Ratnawali

Ratnawali written by Madhabdeva

পদ।।

জাতি কুলাচাৰ ধৰ্ম্ম জ্ঞান আদি কৰি।
ইসব গুণত বশ্য নুহিকন্ত হৰি।।
ভকতিসি মাত্ৰ বশ্য হন্ত কৃপাময়।
প্ৰপঞ্চিয়া ইটো কথা কহিলো নিশ্চয়।।১৬৯
নাহিকে ভক্তিত হেন শঙ্কা বিপৰ্য্যয়।
নাৰদৰ বাক্য আৰ গুচাওঁ সংশয়।।
নাৰদ বদতি শুনিয়োক পৰমব্ৰহ্ম।
নাহি আত্ম পৰ তুমি সমস্ততে সম।।১৭০
যিহেতু পৰম আত্মা ইটো জগতৰ।
এতেকে সবাতো সম দৃষ্টি নিৰন্তৰ।।
নিজানন্দ লাভে পূৰ্ণ তুমি লক্ষ্মীপতি।
নাহি অনুৰাগ আন বিষয়ক প্ৰতি।। ১৭১
তথাপিতো ভক্তে মাত্ৰ সেৱা অনুৰূপে।
তোমাৰ প্ৰসাদ পাৱে কহিলো স্বৰুপে।।
কদাচিতো অভকতে তোমাক নপাৱে।
তথাপি বিষম তুমি নুহিকে স্বভাৱে।।১৭২
কল্পতৰু বৃক্ষ যদি সবাতো সমান।
মাগন্তা জনক মাত্ৰ কৰে ফল দান।।
ভকতিসি গ্ৰাহ্য হৰি আপুনি প্ৰমাণ।
কহিয়া আছন্ত গোপিকাৰ বিদ্যামান।।১৭৩
শুনা সখীসব মই কহো স্বৰূপত।
মোৰ ভকতিসে মোক্ষ পাৱে প্ৰাণী যত।।
মইসে ঈশ্বৰ আন নাহি মোত পৰ।
মোহোৰ অধীন যত দেৱ নিৰন্তৰ।। ১৭৪
হেন মই মোত স্নেহ ভৈল তোমাসাৰ।
দেখিয়া কৌতুক বৰ মিলিল আমাৰ।।
মোকেসে সুহৃদ প্ৰিয় আত্মা বুলি মানা।
সুখে মোক পাইলা সখী সব হেন জানা।। ১৭৫
কৃষ্ণৰ বচন থওঁ এহিমানে মাত্ৰ।
বুলিবা নোপজে জ্ঞান বিনে জ্ঞান শাস্ত্ৰ।।
জ্ঞান বিনে মুকুতি নুহিবে কদাচিত।
বুলিবা কিসক মোক্ষ পাইব ভকতিত।। ১৭৬
ইহাৰ উত্তৰ শুনা কৰি মন স্থিৰ।
জ্ঞান সাধিবাক কোন শ্ৰম ভকতিৰ।।
নালাগে জ়্ানৰ পদে পৃথক সাধন।
অযত্নে হৈবেক ভকতিতে উতপন।। ১৭৭
লৈয়োক প্ৰমাণ কৰি সিদ্ধৰ বচনে।
কহিয়াছে নিমি নৃপতিৰ বিদ্যমানে।।
সমস্তে লোকৰ বৰ্ণাশ্ৰম আছে যত।
মনু আদি ঋষিমুখে কৰায়া বেকত।।১৭৮
পৰম ৰহস্য জানি প্ৰভু ভগৱন্ত।
মুখ্যশাস্ত্ৰ মানে নিজ মুখে কহিলন্ত।।
সি সব উপায় কহি আছে কৃপাময়।
অজ্ঞানীসকলে কৰি তাহাকে আশ্ৰয়।। ১৭৯
মহা সুখে আত্মা তত্ত্ব জানে সমুদায়।
তাকে বুলি ভাগৱতী ধৰ্ম্ম নিমিৰায়।
যেন মহা সুখ ভাগৱত ধৰ্ম্মচয়।
প্ৰপঞ্চিয়া কহো তাক শুনা মহাশয়।।১৮০
চাৰি বেদ অষ্টাদশ স্মৃতি নিৰন্তৰ।
এই দুই চক্ষু জানা ব্ৰাহ্মণসবৰ।।
তাকে বুলি কণা যাৰ এক চক্ষু নাই।
দুইকো নজানিলে অন্ধ বুল সমুদায়।।১৮১
হেন অন্ধসবো ভাগৱত ধৰ্ম্ম ধৰি।
