Ratnawali

Ratnawali written by Madhabdeva

দ্বিতীয় সত্সঙ্গ বিৰচন পদ

পূৰ্ব্ব বিৰচনত ভকতি কৰি সাৰ।
আৰম্ভিলো মই বিৰচন আৰোবাৰ।।
ভকতিৰ হেতু নিৰূপণৰ নিমিত্তে।
জানি সভাসদ শুনিয়োক একচিত্তে।।২৯৫
শ্ৰীমন্ত ঈস্বৰ কৃষ্ণ ভকতৰ গুৰু।
তাহাৰ পৰম কৃপা ৰস কল্পতৰু।।
তাহাৰ উত্তম ফল সত্সঙ্গ প্ৰধান।
ভাগৱত শাস্ত্ৰে অভিপ্ৰায় এহিমান।।২৯৬
এহি পৰমাৰ্থ দেখাইবাক প্ৰথমত।
আৰম্ভিলো কপিলৰ বাক্য অভিমত।।
কপিলে কহন্ত দেৱহুতিৰ আগত।
একান্ত বৈষ্ণৱ সমস্তৰ প্ৰসঙ্গত।।২৯৭
হোৱয় উদ্ভৱ মোৰ নিৰ্ম্মল চৰিত।
তাক যিটো পৰম শ্ৰদ্ধায়ে শুনে নিত।।
মোক্ষদাতা মই মোতে শীঘ্ৰে আতিশয়
অনুক্ৰমে শ্ৰদ্ধা ৰতি ভকতি মিলয়।।২৯৮
ভকতৰ সঙ্গ যিটো লৱয় সৰ্ব্বথা।
হৈবেক ভকতি তাৰ ইটো কোন কথা।।
অল্প সঙ্গে তাৰয় ভকতি দিয়া দান।
ভগৱন্ত বাক্যে লৈয়ো ইহাৰ প্ৰমাণ।।২৯৯
আকাশত থাকে নাৰদ নিগদতি।
শুনিয়ো বালক মোৰ বচন সম্প্ৰতি।।
অল্প মা৬ সাধু সেৱা কৰিলি সাক্ষাত।
এতেকতে মোত দৃঢ় মতি হৈল জাত।।৩০০
ত্যজিয়া নিন্দিত দাসীসূত কলেৱৰ।
পাইবি মোৰ পাৰিষদী তনু শ্ৰেষ্ঠতৰ।।
হৈবেক নাৰদ নাম দিব্য ৰূপধৰ।
ফুৰিবি পৱিত্ৰ কৰি লোক নিৰন্তৰ।।৩০১
ভগৱনত বাক্য থওঁ সংহৰি সম্প্ৰতি।
স্বৰ্গাদিতো কৰি শ্ৰেষ্ঠ সাধুৰ সঙ্গতি।।
লৈয়োক প্ৰমাণ শৌনকৰ বচনত।
সাক্ষাতে কহিয়া আছে সুতৰ আগত।।৩০২
অতি অল্প কাল মাত্ৰ সন্তৰ সঙ্গৰ।
তাকো স্বৰ্গ মোক্ষ পদে নোহে সমসৰ।।
স্বৰ্গ সুখ হন্তে পুনৰপি পাত হয়।
মোক্ষতো ভকতি শূন্য জানিবা নিশ্চয়।।৩০৩
আন সব সুখ আৰ কিবা পটন্তৰ।
এতেকে সবাতো শ্ৰেষ্ঠ সঙ্গ ভকতৰ।।
এবে আৰ হেতু শুনা সূত মহাশয়।
কৃষ্ণ-পদযুগ মাত্ৰ যাহাৰ আশ্ৰয়।। ৩০৪
তাৰা সবে মহামুনি পৰম মহন্ত।
সন্নিধি মাত্ৰকে সদ্যে পৱিত্ৰ কৰন্ত।।
ভকতিৰ প্ৰতিবন্ধ যত পাপচয়।
ভকত জনৰ সেৱাতেসে নষ্ট হয়।।৩০৫
হৰিপদ হন্তে গঙ্গা হুয়া উতপতি।
ভৈল এৰা এৰি সিটো চৰণে সহিতি।।
কৃষ্ণৰ চৰণ সম্বন্ধত গঙ্গাদেৱী
কৰন্ত পৱিত্ৰ যেৱে চিৰকাল সেৱি।। ৩০৬
সন্তৰ হিয়াত হৰি সদা প্ৰৱৰ্ত্তন্ত।
এতেকে গঙ্গাত কৰি গৰিষ্ঠ মহন্ত।।
তাসম্বাৰ সঙ্গ সদা লৈলা যিটো জনে।
নুহিবে ভকতি শঙ্কা নকৰিবা মনে।।৩০৭
ভকত সঙ্গত আন নলাগে সহায়।
সূতৰ বচনে আৰ লৈয়ো অভিপ্ৰায়।।
অভক্তৰ স্বভাৱ মলিন অতিশয়।
ম্লেচ্ছাদি শৰীৰ তাৰ হৈবেক নিশ্চয়।। ৩০৮
সম্প্ৰতি যতেক কৰ্ম্ম কৰে বিদ্যামান।
নোহে সিটো শোভন সমস্তে অকল্যাণ।।
কৃ্ণৰ সেৱক সব পৰম নিৰ্ম্মল।
জগত পৱিত্ৰ কৰে তাহাৰা সকল।।৩০৯
তাসম্বাক সেৱা আতি কৰন্তে সদায়।
ভক্তি প্ৰতিবন্ধ নষ্ট হোৱে সমুদায়।।
