Ratnawali

Ratnawali written by Madhabdeva

ত্ৰয়োদশ শৰণ বিৰচন পদ

পুনৰপি আৰো আৰম্ভিলো বিৰচন।
কৰো নিৰূপণ এবে কেৱল শৰণ।।
লোকত বেদৰ যত কৰিছে সাধন।
সিসব সাধন হীন ভৈল যিটো জন।।১১৪৪
ভগৱন্ত মাধৱৰ অভয় চৰণে।
আছয় শৰণ লৈয়া কায়বাক্য মনে।।
আন দেৱাদিৰ সেৱা যদ্যপি নকৰে।
তথাপি সবাৰে সেৱা সিজে নিৰন্তৰে।।১১৪৫
কৰভাজনৰ বাক্যে প্ৰমাণ লৈয়োক।
নিমিক বোলন্ত মহাৰাজ শুনিয়োক।।
পিতৃ ভূতপতি দেৱ ঋষি সুহৃদয়ৰ।
উপজিলে আসম্বাৰ ঋণী হোৱে নৰ।।১১৪৬
হোমে দেৱ ঋণসুজে তৰ্পণে ঋষিৰ।
বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ।।
সমভাৱে সুহৃদ সবৰ শুজে ঋণ।
এহিমতে ঋণী সদা ভকতি বিহীন।।১১৪৭
এতেকেসে তাসম্বাৰ কিঙ্কৰ অধীন।
তাৰ অৰ্থে পঞ্চ যজ্ঞ কৰে প্ৰতিদিন।।
নকৰিলে পৰকালে আছে মহাভয়।
দুখ ভুঞ্জি হীন জাতি হৈবাক লাগয়।।১১৪৮
কায় বাক্য মনে কৰি নিশ্চয় যিজন।
মুকুন্দৰ চৰণত পশিলো শৰণ।।
তাৰ ঋণ সুজা সবে গৈল সমস্তৰে।
নকৰিয়ো ঋণী আৰ নুহি সিটো নৰে।।১১৪৯
সমস্তৰে আত্মা হৰি তুষ্ট ভৈলা যাৰ।
তিনিয়ো জগতে আতি তৃপিতি তাহাৰ।।
দেৱাদিৰ অধিকাৰ গুচিলেসে মাত্ৰ।
কিন্তু সেহিজন ভৈল সৰ্ব্ব সুখ পাত্ৰ।।১১৫০
তীৰ্থপ্ৰদ ভগৱন্ত কৃষ্ণৰ চৰণে।
সৰ্ব্বভাৱে আশ্ৰয় কৰিলে যিটো জনে।।
যিটো সাধুসবৰ সুলভ সৰ্ব্ব সুখ।
তৰিল অযত্নে ইহ-পৰলোক দুখ।। ১১৫১
যেনমতে তৰে ইহলোক দুখ যত।
দেখাওঁ সাক্ষাতে মৈত্ৰেয়ৰ বচনত।।
বোলন্ত বিদুৰ শুনা ব্যাসৰ তনয়।
হৰি পদযুগ যিটো কৰিল আশ্ৰয়।।১১৫২
ঘোৰ সংসাৰত তিনি তাপ বিপৰীত।
সিটো সাধু মনুষ্যক নপাৰে বাধিত।।
ইহলোকে দুখ মহন্তক নপাৱয়।
দেখাওঁ পৰলোকে দুখ যিমতে তৰয়।।১১৫৩
দুষ্টৰ কালৰ মহা ভ্ৰূৰ বিক্ষেপত।
হোৱয় বিনাশ চৰাচৰ বিশ্ব যত।।
কৃষ্ণত শৰণ লৈলে যিসব মহন্ত।
সিটো কালে মোৰ বশ্য বুলি নমানন্ত।।১১৫৪
বুলিবাহা আন দেৱান্তৰ শৰণত।
গুচয় সাক্ষাতে সংসাৰৰ দুখ যত।।
কৃষ্ণৰ শৰণ ভৈল কিমতে বিশেষ।
দেৱবাক্যে লৈয়ো আৰ উত্তৰ নিশেষ।।১১৫৫
