Ratnawali

Ratnawali written by Madhabdeva

দুলড়ী।।

কপিল বদতি শুনা দেৱহুতি
মাতৃ কৰি স্থিৰ চিত্ত।
কহিলোহো নিষ্ঠা ভকতি গৰিষ্ঠ
লক্ষণ কৰো বিদিত।।
আমাৰ একান্ত ভকত সকলে
দেখে সমস্তকে মিছা।
ভকতি বিৰোধী জানিয়া সাযুজ্য
মোক্ষকো নকৰে ইচ্ছা।। ৫৭
একে মোতে মাত্ৰ কায় বাক্য মনে
ৰতি কৰে নিৰন্তৰে।
এৰিয়া কামনা কৰয় অৰ্পণা
যত কিছু চেষ্টা কৰে।।
বিৰল ভকত জনৰ শুনিয়ো
যেন মুখ্য প্ৰয়োজন।
অন্যো অন্যে এক প্ৰাণ হৈয়া কৰে
মোৰ যশ সভাজন।। ৫৮
শ্ৰৱণ কীৰ্ত্তন কৰি অনুক্ষণ
প্ৰশংসন্ত মাত্ৰ মোক।
বুলিবা তাহাৰ ফল কিবা তেবে
কহো তাক শুনিয়োক।।
মোৰ গুণ নাম কহন্তে শুনন্তে
মিলে আসি মহাভাগ।
আনন্দ স্বৰূপ মোৰ দিব্য ৰূপ
প্ৰত্যক্ষতে পাৱে লাগ।। ৫৯
প্ৰসন্ন বদন অৰুণ নয়ন
তনু আতি অনুপাম।
ভকতক দায়া কৃপাদৃষ্টি চায়া
পূৰন্ত মনৰ কাম।।
দেখি কৃষ্ণমুখ মিলে মহাসুখ
দূৰ হৱে যত তাপ।
অতি মন প্ৰীতি মাধৱে সহিতি
মধুৰ কৰে আলো।। ৬০
এহিমতে মহে শ্বৰ দৰশন
সুখ মুকুতিত নাই।
মোক্ষৰ আনন্দ যিটো আত্মসুখ
ভকতিত সুখে পাই।।
পৰম সুন্দৰ মহা মনোহৰ
কৃষ্ণৰ অঙ্গ যতেক।
মন ইন্দিৰিয়ৰ বৃত্তি নৰন্তৰ
হৰয় দেখি প্ৰত্যেক।। ৬১
ভকতি সুৰত কৰি অল্প দেখি
ভকতে তাক নচাৱে।
তথাপিতো যিটো সুখ মোক্ষ পদ
ভকতি আনি মিলাৱে।।
অবিদ্যা নিবৃত্তি ভৈল অনন্তৰে
যতেক ঐশ্বৰ্য্য আছে।
বৈকুণ্ঠ সম্প্ৰতি সমন্বিতে আসি
ভ্ৰমে ভকতৰ পাছে।। ৬২
ভকতে যদ্যপি নবাঞ্চে তথাপি
ভকতিৰ মহাবলে।
বৈকুণ্ঠ লোকত মহা ভোগ যত
ভকতে পাৱে সকলে।।
বুলিবা বৈকুণ্ঠ লোকৰ ভিতৰ
যেবে ভেলা স্বৰূপত।
স্বৰ্গাদিৰ যেন হৈবেক বিনাশ
বৈকুণ্ঠৰ ভোগ যত।। ৬৩
ইটো কুনিৰ্ব্বন্ধ শঙ্কা পৰিহৰি
শুনিয়ো উত্তৰ তাৰ।
সিটো শুদ্ধসত্ব বৈকুণ্ঠ লোকত
মায়াৰ নাহি সঞ্চাৰ।।
পৰম দুৰ্ঘোৰ কালচক্ৰ মোৰ
পৰক গিলিবে লাগি।
নাহি নিদ্ৰা লেশ নকৰে নিমেষ
সৰ্ব্বদায়ে থাকে জাগি।। ৬৪
প্ৰিয় আত্মা গুৰু সখা ইষ্টদেৱ
বুলি মোক সৰ্ব্বভাৱে।
ভজে যিটো তাক সিটো কালে আৰ
আখিও মেলি নচাৱে।।
এতেকে বৈকুণ্ঠ লোকত যতেক
ভকত আছে আমাৰ।
জানা কদাচিতো নুহি ভোগে হীন
কহিলোহো সাৰে সাৰ।। ৬৫
কহিলোহো যত প্ৰকৰণ অৰ্থ
বিচাৰি কৰা নিৰ্ণয়।
প্ৰথমে কামনা কৰি যিটো আসি
ভকতিত প্ৰৱৰ্ত্তয়।।
ভকতিৰ স্বাদ জানিয়া পাছত
কামনাক পৰিহৰে।
ভকতিক মাত্ৰ বাঞ্ছিয়া মনত
নিষ্কামে ভকতি কৰে।। ৬৬
কদাচিত তাৰ কৰন্ত পূৰণ
কামনা যত পূৰ্ব্বৰ।
ভকতে বাঞ্ছিলে দিবাক লগায়
স্বভাৱ ইটো কৃষ্ণৰ।।
আতেসে গুপুত কৰিলে ভকতে
নোখোজন্তে শূক্ষ্ম গতি।
পাৱয় পূৰ্ব্বত কামনা মনত
কৰিলে যিটো নিমিত্তি।। ৬৭
যিটো মহাজনে শুনি প্ৰসঙ্গত
ভকতিৰ স্বাদ জানি।
পৰম নিষ্কামে পূৰ্ব্ব হন্তে ভজে
ভগৱন্ত পদ্মপাণি।।
সিটো মহন্তৰ ভকতিৰ সুখ
সদায়ে হৈব নিশ্চয়।
বৈকুণ্ঠ লোকত পৰম ঐশ্বৰ্য্য
অধিক সুখ পাৱয়।। ৬৮
মুকুতিত কৰি ভকতি গৰিষ্ঠ
এতেকে জানা সৰ্ব্বথা।
ভকতিৰ আগে বিষয়ৰ সুখ
তুচ্ছ হৈৱে কোন কথা।।
সদা ভক্তি সহিতে বৈকুণ্ঠ
ঐশ্বৰ্য্য সমে মুকুতি।
একান্ত ভকতে পাৱে আন জনে
নপাৱে শুনা যুগুতি।। ৬৯
ইহ পৰোলক সুখ ধন জন
ভাৰ্য্য়া পুত্ৰ গৃহ দেহ।
সমস্তকে ত্যজি অনন্য ভকতি
ভজি মোত কৰে স্নেহ।।
তাত পৰে মোৰ মহা প্ৰিয়তম
ভকত নাহি আমাৰ।
ভুকুতি মুকুতি ভকতক দিয়া
কৰো সংসাৰৰ পাৰ।। ৭০
অনেক নিৰ্ব্বাণ পদ আদি দান
দেওঁ মই নিষ্ঠে নিষ্ঠ।
মুমুক্ষু ভকত জনত কৰিয়া
কেৱল ভক্ত গৰিষ্ঠ।।
হেন সবে জানি ভজিয়ো কৃষ্ণক
ত্যজিয়া সমস্তে কাম।
মূৰুখ মাধৱে কহে নিৰন্তৰে
ডাকি বোলা ৰাম ৰাম।। ৭১