গুচে সবে চিত্তৰ বিক্ষোভ আছে যত।
নিশ্চল ভকতি হোৱে কৃষ্ণ-চৰণত।।৩১০
অধমো উদ্ধাৰ হোৱে সন্তৰ সঙ্গত।
ইহাৰ প্ৰমাণ লৈয়ো সূতৰ বাক্যত।।
আজি মোৰ মহা হৰিষৰ নাহি সীমা।
সাধুৰ সঙ্গৰ কিনো আশ্চৰ্য্য মহিমা।।৩১১
ক্ষত্ৰিয়ত হন্তে ব্ৰাহ্মণীত ভৈলো জাত।
অপৱিত্ৰ সূতজাতি জগতে প্ৰখ্যাত।।
হেন মই ভৈলো মোৰ জন্মৰ সফল।
তোমাসাৰ সঙ্গে মোক কৰিলা নিৰ্ম্মল।।৩১২
অকুলীন হেন দুখ মনত আছিল।
শুক গুৰু প্ৰসাদত সমস্তে গুচিল।।
শৌনক প্ৰভৃতি তোৰাসব মহাজন।
তুমি সবে মোক সাদৰাহা অনুক্ষণ।।৩১৩
তোৰাসব সমে কৰে লৌকিক আলাপ।
তথাপিতো দূৰ হোৱে তাৰ যত পাপ।।
আছো ভকতৰ সম্ভাষণ ইটো কথা।
সন্তৰ স্মৰণে শুদ্ধি কৰয় সৰ্ব্বথা।।৩১৪
সঙ্গ লৈয়া শুশ্ৰূষা কৰয় মহন্তক।
তেবেকি কহিবো আৰ তাহাৰ ভাগ্যক।।
বুলিবাহা ইটো কথা যেবে সত্য হয়।
তেবে কিয় ভকতক সবে নভজয়।। ৩১৫
বিদুৰ বচনে লৈয়ো ইহাৰ উত্তৰ।
যাক নতু অনুগ্ৰহ মিলয় কৃষ্ণৰ।।
মহন্তৰ সেৱা তাৰ পৰম দুৰ্ল্লভ।
কৃষ্ণৰ কৰুণা বিনে নুহিকে সুলভ।।৩১৬
বৈকুণ্ঠৰ পতি যিটো প্ৰভু ভগৱন্ত।
তাহাঙ্ক পাইবাৰ পন্থ যতেক মহন্ত।।
তাসম্বাৰ চিহ্ন যেন শুনিয়োক তাক।
গাৱে ৰাত্ৰি দিনে মাত্ৰ কৃষ্ণৰ কথাক।।৩১৭
কহো মহন্তক সেৱা কৰিবাৰ ফল।
কৃষ্ণ কথা শুনন্তে চিত্তৰ গুচে মল।।
তেবেসে হৈবেক ৰতি কৃষ্ণ চৰণত।
মহা প্ৰেমোত্সৱ আসি মিলয় মনত।।৩১৮
মোক্ষতো অধিক সুখ লভয় প্ৰচুৰ।
অপ্ৰয়াসে সংসাৰৰ দুখ যায় দূৰ।।
বুলিবাহা যাৰা সবে কুশলক চায়।
অসন্তৰ সঙ্গ যেন এৰে সমুদায়।। ৩১৯
সেহিমতে সন্তসঙ্গো লাগয় ত্যজিতে।
নকৰি সংশয় শুনা স্থিৰ কৰি চিত্তে।।
কৰয় প্ৰসঙ্গ যিটো মহন্ত সবৰ।
পাইলা মুকুতৰি সিটো মেলান দুৱাৰ।।৩২০
অসাধুৰ সঙ্গৰ সুদৃঢ় পাশ জৰী।
বান্ধয় জীৱক আতি জৰপুৰ কৰি।।
এতেকেসে জ্ঞানীগণে কৰিয়া বিচাৰ।
এৰিয়া দুঃসঙ্গ সাধুসঙ্গ কৰে সাৰ।।৩২১
প্ৰসঙ্গত মহন্তৰ দেখায়া লক্ষণ।
এহি অৰ্থে কহো শুনা কপিল বচন।।
কপিল বদতি দেৱহূতি শুনিয়োক।
আমাক একান্ত চিত্তে ভজে যিটো লোক।।৩২২
তাহাৰা সবৰ কৰো লক্ষণ বিদিত।
সবাৰো সুহৃদ মহা কাৰুণিক চিত্ত।।
ক্ষমাশীল শান্ত সাধু শুশীল ভূষণ।
তাসম্বাৰ শত্ৰু কৈতো নাহি উতপন।।৩২৩
নিষ্কামে ভকতি মোত কৰন্ত একান্তে।
মোক ত্যজি নভজন্ত আনক প্ৰাণান্তে।।
সুহৃদ বান্ধৱ ধন জন কৰ্ম্ম যত।
মোৰ প্ৰীতি অৰ্থে সবে ত্যজন্ত সমস্ত।। ৩২৪
মোৰ সুনিৰ্ম্মল কথা কহন্ত শুনন্ত।
মোত বিনে চিত্ত আৰ আনত নেদন্ত।।
পৰম আনন্দ আতি মনত মিলয়।
তাসম্বাক আৰ তিনি তাপে নোছোৱয়।।৩২৫
সমস্তৰে সঙ্গ এৰি মোকেসে ভজয়।
তাৰাসবে সাধু মাতৃ কহিলো নিশ্চয়।।