লৱৰি ফুৰন্ত তাৰ নিপিছলে ভৰি।।
হৰিৰ ভকতি ধৰ্ম্ম যি জলে আচৰে।
নিত্য নৈমিত্তিক কৰ্ম কৰে কতো এৰে।।১৮২
তথাপিতো ধৰ্ম্ম ভ্ৰষ্ট নোহে সিটো নৰ।
নকৰিয়ো পাৱে ফল সমস্তে ধৰ্ম্মৰ।।
এতেকেসে ভাগৱত ধৰ্ম্ম সুখকৰ।
কহিলো তোমাতে ইটো ধৰ্ম্ম নৃপবৰ।।১৮৩
বুলিবাহা কোন বাগৱত ধৰ্ম্মচয়।
শুনিয়োক কহো তাক তোমাত নিশ্চয়।।
তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ।
ধন জন গৃহ পুত্ৰ ভাৰ্য্যা আপোনাৰ।।১৮৪
সমস্তকে শুদ্ধ ভাৱে অৰ্পিব কৃষ্ণত।
ইহাকে বোলয় মহা ধৰ্ম্ম ভাগৱত।।
আত হন্তে মাধৱত উপজিবে ৰতি।
সমস্ত ধৰ্ম্মৰ ফল জানিবা ভকতি।।১৮৫
এহি ভক্তি হেতু হৈবে জ্ঞানৰ উদয়।
ইহাত কিঞ্চিত আৰ নাহিতে সংশয়।।
ইহাৰ যুগুতি কহো শুনা কৰ্ণ পাতি।
যাহাৰ মায়াত দ্বৈত ভয় ভৈল আতি।।১৮৬
কৰোক ভকতি তান্তে পশিয়া শৰণ।
এতেকে হৈবেক দ্বৈত ভয় নিৱৰ্ত্তন।।
বুলিবাহা ভয় হুয়া আছে অজ্ঞানত।
স্বৰূপ পাসৰি কৰে দেহত মনত।।১৮৭
মিলিবে স্বৰূপ বোধ জ্ঞান অভ্যাসত।
তেবেসে গুচিবে ভয় দ্বৈত আছে যত।।
হৰিৰ মায়ায়ে তাক কিবা কৰে ক্ষতি।
কিবা কাৰ্য্য সাধিবেক হৰিৰ ভকতি।।১৮৮
ইহাৰ উত্তৰ এবে শুনা সাৱধানে।
নজানিলা যিবা হেতু পাইলেক অজ্ঞানে।।
কহো অজ্ঞানৰ যেন কাৰণ সাক্ষাত।
যেখনে বিমুখ বৈল কৃষ্ণৰ সেৱাত।।১৮৯
তেখনে কৃষ্ণৰ মায়া পাইলেক জীৱক।
মহা মোহ হৈয়া পাসৰিলা স্বৰূপক।।
ভৈলা বিপৰ্য্যয় অহং বুদ্ধি শৰীৰত।
পাইলা আসি ভেদ ভয় ভ্ৰান্তি নানা মত।।১৯০
যেন নটে আপোনাৰ বেশ ছন্ন কৰি।
আছে ব্যাঘ্ৰ ভাল্লুকৰ স্বৰূপক ধৰি।।
বালকসকলে যেন নাটক নজানি।
হৱে মহা ভয় ভীত তাকে সত্য মানি।। ১৯১
সেহিমতে কৃষ্ণৰ মায়াত জীৱ যত।
বহুবিধ দুখ ভুঞ্জি ভ্ৰমে সংসাৰত।।
কৃষ্ণৰ শৰণ লৈয়া নভজে যাৱত।
নেৰে মায়া নুগুচয় অজ্ঞান তাৱত।।১৯২
গুৰুক ঈশ্বৰ আত্মা বুলি মানি মনে
কৰিব ভকতি এক কৃষ্ণৰ চৰণে।।
এতেকে কৃষ্ণৰ কৃপা মিলিবেক তাক।
অনায়াসে তৰিবেক দুস্তৰ মায়াক।।১৯৩
ভকতৰ হন্ত হৰি সহায় আপুনি।
নপাৱে ভক্তক আসি একেৱে বিঘিনি।।
বিঘ্নিকেসে পৰাভৱ কৰে ভক্তজনে।
লৈয়োক প্ৰমাণ কামদেৱৰ বচনে।।১৯৪
নৰ নাৰায়ণৰ আগত কামদেৱ।
কৃতাঞ্জলি বচন বোলন্ত কৰি সেৱ।।
তোমাকেসে ভক্তি যিটো কৰে সমুদায়।
