Ratnawali

Ratnawali written by Madhabdeva

পদ।।

কপিল বদতি মাতৃ শুনা দেৱহূতি।
কদাচিতো অভকতে নপাৱে মুকুতি।।
মই পৰমাত্মা চৰাচৰ জগতৰ।
প্ৰধান পুৰুষ দুইৰো নিয়ন্তা ঈশ্বৰ।। ৭২
ভুকুতি মুকুতি পদ দাতা মই দেৱ।
স্বতন্ত্ৰ ঈশ্বৰ মোত পৰে নাহি কেৱ।।
হেন মই মোক ত্যজি আনক ভজয়।
নুশুচে তাহাৰ ঘোৰ সংসাৰৰ ভয়।। ৭৩
জানি আন ত্যজি ভজনীয় মোৰ পাৱে।
পৰম শ্ৰদ্ধায়ে মাতৃ ভজা সৰ্ব্বভাৱে।।
মোৰ গুণ নামত কৰিয়ো মাত্ৰ ৰতি।
শ্ৰৱণে কীৰ্ত্তনে অনায়াসে পাইবা গতি।। ৭৪
কপিলৰ বচন আৱে সংহৰিয়া থওঁ।
এহি পৰমাৰ্থ সুনীতিৰ বাক্যে কওঁ।।
কৃষ্ণ বিনে নাহিকে আনত হন্তে গতি।
শিখাইলন্ত সুনীতি ধ্ৰুৱক প্ৰতি প্ৰতি।। ৭৫
শুন পুত্ৰ ধ্ৰুৱ তই মোহোৰ বচন।
স্বতন্ত্ৰ ঈশ্বৰ যটো দেৱ নাৰায়ণ।।
তাহান্তে শৰণ লৈয়া কৰিয়োক সেৱ।
ভকত বত্সল কৃষ্ণ দেৱতাৰো দেৱ।। ৭৬
মুমুক্ষু সকলে কাল হন্তে হৈয়া ভয়।
যাৰ পাদপদ্মৰ পন্থক বিচাৰয়।।
তয়ো নিজ ধৰ্ম্মে কৰি হৃদয় শোধিত।
তাতে স্থাপি কৃষ্ণ পাদপদ্ম স্মৰ নিত।। ৭৭
যেন শত্ৰু হন্তে মহা ভয় হৈয়া নৰে।
ৰাজাত শৰণ লৈয়া পাছে সেৱা কৰে।।
সেহিমতে সেৱা বাপ কৰিয়ো কৃষ্ণত।
তান্ত বিনে হিত সিদ্ধি নাহিকে আনত।। ৭৮
কৃষ্ণ বিনে নাহি আন দেৱ সৰ্ব্বোত্তম।
আয়ত লোচন যাৰ পদ্মপত্ৰ সম।।
তোৰ ইটো শোক দুখ খেদ ছেদকাৰী।
কৃষ্ণ বিনে মনে আন নেদেখো বিচাৰি।। ৭৯
ব্ৰহ্মা আদি সেৱন্ত কটাক্ষ বাঞ্ছা কৰি।
হেন লক্ষ্মীদেৱী হাতে পদ্মগোট ধৰি।।
কৃষ্ণপাদপদ্ম দুইকো বিচাৰি ফুৰন্ত।
জানি সৰ্ব্বোত্তম দেৱ ভজা ভগৱন্ত ।। ৮০
হেনবা বুলিবা লক্ষ্মী পৰম ঈশ্বৰী।
কিহেতু কৃষ্ণক সেৱা কৰন্ত সাদৰি।।
সকল পৌৰুষশালী সৰ্ব্বোত্তম জানি।
এতেকে কৃষ্ণক সেৱা কৰন্ত গোসাঁনী।। ৮১
ইহাৰ প্ৰমাণ কহো পৃথুৰ বচনে।
প্ৰাৰ্থিলন্ত পৃথু যেন কৃষ্ণৰ চৰণে।।
যাচিলা মাধৱে বৰ লোৱা পৃথুৰায়।
ৰাজায়ে বোলন্ত মোৰ বৰে কাৰ্য্য নাই।। ৮২
তযু পাদপদ্মক ভজিয়া সৰ্বভাৱে।