দেওঁ উপদেশ মই তাক শুনিয়োক।
কৰিয়া যতন সাধু সঙ্গক লৈয়োক।। ৩২৬
তোমাৰ দুঃসঙ্গ দোষ সবে হৰিবন্ত।
স্বভাৱে তোমাক মহা কৃপা কৰিবন্ত।।
পৰম কৰুণাশীল ভকত সকল।
আশ্ৰয় মাত্ৰকে দূৰ কৰে কৰ্ম্মফল।।৩২৭
থৈলো উপসংহৰি কপিল বাক্য যত।
এৰিব সাধুৰ সঙ্গ হেন যাৰ মত।।
পৰম অজ্ঞানী তাৰ বচন নিষ্ফল।
বিনে সাধু সঙ্গে নাহি কাহাৰো কুশল।।৩২৮
মুকুতি সুখক প্ৰতি ইচ্ছা আছে যাৰ।
কহিলো সন্তৰ সঙ্গ প্ৰাৰ্থনি তাহাৰ।।
লভিবে মুকুতি পায়া সাক্ষাতে কৃষ্ণক।
তাৰাসবো বাঞ্ছা কৰে সাধুৰ সঙ্গক।। ৩২৯
লৈয়োক প্ৰমাণ আৰ ধ্ৰুবৰ বচনে।
কৰন্ত প্ৰাৰ্থনা আতি কৃষ্ণৰ চৰণে।।
সদায়ে তোমাত যিটো কৰয় ভকতি।
পৰম নিৰ্মল তাৰা সমস্তৰ মতি।। ৩৩০
তাসম্বাৰ প্ৰসঙ্গ সততে মোৰ হোক।
হেন অনুগ্ৰহ নাথ কৰিয়োক মোক।।
বুলিয়া কিসক মোত নোখোজে মুকুতি।
নালাগে মাগিবে তাক শুনিয়ো যুগুতি।।৩৩১
ভকতৰ মুখে তযু চৰিত্ৰ অমৃত।
পৰম সন্তোষে আতি পিউ প্ৰতি নিত।।
কথামৃত পান কৰি হৈবো মহা মত্ত।
তৰিবোহো সুখে সংসাৰৰ দুখ যত।।৩৩২
নাহি কথামৃত পান সুখ মুকুতিত।
কথাতে মুকুতি সুখ হোৱয় বিদিত।।
তযু কথামৃত পানে হোৱে যেন মত্ত।
কৰোহোঁ বেকত প্ৰভু তোমাৰ আগত।।৩৩৩
 তযু পাদ-পদ্মত লুবুধ যাৰ মন।
তেসম্বে সহিতে কৰে প্ৰসঙ্গ যিজন।।
তাৰাসবে নুসুমৰে প্ৰিয়তম দেহ।
ভাৰ্য্যা পুত্ৰ বিত্ত সুহৃদতো এৰে স্নেহ।।৩৩৪
ভকতত হন্তে কথামৃত পান কৰে।
মহা মত্ত হুয়া আতি সবাকো পাসৰে।।
ধ্ৰুৱৰ বচন এবে থৈলো এহিমানে।
সত্সঙ্গৰ মহিমা দেখালো বিদ্যমানে।।৩৩৫
মহন্তসবৰ কথা থাকোক তাৱত।
শুনা তাসম্বাৰ পদ ৰেণুৰ মহত্ত্ব।।
প্ৰাৰ্থিলন্ত পৃথু মহাজন সমস্তত।
শুনিয়ো মহন্ত সব মোৰ অভিমত।।৩৩৬
ভকতৰ পদৰেণু যাৱে জীৱমানে।
কিৰীটিৰ অগ্ৰত বহিবো সাৱধানে।।
তেবেসে মোহোৰ হৈবে জন্মৰ সফল।
পৰশ মাত্ৰকে কৰে পাপীকো নিৰ্ম্মল।।৩৩৭
হেন পদৰেণুক নিতান্তে যিটো ধৰে।
সমস্ত গুণৰ পাত্ৰ হোৱে সিটো নৰে।।
থৈলো এহিমানে ইটো বচন পৃথুৰ।
দেখাইলোহো মহন্তৰ মহিমা প্ৰচুৰ।। ৩৩৮
বৈষ্ণৱৰ সঙ্গৰ মহিমা কৈবো কত।
কহন্তা শুনন্তা যত সবাৰো সন্মত।।
জানি মহাজনৰ সঙ্গক কৰা সাৰ।
সবাৰো সুখক আতি ৰয় বিস্তাৰ।।৩৩৯
কহিলো সাধুৰ সঙ্গ প্ৰাৰ্থনি বিশেষ।
পৰকো সাধুৰ সঙ্গ দিবা উপদেশ।।
এহিমানে পৰক পৰম উপকাৰ।
ৰুদ্ৰৰ বচনে লৈয়ো প্ৰমাণ ইহাৰ।। ৩৪০
দেন্ত উপদেশ হৰে দশ প্ৰচেতাক।
শুনিয়োক ৰাজপুত্ৰসব মোৰ বাক।।
কহো তোমাসাত সবে শাস্ত্ৰৰ সন্মত।
কৰিবা প্ৰাৰ্থনা হেন ঈশ্বৰ কৃষ্ণত।।৩৪১
তযু পদ স্মৰণে সংহৰে পাপ যত।
কৰো আমি প্ৰাৰ্থনা তোমাৰ চৰণত।।
