Ratnawali

Ratnawali written by Madhabdeva

দুলড়ী

কৃষ্ণৰ ভকতি অপ্ৰয়াসে গতি
সাধয় সবে লোকৰ।
ভকতি বিহীন জ্ঞান কৰ্ম্ম যেন
শুনা এবে আত পৰ।।
পৰম নিৰ্ম্মল যিটো জ্ঞানে আতি
এৰাইল কৰ্ম্মৰ হাত।
নানাবিধ ভেদ প্ৰপঞ্চ লুকাইল
ভলন্ত আত্মা সাক্ষাত।।২৮০
ভকতি বৰ্জ্জিত ভৈল হেন জ্ঞানে
শোভা অতি নকৰয়।
পৰম নিষ্কাম কৰ্ম্মো নোশোভয়
কৃষ্ণক যাৱে নৰ্পয়।।
ভকত সহায় নভৈল যিহেতু
জ্ঞানৰো হেন অৱস্থা।
সদা দুখময় যিটো কাম্য কৰ্ম্ম
কৈবো কিবা তাৰ কথা।। ২৮১
ভকতি সহায় বিনে জ্ঞানে কৰ্ম্মে
নসাধে কাৰো মুকুতি।
কাহাকো সহায় নচাৱে ভকতি
গৰিষ্ঠ এহি যুগুতি।।
জ্ঞান কৰ্ম্ম যত সমস্ততো কৰি
কহিলো শ্ৰেষ্ঠ ভকতি।
ইদানিকো সবে মোক্ষতো কৰি
দঢ়ায়া কহো সম্প্ৰতি।।২৯২
জীৱন্তে মুকুত ভৈল যিটো আতি
আত্মাত মাত্ৰ ৰময়।
শাস্ত্ৰ বহিৰ্ভূত ভৈল হৃদয়ৰো
দূৰ গৈল গ্ৰন্থিচয়।।
তাৰা সবো সদা পৰম নিষ্কামে
ভকতি কৰে কৃষ্ণত।
মোক্ষতো অধিক ভকতিৰ সুখ
জানিয়া অতি মনত।।২৮৩
মুকুত সকলো নেৰয় ভকতি
কিনো অতি অদভুত।
শঙ্কা দূৰ কৰি জানা দেৱহৰি
হেনয় গুণ যুগুত।।
এতেকে ভকতে স্বৰ্গ ব্ৰহ্মপদ
সাৰ্ব্বভৌম অধিপতি।
গাতালৰো ভোগ অষ্টাঙ্গ ঐশ্বৰ্য্য
মোক্ষতো নকৰে ৰতি।।২৮৪
ভকতিৰ ফল ভকতিসি মাত্ৰ
জানিবা আক নিশ্চয়।
এহি পৰমাৰ্থ উদ্ধৱৰ আগে
কৈলা কৃষ্ণ কৃপাময়।।
মোতে মাত্ৰ চিত্ত ভৈল যাৰ তাৰ
নলাগে জ্ঞান বৈৰাগ্য।
কেৱলে মোহোৰ ভকতিতে সুখে
পাইব শ্ৰেয়সৰ লাগ।। ২৮৫
তপ জপ যজ্ঞ যাগ যোগ ব্ৰত
তীৰ্থ স্নান মহা জ্ঞানে।
আনো সৱ কৰ্ম্ম আচৰিয়া নৰে
পাৱে ফল যত মানে।।
আমাৰ ভকতে ভকতিত সুখে
সমস্তে তাক পাৱয়।
স্বৰ্গ অপবৰ্গ বৈকুণ্ঠকো পাৱে
কিন্তু তাক নবাঞ্ছয়।।২৮৬
পৰম মহন্ত যিটো বুদ্ধিমন্ত
একান্ত ভক্ত আমাৰ।
আত্যন্তিক মোক্ষ বৈকুণ্ঠ লোককো
নোখোজে কহিলো সাৰ।।
যিহেতু মোতেসে কায় বাক্য মনে
পীৰিতি কৰে সৰ্ব্বথা।
এতেকেসে মই যাচন্তে নলৱে
জানা ইটো সত্য কথা।। ২৮৭
ভকতি কৰিয়া একোৱে অপেক্ষা
নকৰে যাৰা সকল।
এহি মানে মাত্ৰ জানিবা নিশ্চয়
ভকতিৰ মহাফল।।
ইহাৰ সাধন কহো শুনিয়োক
সুহৃদ তুমি সাক্ষাত।
ভকতি বিনায় আন কিছু কাম
নবাঞ্ছে যিটো আমাত।।২৮৮
তাৰা সবে পাইব ভকতিৰ সুখ
নাহিকে আত সংশয়।
হৌক উদাসীন হৌক বা গৃহস্থ
দুহানো হৌক নিশ্চয়।।
প্ৰকৃতিত পৰ মই মহেশ্বৰ
নাহি আন মোত পৰে।
মোত মাত্ৰ সম ভাৱে যিটো নৰ
একান্ত ভকতি কৰে।।২৮৯
বিধি নিষেধৰ যত গুণ দোষ
নোছোৱে কহিলো নিষ্ঠ।
যিহেতু একান্ত ভকত জনৰ
মই ভৈলো মহা ইষ্ট।।
প্ৰকৰণ অৰ্থ উপসংহৰিয়া
শুনিয়ো কহো তোমাত
দিলো উপদেশ পন্থ যিটো ইটো
প্ৰৱৰ্ত্তে আত সাক্ষাত।।২৯০
নিৰ্গুণ পুৰুষ যিটো পৰমব্ৰহ্ম
জানিব সুলভে মোক।
কালৰ মায়াক বিক্ৰম ৰহিত
পাইব সুখে মোৰ লোক।।
শুনা বন্ধুজন কৰি স্থিৰ মন
কহিল যেন ঈশ্বৰে।
সকল শাস্ত্ৰৰ এহিমানে সাৰ
নাহি আৰ আতপৰে।।২৯১
ভাগৱত শাস্ত্ৰ চাহি পূৰ্ব্বাপৰ
ঈশ্বৰ বাক্য প্ৰমাণি।
কহিলো ভকতি ধৰিয়ো সম্প্ৰতি
এহি সত্য হেন জানি।।
শ্ৰীমন্ত উত্তম পুৰুষ দৈৱকী-
নন্দন আনন্দ সিন্ধু।
তাহাৰ চৰণ পঙ্কজৰ যিটো
কৃপা কমৰন্দ বিন্দু।।২৯২
তাহাৰ প্ৰসাদে মোহোৰ পৰম
বিবেক বাঢ়িল আসি।
সেহি মই বিষ্ণু পুৰি ত্ৰিহুতীয়া
পৰমহংস সন্ন্যাসী।।
ভক্তি-ৰত্নাৱলী কৰিলো গ্ৰন্থন
যেন ৰৈল মোৰ মতি।
তাহাৰ প্ৰথম বিৰচন কথা
এহিমানে সমাপতি।।২৯৩
দুৰ্ঘোৰ সংসাৰে সাগৰ নিকাৰ
তৰিবাক ইচ্ছা যাৰ।
কেৱল কৃষ্ণৰ চৰণ পঙ্কজে
ভকতিক কৰা সাৰ।
এতেকে বৈকুণ্ঠ সহিতে ভকতি
আনন্দ লভিবা সুখে।
ধৰা গুণ নাম ত্যজি আন কাম
ৰাম ৰাম বোলা মুখে।।২৯৪