বৃত্ৰত হাৰিয়া যুদ্ধ যত দেৱগণ।
কৰন্ত কৃষ্ণক স্তুতি পশিয়া শৰণ।।
ৰাগ আদি শূন্য তুমি পৰম নিৰ্ম্মল।
নাহি অহঙ্কাৰ বিষয়ৰ কৌতূহল।।১১৫৬
নিজানন্দ লাভে পৰিপূৰ্ণ আতিশয়।
গুণৰ উপাধি পৰিচ্ছেদ নকৰয়।।
হেনয় নিৰ্গুণ তুমি পৰম ঈশ্বৰ।
মায়াৰ অধীন আমি দেৱতা অপৰ।।১১৫৭
তোমাক এৰিয়া লৱে আমাত শৰণ।
তাত পৰে নাহিকে পৰম অজ্ঞ জন।।
যেন কোনো জনে কুকুৰৰ লাঞ্জে ধৰি।
যাইবাক ই্ছায় আতি সমুদ্ৰক তৰি।।১১৫৮
তাৰ কদাচিতো নোহে সমুদ্ৰ তৰণ।
সেহিমতে লৈয়া অনীশ্বৰত শৰণ।।
নপাৰে তৰিবে দুধাৰ্ণৱ সংসাৰক।
এহিমানে থৈলোহো দেৱৰ বচনক।।১১৫৯
বুলিবাহা দুখে আতি তপ্ত লোক যত।
তাৰ প্ৰতিক্ৰিয়া মহা প্ৰসিদ্ধ লোকত।।
বেদৰ প্ৰসিদ্ধ বহু দেৱত ভকতি।
কেনে কৃষ্ণে ভৈল মাত্ৰ শৰণ সম্প্ৰতি।।১১৬০
প্ৰহ্লাদ বচনে লৈয়ো ইহাৰ উত্তৰ।
বোলন্ত সাদৰে বাক্য আগে নৃসিংহৰ।।
হে প্ৰভু সংসাৰে তাপিত লোক যত।
নলৱে শৰণ তযু পদপঙ্কজত।।১১৬১
দুখ এৰাইবাক চাহে আনসে উপায়।
কদাচিতো দুখ তাৰ এৰাণ নযায়।।
পিতৃত মাতৃত লৱে বালকে শৰণ।
তাক প্ৰতিপাল আতি কৰে দুয়োজন।।১১৬২
তথাপিতো তাৰ দুখ দেখিয়ো লোকত।
কদাচিতো পিতৃ-মাতৃ হন্তে হোৱে হত।।
লৈয়োক প্ৰমাণ অজগৰ্ত্ত ব্ৰাহ্মণত।
বিকিলে পুত্ৰক হৰিশ্চন্দ্ৰৰ যজ্ঞত।।১১৬৩
ৰোগীসবে ঔষধত লৱয় শৰণ।
ঔষধ সহিতে তাৰ দেখিয়ো মৰণ।।
নৌকাত শৰণ লৱে মজন্তে সাগৰে।
নাৱে সমে দেখি সাগৰত মজি মৰে।।১১৬৪
এহিমতে তযু পদে নলৈয়া শৰণ।
দুখ এৰাইবাক কৰে অনেক যতন।।
নুহি সুখ ৰূপ সিটো দুখ নেৰাৱয়।
এতেকে তুমিসি মাত্ৰ শৰণ নিশ্চয়।।১১৬৫
এহিমানে থৈলো প্ৰহ্লাদৰ বচনক।
কৃষ্ণক এৰিয়া কৰে আশ্ৰয় আনক।।
নাহি মূঢ়মতি আৰ তাহাৰ সমান।
অক্ৰূৰ বচনে লৈয়ো ইহাৰ প্ৰমাণ।।১১৬৬
বোলন্ত কৃষ্ণক এৰি তোমাৰ চৰণ।
কোননো পণ্ডিতে লৈবো আনত শৰণ।।
বকতৰ সুহৃদ পৰম প্ৰিয়তম।
নাহিকে কৃতজ্ঞ সত্যবাদী তুমি সম।। ১১৬৭
দিয়া ভকতক অভিমত কামচয়।
আপোনাকো দিয়া তুমি কিনো কৃপাময়।।
তথাপিতো হানি লাভ নাহিকে তোমাৰ।
