Ratnawali

Ratnawali written by Madhabdeva

দুলড়ী

নমো নমো কৃষ্ণ কৰুণা সাগৰ
দেৱৰো ঈশ্বৰ দেৱ।
কায় বাক্য মনে তোমাৰ চৰণে
কৰো লক্ষ কোটি সেৱ।।
তুমি যেন মতি দিলা যদুপতি
হৃদয়ে থাকি আমাৰ।
কহিলো স্বৰূপে সেহি অনুৰূপে
ৰচিলো ইটো পয়াৰ।।১২০৫
মুৰুখৰ মোৰ বঢ়া টুটা আদি
আছে দোষ যত যত।
নিজ কৃপা গুণে সন্তোষে আপোনে
ক্ষমিয়ে তাক সমস্তে।।
মই দুৰাচাৰ নুহিকে তোমাৰ
ভকতিৰো একো পাত্ৰ।
তোমাৰ চৰণে পশিয়ো শৰণে
কেৱলে প্ৰণামো মাত্ৰ।।১২০৬
হৈয়োক সদয় কৃষ্ণ কৃপাময়
মই অধমক প্ৰতি।
যেন সৰ্ব্বক্ষণে কৰে মোৰ মনে
তোমাৰ চৰণে ৰতি।।
তযু বেদ বাণী শুনি আছো যিটো
শৰণ লৱে তোমাত।
দুৰাচাৰো ন্ষ্ট নুহি কি্তু সিটো
কৃতাৰ্থ হোৱে সাক্ষাত।।১২০৭
জানিয়া পৰম দুৰাচাৰ মই
তোমাত লৈলো শৰণ।
কৈলো সত্য বাক নেৰিবা আমাক
তুমি প্ৰভু নাৰায়ণ।।
সন্তৰ সঙ্গত সৰ্ব্বভাৱে যেন
থাকো তযু সেৱা কৰি।
এহি অনুগ্ৰহ হোক মোক লোক
ডাকি বোলা হৰি হৰি।।১২০৮

।।‘’’সমাপ্ত’’’।।

(প্ৰকাশক শ্ৰীসামন্ত ভট্টাচাৰ্য্য, ভট্টাচাৰ্য্য এজেঞ্চী, ডিব্ৰুগড়। মুদ্ৰকঃ-শ্ৰমিক প্ৰেস, কলকাতা-৭০০০০৯, দুৰভাষ-২২১৯০১৮৩)