তাক দেখি দেৱতাৰ নযায় নুপুহায়।।১৯৫
একে আৰ আমাসাক নুপুজে সদায়।
আৰো চড়াই গৈয়া বৈকুণ্ঠত লৱে ঠাই।।
ইহাত আমাৰ এবে জীৱে লাগে কিক।। ১৯৬
এহি বুলি ইন্দ্ৰ আদি দেৱ নিৰন্তৰে।
তোমাৰ ভক্তক পাৰেমানে বিঘ্নি কৰে।।
তযু চৰণত প্ৰভু সেৱা যাৰ নাই।
নকৰে বিঘিনি তাক পূজা খাইবে পাই।। ১৯৭
কৰে উপদ্ৰৱ মাত্ৰ ভক্তৰ কটাক্ষো নকৰে।।
পৰম ঈশ্বৰ ভৈল যাহাৰ সহায়।
দেৱে বিঘ্নি কৰি কিবা উৰুৱাইবে ছাই।। ১৯৮
ভকতক লঙিঘবে নপাৰে একো দুখে।
এহিমানে থওঁ কামদেৱৰ বচন।
কহো পৰমাৰ্থ শুনিয়োক সৰ্ব্বজন।।১৯৯
মুকুতিৰ অৰ্থে আন পন্থ আছে যত।
দেৱৰ বিঘিনি নষ্ট কৰয় সমস্ত।।
নাহি একো দোষ হৰি ভকতি পন্থত।
জানিয়া ভকতি কৰিয়োক মাধৱত।।২০০
ভকতিৰ অৰ্থে আন নলাগে সাধন।
কৰা সুখে হৰি গুণ শ্ৰৱণ কীৰ্ত্তন।।
এতেকে কৃষ্ণৰ পাইবা পৰম প্ৰসাদ।
তৰিবা সংসাৰ একো নপাইবা প্ৰমাদ।।২০১
কহিলোহো যেন ইষ্ট সিদ্ধি ভকতৰ।
শুনিয়োক কথা এবে আত অনন্তৰ।।
কদাচিতো অভকতে নপাৱে মুকুতি।
বেদৰ বচনে লয়ো ইহাৰ যুগুতি।।২০২
কৃষ্ণৰ মুখত ভৈল বিপ্ৰ উতপন।
ক্ষত্ৰিসব বাহুত উৰুত বৈশ্যগণ।।
চৰণত হন্তে শূদ্ৰসব ভৈল জাত।
চাৰিয়ো জাতিৰ কৃষ্ণ দেৱক সমূলি।।
জানিও অৱজ্ঞা কৰে যিটো মন্দমতি।
গুৰু পিতৃদ্ৰোহ পাপে যাৱে অধোগতি।।২০৪
নজানিসি যিটো জনে নভজে সাক্ষাত।
নুগুচে সংসাৰ তাৰ হোৱে অধঃপাত।।
জানি অৱহেলা আতি কৰে যিটোজন।
নৰকৰ পৰা তাৰ নাহি নিৱৰ্ত্তন।। ২০৫
সবাকো ঈশ্বৰ কৃষ্ণে কৰন্ত পোষণ।
নভজে পামৰ যিটো তাহান চৰণ।।
কৃতঘ্ন পাতক সম ধৰ্ম ভ্ৰষ্ট হুই।
ঘোৰ নৰকত সিটো কৰে অধো মুই।।২০৬
কৃষ্ণেসে পৰম গুৰু পিতৃ ইষ্টদেৱ।
একান্ত শৰণে ভজি কৰা নিতে সেৱ।।
ঘোৰ কলিযুগে আত পাপেসে প্ৰচুৰ।
যত ধৰ্ম্ম কৰ্ম্ম মানে সবে ভৈল দূৰ।।২০৭
বাসুদেৱ পৰ ভৈল যিটো মহামতি।
পৰম কৃতাৰ্থ সি সি কলিত সম্প্ৰতি।।
দুৰ্ঘোৰ সংসাৰ ইটো অন্ধ কূপময়।
পৰি আচে আতে কাল ভুজঙ্গে দংশয়।। ২০৮
বিষয় বিষত আতি ভৈল অচেতন।
নাহি জ্ঞান স্মৃতি যেন মৃতক লক্ষণ।।
হেনয় প্ৰাণীক কৃষ্ণ দেৱ বিনে আন।
কোনে আসি কলিত কৰিবে পৰিত্ৰাণ।। ২০৯
বুলিবা বিষয় বিষ পৰম দুৰ্ঘোৰ।
হেন বিষে চেতন হৰিল যি জনৰ।।
তাক কেনমতে কৃষ্ণে কৰিবে উদ্ধাৰ।
ইহাৰ উত্তম ভক্তি বিনে নাহি আৰ।। ২১০
