Ratnawali

Ratnawali written by Madhabdeva

নৱম বন্দন বিৰচন পদ

পুনৰপি আৰো আৰম্ভিলো বিৰচন।
কৰো নিৰূপণ এবে কৃষ্ণৰ বন্দন।। ১০৮৮
ভগৱন্ত বন্দনত যিটো প্ৰৱৰ্ত্তিল।
পৰম মঙ্গল তাৰ এতেকে মিলিল।।
ইহাৰ প্ৰমাণ লৈয়ো অক্ৰূৰ বচনে।
গোকুলক যান্তে বিমৰিষ কৰে মনে।। ১০৮৯
আজি নষ্ট ভৈল সৱে মোৰ অমঙ্গল।
জানিলো জন্মৰ ফল ধৰিলা সকল।।
যোগীসবে চিন্তে কৃষ্ণ পদ পঙ্কজক।
কৰিবো বন্দন আজি হেন চৰণক।। ১০৯০
অক্ৰূৰৰ বচনক কৰিলো সংহাৰ।
আলোচিলে মাত্ৰ কৰিবাক নমস্কাৰ।।
তাৰ যেন ফল তাক কহিলো বেকত।
কৰে যিটো নমস্কাৰ কৃষ্ণ চৰণত।।১০৯১
তাৰ যেন ফল কহো ব্ৰহ্মাৰ বচনে।
কৰন্ত কৃষ্ণক বিধি স্তুতি বৃন্দাবনে।।
হে প্ৰভু কৃষ্ণ তযু অনন্ত মহিমা।
ভকতত তোমাৰ কৃপাৰ নাহি সীমা।।১০৯২
এতেকেসে তযু পাৱে কৰি চিত্ত ডাঠ।
থাকে সন্তে তোমাৰ কৃপাৰ চাই বাট।।
আপুনি কৰন্ত কৃষ্ণে কৃপা যি কালত।
তেবে মোৰ হৈব আসি কুশল সমস্ত।।১০৯৩
আকে চিন্তি নিজ কৰ্ম্ম ভুঞ্জিয়া থাকয়।
তপ আদি আন একো ক্লেশ নকৰয়।।
কৰিয়া যতন আতি কায় বাক্য মনে।
যিটো নমস্কাৰ কৰে তোমাৰ চৰণে।। ১০৯৪
তযু অনুগ্ৰহত কৃতাৰ্থ সি সি নৰ।
পাৱে সুখে মুকুতিৰ বণ্টা বৈকুণ্ঠৰ।।
মুকুতিৰ ভাগ মাত্ৰ পাৱে ভক্ত জনে।
সমগ্ৰে মুকুতি নপাৱয় কি কাৰণে।। ১০৯৫
স্থিৰ চিত্তে শুনিয়োক ইহাৰ নিৰ্ণয়।
সম্পূৰ্ণ মুকুতি যি কাৰণে নলভয়।।
ভকত জনৰ যেন জীৱন বিনাই।
অধিক বিষয় সুখে প্ৰয়োজন নাই।। ১০৯৬
মুকুতি সুখতো জানিবাহা হেন নয়
সমগ্ৰে মুকুতি হৰিভক্তে নলৱয়।।
ভক্তিৰ প্ৰভাৱে জানি নিজ স্বৰূপক।
তাতে স্থিৰ হুয়া সেৱা কৰয় কৃষ্ণক।। ১০৯৭
ভক্তিৰ পৰমানন্দ ৰস অনুভৱে।
এহি হেতু মুক্তি সুখ ভকতে নলৱে।।
হৰিৰ প্ৰসাদে কালমায়াক এৰায়া।
ফুৰয় আনন্দে হৰি সেৱা সুখ পায়া।।১০৯৮
নাহি ভকতৰ আন সুখে অনুৰাগ।
এহি হেতু কৈলা মুকুতিৰ পাৱে ভাগ।।
থৈলো উপসংহৰি ব্ৰহ্মাৰ বাক্যচয়।
নমস্কাৰ কৰি নৰে মুকুতি পাৱয়।।১০৯৯
আক অদভূত বুলি নুহিবা বিস্ময়।
নমস্কাৰ বিধি যিটো কৃষ্ণক নময়।।
আছোক তাহাৰ কথা শুনা কৌতুহলে।
পৰে বৃক্ষ হন্তে ভৰি পন্থত পিচলে।।১১০০
জ্বৰে তাপে পীড়া কৰে হাঞ্চে হামি তোলে।
এতেকে সময়ে নমো হৰি যিটো বোলে।।
নমস্কাৰ কৰো জ্ঞান নাহিকে মনত।
তথাপি মুকুত হোৱে মহত পাপত।।১১০১
হেন জানি সৰ্ব্বজনে ত্যজি আলাসক।
সদায় কৰিয়ো নমস্কাৰ মাধৱক।।
কৃষ্ণক দিবাৰ সবে বস্তু এহিমান।
দেখাওঁ এবে নমস্কাৰ কৰিবাৰ স্থান।।১১০২
জল বায়ু বহ্নি মহী নক্ষত্ৰ আকাশ।
বৃক্ষ নদী সমুদ্ৰ তটস্থ দিশ পাশ।।
আছে আনো সংসাৰত বস্তু যত যত।
কৃষ্ণক দেখিবে মাত্ৰ মনে সমস্তত।।১১০৩
হৰিৰ শৰীৰ ইটো হেন বুদ্ধি কৰি।
সবাহাঙ্কে নমস্কাৰ কৰিব সদৰি।।
এতেকে কৃতাৰ্থ কৃষ্ণে কৰিব সম্প্ৰতি।
নমস্কাৰ বিৰচন ভৈল সমাপতি।।১১০৪