হাতত ধৰিয়া পদ্ম যেন লক্ষ্মী মাৱে।।
তোমাক সেৱন্ত মাত্ৰ ত্যজি আন ব।
ময়ো সেহিমতে তযু চৰণ কিঙ্কৰ।। ৮৩
বুলিবা দুহানো মই ভৈলো এক পতি।
লাগিবে কন্দল লক্ষ্মী সহিতে সম্প্ৰতি।।
শুনিয়োক ইহাৰ উত্তম কৃপাময়।
উত্তৰ পুৰুষ তুমি গুণৰ আলয়।। ৮৪
ভকতত তোমাৰ কৃপাৰ নাহি সীমা।
নালাগিবে দ্বন্দ্ব তযু চৰণ মহিমা।।
লাগে যদি কন্দল নকৰো তাকো ভয়।
সৱে ৰাজ্যভাৰ ভোগ সম্পত্তি হৰয়।। ৮৫
তথাপি সেৱিবো প্ৰভু তোমাৰ চৰণ।
লক্ষ্মীত তোমাৰ নাহি কিছু প্ৰোয়োজন।।
নিজানন্দ স্বৰুপ যিহেতু দামোদৰ।
লক্ষ্মীৰ বস্তুত নাহি এতেকে সাদৰ।। ৮৬
তথাপি ভক্তৰ কৰা অল্পকো বিস্তৰ।
দৰিদ্ৰ বত্সল তুমি কৃপাৰ সাগৰ।।
স্বৰূপত লক্ষ্মী দ্বেষ নকৰে ভক্তক।
মাতৃ যেন অনুগ্ৰহ কৰয় পুত্ৰক।। ৮৭
সেহিমতে জগত জননী লক্ষ্মীমাৱে।
তযু ভকতক দয়া কৰন্ত স্বভাৱে।।
জগতৰ আত্মা কৃষ্ণ তুষ্ট ভৈল যাৰ।
দেখাইলোহো লক্ষ্মী যেন তৃপিতি তাহাৰ।। ৮৮
শ্ৰীৰুদ্ৰ দেৱৰ পৰম প্ৰিয় ভক্ত।
হৰি সেৱা কৰো শঙ্কৰত অনুৰক্ত।।
মহেশ্বৰ বাক্যে লৈয়ো প্ৰমাণ সাক্ষাত।
কহিছে আপুনি হৰে দশ প্ৰচেতাত।। ৮৯
প্ৰধান পুৰুষ দুউতো পৰ বাসুদেৱ।
ভগৱন্ত ঈশ্বৰক যিটো কৰে সেৱ।।
নাজানি যদ্যপি মোৰ অপৰাধ কৰে।
তথাপিতো মোৰ প্ৰিয় নাহি তাত পৰে।। ৯০
মহাসাগৰত তোৰা মোৰ প্ৰিয়তম।
দেখো তোমাসাক মই ভগৱন্ত সম।।
তুমিসবো মোত প্ৰীতি কৰিবা সদায়।
মোত পৰে ভকতৰ প্ৰিয় আন নাই।। ৯১
থওঁ উপসংহৰি বচন মহেশ্বৰ।
শুনা এৱে কহো বিমৰিষি পূৰ্ব্বাপৰ।।
যিহেতু পৰম আত্মা হৰিসে জীৱৰ।
হৰি তুষ্ট ভৈলে তুষ্ট হোৱে চৰাচৰ।। ৯২
এতেকেসে শাস্ত্ৰে কহে যতেক উপায়।
হৰিৰ প্ৰীতিসি তাৰ ফল সমুদায়।।
এহিমানে সমস্তে শাস্ত্ৰৰ তত্ত্ব মৰ্ম্ম।
 হৰি তুষ্ট হোন্ত যাত তাকে বুলি ধৰ্ম্ম।। ৯৩
যাত হন্তে মতি আতি উপজে কৃষ্ণত।
তাকেসে বুলিয় বিদ্যা জানা সাৰ তত্ত্ব।।
হৰিসে দেহীৰ মহা প্ৰিয়তম গতি।
আপুনি ঈশ্বৰ হৰি আপুনি প্ৰকৃতি।। ৯৪
এহি হেতুতেসে দেৱান্তৰ সেৱা যত।