তব কথা স্মৰণে মনৰ মল হৰে।
পাদোদক গঙ্গায়ে বাহিৰ শুদ্ধি কৰে।। ৩৪২
হেন দুই তীৰ্থ সেৱি মহন্তসকল।
বাহিৰে ভিতৰে আতি হোৱয় নিৰ্ম্মল।।
এতেকে ভূতক দয়া কৰে নিৰন্তৰ।
ৰাগ লোভ কাম ক্ৰোধ গুচিল মনৰ।।৩৪৩
হেন মহন্তৰ সঙ্গ কৰিয়োক দান।
আমাক তোমাৰ অনুগ্ৰহ এহিমান।।
মহেশৰ বচনক এহিমানে থওঁ।
দশ প্ৰচেতাৰ বাক্য প্ৰপঞ্চিয়া কওঁ।।৩৪৪
পায়া দশ জনে উপদেশ মহেশ্বৰ।
কৰিলন্ত তপ দশ হাজৰ বত্সৰ।।
তাসম্বাৰ তপে তুষ্ট হৈয়া আতিশয়।
সাক্ষাতে দিলন্ত দেখা কৃষ্ণ কৃপাময়।।৩৪৫
বৰ লোৱা বুলি প্ৰলোভিলা বাৰেবাৰ।
বিনাৱন্ত দশ পাছে কৰি নমস্কাৰ।।
পাইলো আমি আসি সুখে তযু পদমূল।
আছে আৰ আন কোন বৰ আক তুল।।৩৪৬
যেন মধুকৰে সুখে পাৰিজাত পাই।
তাক ত্যজি পুনু আন বৃক্ষক নযাই।।
সেইমতে পায়া প্ৰভু তযু চৰণক।
আক ত্যজি কেনে আমি প্ৰাৰ্থিবো আনক।।৩৪৭
ব্ৰহ্মপদ পায়ো মনোৰথ সীমা নাই।
তথাপিতো এক বৰ দিয়োক গোঁসাই।।
তোমাৰ মায়ায়ে আমি নিজ কৰ্ম্ম গতি।
ভ্ৰমোহোঁ যাৱত ইটো সংসাৰে সম্প্ৰতি।। ৩৪৮
জন্মে জন্মে হোক তযু সঙ্গ ভকতৰ।
মিলোক প্ৰসঙ্গ প্ৰভু দিয়ো এহি বৰ।।
বুলিবা মোহোৰ সঙ্গ নুখুজিলা কিক।
ভকতসবৰ সঙ্গ তোমাতো অধিক।।৩৪৯
কৰোহো বিদিত তাক তোমাৰ আগত।
মহন্ত জনৰ সঙ্গ শ্ৰেষ্ঠ যেনমত।।
থাকন্ত যথাত তযু একান্ত ভকত।
তোমাৰ নিৰ্ম্মল কথা তৈতেসে বেকত।।৩৫০
সিটো কথামৃত পান কৰে যিটোজন।
গুচে তৃষ্ণা আদি তাৰ শুদ্ধ হোৱে মন।।
দূৰ হোৱে বৈৰবাব সমস্তে ভূতত।
একোৱে উদ্বেগ আৰো নোপজে মনত।। ৩৫১
বাঢ়ে তৃষ্ণা আদি যত অসত সঙ্গত।
সন্তৰ সঙ্গত ক্ষয় হোৱে সমস্তত।।
হেনয় মহন্তসব থাকয় যথাত।
থাকা তুমি নাৰায়ণ সাক্ষাতে তথাত।।৩৫২
একান্ত সন্তৰ গতি তুমিসি সৰ্বথা।
মুক্ত সঙ্গ সকলো তোমাৰ শান্ত কথা।।
শ্ৰৱণ কীৰ্ত্তন সদা কৰন্ত সাক্ষাত।
হৃদয়ত পৰম আনন্দ হোৱে জাত।।৩৫৩
হেনয় মহন্তসব যথায় ভ্ৰমন্ত।
সমস্তে তীৰ্থকে আতি পবিত্ৰ কৰন্ত।।
সংসাৰ তাপত হন্তে ভয়ে আছে যাৰ।
সাধুৰ সঙ্গক শ্ৰদ্দা নুহিবে কি তাৰ।। ৩৫৪
দশ প্ৰচেতাৰ কথা থৈলো এহিমানে।।
সাধু সঙ্গ বিনে নাহি সংসাৰ নিস্তাৰ।
ভাগৱত শাস্ত্ৰে জানা এহিমানে সাৰ।।৩৫৫
হোক সাধু সঙ্গ শ্ৰেষ্ঠ মানিলে ইহাক।
অসন্তৰ সঙ্গ কিয় লাগে ত্যজিবাক।।
হেন যদি বোলা শুনা ইহাৰ উত্তৰ।
দেখাইবোহো ফল যেন উভয় সঙ্গৰ।। ৩৫৬
পৰিচয় অৰ্থে সাধু সবৰ লক্ষণ।
কহো শুনা ভগৱন্ত ঋষভ বচন।।
মহন্তৰ সেৱা মুকুতিৰ মুখ্য দ্বাৰ।
স্ত্ৰী সঙ্গীৰ সঙ্গ নৰক যাইবাৰ।।
সাধু সমস্তৰ সমস্ততে সম চিত্ত।
সবাৰো সুহৃদ ক্ৰোধ নোপজে কিঞ্চিত।।
উৰুমি ৰহিত শান্তমতি অতিশয়।
