Ratnawali

Ratnawali written by Madhabdeva

ছবি।।

যেনমতে দামোদৰে বশ্য হোন্ত ভকতৰ
শুনিলাহা পৰম উত্সুকে।
শুনা আৰো সাৱধানে পৰীক্ষিত বিদ্যমানে
কৈলা যেন মহামুনি শুকে।।
কাদচিতো দেৱহৰি নবনীত চুৰি কৰি
খাইলা দেখি যশোদা সুন্দৰী।
ক্ৰোধে খেদি ধৰি আনি উডু খলে টানি আনি
বান্ধন্ত গৰুৰ লৈয়া জৰী।।১৫৫
অনন্ত ব্ৰহ্মাণ্ডপতি বহিৰে ভিতৰে আতি
নাহি পূৰ্বাপৰ আদি অন্ত।
বেদে নাজানন্ত যাক তাহাঙ্ক গৃহতে পাই
পুত্ৰ বুলি যশোদা বান্ধন্ত।।
ফোকাৰন্ত শ্ৰান্ত পাই গোড়ে ঘাম বহি যায়
খসিয়া খোপাৰ পৰে ফুল।
মাতৃৰ দেখিয়া শ্ৰম কৃপায়ে বন্ধন পাছে
লৈলা জগতৰ আদি মূল।।১৫৬
মোৰ বশ্য চৰাচৰ ময়ো বশ্য ভকতৰ
হেনসে দেখাইলা দামোদৰ।
তথাপি কৃষ্ণক এৰে আনক ভজিয়া মৰে
কিনো লোক অধম পামৰ।।
ব্ৰহ্মা লক্ষ্মী মহাদেৱে নপাইলা প্ৰসাদ হেন
পাইলা যেন যশোদা কৃ,্ণত।
ভকতে সুলভে পাৱে ইটো গোপীকাৰ পোক
নাপাৱয় জ্ঞানী কৰ্ম্মী যত।। ১৫৭
বুলিবাহা সুখে জ্ঞানী নপাইলেও নাহি হানি
জ্ঞানে গতি সাধিবে তাহাৰ।
ভকতি বিহীন ভৈলে নাহিকে জ্ঞানত সিদ্ধি
শুনা কহো বচন ব্ৰহ্মাৰ।।
কৰন্তে নাহিকে দুখ মিলাৱে মুকুতি সুখ
ত্যজি হেন তোমাৰ ভকতি।
কেৱলে বোধৰ অৰ্থে ধ্যান ধাৰণা আদি
বহুবিধ শ্ৰমে কৰে ৰতি।।১৫৮
নুহি মুকুতিৰ পাত্ৰ তাৰ লাভ শ্ৰম মাত্ৰ
কদাচিতো সিদ্ধি নাহি আন।
অল্প বুলি ধান এৰি তণ্ডুলক আশা কৰি
যেন মৰে বাহানি পাতান।।
দেখাও আৰ সদাচাৰ যত মহাজ্ঞানী সাৰ
জ্ঞানে গতি নপায়া পূৰ্ব্বত।
পাচে যোগ ধ্যান এৰি তোমাতে অৰ্পণা কৰি
লৌকিক বৈদিক কৰ্ম্ম যত।।১৫৯
সাধু সঙ্গ অনুসৰি শ্ৰৱণ কীৰ্ত্তন কৰি
আচৰিয়া তোমাৰ ভক্তিক।
তযু সেৱা প্ৰসাদত জানি আপোনাৰ তত্ত্ব
সুখে পাইল পৰম গতিক।।
ভকতৰ কৃত্যশেষ নাহি আৰ লয়লেশ
ভৈল পৰিপূৰ্ণ অনায়াসে।
লৈয়োক প্ৰমাণ আৰ আগে নন্দ যশোদাৰ
কহিলা উদ্ধৱ হৰিদাসে।।১৬০
জগত কাৰণ যিটো নিখিল জীৱৰ আত্মা
নাৰায়ণ পৰম পুৰুষ।
পৰম ঈশ্বৰ হৰি নিজ মায়া বশ্য কৰি
কাৰণেসে ভৈলন্ত মানুষ।।
তাহান্তে ভকতি নিতে কৰাহা একান্ত চিত্তে
বাঢ়িবে কৃষ্ণত দুইৰো স্নেহ।
দোহান কৰ্ত্তব্য আৰ নাহি জানা সাৰে সাৰ