লৈয়ো আৰ সাক্ষী কৃষ্ণ দেৱৰ বচনে।
উদ্ধৱত আপুনি কহিলা নাৰায়ণে।।
শুনিয়ো উদ্ধৱ মোৰ ভক্তিৰ মহত্ত্ব।
নপাওঁ অন্ত ভক্তিৰ সামৰ্থ্য আছে কত।।২১১
বিষয়ে আক্ৰোশি নিলে যাহাৰ চিত্তক।
নপাৰে জিনিবে কদাচিতো ইন্দ্ৰিয়ক।।
হোৱে সিয়ো কৃতাৰ্থ মোহোৰ ভকতিতে।
বিষয়ৰ দোষে তাক নপাৰে বাধিতে।।২১২
ইন্দ্ৰি পৰাধীনো হোৱে আমাৰ ভকত।
জিতেন্দ্ৰিয় সবৰ মহিমা কৈবো কত।।
স্ত্ৰী পৰাধীনো গতি পাৱে ভকতিত।
আন বিষয়ত মাত্ৰ লুব্ধ যাৰ চিত্ত।। ২১৩
কোন শ্ৰম ভকতিৰ তাহাক মোক্ষণে।
লৈয়ো আৰ সাক্ষী পুৰু ৰাজাৰ বচনে।।
উৰ্ব্বশীৰ হন্তে ৰাজা হুয়া বিৰকত।
মহা খেদ কৰি বসি গুণন্ত মনত।। ২১৪
পূৰ্ব্বপৰ বিমৰিষি কৰিলন্ত সাৰ।
মাধৱত পৰে গতি নাহিকে আমাৰ।।
ভগৱন্তে দেৱ মহেশ্বৰ আত্মা ৰাম।
মহাপাপী সবৰো পূৰন্ত মনস্কাম।।২১৫
দুষ্টা নাৰী সৱে মন হৰিলেক যাৰ।
তান বিনে কোনে গতি সাধিবেক তাৰ।।
এহি বুলি ৰাজা পাছে এৰি ঊৰ্ব্বশীক।
কৃষ্ণত ভকতি কৰি সাধিলা গতিক।।২১৬
এতেকে জানিবা হৰি ভকতি বিনায়।
কৃষ্ণক পাইবাৰ আন নাহিকে উপায়।।
কহন্ত ঈশ্বৰে উদ্ধাৱত প্ৰতি প্ৰতি।
শুনিয়োক স্বৰূপ উদ্ধৱ মহামতি।।২১৭
মইসে ঈশ্বৰ চৰাচৰ জগতৰ।
মোত হন্তে হোৱে সৃষ্টি স্থিতি নিৰন্তৰ।।
ব্ৰহ্মাৰো জনক মই বেদৰো কাৰণ।
নাহি গতি দাতা মোত পৰে আন জন।। ২১৮
জানি যিটো কৰে মোত কেৱল ভকতি।
পাৱে মোক সুখে সখি কহিলো সম্প্ৰতি।।
যদিবা প্ৰমাদ আসি মিলে কদাচিত।
তথাপি ভক্তৰ নাহি আন প্ৰায়শ্চিত।। ২১৯
বস্তু পাক অৰ্থে যেন অগ্নি জালে নৰে।
সেহি অগ্নি দহি তৃণ কাষ্ঠ ভস্ম কৰে।।
সেহিমতে বিষয়ত মাত্ৰ যাৰ চিত্ত।
অব্যভিচাৰিণী ভক্তি কৰে কথঞ্চিত।।২২০
ততাপি সমস্তে পাপ ভস্ম কৰে তাৰ।
আশ্চৰ্য্য মহিমা দেখা ভক্তিৰ আমাৰ।।
এতেকে উদ্ধৱ মোৰ ভকতি বিনাই।
এবম্বিধ কুশল আনত হন্তে নাই।।২২১
নকৰয় বশ্য মোক কৰ্ম্ম যোগ জ্ঞানে।
তপ যোগ বেদ মন্ত্ৰ জপ্য তীৰ্থ স্নানে।।
কেৱল ভক্তিসে মোক বশ্য কৰে নৰে।
নাহিকে উত্তম পন্থ ভকতিত পৰে।।২২২
পৰম শ্ৰদ্ধায়ে মোৰ ভকতি আচৰি।
চাণ্ডালো পৱিত্ৰ হয় জানা নিষ্ঠ কৰি।।
আন জাতি পৱিত্ৰ হৈবেক কোন চিত্ৰ।।
নাহি ভকতৰ মোত পৰে মহা মিত্ৰ।।২২৩
ভকতি বিনায় আন যতেক সাধন।
জানা সৱে ব্যৰ্থ সখি কহিলো বচন।।
সত্য ভূত-দায়া সমে আচৰে ধৰ্ম্মক।