হৈয়া আছে হৰি ভকতিৰ অন্তৰ্গত।।
ভকতিতে সিজে সবে সেৱা দেৱতাৰ।
প্ৰহ্লাদ বচনে লৈয়ো প্ৰমাণ ইহাৰ।। ৯৫
বোলন্ত প্ৰহ্লাদে শুনা অসুৰ সমস্ত।
যাৰ আছে নিষ্কাম ভকতি মাধৱত।।
তাহাৰেসে পৰম নিৰ্ম্মল ভৈল চিত্ত।
মহাপ্ৰেমৰস তাতে হোৱয় বিদিত।। ৯৬
হোৱে কৃতকৃত্য ভকতিৰ প্ৰসাদত।
ধৰ্ম্ম জ্ঞান সহিতে দেৱতা আছে যত।।
পৰম শ্ৰদ্ধায়ে তাক কৰন্ত আশ্ৰয়।
ভৈল সিটো নৰ সৰ্ব্ব গুণৰ আলয়।। ৯৭
যিটো দুৰাশয় ত্যজি হৰিৰ ভকতি।
গৃহৰ সুখত ৰাত্ৰি দিনে আসকতি।।
ফুৰে বহিৰ্মুখ হৈয়া মিছা বিষয়ত।
নাহি কদাচিতো তাত মহাগুণ যত।।৯৮
গৃহাদি আসক্ত ভক্তিহীন লোক যত।
সি সব লোকতো দেখি মহত্ত্ব সাম্প্ৰত।।
হেন যদি বোলা শুনা ইহাৰ উত্তৰ।
বাঞ্ছিত জীৱন যেন জলেসে মত্স্যৰ।। ৯৯
সেহিমতে আত্মা হৰি সমস্তে জীৱৰ।
পৰম প্ৰসিদ্ধ ইটো সমস্ত শাস্ত্ৰৰ।।
হৰি এড়িলতে মিলে তেখনে মৰণ।
জল বিনে নাহি যেন মত্স্যৰ জীৱন।। ১০০
হেন হৰি এৰি কৰে গৃহে আসকতি।
তাৰ যেন মহত্ত্ব শুনিয়ো প্ৰতি প্ৰতি।।
বৃদ্ধক পূজয় যেন শূদ্ৰৰ মাজত।
ভাৰ্য্যাৰ উপৰি যেন স্বামীৰ মহত্ত্ব।। ১০১
পিতৃৰ মহত্ত্ব যেন পুত্ৰৰ উপৰে।
কনিষ্ঠে জ্যেষ্ঠক যেন মতে মান্য কৰে।।
হৰি বিমুখৰ জানা তেহ্নয় মহত্ত্ব।
নাহি কদাচিতো তাত মহাগুণ যত।। ১০২
কালে যাক অধিকাৰ কৰে বিদ্যামান।
তাহাৰ মহত্ত্ব উপহাস্যৰেসে স্তান।।
এতেকে জানিবা সৰ্ব্বভাৱে পুৰুষৰ।
ভগৱন্ত মাত্ৰ বৈল ভজনী ঈশ্বৰ।। ১০৩
হৰি বিনে আছন্ত যতেক আন দেৱ।
আপোনাকো ৰাখিবাক ক্ষম নোহে কেৱ।।
নাহি আপোনাৰ পুৰী কালৰ ভয়তে।
তাৰাসবে ৰাখিবে আনক কেনমতে।। ১০৪
কেৱলে নিৰ্ভয়ে এক ঈশ্বৰ মুৰাৰি।
কাল মায়া আদি সমস্তৰে অধিকাৰী।।
আত্মালাভ বিনে সুখ আন নমানন্ত।
সৰ্ব্বভাৱে ভয়াতুৰ জনক ৰাখন্ত।। ১০৫
জানিয়া তাহান দুই অভয় চৰণে।
হুয়োক শৰণাপন্ন কায় বাক্য মনে।।
সত কুলে জন্ম তান তুষ্টৰ কাৰণ।
নোহে শুনা কহো হনুমন্তৰ বচন।। ১০৬
কিম্পুৰুষ বৰিষত ৰামক উপাসি।
আছন্ত সবাতে কত ভকতি প্ৰকাশি।।
