Ratnawali

Ratnawali written by Madhabdeva

দ্বাদশ আত্ম নিবেদন বিৰচন পদ

আত অনন্তৰে আৰো শুনা বিৰচন।
আত্ম নিবেদন ভক্তি কৰো নিৰূপণ।।
অৰ্পিলেক দেহ যিটো কৃষ্ণক সাক্ষাত
হোৱয় কৃতাৰ্থ আতি কৃষ্ণক কৃপত।।১১৩৩
সৰ্ব্ব পুৰুষাৰ্থ সিদ্ধি হোৱে সিজনৰ।
লৈয়োক ইহাৰ সাক্ষী বচনে কৃষ্ণৰ।।
ঊদ্ধৱক বোলন্ত শুনিয়ো মহাবল।
যি কালত নৰে কৰ্ম্ম এৰিয়া সকল।।১১৩৪
মোত দেহ অৰ্পি ভৈল কৃতাৰ্থ পৰম।
নাই আন মোৰ প্ৰিয়তম তাক সম।।
যেন গৰু পৰত বিকিলে যিটো জনে।
পোষণ পালন চিন্তা নকৰে সিজনে।।১১৩৫
সেহিমতে মোত অৰ্পি দেহাদি সমস্ত।
ৰৈলা যিটো জন হুয়া অচিন্ত মনত।।
কেৱলে কৰয় চিন্তা ভকতিক মাত্ৰ।
ভৈল যিটো মোৰ ইষ্ট কৰিবাৰ পাত্ৰ।।১১৩৬
মই তাৰ হিত চিন্তা কৰো আতিশয়।
অপ্ৰয়াসে সিটো সুখ মুকুতি পাৱয়।।
হোৱে যোগ্য মোহোৰ সমান ঐশ্বৰ্য্যক।
এহিমানে থৈলো ভগৱন্তৰ বাক্যক।।১১৩৭
বুলিবাহা সৰ্ব্ব কৰ্ম্ম এৰি নিৰন্তৰ।
আত্ম নিবেদন মাত্ৰ শ্ৰেয়স জীৱৰ।।
এহিসে সাধয় যেবে পুৰুষৰ অৰ্থ।
কৰ্ম্মাদি বিধিৰ তেবে মিলয় অনৰ্থ।।১১৩৮
লৈয়োক উত্তৰ আৰু প্ৰহ্লাদ বাক্যত।
কহন্ত প্ৰহ্লাদে দৈত্য শিশু সমস্তত।।
শুনিয়ো বালক সব স্বৰূপ উত্তৰ।
ধৰ্ম্ম অৰ্থ কাম তিনি বৰ্গ পুৰুষৰ।।১১৩৯
তাৰ অৰ্থে উপায় বিহিয়া আছে যত।
যাগ যোগ জ্ঞান ধৰ্ম্ম কৰ্ম্ম তীৰ্থ ব্ৰত।।
তৰ্ক দণ্ড নীতি আনো যতেক আছয়।
ইটো সবে প্ৰতিপাদ্য বেদৰ নিশ্চয়।।১১৪০
তিনি গুণময় বেদ শাস্ত্ৰ যত যত।
তাহাৰ বিহিত মানে অসত্য সমস্ত।
আক ত্যজি যেৱে দেহ অৰ্পিলে কৃষ্ণত।
তাকেসে কেৱল সত্য মানোহো মনত।।১১৪১
এহিসে নিৰ্গুণ জানিবাহা নিষ্ঠ কৰি।
অৰ্জ্জুন গীতাত কহিয়া আছে হৰি।।
তিনি গুণ বিষয় যতেক বেদচয়।
আক এৰি নিৰ্গুণ হুয়োক ধনঞ্জয়।।১১৪২
পাথৰৰ ৰেখা যেন বচন কৃষ্ণৰ।
আক নমানিব কোন বুদ্ধিহীন নৰ।।
এহিমানে সংহৰিলো প্ৰহ্লাদ বচন।
থৈলো সমাপতি কৰি ইটো বিৰচন।।১১৪৩