কদাচিতো সাধু সদাচাৰ নলঙঘয়।। ৩৫৮
মোতেসে সৌহৃদ্য ভাব মাত্ৰ প্ৰয়োজন।
কদাচিতো বিষয় সুখত নাহি মন।।
পুত্ৰ দাৰা ধন জন সমৃদ্ধি সহিত।
হেন গৃহ সম্পত্তিতো নাহি স্নেহ চিত্ত।।৩৫৯
দেহ মাত্ৰ প্ৰৱৰ্ত্তয় যি সব উপায়।
তাত পৰে সন্তৰ অধিক স্পৃহা নাই।।
ভৰত প্ৰমুখ্য কৰি শুনা পুত্ৰগণ।
কহো তোমাসাত মই স্বৰূপ বচন।। ৩৬০
মৃত্যুৰ মুখত পৰি আছে যিটো নৰ।
ভকতিৰ উপদেশ দিয়া মাধৱৰ।।
নপাৰে মেলাইবে ঘোৰ সংসাৰ সঙ্কটে।
গুৰু আদি একো তাত সম্বন্ধ নঘটে।।৩৬১
কেনমতে গুৰু সিটো সুহৃদ কিসৰ।
কেনমতে পিতৃমাতৃ ভৈল সিটো নৰ।।
ৰক্ষাকৰ্ত্তা অধিকাৰী ভৈল কেন কৰি।
কিসক লৱয় পূজা দেৱ নাম ধৰি।। ৩৬২
সিও কেনে গুৰু আদি বোলে তাসম্বাক।
যাত হন্তে নপাৰে মৃত্যুক এৰাইবাক।।
সিও গুৰু আদি কৰি নাম নধৰোক।
মৃত্যু এৰাইবে নপাৰয় যিটো লোক।।৩৬৩
তাঙ্কেসে ধৰিবে লাগে সম্বন্ধ নিঃশেষ।
যিটোজনে দেন্ত ভকতিৰ উপদেশ।।
দিলো তোমাসাক মই ইটো মহাদান।
ঋষভ দেৱৰ বাক্য থৈলো এহিমান।।৩৬৪
ভগৱন্ত ভক্তিযুক্ত নোহে যিটো নৰ।
স্বভাৱে অনুপকাৰী বৈষ্ণৱ জনৰ।।
এতেকে সবাতে আশা এৰে সাধু জনে।
এহি অৰ্থ কহো শুনা প্ৰহ্লাদ বচনে।।৩৬৫
গৃহ পুত্ৰ ভাৰ্য্য়া ধন জন বন্ধু বিত্ত।
নোহোকক তাসম্বাৰ সঙ্গ কদাচিত।।
যেৱে মোৰ মহাভাগ্য আছে কথঞ্চিত।
মিলোক প্ৰসঙ্গ প্ৰভু বৈষ্ণৱে সহিত।।৩৬৬
ভগৱন্ত প্ৰিয় সঙ্গী ভৈল যিটো নৰ।
প্ৰাণ ধাৰণাতে তুষ্ট হন্ত নিৰন্তৰ।।
অতি শীঘ্ৰে প্ৰয়োজন সিজে তাসম্বাৰ।
গৃহাদিত মাত্ৰ আসকতি ভৈল যাৰ।।৩৬৭
ইন্দ্ৰিয়ৰ সুখত গোৱাৱে ৰাত্ৰি দিন।
নাহি তাৰ সিদ্ধি সিটো ভৈল ভাগ্য হীন।।
প্ৰহ্লাদ বচন থওঁ সম্প্ৰতি সংহৰি।
বুলিবাহা অসম্ভাৱনাক আদি কৰি।।৩৬৮
বহুবিধ কুতৰ্কে আকুল মন যাৰ।
সদায়ে সাধুৰ সঙ্গ হৈবে কেনে তাৰ।।
ইটো আশঙ্কায়ে মন নকৰিবা ভঙ্গ।
কিসক বিস্তৰ লাগে বৈষ্ণৱৰ সঙ্গ।।৩৬৯
অল্প সাধুসঙ্গে সাধে সকলে কল্যাণ।
বহুগণ বাক্যে লৈয়ো ইহাৰ প্ৰমাণ।।
জড়ভৰতক বুলিলন্ত বহুগণ।
সমস্তে জন্মত কৰি মনুষ্য শোভন।।৩৭০
দেৱাদি জন্মত কৰি শ্ৰেষ্ঠ আতিশয়।
স্বৰ্গত লভিয়া জন্ম কি কাৰ্য্য সাধয়।।
তুমিসব হেন মহাজনক সাক্ষাত।
নপাৱে প্ৰচুৰ সমাগম ৰস জাত।। ৩৭১
এতেকে মনুষ্য জন্ম সবাতো উত্তম।
পাৱে আত মহন্তৰ প্ৰচুৰ সহ্গম।।
কৃষ্ণযশে যাহাৰ শোধিত ভৈল চিত্ত।
তাসম্বাৰ সঙ্গম মহিমা বিপৰীত।।৩৭২
পাইলো মই আজি হেৰা সাক্ষাত প্ৰমাণ।
তোমাক আলাপ কৰো দণ্ড দুই মান।।
অনেক দুস্তৰ্কে বদ্ধ হৃদয় আমাৰ।
মোত পৰে নাহিকে অজ্ঞানী অনাচাৰ. ৩৭৩
দুই দণ্ডে সিটো অবিবেক নষ্ট গৈল।
তযু পদ প্ৰসাদে সমস্তে বোধ ভৈল।।