শুনা সৰ্ব্বজেনে কতা কহো সাৰ তত্ত্ব।
সুৰাসুৰ নৰ আন লোক আছে যত।। ১০৭
তাহাৰ মাজত যিটো হৰিক ভজয়।
সি সি মহাজনে তান তোষক পাৱয়।।
পৰম কৃতজ্ঞ ৰাম প্ৰভু ভগৱন্ত।
অল্প ভজনতে কৰে বহু মান্যৱন্ত।। ১০৮
অযোধ্যা নিবাসী জীৱজন্তু সমস্তক।
নিলা আতি কৌতুকে সৃবাকো বৈকুণ্ঠক।।
অল্প সেৱা মাত্ৰ যেন কৰে বহু মান।
আপোনাতো দৃষ্টান্ত দেখাওঁ বিদ্যামান।। ১০৯
নুহিকে উত্তম জন্ম আকৃতি সুন্দৰ।
বাক্যৰো চাতুৰী নাহি বুদ্ধিও বিস্তৰ।।
নাহি একো গুণ আমি বনৰ বানৰ
অনুগ্ৰহ পাত্ৰ ভৈলো ততাপি ৰামৰ।। ১১০
এতেকে ভকতি হৰি তোষৰ কাৰণ।
ব্যৰ্থ হৰি বিষয়ত আন গুণগুণ।।
কিন্তু তাতে কৰে যিটো নিষ্কামে ভকতি।
পৰম কৃতাৰ্থ ভৈল সি সি মহামতি।। ১১১
ভজিয়া কৃষ্ণত যিটো কামনা কৰয়।
কৰন্ত পূৰণ তাক ইটো সত্য হয়।।
তথাপি কৃষ্ণৰ নাহি সন্তোষ মনত।
সৱে মায়াময় ইন্দ্ৰিয়ৰ ভোগ যত।। ১১২
ব্ৰহ্মলোক আদি কৰি সমস্তে নিবাসী।
ভোগ নষ্ট ভৈলে পুনঃ প্ৰাৰ্থিৱন্ত আসি।।
নেদন্ত মাধৱে যোনো কিছু নুখুজিলে।
নকৰিবা শঙ্কা ইটো মনত সমূলে।। ১১৩
নবাঞ্ছয় কিছু যিটো ভজি মাধৱক।
দিবন্ত আপুনি নিজ পাদ পল্লৱক।।
যাক পাইলে ভকতৰ পূৰ্ণ হোৱে মন।
সৰ্ব্বকাম বৰিষণ কৃষ্ণৰ চৰণ।।১১৪
মোক্ষ আদি কৰি সুখ যতেক আছয়।
চৰণ সেৱাক পাইলে একো নবাঞ্ছয়।।
কৃষ্ণ পাদপদ্ম মকৰন্দ কৰি পান।
হুয়া পৰিপূৰ্ণ মনে নোখোজয় আন।। ১১৫
কামনা পূৰ্ব্বকে যদি কৃষ্ণক ভজয়।
তাহাৰো পৰম হিত চিন্তে কৃপাময়।।
বাৰেকাদি কামনা পূৰন্ত কৃষ্ণে তাৰ।
পুনঃ পুনঃ খুজিলে নেদন্ত আৰোবাৰ।।১১৬
অনৰ্থ বিষয় পৰমাৰ্থদাতা হৰি।
এতেকে ভক্তৰ বিষয়ত দূৰ কৰি।।
নোখোজন্ত নিজ পদ পল্লৱ সুখক।
দেন্ত যাক পাইলে আৰ নোখোজে আনক।। ১১৭
য়েন শিশু সবে কৰে মৃত্তিকা ভোজন।
তাক দেখি অনৰ্থক ভয়ে মাতৃগণ।।
খাইবাক নেদয় আৰ মুখৰো গুচাৱে।
কান্দিবাক দেখি নোখোজন্তে আনি মাৱে।।১১৯
দেয় খণ্ড শৰ্কৰা ভুঞ্জয় শিশু তাক।
জানিয়া মধুৰ স্বাদ ত্যজে মৃত্তিকাক।।
