Ratnawali

Ratnawali written by Madhabdeva

ছবি

এহিমানে ৰত্নাৱলী ভাগৱত সাৰ তুলি
লিখি আমি কৰিলো বেকত।
নাহি আতপৰে ধৰ্ম্ম মোৰ ইটো নিজ কৰ্ম্ম
ফল সবে সমৰ্পে কৃষ্ণত।।
হে প্ৰভু যদুপতি তুমি দিলা যেন মতি
সেহি বুদ্ধি বিভৱ সদৃশে।
পৰমাৰ্থ নিৰূপণ কৰিলোহো নাৰায়ণ
তযু আজ্ঞা পালিলো হৰিষে।।১১৯৩
যত যত্নে ইটো কৰ্ম্ম কৰিলো সমস্তে ধৰ্ম্ম
সমৰ্পিলো তোমাৰ চৰণে।
হে অগতিৰ গতি নিজ ভক্ত সমন্বিতি
তুমি মোত তুষ্ট হৈবা মনে।।
সমৰ্পিয়া মাধৱত মোৰ ইটো গ্ৰন্থমত
কহো সৰ্ব্বজনৰ সন্মত।
ভক্তি অৰ্থী মহন্তৰ স্বভাৱে স্বীকাৰ মহা
হৈব সদা পাঠ চিন্তনত।।১১৯৪
বিষয়ীৰ বিষয়ক বিষয়ী প্ৰশংসে যেন
সেহিমতে যুক্তিমন্ত জনে।
তাদৃশ ভকতি হীনো অৱশ্যে সাদৰ মহা
কৰিবে গ্ৰন্থত সৰ্ব্বক্ষণে।।
নানা প্ৰকৰণ স্থিতি শ্লোক পৰস্পৰে আনি
লিখিলোহো একবাক্য কৰি।
বিচাৰিবে শ্ৰম দেখি কদাচিতো প্ৰমোদত
প্ৰসঙ্গিবে তথাপি সাদৰি।।১১৯৫
যিসব বিৰল নৰে পৰ গ্ৰন্থ নিন্দা কৰে
তাকো মই কৰোহো প্ৰাৰ্থন।
বাৰম্বাৰ গ্ৰন্থ চাি দেখাহা দূষণ যেৱে
তেৱে মোক কৰিবা নিন্দন।।
কৃষ্ণ ভক্তি নজানিয়া কেৱলে নিন্দয় মাত্ৰ
তাক মই কি বুলিবো আৰ।
পৰম নিন্দিবে ইচ্ছা হেন মহা দুৰ্ব্বাসনা
আছে পূৰ্ব্ব জন্মৰ তাহাৰ।।১১৯৬
কিন্তু বহুবাৰ গ্ৰন্থ শুনন্তে কৃষ্ণৰ ভক্তি
হৈবে তাৰ অৱশ্যে উদয়।
পৰনিন্দা দুৰ্ব্বাসনা গুচিবে এতেকে সৰ্ব্ব
সন্মতিক দেখাইলো নিশ্চয়।।
মোৰ দোষ অঙ্গীকাৰ কৰি গ্ৰন্থ মহিমায়ে
কহো সৰ্ব্বজনৰ সাদৰ।
ইতিনি লোকত আৰ অল্প বুদ্ধিমন্ত নৰ
নাহি আন জন মোত পৰ।।১১৯৭
অপ্ৰসিদ্ধ কুলশীল গুৰু শিষ্য ভাৱ লঙ্ঘি
যদি মি ভৈলো অনাচাৰ।
মোৰ কৃত্য তথাপিতো ভকত জনৰ মাজে
নুহিবেক স্থলী অৱজ্ঞাৰ।।
যেন মধুমাখি সব কোনবা বিদ্যাৰ পাত্ৰ
কিবা কুল কিবা পৰাক্ৰম।
নুহিবেক সুন্দৰ জাতি পৰ উপকাৰী আতি
নাহি গুণ কিছু শম দম।।১১৯৮
তথাপিতো মুখ মধু সাঞ্চি থৈয়া আচে যত
স্বভাৱতে পৰম সুন্দৰ।
শ্ৰদ্ধা পূৰ্ব্বকে পান নকৰে কি তাক জানা
ৰসত কুশল যিটো নৰ।।
সেহিমতে মাধৱৰ ভকতি অমৃত ৰস
জানে যিটো মহিমা ইহাৰ।
পৰম শ্ৰদ্ধায়ে পান কৰিবেক মোৰ যত
দোষচয় কৰি পৰিহাৰ।।১১৯৯
মহা কান্তিমালা যুক্ত ভক্তি ৰত্নাৱলী গ্ৰন্থ
কৰিলোহো অনেক যতনে।
বিচাৰিয়া পূৰ্ব্বাপৰ ইহাৰ গুণক জানি
তুমিসব তুষ্ট হৈবা মনে।।
ইহাৰ শ্ৰীধৰ স্বামী ভক্তি লিখনত যত
ন্যূনাবিধ ভাল নিৰন্তৰ।
সিসব চঞ্চল দোষ মই লুভিয়াৰ ক্ষমা
কৰিবে উচিত মহন্তৰ।।১২০০
শ্ৰীমন্ত পুৰুষোত্তম চৰণ পঙ্কজ কৃপা
মকৰন্দ বিন্দু প্ৰসাদত।
বিষ্ণুপুৰী বিৰচিত শ্ৰীভক্তি ৰত্নাৱলী
এহিমানে ভৈল সমাপত।।
শুনিয়োক সভাসদ সাধু মহাজনসব
বোলো মই কৰি কৃতাঞ্জলি।
মহা মূঢ়মতি হুয়া বিৰচিলো পদবন্ধে
মহাগ্ৰন্থ ভক্তি ৰত্নাৱলী।।১২০১
ইহাত দূষণ দেখি তুমি সব মহন্তৰ
নুহি নিন্দা কৰিবে উচিত।
গ্ৰন্থ অৰ্থ যেন গূঢ় মই যেন মতি মূঢ়
ইটো অতি সবাতে বিদিত।।
গুৰু শিক্ষা অনুসৰি কৃষ্ণৰ চৰণ ধৰি
আপোনাৰ বুদ্ধি অনুসাৰে।
নিবন্ধিলো পদচয় আত যেন দোষ হয়
ক্ষমিবাক লাগয় সবাৰে।।১২০২
কতো কথা স্পষ্ট হয় কতো কথা স্পষ্ট নয়
ইটো মোৰ বুদ্ধিৰেসে দোষ।
বোলোহো কাকূতি বাণী মোক মূৰ্খ হেন জানি
নকৰিবা আত অসন্তোষ।।
কহো স্বৰূপত হিত ইটো দিব্য কথামৃত
শুনা শ্ৰদ্ধাভাৱে প্ৰতিনিত।
ভাগৱত তত্ত্বসাৰ নাহি আতপৰে আৰ
ভকতিৰ ইসি নিজ বিত্ত।।১২০৩
বৈকুণ্ঠৰ শাস্ত্ৰ ইটো চাৰিয়ো বেদৰ সাৰ
কৃষ্ণৰ মুখৰ নিজ বাণী।
ভাগৱত সাৰ তুলি বিষ্ণুপৰী মহামতি
কৰিলন্ত সংগ্ৰহ প্ৰমাণি।
জানিয়া বিশ্বাস কৰা কৃষ্ণত ভকতি ধৰা
ত্যজি আন চাতুৰি সকল।
এহি কথা শ্ৰৱমকে জানিবা সমস্তে তত্ত্ব
অনায়েসে মিলিবে মঙ্গল।।১২০৪