নকৰিবা ইহাত সন্দেহ।।১৬১
তপ জপ যজ্ঞ যাগ যোগ তীৰ্থ ব্ৰত দান
কৰে যেবে মহা শুদ্ধ ভাৱে।
তেবেসে সুদৃঢ় চিত্তে ভকতি কৰিতে পাৰে
ঈশ্বৰ কৃষ্ণৰ দুই পাৱে।।
নাহিকে আমাত একো ধৰ্ম্ম হেন খেদ চিত্তে
নকৰিবা তুমি গোপৰাজ।
সমস্তে ধৰ্ম্মৰ ফল ভকতিক পাইলে যিটো
তাৰ আন কৰ্ম্মে কোন কাজ।। ১৬২
নন্দৰ আগত যত কহিলা উদ্ধৱে তাক
সংহৰিয়া এহিমানে থওঁ।
বৰ্ণাইলন্ত আৰো যেন গোপীৰ ভকতি দেখি
শুনিয়োক তাক কিছু কওঁ।।
জাতি কুলাচাৰ ধৰ্ম্ম জ্ঞানে কৃষ্ণ দেৱতাৰ
নুহি অনুগ্ৰহৰ কাৰণ।
কিন্তু ভক্তিভাৱে আতি ভজোক অজাতি জাতি
তাতেসে সন্তুষ্ট নাৰায়ণ।।১৬৩
কৈৰ কামাতুৰা নাৰী দুষ্ট মহা ব্যভিচাৰী
কামভাৱে ভজিয়া কৃষ্ণক।
তথাপিতো দেখা কেন কৃষ্ণদেৱ বিষয়ত
পাইলা মহা আৰূঢ় ভাৱক।।
ইটো গোপীকাক প্ৰতি কৃষ্ণৰ পৰম প্ৰীতি
ভৈল আক দেখিলো সাক্ষাত।
এতেকে জানিলো মহা অজ্ঞ সবো পাৱে গতি
ইটো কৃষ্ণ দেৱৰ সেৱাত।।১৬৪
ৰাসোত্সৱে ৰঙ্গ কৰি গোপীৰ কণ্ঠত ধৰি
মহাবাহু মেলি আলিঙ্গন্তে।
পৰম আনন্দে যিটো পাইলেক প্ৰসাদ ইটো
গোপীসবে মাধৱত হন্তে।।
হৃদয়তে থাকি নিত্য লক্ষ্মী তাক নতু পান্ত
আন দেৱ ৰমণী সৰ্ব্বথা।
নতু পাৱে দেখিবাক ইটো মহা প্ৰসাদক
আৰ আন স্ত্ৰীৰ কোন কথা।।১৬৫
গোপীৰ ভাগ্যৰ কথা থাকোক বৰ্ণাইবো কত
মোৰ হেন প্ৰাৰ্থনা মনত।
তাসম্বাৰ পদৰেণু যিটো তৃণ বনে পৰে
ইটো বৃন্দাবনৰ মাজত।।
তাৰ এক গাছি তৃণ হৈয়া থাকো তেবে মোৰ
মিলে মহা ভাগ্য বিপৰীত।
ইটো গোপী সকলৰ পৰম পৱিত্ৰতৰ
চৰণ ৰেণুক পাইবো নিত।।১৬৬
গৃহৰ দুস্ত্যজ আশা কুলাচাৰ ধৰ্ম্ম ত্যজি
ভজিলন্ত কৃষ্ণৰ চৰণে।
দুৰ্ল্লভ জানিয়া মনে বিচাৰিয়া সৰ্ব্বক্ষণে
ফুৰন্ত সমস্ত দেৱগণে।।
উত্তম ক্ষত্ৰিয় জাতি উদ্ধৱে প্ৰাৰ্থিলা আতি
যিটো স্ত্ৰীৰ, চৰণৰ ধূলি।
এতেকে কৃষ্ণত যত পাইবাৰ উপায় যদি
দোষ সিও গুণেসে সমূলি।।১৬৭
শুনিয়োক সভাসদ ভক্তি ৰত্নাৱলী পদ
ভকতৰ ইসে মহাধন।
জানিবা সমস্তে তত্ত্ব গুচিবে সংশয় যত
পৰম নিৰ্ম্মল হৈবে মন।।
ভকতিত পৰে আৰ নাহিকে শাস্ত্ৰৰ সাৰ
জানি সবে এৰা আন কাম।
গুচিবে সংসাৰ দুখ লভিবা পৰম সুখ
নিৰন্তৰে বোলা ৰাম ৰাম।।১৬৮