শৰ্কৰাক মাত্ৰ শিশু খোজয় পাছত।
হৰিভক্ত সবাৰো স্বভাৱ সেহি মত।।১১৯
এতেকে নিষ্কাম ভক্ত স্বভাৱ কৃতাৰ্থ।
এহিমানে সমস্তে শাস্ত্ৰৰ পৰামৰ্শ।।
বুলিয়া ইসব কথা কৈলা সবে ব্যৰ্থে।
মহন্তো কৰয় যত্ন কাম ভোগ অৰ্থে।। ১২০
শুনা একচিত্ত কৰি ইহাৰ সিদ্ধান্ত।
কদাচিতো শাস্ত্ৰে তাক নোবোলে মহন্ত।।
পৰম শ্ৰদ্ধায়ে ভজে কৃষ্ণৰ চৰণ।।১২১
তাকেসে বুলিয় সাধু লৈয়োক প্ৰমাণ।
প্ৰহ্লাদৰ বচনে দেখিয়ো বিদ্যামান।।
বোলন্ত প্ৰহ্লাদে শুনা পিতৃ মহাভাগ।
গৃহ-অন্ধকূপত এৰিয়ো অনূৰাগ।। ১২২
অসন্ত বিষয় অণুমাত্ৰো সুখ নাই।
মিছা অহংম্মম ভাব এৰিয়ো সদায়।।
হৰিক চিন্তিয়ো মাত্ৰ গৈয়া তপোবনে।
ইসি সাধু কাৰ্য্য বুলি মানে মোৰ মনে।। ১২৩
এহিমানে মাত্ৰ শ্ৰেষ্ঠ ধৰ্ম্ম পুৰুষৰ।
একচিত্তে ভক্তি আচৰিয়া মাধৱৰ।।
শ্ৰৱণ কীৰ্ত্তন তান কৰিব সদায়।
ভকতিয়ো আৰ আত পৰে শ্ৰেষ্ঠ নাই।।১২৪
কৰিবা সংশয় দেৱ পিতৃ নভজিলে।
তাসম্বাত হন্তে জানা মহাভয় মিলে।।
নকৰিবা শঙ্কা শুনা ইহাৰ উত্তৰ।
ভৈল যাৰা সবো আসি নাৰায়ণ পৰ।। ১২৫
কৃষ্ণৰ অভয় দুই চৰণত ধৰি।
স্বৰ্গ মোক্ষ নৰকক মানে তুল্য কৰি।।
এতেকেসে স্ত্ৰী শূদ্ৰ আদি ভক্ত চয়।
নকৰন্ত কাতো হন্তে অণুমাত্ৰ ভয়।। ১২৬
ভকতিৰ প্ৰসাদত মিলে মহাভাগ।
নাহি তাৰ সবাৰো কাহাতো অনুৰাগ।।
ভকতিৰ সাদ্য জ্ঞান বৈৰাগ্যৰ বলে।
নাহি কিছু সাৰ মিছা দেখন্ত সকলে।। ১২৭
বুলিবা ভক্তিত যেৱে গুছয় সবে ভয়।
কি হেতু কৃষ্ণক তেৱে সবে নভজয়।।
শুনিয়ো ইহাৰ কহো উত্তৰ সম্প্ৰতি।
পৰম বিষয়ী যত লোক গৃহৱৰ্ত্তী।।১২৮
ইন্দ্ৰিয়ৰ সুখে যাৰ সদা আসকতি।
কদাচিতো কৃষ্ণত নোপজে তাৰ মতি।।
গুৰু উপদেশত বা আপোনাত হন্তে।
নপাইবেক বোধ অন্যো অন্যে বিচাৰন্তে।। ১২৯
নাহি ইন্দ্ৰিয়ৰ উপৰতি বিষয়ত।
চোবোতাকে চোবাই ফুৰে ঘোৰ সংসাৰত।।
তোৱে অন্ধ ভাৰ্য্যা পুত্ৰধনৰ আক্ৰোশে।
নভজে কৃষ্ণক বিষয়ৰ সঙ্গ দোষে।। ১৩০
বুলিবা পৰমানন্দ কৃষ্ণৰ মূৰুতি।
নভজে তাহাৰ সবে কমন যুগুতি।।
