেসে আত্মা যাৰ হেন তুমিসব মহা
জনৰ চৰিত্ৰ নিৰন্তৰ।
গুচাৱে সংসাৰ দুখ মিলাৱে মুকুতি সুখ
চৰাচৰ যত জগতৰ।।
ভজে যিটো যেনমতে দেৱসবো সেহিমতে
মনুষ্যক কৰে ফলদান।
শুনিয়ো দৃষ্টান্ত যেন যিবা সস্তু যত মান
ছায়া তাৰ হয় সেহি মান।।৪২৬
তুমিসব মহাজনে কেৱল পৰম দুখ
হৰা মাত্ৰ নচাই উপকাৰ।
হেন মহা মহন্তক দৰশন ভৈলো আজি
কিনো ভাগ্য মিলিল আমাৰ।।
বসুদেৱ বাক্য থওঁ জনক বচন কওঁ
সাধুসব শ্ৰেষ্ঠ যেনমত।
যদ্যপি ক্ষণিক কাল জীৱন মনুষ্য দেহ
তথাপিতো দুৰ্ল্লভ সবাত।।৪২৭
মহা পুৰুষাৰ্থ হেতু তাহাতো দুৰ্ল্লভ মানো
বৈকুণ্ঠৰ প্ৰিয় দৰশন।
হেন সাধু উপাসিয়া ভকতি নসাধে যিটো
পৰম দুৰ্ম্মতি সিটো জন।।
শুনা উদ্ধৱত যেন কহিলন্ত ভগৱন্তে
সাধু সঙ্গ যিমতে উত্তম।
সৰ্ব্ব সাধনাত শ্ৰেষ্ঠ সন্তৰ উপাসা আত
নাহি অধিকাৰীৰ নিয়ম।।৪২৮