অক্ৰূৰৰ বাক্যচয় কৰিলো সংহাৰ।।১১৬৮
বুলিবাহা ঈশ্বৰৰ কেৱল শৰণে।
এতমানে শ্ৰেয়স হৈবেক কি কাৰণে।।
একচিত্তে শুনা আৰ উত্তম উত্তম।
যিহেতু কৃপালু হৰি সমৰ্থ পৰম।।১১৬৯
তাতেসে ভক্তৰ সিদ্ধি শৰণ মাত্ৰত।
লৈয়োক প্ৰমাণ উদ্ধৱৰ বচনত।।
কান্দি কান্দি বিদুৰৰ আগত কহন্ত।
কিনো কৃপাময় দেৱ প্ৰভু ভগৱন্ত।।১১৭০
পুতনা পিশাচী মাৰিবাক আশা কৰি।
পিয়াইলেক স্তন কালকূট বিষ ভৰি।।
তথাপিতো গতি তাইক দিলা যশোদাৰ।
আশ্চৰ্য্য মহিমা দেখা কৃষ্ণৰ কৃপাৰ।।১১৭১
ভক্তিবেশ মাত্ৰ দেন্ত সন্তৰ গতিক।
আতপৰে কিবা গুণ কহিবো অধিক।।
তান্ত পৰে নাহিকে দয়ালু আন জন।
জানিয়া কৃষ্ণত মাত্ৰ লৈলোহো শৰণ।।১১৭২
দেখাইলো দয়ালু গুণ উদ্ধৱ বচনে।
লৈয়োক শৰণ সবে কৃষ্ণৰ চৰণে।।
কেৱলে শৰণ্য দেৱ ঈশ্বৰ মাধৱ।
শুনিয়ো কৃষ্ণক যেন বুলিলা উদ্ধৱ।।১১৭৩
হে কৃষ্ণ ইটো ঘোৰ সংসাৰ পন্থত।
তিনি তাপে আতিশয় হুয়া আছে হল।।
তযু পাদপদ্ম ছায়া ছত্ৰ বিনে তাৰ।
নাহিকে শৰণ আৰ তাপ এৰাইবাৰ।। ১১৭৪
তোমাৰ চৰণ যুগ ছত্ৰ বিপৰীত।
ছায়া কৰি সৰ্ব্ব দিশে বৰিষে অমৃত।।
হোৱয় কৃতাৰ্থ লৈলে তাহান্তে শৰণ।
এহিমানে সংহৰিলো উদ্ধৱ বচন।।১১৭৫
এহিমতে কৃষ্ণপদে পশিয়া শৰণ।
মুচুকুন্দ বাক্যে সংহৰোহো প্ৰকৰণ।।
দণ্ডৱতে পৰি ধৰি কৃষ্ণৰ চৰণ।
পৰম কাকুতি ভাৱে বোলন্ত বচন।। ১১৭৬
হে কৃষ্ণ তযু পদে পশিলো শৰণ।
আপদগ্ৰস্তক মোক কৰিয়ো ৰক্ষণ।।
তুমিসি পৰম আত্মা শৰণদায়ক।
ব্ৰহ্মাদি দেৱৰো তুমি পৰম নায়ক।। ১১৭৭
পৰি আছো ইটো ঘোৰ সংসাৰ সাগৰে।
চিৰকাল মোক কৰ্ম্মফলে পীড়া কৰে।।
পৰম আতুৰ ভৈলো নাহিকে চেতন।
নানাবিধ তাপত তাপিত অনুক্ষণ।।১১৭৮
ত্বক চক্ষু মন মুখ নাসিকা শ্ৰৱণ।
এহি ছয় শত্ৰু আতি পৰম দুৰ্জ্জন।।
কদাচিতো তৃপিতি নাহিকে তাসম্বাৰ।
ইহাৰ নিমিত্তে দুখ লভিলো অপাৰ।।১১৭৯
হেনয় দুখিত মই তুমি কৃপাময়।
তযু পাদ-পদ্ম দুই কেৱলে অভয়।।
এহিমাত্ৰ সত্য প্ৰভু কেৱলে অশোক।
ইহাতে শৰণ লৈলো ৰাখিয়ো মোক।।১১৮০
মুচুকুন্দ বচনক সংহৰি সম্প্ৰতি।
এহিমানে গ্ৰন্থ কৰিলোহো সমাপতি।।