শুনিয়োক স্থিৰ চিত্তে ইহাৰ নিৰ্ণয়।
অজ্ঞানত থাকিয়া কৃষ্ণক নভজয়।।১৩১
কৃষ্ণেসে ভৈলন্ত মাত্ৰ যাৰ প্ৰয়োজন।
তাৰেসে কেৱল প্ৰাপ্য প্ৰভু নাৰায়ণ।।
বিষয় বাসনা বদ্ধ যাহাৰ হৃদয়।
নজানে বিষ্ণুক জানা সিটো দুৰাশয়।।১৩২
বুলিবা জানিবে সিটো গুৰু উপদেশে।
ইহাৰ উত্তৰ যেন শুনিয়ো নিঃশেষে।।
আপুনি বিষয়ী বিষয়ীক গুৰু মানে।
তাৰ উপদেশে সিটো বিষ্ণুক নজানে।।১৩৩
যেন অন্ধলোক অন্ধে পন্থ উপদেশে।
পৰিবেক দুয়ো গৈয়া গৰ্ত্তত অৱশ্যে।।
সেহিমতে মাধৱৰ বেদজৰী ছান্দি।
পৰিবে সংসাৰ-গৰ্ত্তে দুয়ো হৈয়া বন্দি।।১৩৪
বিষয়ত আতি আসকতি ভৈল যাৰ।
কৃষ্ণক পাইবাৰ আশা নিবৰ্ত্তিল তাৰ।।
যেন বায়ু বস্ত্ৰ পশ্চিমক লৈয়া যায়।
পূবক খেদিলে জানা সি কি বস্ত্ৰ পায়।। ১৩৫
হেন জানি বিষয়ৰ বাসনা যাৱত।
নতু ধৰে আসি হৰি ভজিয়ো তাৱত।।
সবে অৱস্থাতে ভক্তি কৰা সাৱধানে।
সকলো শাস্ত্ৰৰ তাত্পৰ্য্য এহিমানে।।১৩৬
পৰম দুৰ্ল্লভ নৰতনু আছা পাই।
নুহিকে শাশ্বত ইটো ক্ষণিকে পৰয়।।
জানিয়া বিষয় সুখে যত্ন দূৰ কৰি।
কুমাৰ কালৰে পৰা ভজিয়োক হৰি।। ১৩৭
নাহিকে বিস্তৰ শ্ৰম হৰিৰ সেৱাত।
বাল্য বৃদ্ধ সবো পাৰে ভজিবে সাক্ষাত।।
সমস্ত ভূতৰে হৰি আত্মা প্ৰিয়তম।
আপোনাকে আপুনি ভজন্তে কোন শ্ৰম।।১৩৮
আপোনাৰ নিজ সখা আত্মা ভগৱন্ত।
সবাৰো হিয়াত হৰি স্বভাৱে আছন্ত।।
আন স্থানে বিচাৰিবে নলাগে কৃষ্ণক।
ভজিয়োক মাত্ৰ ত্যজি আন বিষয়ক।।১৩৯
মনুষ্য হৈবাৰ এহিমানে মাত্ৰ ফল।
পশু শৰীৰতো পাই বিষয় সকল।।
হেন বিষয়ত কৰে মানুষ হৰিষে।
পশু এৰে তেবে কিবা ভৈল বিসদৃশ।।১৪০
মনুষ্যৰ আয়ু ক্ষণভঙ্গুৰ সদায়।
পৰে কেতিক্ষণে এই আছে এই নাই।।
তাহাৰ বিষয় আশা পৰম নিষ্ফল।
পুত্ৰ দাৰা ধন জন সদায় চঞ্চল।।১৪১
একে নিমিষতে সবে হৈব এৰা এৰি।
অসাৰ সংসাৰ যেন টাটেকৰ খেড়ি।।
যদি স্বৰ্গ পাৱে কৰ্ম্ম কৰিয়া বিশিষ্ট।
তহিতো নাহিকে সুখ জানা নিষ্ঠে নিষ্ঠ।।১৪২
পুণ্য তাৰতম্যে পাৱে বঢ়া টুটা সুখ।
