Ratnawali

Ratnawali written by Madhabdeva

অষ্টম অৰ্চ্চন বিৰচন পদ

পুনৰপি আৰম্ভ কৰিলো বিৰচন।
কৃষ্ণপদ অৰ্চ্চনক কৰো নিৰূপণ।।
কৃষ্ণৰ পূজাত সমস্তৰে পূজা হয়।
পৃথকে পূজিলে পূজা কেহো নপাৱয়।। ১০৬৩
দৃষ্টান্ত সহিতে আক কৰোহো বেকত।
যেন জল দান দিলে বৃক্ষৰ মূলত।।
হোৱয় তৃপিতি ডাল পত্ৰ পুষ্প যত।
অন্যথা নুহিকে যদি সিঞ্চে প্ৰত্যেকত।।১০৬৪
আৰো যেন প্ৰাণৰ ভোজনে আতিশয়।
নিৰন্তৰে ইন্দ্ৰিয়ৰ তৃপিতি মিলয়।।
নকৰে ভোজন ক্ষুধাতুৰ নৰে যেৱে।
বস্ত্ৰ অলঙ্কাৰ ফুল চন্দন পিন্ধাৱে।।১০৬৫
তথাপি তৃপিতি নাই একো ইন্দ্ৰয়ৰ।
প্ৰাণ তুষ্ট ভৈলে তুষ্ট হোৱে নিৰন্তৰ।।
সেহিমতে কৃষ্ণক আৰধে যিটোজন।
ভৈল তাৰ সমস্ত দেৱক আৰাধন।।১০৬৬
কৃষ্ণক নুপূজি যদি পৃথকে পূজয়।
নুহিকে কাহাৰো পূজা জানিবা নিশ্চয়।।
যিহেতু স্বভাৱে ভগতৰ আত্মা হৰি।
যিটো মহাজনে তাঙ্ক পূজয় সাদৰি।।১০৬৭
আপুনি সহিতে পূজিলেক চৰাচৰ।
জানিলেক তত্ত্ব সি সি বেদ আগমৰ।
নানা ক্ৰিয়া পন্থে যিটো কৰ্ম্ম যোগীজন।
ভজৱন্ত স্বৰূপক কৰয় পূজন।।১০৬৮
তাকেসে পণ্ডিত বুলি বেদ আগমত।
শুনিয়োক ভগৱন্ত ৰূপ যেনমত।।
জানি তাক প্ৰাণ মন ইন্দ্ৰিয়ৰ দ্বাৰে।
ঈশ্বৰ কৃষ্ণেসে জানা নিয়ন্তা সবাৰে।।১০৬৯
যিহেতু চৈতন্য ভগৱন্তেসে কেৱল।
তাতেসে প্ৰৱৰ্ত্তে যত ইন্দ্ৰিয়সকল।।
চিনাইলোহো বগৱন্ত স্বৰূপ নিশ্চয়।
তাঙ্কে পূজা কৰিলে যথেষ্ট সিদ্ধি হয়।।১০৭০
শাস্ত্ৰে চক্ষু দ্বাৰে যত ইন্দ্ৰিয় উত্তম।
দেখাই আছে আকে মুখ্য উপায় সুগম।।
চিত্তো উপশম হোৱে কৃষ্ণৰ পূজাত।
এহিমানে মাত্ৰ পন্থ জানিবা সাক্ষাত।। ১০৭১
ন্যায় উপাৰ্জিত শুদ্ধ বিত্ত আতিশয়।
সেহি শুদ্ধ বিত্তে ভগৱন্তক পূজয়।।
যিটো জনে নিষ্কামে অৰ্চ্চয় শ্ৰদ্ধা ভাৱে।
মোক্ষ আদি সমস্ত আনন্দ সি সি পাৱে।।১০৭২
কৃষ্ণৰ পূজাত অধিকাৰ সমস্তৰে।
পূজি কৃষ্ণয়েৰে এক হোৱে নিৰন্তৰে।।
প্ৰহ্লাদ বচনে লৈয়ো ইহাৰ প্ৰমাণ।
বোলন্ত সাক্ষাতে নৃসিংহৰ বিদ্যমান।।১০৭৩
অল্পমতি সকলে যতেক পূজা কৰে।
আপোনাৰ অৰ্থে তাক নলন্ত ঈশ্বৰে।।
প্ৰকৃতিৰ বশ্য আনো যত প্ৰাণীচয়।
ধনাদি অৰ্পিলে যেন তৃপিতি হোৱয়।।১০৭৪
সিমত সম্মান ইচ্ছা নাহিকে কৃষ্ণৰ।