তপে সমণ্বিত কৰে উপাসা দেৱক।। ২২৪
তথাপিতো পবিত্ৰ নুহিকে তনু চিত।
ভৈলা যিটো জন মোৰ ভকতি বৰ্জ্জিত।।
শুনিয়ো উদ্ধৱ সখি কহো প্ৰসঙ্গত।
ভকতিৰ চিহ্ন যাৰ নভৈল বেকত।।২২৫
নোহে চিত্ত দ্ৰৱ যাৰ শৰীৰ পুলক।
যাহাৰ নেত্ৰৰ নাহি আনন্দ লোতক।।
তেবে কেনমতে তাৰ লক্ষিবা ভকতি।
বিনে ভক্তি চিত্ত শুদ্ধ নোহে মহামতি।।২২৬
শুনিয়ো উদ্ধৱ ইটো কহো তত্ত্ব সাৰ।
বাক্য গদ গদ আদি ভকতি আমাৰ।।
সিটো ভকতিক কৰে যি জনে আশ্ৰয়।
কৰিবে পৱিত্ৰ তাক অদভূত নয়।।২২৭
কিন্তু মোত ভৈল প্ৰেম ভকতি যাহাৰ।
হৈবেক পৱিত্ৰ যত পুৰুষ তাহাৰ।।
নুহিকে আশ্চৰ্য্য ইটো জানা মহাশয়।
সমস্তে জগত সিটো পৱিত্ৰ কৰয়।। ২২৮
বাক্য গদ গদ কৰে প্ৰেমৰ ভৰত।
দ্ৰবে চিত্ত স্মৰি মোৰ মহিমা মনত।।
ভকতৰ বশ্য মই হেনয় আকলি।
পৰম আনন্দে হাসি তোলে খলখলি।।২২৯
এত কাল ভৈলো তযু সেৱায়ে বঞ্চিত।
এহি বুলি শোকে আতি কান্তে কদাচিত।।
এবে পাইলো বুলি কতো গাৱে গীত।
পৰম হৰিষে উঠি কতো কৰে নৃত্য।।২৩০
এহি মত ভাব যাৰ মিলিল প্ৰচুৰ।
গুচে লজ্জা আদি মায়া এৰি হোৱে দূৰ।।
মুকুতিতো অদিক আনন্দ অতি মিলে।
জগত পবিত্ৰ হোৱে তাহাঙ্ক দেখিলে।।২৩১
হেনয় ভক্তিক ত্যজি যিটো নৰাধম।
মোক্ষৰ নিমিত্তে আন মতে কৰে শ্ৰম।।
নপাৱে মুকুতি চিত্ত শুদ্ধ নোহে তাৰ।
দৃষ্টান্ত সহিতে কহো কাৰণ ইহাৰ।।২৩২
যেন খাৰ আমলে পখালে সুৱৰ্ণক।
নপাৰে গুচাইবে অব্যন্তৰৰ মলক।।
খপন্তে খপন্তে বহ্নি ভৈল অন্তৰ্গত।
তেবে নিজ বৰ্ণ ধৰে গুচে মল যত।। ২৩৩
সেহি মতে যাগ যোগ আদি নিৰন্তৰে।
কৰ্ম্ম মল বাসনাক পৱিত্ৰ নকৰে।।
শ্ৰৱণ কীৰ্ত্তনে মোক ভজে যিটো জন।
গুচে কৰ্ম্মমল তাৰ শুদ্ধ হোৱে মন।। ২৩৪
মোৰ ভক্তিবলে দহি লিঙ্গ শৰীৰক।
পাৱে অনায়াসে মোৰ নিজ স্বৰূপক।।
ভকতিৰ মহিমা দেখিয়ো অদভূত।
ভৈল কৃতকৃত্য সিটো জীৱন্তে মুকুত।।২৩৫
তথাপিতো প্ৰাৰ্থণা কৰয় ভকতিক।
জানিয়া আনন্দ আতি মোক্ষতো অধিক।।
লৈয়োক সাক্ষাতে উদাহৰণ সম্প্ৰতি।
মহেশ্বৰ আগে মাৰ্কণ্ডেয় নিগদতি।। ২৩৬
পৰিপূৰ্ণ কাম তুমি প্ৰভু মহেশ্বৰ।
কৰাহা পূৰণ মন ভকত জনৰ।।
মাগোহো তামাত এক বৰ পশুপতি।
ঈশ্বৰ কৃষ্ণত হৌক একান্ত ভকতি।।২৩৭
তযু চৰণত নিতে সেৱা নুগুচোক।
বৈষ্ণৱ জনত মোৰ সদা ৰতি হোক।
