Ratnawali

Ratnawali written by Madhabdeva

দশম দাস্য বিৰচন পদ

আৰম্ভিলো বিৰচন আত অনন্তৰ।
দাস্য ভাব নিৰূপণ কৰোহো কৃষ্ণৰ।।
পৰম কৃতাৰ্থ শ্ৰীকৃষ্ণৰ দাস যত।
কোনে কহিবেক তাৰসবৰ মহত্ত্ব।।১১০৫
যাৰ কৃষ্ণ আদি নাম শ্ৰৱণ মাত্ৰকে।
নিৰন্তৰে নৰে হোৱে নিৰ্ম্মল এতেকে।।
হেন তীৰ্থপ্ৰদ মাধৱৰ দাস যত।
তাসম্বাৰ কিবা ৰৈল সাধ্য সাধনত।।১১০৬
দাস মাত্ৰে কৃত্যকৃত্য হোৱে সৰ্ব্বত্ৰত।
কৰিলো নিশ্চয় সৰ্ব্ব শাস্ত্ৰৰ সন্মত।।
ইহলোকে কৃতাৰ্থ ভৈল যেনমত।
লৈয়োক প্ৰমাণ ব্ৰহ্মাদেৱৰ বাক্যত।।১১০৭
কৃষ্ণক বোলন্ত শুনিয়োক কৃপাময়।
তাৱে ৰাগ আদি ছোৱে ধৈৰ্য্যাদি হৰয়।।
গৃহে বন্দীশাল তাৱে হোৱে পুৰুষৰ।
হোৱে মহা মোহে তাৱে নিহল পাৱৰ।।১১০৮
যাৱত নুহিকে নৰে সেৱক তোমাৰ।
ৰাগাদিয়ে পুৰুষক কৰে অপকাৰ।।
যদি ভাগ্যে ভৈল আসি তোমাৰ সেৱক।
নালাগে তাহাৰ বিষয়ক এৰিবাক।।১১০৯
পূৰ্ব্বে বিষয়ৰ ৰাগে ধৈৰ্য্যাদি হৰিল।
এবে দাস্য ভাৱে সবে তোমাত অৰ্পিল।।
কৃতকৃত্য কৰো যেবে বোলে সৰ্ব্বক্ষণ।
হোৱে তেৱে সেহি ৰাগে ভক্তিৰ সাধন।।১১১০
বিষয়ৰ ৰাগ এবে গুণেসে সমস্ত।
সেহিমতে দ্বেষ যত আছিল পূৰ্ব্বত।।
আৰো সেহি দ্বেষ ভাৱে পাপকেসে কৰে।
নিৰৰ্থক পোষণ নিমিত্তে ইটো ঘৰে।।১১১১
আছিলেক বন্দীশাল দুখৰ কেৱল।
ইদানী কৰয় যত ব্যাপাৰ সকল।।
কৃষ্ণত অৰ্পণা কৰে হুয়া তানে দাস
গুণেসে কেৱল তাৰ সিটো গৃহবাস।।১১১২
কৰিলে মমতা মাত্ৰ পূৰ্ব্ব পুত্ৰাদিত।
আছিলেক পাৱৰ নিহল বিপৰীত।।
এৰে দাস দাসী কৰি দিলেক কৃষ্ণক।
ইসব উপাসে গৃহে সাধয় মোক্ষক।।১১১৩
এতেকে বিষয় ত্যাগ দুখ ব্যতিৰেক।
কৃষ্ণদাসসবে সুখে সাধে শ্ৰেয়সক।।
ইহলোকে উপকাৰ দেখাইলো নিশ্চয়
পৰলোকে ভগৱন্ত স্বৰূপ পাৱয়।।১১১৪
উদ্ধৱৰ বাক্যে আৰ লৈয়োক প্ৰমাণ।
বোলন্ত উত্সুকে মাধৱৰ বিদ্যমান।।
অনন্য শৰণ তযু একান্ত দাসক।
দিয়া তুমি আপোনাৰ নিজ স্বৰূপক।।১১১৫
ইটো প্ৰভু আশ্চৰ্য্য নুহিকে আতিশয়।
শ্ৰীৰাম অৱতাৰে তুমি কৃপাময়।।
অনুচৰ মাত্ৰে বন বানৰে সহিত।
পৰম ঈশ্বৰ হুয়া কৰিলা সখিত্ব।।১১১৬
যতেক দেৱতা আছে ব্ৰহ্মা আদি কৰি।
কিৰীটিৰ অগ্ৰে আসি অনেক সাদৰি।।
কেৱল পৰশে তযু চৰণ পৃষ্ঠক।
এতেকে মানন্ত মনে পৰম ভাগ্যক।।১১১৭
হেন দেৱতাৰো দেৱ মহা মহেশ্বৰ।
কোন আতি পশু জাতি বনৰ বানৰ।।
তাহাকো কৰিলা কৃপা কিনো কৃপাময়।
যি পুনু মনুষ্য তযু দাস আতিশয়।। ১১১৮
তাসম্বাক দিয়া নিজ স্বৰূপ সাক্ষাত।
কৰাহা উদ্ধাৰ কোন আশ্চৰ্য্য ইহাত।।
এহিমানে থৈলো উদ্ধৱৰ বচনক।
মাধৱত সমৰ্পিব সমস্তে কৰ্ম্মক।।১১১৯
দাস্যভাৱ ভক্তি আৰু বুলিয় নিশ্চয়।
কায় বাক্য মনে যত কৰ্ম্ম সমপৰ্য।।
লৌকিক বৈদিক ব্ৰাহ্মণাদিৰ স্বভাৱে।
সমস্তক অৰ্পব কৃষ্ণৰ দুই পাৱে।। ১১২০
কৃষ্ণৰ ভকতি দাস্যভাৱ এহিমান।
নৱসিদ্ধ বাক্যে লৈবা ইহাৰ প্ৰমাণ।।
দাস্য বিৰচন এহিমানে সমাপতি।
সখ্য নিৰূপণ এবে কৰোহো সম্প্ৰতি।।১১২১