নিজানন্দ লাভে পৰিপূৰ্ণ মহেশ্বৰ।।
তথাপিতো পৰম কৃপালু দেৱ হৰি।
যিটো পূজে তাৰ অৰ্থে লৱন্ত সাদৰি।।১০৭৫
মোক পূজি ইয়ো পূজ্য হোক আতিশয়।
এহি বুলি পূজা আদি লন্ত কৃপাময়।।
তিলকাদি শ্ৰী যেন মুখৰ যতেক।
প্ৰতিবিম্ব মুখে যেন দেখয় প্ৰত্যেক।।১০৭৬
দেখিয়ো সাঙাতে তাক দৰ্পণত চাই।
প্ৰতিবিম্ব অন্যথা মিলাইবে শক্য নাই।।
সেহিমতে মাধৱক পূজিলে সাক্ষাত।
সিসব সকলে পূজা মিলে আপোনাত।।১০৭৭
কৃষ্ণক নিদিলে আপোনাতো নিমিলয়।
প্ৰহ্লাদ বচনে তাৰ দেখাইলো নিৰ্ণয়।।
পৰমেশ্বৰক পূজা যেৱেসে কৰয়।
আপোনাৰ পূজা তাৰ স্বভাৱে হোৱয়।।১০৭৮
তাৰ আতি তুচ্ছ ফল কাম সবে ব্যৰ্থ।
ধ্ৰুৱৰ বচনে শুনা কহো এহি অৰ্থ ।।
পৰমেশ্বৰৰ আগে কহন্ত সাদৰি।
জন্ম মৰণৰ মুখ্য হেতু তুমি হৰি।।১০৭৯
ইন্দ্ৰিয়ৰ সুখ অৰ্থে অৰ্চ্চয় তোমাক।
সিটো মূঢ়মতি বঞ্চিলেক আপোনাক।।
তুমি কল্পতৰুক অৰ্চ্চিয়া আতিশয়।
শৱতুল্য দেহে উপভোগক ইচ্ছয়।।১০৮০
নুহি যোগ্য প্ৰাৰ্থিবে তোমাৰ চৰণত।
বিষয় সম্বন্ধ সুখ আছে যত যত।।
নাৰকী যোনিতো তাক স্বভাৱে পাৱয়।
স্বৰ্গ সুখ প্ৰাৰ্থিবে এতেকে যোগ্য নয়।। ১০৮১
দেখাইলো কামনা তুচ্ছ ধ্ৰুৱৰ ব্যক্যত।
শুনা কৃষ্ণ পূজাৰ সামগ্ৰী যেন যত।।
গৰ্ব্ব আদি দূষিত যতেক বহু ধন।
তাত আতি তৃপিতি নুহিকে নাৰায়ণ।।১০৮২
অকপট আদি ভাৱ শুদ্ধ হৃদয়ৰ।
পূজাৰ পৰম বস্তু এহিসে কৃষ্ণৰ।।
ব্ৰহ্মাৰ বচনে আৰ লৈয়োক প্ৰমাণ।
বামনৰ আগে বিধি বোলে বিদ্যমান।।১০৮৩
তযু পাদ পঙ্কজে নিশ্চল বুদ্ধি নৰে।
জলে ফুলে অব্যভিচাৰিণী পূজা কৰে।।
এতেকে উত্তম গতি পাৱে সৰ্ব্বজনে।
ইটো বলিৰাজা যেন তোমাৰ চৰণে।।১০৮৪
অকপট হৃদয়ে ত্ৰৈলোক্য দান দিল।
আপোনাকো শ্ৰদ্ধাভাৱে তোমাত অৰ্পিল।।
তথাপি বন্ধন দুখ পাৱে বলিৰায়।
নুবুজিলো প্ৰভু আমি একো অভিপ্ৰায়।।১০৮৫
এহিমানে সংহৰিলো ব্ৰহ্মাৰ বচন।
কহো নিষ্ঠ কৰি শুনিয়োক সৰ্ব্বজন।।
কপট এৰিয়া নিজ বিত্ত অনুসাৰে।
ভগৱন্ত নাৰায়ণ অৰ্চ্চণী সবাৰে।।১০৮৬
সংহৰোহো প্ৰকৰণ কৃষ্ণৰ বচনে।
বোলন্ত উদ্ধৱ শূনা অকপট মনে।।
কৰ্ম্মযোগ পন্থে বেদ তন্ত্ৰে-মন্ত্ৰে যজি।
ইহ পৰলোকে সিদ্ধি পাৱে মোক ভজি।। ১০৮৭
পূজাৰ প্ৰকাৰ এহিমানে সংহৰিলো।
গ্ৰন্থ বিস্তৰক ভয়ে আৰ নিলিখিলো।।