নুহিকে অন্তৰ হৰি ভকত সহিতি।
থৈলো মাৰ্কণ্ডৰ বাক্য সংহৰি সম্প্ৰতি।. ২৩৮
সৰ্ব সাধনতে শ্ৰেষ্ঠ ভকতি উত্তম।
পূৰ্বাপৰ চাহি সাধু কৰিল নিয়ম।।
বুলিবা মোক্ষৰ আচে অনেক উপায়।
ভকতিসি ভৈল কিয় শ্ৰেষ্ঠ সমুদায়।।২৩৯
হেন যদি কদাচিত শঙ্কা হোৱে মনে।
ইহাৰ উত্তৰ কহো তত্ত্বৰ বচনে।।
সৃষ্টিৰ কাৰণে যত তত্ত্ব নিৰন্তৰে।
কৃষ্ণক কৰন্ত স্তুতি পৰম সাদৰে।।২৪০
যত জ্ঞানী গণে মন নিয়মি সকলে।
জিনিয়া দুৰ্জ্জয় মায়া জ্ঞান যোগ বলে।।
তোমাৰ ভকতি তাতো কৰিয়া সহায়।
তৰি ইটো সংসাৰ তোমাত লীন যায়।। ২৪১
বুলিবা জ্ঞানীও হোৱে আমাত প্ৰবেশ।
ভকত সকল ভৈল কিমতে বিশেষ।।
শুনিয়োক ইহাৰ উত্তৰ যেন মত।
ভক্তি বিনে নিষ্ফল কেৱল যোগ যত।। ২৪২
ভকতি সহিতে জ্ঞান অভ্যাস দুষ্কৰ।
অনেক শ্ৰমেহে আত মোক্ষ পাৱে নৰ।।
তোমাৰ ভকতি একো সহায় নচাৱে।
কেৱল ভকতি সুখে বৈকুণ্ঠক পাৱে।।২৪৩
বুলিবা ভক্তিত যেবে সুখে পাৱে গতি।
নকৰে সমস্তে কিয় হৰিত ভকতি।।
ঈহাৰ উত্তৰ শুনা ব্ৰহ্মাৰ বচন।
সব লোকে কৃষ্ণক নভজে যি কাৰণ।।২৪৪
পৰম বিষয়ী যত হৰিত বিমুখ।
নাহিকে দিনতো একো ইন্দ্ৰিয়ৰ সুখ।।
নানা বিধ শ্ৰমে দিন গোট বহি যায়।
নিশাটো নিদ্ৰাত থাকে একো সুখ নাই।।২৪৫
স্বপ্ন দেখি নিদ্ৰাৰো জাগয় ক্ষণে ক্ষণে।
তাতো নানা বিধে মনোৰথ চিন্তে মনে।
বহু বিধ অৰ্থ আশা কৰি তাকে যত।
তাহাৰো নাহিকে সিদ্ধি দৈৱ কৰে হত।। ২৪৬
এহিমতে ৰাত্ৰি দিনে বিষয়ত মতি।
কৃষ্ণৰ কথাত কদাচিতো নাহি ৰতি।।
মহা মূঢ় বিষয়ীৰ আচে ইটো কথা।
শ্ৰৱণ কীৰ্ত্তন যিটো বিমুখ সৰ্বথা।।২৪৭
জীৱন্তে মুকুত মহা মুনিসব যত।
তাৰাসবো এহিমতে ভ্ৰমে সংসাৰত।।
মোক্ষৰ পৰম মহা উত্তম কাৰণ।
কহো শুনা পুনৰপি ব্ৰহ্মাৰ বচন।।২৪৮
কহন্ত ব্ৰহ্মায়ে দেৱসৱৰ আগত।
ইসি মহা খেদ শুনা দেৱতা সমস্ত।।
আমৰা সবৰো মহা প্ৰাৰ্থনি মনত।
হেনয় দুৰ্ল্লভ জন্ম লভি ভাৰতত।।২৪৯
ইসি মহা ধৰ্ম্মতত্ত্ব জ্ঞানৰ সাধনা।
জানিও নকেৰ মাধৱক আৰাধানা।।
শ্ৰৱণ কীৰ্ত্তন যিটো নকৰে সদায়।
জানিবা মোহিলে তাক কৃষ্ণৰ মায়ায়।।২৫০
মনুষ্য শৰীৰ পায়া নেৰাইলা সংসাৰ।
কদাচিতো নাহি আৰ তাহাৰ নিস্তাৰ।।
বুলিবা ভকতি বিনে নতৰে মায়াক।
ভক্তিও দুৰ্ল্লভ মায়া মোহি আচে যাক।।২৫১
তাহাৰ নিস্তাৰ এবে হৈবে কেনমতে।