সততে উপাসে যিটো তোমাৰ চৰণ।
কৰিলে পাতক নষ্ট শুদ্ধ হৈল মন।।৩৭৪
নিৰ্ম্মল ভকতি তাৰ হৈবেক কৃষ্ণত।
নুহি অদভূত ইটো মোহোৰ মনত।।
বহুগণ বাক্য থৈলো সম্প্ৰতি তাৱত।
সন্তৰ চৰণ ৰেণুৰেসে প্ৰসাদত।।৩৭৫
হৈবেক ভকতি ভগৱন্ত ঈশ্বৰত।
অন্যথা নুহিকে শুনা প্ৰহ্লাদৰ মত।।
ভৈল যিটো জন অতিশয় গৃব্ৰতী।
কৃষ্ণ পাদপদ্মক নোছোৱে তাৰ মতি।।৩৭৬
পৰশিলে যাৰ চিত্তে চৰণ কৃষ্ণৰ।
হোৱে দূৰ তাৰ দুখচয় নিৰন্তৰ।।
সিটো কৃষ্ণ চৰণক নজানে তাৱত।
বৈষ্ণৱৰ পদৰেণু নলৱে যাৱত।। ৩৭৭
অণুমাত্ৰ কৃষ্ণ বিনে সাৰ নাহি যাৰ।
কৰা অভিষেক পদৰেণু তাসম্বাৰ।।
তেবেসে হৈবেক হৰি চৰণত ৰতি।
মুক্তৰো দুৰ্ল্লভ কৃষ্ণ দেৱৰ ভকতি।। ৩৭৮
প্ৰকৰণ অৰ্থ উপসংহৰি নিশেষ।
প্ৰহ্লাদ বচনে শুনা কহো সবিশেষ।।
নৃসিংহৰ পাদপদ্ম ধৰিয়া প্ৰহ্লাদে।
পৰম বিনয় ভাৱে বোলন্ত আহ্লাদে।। ৩৭৯
শুনা প্ৰভু ব্ৰহ্মা আদি কৰি জীৱ যত।
জানো সাঙ্গোপাঙ্গে মই সবাৰো মহত্ত্ব।।
আয়ু শ্ৰীযশ যত বিভৱ প্ৰধান।
জানো ইন্দ্ৰিয়ৰ ভোগ যাৰ যত মান।।৩৮০
নাহি তাক ইচ্ছা মই বোলো নিষ্ঠ কৰি।
তুমি কাল ৰূপে নিয়া ক্ষণেকে সংহৰি।।
অণিমা লঘিমা আদি ঐশ্বৰ্য্য যতেক।
তাকো কালে বিধ্বংসন কৰয় প্ৰত্যেক।। ৩৮১
জনম মৰণ মহা সৰ্প অদভুত।
ইটো ভব কূপে সেহি ভুজঙ্গে যুগুত।।
ইহাতে পৰিয়া সদা আছে সৰ্ব্বজন।
ময়ো তাসম্বাৰ সঙ্গী জানা নাৰায়ণ।।৩৮২
তুমি কৃপাময় প্ৰভু নাৰদৰ হাতে।
পূৰ্ব্বে অনুগ্ৰহ মোক কৰিছা সাক্ষাতে।।
এৰুৱাইলা নাথ মোক কালৰ হাতৰ।
আপোনাৰ ভৃত্য কৰি লৈলা দামোদৰ।।৩৮৩
সেই মই তযু নিজ ভৃত্য দেৱ হৰি।
নাৰদৰ গুণ পাসৰিবো কেনে কৰি।।
সম্প্ৰতি তোমাৰ অনুগ্ৰহ এবে হোক।
তযু নিজ ভৃত্যৰ পাশক নিয়ো মোক।।৩৮৪
প্ৰহ্লাদে প্ৰাৰ্থিলা আতি সঙ্গ মহন্তৰ।
সংসাৰত মগ্ন হুয়া আছে যিটো নৰ।।
 সঙ্গ বিনা তাৰ নাহি আন গতি।
এহিমানে শাস্ত্ৰ ফল শুনিয়ো সম্প্ৰতি।।৩৮৫
শুনে কৃষ্ণকথা যিটো মহন্ত সঙ্গত।
কৰ্ণপথে হৰি তাৰ হন্ত অন্তৰ্গত।।
আছে দুৰ্ব্বাসনা যত অনাদি জন্মৰ।
কৰন্ত সবাকো দূৰ দেৱ দামোদৰ।।৩৮৬
গঙ্গা আদি কৰি যত তীৰ্থ নিৰন্তৰ।
হৰন্ত কেৱল মাত্ৰ পাপ শৰীৰৰ।।
সন্ত সঙ্গে বাহিৰে ভিতৰে শুদ্ধি কৰে।
হেন সাধু সেৱা নকৰিবে কোন নৰে।। ৩৮৭
বুলিবাহা কিবা কাজ মহন্ত সেৱাত।
কিসক নকৰে সেৱা কৃষ্ণক সাক্ষাত।।
স্বতন্ত্ৰ ঈশ্বৰ আন অধীন সকল।
তাসম্বাক সেৱা কৰিবাৰ কোন ফল।।৩৮৮
নুবুলিবা হেন শুনা ইহাৰ উত্তৰ।
নুহিকে স্বতন্ত্ৰ হৰি অধীন সন্তৰ।।
ভকতৰ অনুগ্ৰহতেসে তাক পায়।
বৈকুণ্ঠনাথৰ বাক্যে লৈয়ো অভিপ্ৰায়।।৩৮৯
দুৰ্ব্বাসাৰ আগত বদতি দামোদৰ।
শুনিয়ো দুৰ্ব্বাসা মই নোহো স্বতন্ত্ৰৰ।।