শুনিয়োক সবে সাধু সভাসদ জন।
কৃষ্ণৰ অভয় পদে লৈয়োক শৰণ।।১১৮১
গীতাত মাধৱে কহিলন্ত অৰ্জ্জুনত।
তেজিয়োক সখি ধৰ্ম্ম কৰ্ম্ম তীৰ্থ ব্ৰত।।
কেৱলে শৰণ মোত লৈয়ো ধনঞ্জয়।
ৰাখিবো সবাতে মই নকৰিবা ভয়।।১১৮২
এহিমানে কহিলন্ত গীতাৰ শকতি।
জানি সাধু জন যাৰ আছয় সুমতি।।
লৈয়োক শৰণ এক চৰণে কৃষ্ণৰ।
এহিমানে তাত্পৰ্য্য সকলে শাস্ত্ৰৰ।।১১৮৩
তৰ্ক বেদ বেদান্তৰো এহিমানে সীমা।
শুনা এবে ভাগৱত শাস্ত্ৰৰ মহিমা।।
পুৰাণৰ সূৰ্য্য শাস্ত্ৰ মহা ভাগৱত।
ব্যাস মহাঋষি আৰ কহিছে মহত্ব।।১১৮৪
আৰ অন্তৰ্গত পৰমাৰ্থ অৰ্থ যত।
মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত।।
মোত হনতে মহা মুনি শুকে জানিলন্ত।
বিদুৰে ইহাক জানন্ত কি নজানন্ত।।১১৮৫
টীকা ভাষ্য চাই মহা বুদ্ধিৰ প্ৰভাৱে।
কেহো জনে আৰ তত্ত্ব অৰ্থক নপাৱে।।
বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন।
আৰ কি তত্ত্বক পাৱে সেই সেই জন।।১১৮৬
শুদ্ধভাৱে লৈল যিটো কৃষ্ণত শৰণ।
ভকতিৰ প্ৰসাদে নিৰ্ম্মল যাৰ মন।।
সি সি মহাজনে আৰ তত্ত্বক পাৱয়।
ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়।।১১৮৭
নমো নমো কৃষ্ণ তযু অভয় চৰণে।
কায় বাক্য মনে তেৰা পশিলো শৰণে।।
শৰণাগতক নেৰিবাহা কৃপাময়।
তযু পাৱে মন যেন সদায় থাকয়।।১১৮৮
তুমি প্ৰিয়তম নিজ আত্মা মোৰ প্ৰাণ।
সুহৃদ বান্ধৱ তুমি বিনে নাহি আন।।
মই সি পামৰ অজ্ঞ নজানো তোমাক।
এহি হেতু মায়াপাশে বান্ধিলে আমাক।।১১৮৯
নাহি সীমা বন্দী হুয়া ফুৰো কত কাল।
এবে অনাথক কৃপা কৰিবাক ভাল।।
বুলিবাহা জ্ঞান প্ৰভু মই অধমৰ।
দাস হুয়া স্বামী সেৱা নকৰো বৰ্ব্বৰ।।১১৯০
মোৰ দোষ গুণ নিবিচাৰি নাৰায়ণ।
নিজ কৃপাগুণে মোত হৈয়োক প্ৰসন্ন।।
এক লেশমান কৰা কৰুণা ইবাৰ।
তেবে মনোৰথ পূৰ্ণ হোৱয় আমাৰ।।১১৯১
মোৰ ইন্দ্ৰিয়ৰ বৃত্তি তোমাতে ৰজোক।
এহিমানে অনুগ্ৰহ কৰিয়োক মোক।।
কৰ্ণে কথা মনে ৰূপ মুখে তযু নাম।
ৰহোক সদায় ডাকি বোলা ৰাম ৰাম।।১১৯২