ইহাৰ উত্তৰ শুনা ব্ৰহ্মাৰ বাক্যতে।।
সৃষ্টি স্থিতি প্ৰলয় কৰন্ত যিটো দেৱ।
জগত কাৰণ যাত পৰে নাহি কেৱ।।২৫২
তান যোগ মায়া আতি পৰম দুস্তৰ।
যোগেশ্বৰ সমস্তৰ তৰণ দুষ্কৰ।।
হেন নাৰায়ণ তিনি গুণৰ ঈশ্বৰ।
বিহিবন্ত কুশল আপুনি দামোদৰ।।২৫৩
কৃষ্ণৰ কৃপাত হৈব কল্যাণ আমাৰ।
আমৰা সবৰ আত নালাগে বিচাৰ।।
এহিমতে অনুগ্ৰহ প্ৰাৰ্থন্তে কৃষ্ণৰ।
অহঙ্কাৰ শূন্য আতি ভৈল যিটো নৰ।।২৫৪
কদাচিত কৃষ্ণে তাক কৰিবন্ত দায়া।
হৈবেক ভকতি সুখে তৰিবেক মায়া।।
উত্তম উপায়আৰ নাহি আত পৰ।
লৈয়ো আৰ প্ৰমাণ বচনে নাৰদৰ।।২৫৫
প্ৰাচীন বৰ্হিৰ আগে কৈলা নিষ্ঠ কৰি।
যাত যি কালত অনুগ্ৰহ কৰে হবি।।
তেবে সিটো লৌকিক বৈদিক কৰ্ম্ম পথে।
পৰম নৈস্তিক মতি ত্যজিব সমস্তে।।২৫৬
কাহাকো কৰন্ত কৃপা কাকো নকৰন্ত।
ইমত বিষম কিয় ভৈল ভগৱন্ত।।
ইটো সংশয়ৰ শুনা উত্তৰ উত্তম।
নাহি শত্ৰ্ৰু মিত্ৰ হৰি সমস্ততে সম।।২৫৭
ভকতিসি তাঙ্ক অতি বিষম কৰাৱে।
ভকতৰ বশ্য হৰি জানিবা স্ববাৱে।।
এতেকে চিন্তত তাঙ্ক মাত্ৰ যিটো নৰে।
সমস্তৰে কৰ্ত্তা বুলি ভাবে নিৰন্তৰে।। ২৫৮
তাতেসে কৃষ্ণৰ কৃপা মিলে তাক প্ৰতি।
সকলে ধৰ্ম্মক পাছে ত্যজে তাৰ মতি।।
শ্ৰৱণ কীৰ্ত্তন মহা লাভকেসে ভজে।
মোক্ষতো অধিক মহা আনন্দতে মজে।। ২৫৯
এহিমতে অতি ইটো প্ৰসঙ্গ সংহৰি।
দেখাইলো ভক্তৰ যে বশ্য হন্ত হৰি।।
অৱশ্যে ঈশ্বৰক লাগে ভজিবাক।
ইহাৰ কাৰণে যেন শুনা এবে তাক।।২৬০
অনুচৰী সম লক্ষ্ণী দেৱী প্ৰৱৰ্ত্তন্ত।
তথাপি তাহাঙ্ক ভাৰ্য্যা বুলি নভজন্ত।।
জতেক সকাম ৰাজগণ দেৱজাক।
কদাচিতো শ্ৰেষ্ঠ বুলি নভজন্ত তাক।। ২৬১
কাহাতো নাহিকে অনুৰাগ বাধৱৰ।
 যিহেতু আপুনি পূৰ্ণকাম মহেশ্বৰ।।
নিজ ভৃত্যবৰ্গৰ অধীন ততাপিতো।
হেনয় পৰম ৰহস্যক জানে যিটো।।২৬২
সিটো কেনমতে আৰ ত্যজিবে কৃষ্ণক।
নুহি অজ্ঞ জানে যিটো ভকতি ৰসক।।
ভকতৰ বশ্য হৰি দেখায়া সম্প্ৰতি।
পৰম দুৰ্ল্লভ যেন কৃষ্ণৰ ভকতি।।২৬৩
শুকৰ বচনে আৰ কহো অভিপ্ৰায়।
বোলন্ত শুনিয়ো পৰীক্ষিত মহাশয়।।
যাদৱ পাণ্ডৱ ইটো দুতয় কুলৰ।
ভাগ্যক বৰ্ণায়া সীমা পাইবে কোন নৰ।।২৬৪
পুৰাণ পুৰুষ যিটো কৃষ্ণ মহেশ্বৰ।
তেন্তে বশ্য হুয়া অতি উভয় বংশৰ।।
পৰম আৰাধ্য ইষ্ট দেৱ আছিলন্ত।
গুৰু হুয়া মহা হিত উপদেশ দেন্ত।।২৬৫