অশ্ৰদ্ধা অসূয়া আজি তৈতো আছে দুখ।।
অন্যো অন্যে সৰ্ব্বক্ষণে নুগুচে কন্দল।
এতেকে স্বৰ্গৰ সুখ জানিবা নিষ্ফল।।১৪৩
ইহ পৰলোকৰ সুখত এৰি আশ।
ঈশ্বৰ কৃষ্ণত মাত্ৰ কৰিয়ো বিশ্বাস।।
ভজি নৱবিধ ভক্তি মাধৱৰ পাৱে।
ধৰ্ম্ম অৰ্থ কাম যেই চাৱে সেই পাৱে।।১৪৪
বুলিবা অবোধ আমি দৈত্যৰ ছৱাল।
কেশৱক ভজিবে আমাৰ নোহে ভাল।।
পুণ্যৱন্ত জনৰেসে আত অধিকাৰ।
ইটো শঙ্কা ত্যজি শুনা উত্তৰ ইহাৰ।।১৪৫
দেৱ দ্বিজ ঋষি তপ জপ যজ্ঞ দান।
যত শৌচাচাৰ তীৰ্থ ব্ৰত মহা জ্ঞান।।
ইটো সবে বিড়ম্বন জানা নিষ্ঠ কৰি।
কেৱলে ভক্তিতে মাত্ৰ তুষ্ট হোন্ত হৰি।।১৪৬
এতেকে ভক্তিত সমস্তৰে অধিকাৰ।
নাহি বৰ্ণাশ্ৰম আত নিয়ম বিচাৰ।।
নাহিকে সঞ্জাত যদি মোহোৰ বাক্যত।
লৈয়ো তবে প্ৰমাণ সাক্ষাতে গজেন্দ্ৰত।।১৪৭
নাহি কুল শীল ৰূপ নুহিকে পণ্ডিত।
নাহি বল বুদ্ধি তেজ প্ৰভাৱ কিঞ্চিত।।
লৈলা ভক্তি ভাৱে মাত্ৰ কেৱল শৰণ।
এতেকে সন্তুষ্ট তাত ভৈলা নাৰাযণ।।১৪৮
বুলিবাহা হস্তীত যোগ্য গুণ একো নাই।
কিয় তুষ্ট ভৈল তাৰ শুনা অভিপ্ৰায়।।
আন একো গুণে কহো কৃষ্ণক নপাৱে।
ভক্তি মাত্ৰ গ্ৰাহ্য হৰি জানিব স্বভাৱে।।১৪৯
ইহাৰ প্ৰমাণ এবে লৈয়োক সম্প্ৰতি।
বামনৰ আগত প্ৰহ্লাদ নিগদতি।।
পৰম আশ্চৰ্য্য প্ৰভু তোমাৰ সৃষ্টিত।
তুমি জগততে সম আত্মা মহা হিত।। ১৫০
অচিন্ত্য মায়াক লৈয়া তুমি নাৰায়ণ।
কৰা জগতৰ সৃষ্টি প্ৰলয় পালন।।
লাগে যদি পালিবে সবাকে সমভাবে।
ভকতক মাত্ৰ কৰা কৰুণা স্বভাৱে।।১৫১
তথাপিতো তোমাৰ বিষম মতি নাই।
যেন কল্পতৰুত প্ৰাৰ্থিলে ফল পাই।।
নুখুজিলে কদাচিতো যাচি নেদে গাছে।
তেবে কোনে বৃক্ষক বিষম বুলি আছে।।১৫২
সেহিমতে ভকতৰ বশ্য হৰি দেৱ।
সুদৃঢ় বিশ্বাসে তাঙ্ক নিতে কৰা সেৱ।।
নাহি ভকতিত জাতি আচাৰ বিচাৰ।
কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ।।১৫৩
ভকতিসে মাত্ৰ হৰি তোষৰ কাৰণ।
লৈয়ো সৰ্বজনে জানি কৃষ্ণত শৰণ।।
এতেকে তৰিবা ঘোৰ সংসাৰত সুখে।
পলাওক পাতক ৰাম ৰাম বোলা মুখে।।১৫৪