হওঁ মই ঈশ্বৰ সমস্তে জগতৰ।
তথাপি অধীন মই ভৈলো বৈষ্ণৱৰ।।৩৯০
তোমাৰ আগত মই কহো স্বৰূপত।
কায় বাক্য মন মোৰ খাটে ভকতত।।
মইসি পৰম গতি ভৈল যিজনৰ।
মোৰ প্ৰিয়তম আৰ নাহি তাত পৰ।।৩৯১
নিজ ভাৰ্য্যা লক্ষ্মী ইটো প্ৰিয়তম দেহ।
সাধুজন বিনে আতো নাহি মোৰ স্নেহ।।
গৃহ পুত্ৰ দাৰা ধন জন প্ৰাণ বিত্ত।
ঈহ পৰলোকৰ সুখত নাহি চিত্ত।।৩৯২
কেৱল মোতেসে যিটো পশিল শৰণ।
হৈব কেনমতে তাক ত্যজিবাক মন।।
বুলিবাহা আপোনাৰ কুশল কাৰণে।
পশিল শৰণ সিটো তামাৰ চৰণে।।৩৯৩
তুমি কিবা কাৰ্য্যে বশ্য হোৱা তাসম্বাৰ।
দৃষ্টান্তে সহিতে শুনা কাৰণ ইহাৰ।।
যেন স্বভাৱতে সতী নাৰী ৰিন্তৰে।
পতিব্ৰতা ধৰ্ম্মে শান্ত পতি বশ্য কৰে।।৩৯৪
সেহিমতে সাধুসবো জানিব নিশ্চয়।
মোতেসে কেৱল বদ্ধ কৰিলে হৃদয়।।
একান্ত ভকতি ভাৱে কৰে মোৰ বশ্য।
কহিলো দুৰ্ব্বাসা ইটো তোমাত ৰহস্য।।৩৯৫
স্বামী সেৱা কৰে নাৰী সুখক আশায়।
কিন্তু মোৰ ভক্তসব নিষ্কাম সদায়।।
তাতো যেবে মই বশ্য নভৈলো সম্প্ৰতি।
মোতপৰে নাহি তেবে পৰম কপটী।।৩৯৬
বৈকুণ্ঠৰ চাৰি পদ সালোক্য প্ৰমুখ্যে।
মোহোৰ সেৱাত আসি পাৱে মহা সুখে।।
নলৱন্ত সেৱাৰসে পূৰ্ণ হৈয়া চিত্ত।
কালবশ্য স্বৰ্গাদিকো নকৰে ইঙ্গিত।।৩৯৭
কহিবো বিস্তৰ কিবা আমাৰ আগত।
মোহোৰ হৃদয় নিষ্ঠে জানিবা ভকত।।
ভকতৰো হৃদয় মইসে সাৰে সাৰ।
মোত পৰে অণুমাত্ৰ নজানন্ত আৰ।।৩৯৮
মই ভকতত পৰে নাজানোহো আন।
কৰো ৰাত্ৰি দিনে মাত্ৰ তাসম্বাক ধ্যান।।
কহিলো তোমাত ইটো তত্ত্ব নিৰন্তৰ।
এহিমানে থৈলো বাক্য বৈকুণ্ঠনাথৰ।।৩৯৯
কহো তাত্পৰ্য্য উপসংহৰি প্ৰত্যেক।
সাধু সমস্তৰ অনুগ্ৰহ ব্যতিৰেক।।
ভগৱন্ত ঈশ্বৰক জানন দুৰ্ল্লভ।
অন্য কোন সাধনত নাহিকে সুলভ ।।৪০০
এহিমানে মাত্ৰ পৰমাৰ্থ সমুদায়।
ভাগৱত গ্ৰন্থৰ কহিলো অভিপ্ৰায়।।
বুলিবা দেৱক ভজি পাইবা মাধৱক।
কিসক কৰিবে লাগে সেৱা মনুষ্যক।।৪০১
নুবুলিবা কদাচিতো ইটো বচনক।
শুনা যেন কৃষ্ণে বুলিলা অক্ৰূৰক।।
তুমিসব মহা ভাগৱত শ্ৰেষ্ঠতম।
সমস্তে লোকৰ তোৰা পূজনী উত্তম।।৪০২
মোহোৰ ভকতি মাত্ৰ চাহে যিটো নৰ।
নাহিকে ভজনী তাৰ তোমাসাত পৰ।।
আপোনাৰ কাৰ্য্য মাত্ৰ সাধে দেৱগণে।
পৰকেসে অনুগ্ৰহ কৰন্ত সজ্জনে।।৪০৩
এতেকেসে পৰমাৰ্থ মহন্তেসে দেৱ।
তাসম্বাক মাত্ৰ কৰিবাক লাগে সেৱ।।
যদ্যপি দেৱক সেৱা কৰি আতিশয়।
কদাচিতো নৰে হৰি ভকতি পাৱয়।।৪০৪
তাতো বহুকালে সিদ্ধি কৰে কি নকৰে।
সদ্যে সাধু সেৱাত সাক্ষাতে ফল ধৰে।।
তাতেসে সত্সঙ্গ শ্ৰেষ্ঠ দেৱতাত কৰি।
শুনা কহো মুচুকুন্দ বচন উদ্ধাৰি।।৪০৫
কৃষ্ণক কৰন্ত স্তুতি মুচুকুন্দ ৰায়।