দুয়ো কুল ৰক্ষক আছিলা মহা হিত।
কিঙ্কৰালি কৰ্ম্মকো কৰিলা কদাচিত।।
কৃষ্ণ বিনে দুয়ো কুলে নাজানিলা আন।
আছিলন্ত সবাৰো কৃষ্ণেসে জীৱ প্ৰাণ।।২৬৬
এহিমতে নিজ ভকতক ভগৱন্ত।
বশ্য হৈয়া অনুকম্পা কৰে অপৰ্য্যন্ত।।
নিজ যশ প্ৰিয় প্ৰভু দেৱ দামোদৰ।
তাঙ্ক ত্যজি আন মতে ভজে যিটো নৰ।।২৬৭
সিজনত তৃপিতি নুহিকে তাক সৰি।
এতেকে মুকুতি মাত্ৰ দেন্ত দেৱ হৰি।।
কদাচিতো প্ৰেমৰস সহিতে ভকতি।
নেদন্ত ৰহস্য পদে জানা মহামতি।।২৬৮
সিহেতু ভকতি সুখ পৰম দুৰ্ল্লভ।
কৃষ্ণৰ কৰুণা বিনে নুহিকে সুলভ।।
এহি তাত্পৰ্য্য কহে ভাগৱত গ্ৰন্থ।
ইহলোকে হৰি ভকতিসি মুখ্য পন্থ।।২৬৯
পৰম কল্যাণ ইসি বিঘিনি ৰহিত।
কাতো হন্তে ভয় আত নাহি কদাচিত।।
পৰম উত্সুকে অতি যতেক মহন্ত।
ভকতি পন্থত মাত্ৰ সদা প্ৰৱৰ্ত্তন্ত।।২৭০
কহিলোহো একো ভয় নাহি ভকতিত।
যমৰ বচনে তাক কৰোহো বিদিত।।
শিখান্ত আপুনি যমে দূত সমস্তক।
সমভাবে যাৰা সবে ভজন্ত কৃষ্ণক।।২৭১
পৰম পৱিত্ৰ যশ তাহাৰা সবৰ।
গাৱে ৰাত্ৰি দিনে দেৱ সিদ্ধ নিৰন্তৰ।।
মাধৱৰ যিটো মহা কৌমুদকী গদা।
তাহাৰা সৱকৰক্ষা কৰি ফুৰে সদা।।২৭২
নচাপিবি দূত তাসম্বাৰ সন্নিহিত।
গদায়ে কোৱায়া কৰিবেশ চূৰ্ণীকৃত।।
মইয়ো তোৰ উপৰে নহও দণ্ডধৰ।
কালো প্ৰভু মোহে আৰো তাহাৰাসবৰ।।২৭৩
ভকতক মাত্ৰ ৰক্ষা কৰে ভগৱন্ত।
বুলিবাহা তেবে হৰি বিষম ভৈলন্ত।।
শুনিয়া সংশয় ত্যজি ইহাৰ উত্তৰ।
কদাচিতো বিষম নুহিকে দামোদৰ।।২৭৪
নাহি তান বল্লভ সুহৃদ প্ৰিয়তম।
শত্ৰু মিত্ৰ উদাসীন সমস্ততে সম।।
তথাপিতো য়েনমতে ভজন্ত ভকতে।
কৰে অনুগ্ৰহ তাসম্বাকো সেহিমতে ২৭৫
যেন কল্পতৰু সম সবাতো স্বভাৱে।
তথাপিতো মাগন্তা জনেসে ফল পাৱে।।
সেহিমতে ভজন্তাক ভজন্ত ঈশ্বৰে।
তাহাঙ্ক বিষয় বোলে কমন পামৰে।। ২৭৬
ভকত জনক মাত্ৰ ভজে নাৰায়ণে।
লৈয়োক প্ৰমাণ ভগৱন্তৰ বচনে।।
পশু পক্ষী বৃক্ষ গৰু গোপিকা প্ৰভৃতি।
সত্সঙ্গ লাগিয়া কৰে আমাত পীৰিতি।। ২৭৭
এতেকে কৃতাৰ্থ হুয়া পাইলা মোক সুখে
মহাজ্ঞানী সকলে নপাৱে যাক দুখে।।
কৃষ্ণৰ বচন এবে থৈলোহো সংহৰি।
নাহি আন সুখ পন্থ ভকতিৰ সৰি।। ২৭৮
জানি সাধু জন ভকতিক কৰা সাৰ।
তৰিবাহা সুখে ঘোৰ সংসাৰ নিকাৰ।।
ভজিয়া কৃষ্ণক মুখে ধৰা গুণ নাম।
সমস্ত সমাজে ডাকি বোলা ৰাম ৰাম।।২৭৯