Ratnawali

Ratnawali written by Madhabdeva

একাদশ সখ্য বিৰচন পদ

ভগৱন্ত সখিৰ মহিমা যেনমত।
আছোক কহিব কোনে জানিবে শকত।।
ব্ৰহ্মাৰ বচনে লৈয়ো প্ৰমাণ সাক্ষাতে।
বৃন্দাবনে কৃষ্ণক বোলন্ত যোৰহাতে।।১১২২
যত জীৱ জন্তু আছে নন্দৰ ব্ৰজত।
তাসম্বাৰ কিনো মহা ভাগ্যৰ মহত্ত্ব।।
নন্দাদিৰ যেন মহা বিশ্বাস তোমাত।
গবাদিৰ সেহিমতে বিশ্বাস সাক্ষাত।।১১২৩
এতেকেসে তাসম্বাৰ ভাগ্য আতি চিত্ৰ।
তুমি পূৰ্ণব্ৰহ্ম হৰি ভৈলা যাৰ মিত্ৰ।।
প্ৰাকৃত সহিতে মিত্ৰৱতি ভৈল যাৰ।
অন্যো অন্যে দুইকো দুই চাহে উপকাৰ।।১১২৪
কদাচিত বিষয় বিৰোধি ভৈল যেবে।
তাৱক্ষণে দুইৰো মৈত্ৰ ভঙ্গ হোৱে তেবে।।
তুমি পুনু সদায় পৰমানন্দময়।
তুমিয়েৰে যিটো মহা মিত্ৰতা কৰয়।।১১২৫
দিয়া তাসম্বাক আতি আনন্দ সদায়।
এতেকে তোমাৰ মিত্ৰৱতি ভঙ্গ নাই।।
প্ৰকৃত মিত্ৰৰ দেশান্তৰাদি গমনে।
সুহৃদ বিয়োগ মহা দুখ মিলে মনে।। ১১২৬
তুমি সনাতন পুনু জগত ব্যাপক।
কদাচিতো শঙ্কা নাই বিয়োগ দুখক।।
এহিহেতু তুমি কৃষ্ণ মিত্ৰ ভৈলা যাৰ।
কোনে কহিবাক পাৰে ভাগ্যক তাহাৰ।।১১২৭
এহিমানে থৈলো বাক্য ব্ৰহ্মাৰ সকল।
ঋষভ দেৱৰ বাক্যে দেখাওঁ আৰ ফল।।
ভৰতাদি পুত্ৰত কহন্ত কৃপাময়।
অৰ্পণা নকৰি কৰ্ম্ম যতেক কৰয়।। ১১২৮
সেহি কৰ্ম্মে বন্দি হুয়া ফুৰে সংসাৰত।
অনাদি অবিদ্যা পুৰুষক কৰে হত।।
পূৰ্ব্ব কৰ্ম্ম বাসনায় নেৰয় মনক।
সেহি মনে পুনু পুনু কৰাৱে কৰ্ম্মক।।১১২৯
জীৱন্ত মুক্তকো নেৰে অবিদ্যা তাৱত।
মই বাসুদেৱে প্ৰীতি নকৰে যাৱত।।
জ্ঞানে কৰ্ম্মে দেহৰ নুগুচয়।
পুনু পুনু জীৱে সমসাৰত প্ৰৱৰ্ত্তয়।।১১৩০
পূৰ্ব্বে কৰ্ম্ম কৰ্ত্তা মনে কৰয় অনিষ্ট।
পুৰুষক পুনশ্চ কৰাৱে কৰ্ম্ম নিষ্ঠ।।
হেন জানি জ্ঞানত কৰ্ম্মত নিদি চিত্ত।
মোতেসে কেৱলে মাত্ৰ কৰিবা সখিত্ব।।১১৩১
নিৱৰ্ত্তিব এতেকে অনৰ্থ আছে যত।
হৈব আতি কৃতকৃত্য মোৰ প্ৰসাদত।।
থৈলোহো সংহৰি বাক্য ঋষভ দেৱৰ।
ভৈল সমাপতি বিৰচন সখিত্বৰ।।১১৩২