শুনিয়োক প্ৰভু হৰি মোৰ অভিপ্ৰায়।।
সংসাৰত ভ্ৰমি মৰে যত জীৱৰাসি।
তযু অনুগ্ৰহে যাৰ যিকালত আসি।।৪০৬
ভৱবন্ধ অপবৰ্গ সীমা ভৈল যেৱে।
বৈষ্ণৱ জনৰ সিটো সঙ্গ পাৱে তেৱে।।
জগত ঈশ্বৰ তুমি মহন্তৰ গতি।
তযু পদে সদ্যে তাৰ হোৱয় ভকতি।।৪০৭
তৰে তেৱে সিটো সুকে ঘোৰ সংসাৰক।
থৈলো এহিমানে মুচুকুন্দৰ বাক্যক।।
সাধুসঙ্গ বিনে সদ্যে নোপজে ভকতি।
এহিমানে তাত্পৰ্য্য দেখাইলো সম্প্ৰতি।। ৪০৮
পুনঃ সাধু সঙ্গে সদ্যে ফল যেন যত।
দেখাওঁ স্পষ্ট কৰি ভগৱন্তৰ বাক্যত।।
সিও তীৰ্থ হয় জলময় তীৰ্থ যত।
শীলাৰ প্ৰতিমা সিও দেৱ স্বৰূপত।। ৪০৯
কিন্তু দেৱে তীৰ্থে চিৰকালে কৰে শুদ্ধি।
দেখিলাত মহন্তে নিৰ্ম্মল কৰে বুদ্ধি।।
ক্ষণ পাপ পুৰুষৰ ভকতি সুলভ।
কিন্তু মহন্তৰ সেৱা দেৱৰো দুৰ্ল্লভ।। ৪১০
দেৱে সাধু সহ্গে সম হৈবে কদাচিত।
নানিবা মনত ইটো শঙ্কা বিপৰীত।।
দেৱে নপাৱন্ত দুখে সন্তৰ সঙ্গতি।
মুনিগণ আগে কৃষ্ণ দেৱ নিদগতি।।৪১১
কিনো আমাসাৰ আজি ভৈল সুপ্ৰভাত।
লভিলো জন্মত সবে ফলক সাক্ষাত।।
যাক দেখিবাক নপাৱন্ত দেৱগণ।
হেন তোমাসাক আমি ভৈলো দৰশন।।৪১২
আমি অল্প পুণ্যমতি একোৱে নজানো।
তীৰ্থস্থান আদিক তপস্যা কৰি মানো।।
প্ৰতিমাতে কেৱল দেৱতা বুদ্ধি কৰো।
অল্পদান দক্ষিণাকে ধৰ্ম্ম বুলি ধৰো।।৪১৩
তথাপিতো দৰশন ভৈলো তামাসাক।
নতভাৱে পাইলোহো চৰণ আৰ্চিবাক।।
আশ্চৰ্য্য আমাৰ মহাভাগ্য বিপৰীত।
অঘটনো ঘটে আসি কিনো আচৰিত।। ৪১৪
পায়া পদ ৰেণু অতি ভৈলোহো নিৰ্ম্মল।
আজিসে ধৰিল নৰ শৰীৰৰ ফল।।
বুলিবাহা ভক্তি প্ৰতিবন্ধ পাপ যত।
অগ্নি আদি দেৱতায়ে হৰন্ত সম্স্ত।।৪১৫
এহিসে প্ৰসিদ্ধ কথা সমস্তে শাস্ত্ৰৰ।
শুনিয়োক ইহাৰ যেন যুগুতি উত্তৰ।।
অগ্নি চন্দ্ৰ সূৰ্য্য বায়ু পৃথিৱী আকাশ।
ইত্যাদি দেৱতা পাপ নকৰন্ত নাশ।।৪১৬
আত্ম পৰ ভেদবুদ্ধি কৰন্ত সবাক।
নপাৰন্ত এহি হেতু পাপ হৰিবাক।।
ঈশ্বৰ সেৱক সব মহন্ত উত্তম।
নিৰন্তৰে প্ৰাণীক দেখন্ত আত্মসম।।৪১৭
অণুমাত্ৰ ভেদবুদ্ধি নাহিকে মনত।
মুহূৰ্ত্ত মাত্ৰকে তাৰা কৰে পাপ হত।।
এতেকে ভকত শ্ৰেষ্ঠ দেৱতাতো কৰি।
নাহি সংসাৰত বিষ্ণু ভকতক সৰি।।৪১৮
হেন মহাজনক এৰিয়া মূঢ় নৰে।
শৱ তুল্য শৰীৰক আত্মবুদ্ধি কৰে।।
বোলে মোৰ পুত্ৰ ভাৰ্য্যা অপৰ সবক।
মানয় দেৱতা বুলি প্ৰতিমা সবক।।৪১৯
জলত কৰয় তীৰ্থ বুদ্ধি নিৰন্তৰে।
ইটো চাৰি বুদ্ধি মহাজনত নকৰে।।
জানিবা গৰ্দ্দভ সিটো গৰুতো অধম।
মহা মন্দমতি আৰ নাহি তাৰ সম।। ৪২০
শূনা সৰ্ব্বজন ইটো কৃষ্ণৰ বচন।
কৰিয়োক জানি সাধু সঙ্গক যতন।।
ভাগৱত শাস্ত্ৰে এহিমানে মাত্ৰ সাৰ।
বোলা ৰাম ৰাম সুখে তৰিবা সংসাৰ।। ৪২১