Ratnawali

Ratnawali written by Madhabdeva

দুলড়ী

কৃষ্ণৰ চৰণ সেৱাৰ মহত্ত্ব
শুনিলা যেন পূৰ্ব্বত।
স্বধৰ্ম্মকো এৰি কৃষ্ণৰ ভকতি
হোৱয় সিদ্ধি সমস্ত।।
জানিয়া ভকত সকলে যদ্যপি
কৰয় ত্যাগ বিহিত।
প্ৰমাদত অবি হিত আচৰিলে
নাহি আন প্ৰায়শ্চিত্ত।। ১০৫০
কায়বাক্য মনে সুদৃঢ় বিশ্বাসে
কৰোক সেৱা কৃষ্ণত।
এতেকে পৰম কৃতাৰ্থ হৈবেক
ঈশ্বৰৰ প্ৰসাদত।।
উক্ত অৰ্থ পুনু দঢ়ায়া কহওঁ
জনকৰ বচনত।
মিথিলাত ৰাজা বোলন্ত কৃষ্ণক
হুয়া আতি অৱনত।।১০৫১
হে কৃষ্ণ কৃপাময় প্ৰভু দেৱ হৰি
প্ৰণামো তোমাৰ পাৱে।
আজ্ঞা ভঙ্গ দোষ নিজ ভকতৰ
নধৰা হৰি স্বভাৱে।।
হেনয় পৰম কৃপালু গুণক
জানয় যেবে তোমাৰ।
কোননো পুৰুষে তযু পাদপদ্ম
ভজিয়া ত্যজিবে আৰ।। ১০৫২
তুমি বিনে যিটো শান্তমতি মুনি
সাৰ কিছো নেদেখয়।
তাসম্বাক প্ৰভু আপোনাকো দিয়া
কিনো দেৱ কৃপাময়।।
জনক বচন থৈলো এহিমানে
কহিবো কিবা বিস্তৰ।
জগৱন্ত পদ সেৱায়ে জানিবা
সীমা সবে অনৰ্থৰ।।১০৫৩
কৃষ্ণৰ আগত ব্ৰহ্মাৰ বচনে
লৈয়োক আৰ প্ৰমাণ।
বোলন্ত বিধিয়ে শুনিয়োক প্ৰভু
কহো মই বিদ্যমান।।
ধন জন আদি থাকন্তে লোকৰ
নুগুচে মনৰ ভয়।
হৰাইলে মৰিলে মিলে মহা শোক
পুনু স্পৃহা উপজয়।।১০৫৪
তাতো হন্তে মহা পাৱে পৰাভৱ
তথাপি তৃষ্ণা বিস্তৰ।
পুনু কথঞ্চিত পাইলে মোৰ বুলি
আগ্ৰহ মিলে মনৰ।।
এহিমতে ভয় শোক আদি দুখ
পাৱয় লোকে তাৱত।
তোমাৰ অভয় চৰণ মূলত
নকৰে সেৱা যাৱত।।১০৫৫
যেবে তযু পদ আশ্ৰয় কৰিয়া
কৰে সেৱা নিৰন্তৰ।
তেবে সৰ্ব্ব দুখ ভয় আদি কৰি
গুচয় সিটো জনৰ।।
ব্ৰহ্মাৰ বচন থৈলো এহিমানে
শুনিয়ো পুনু নিশ্চয়।
যোগী সমস্তৰ কৃষ্ণৰ চৰণ
সেৱাসে মাত্ৰ অভয়।। ১০৫৬
ইহাৰ প্ৰমাণ কপিল বচনে
দেখাওঁ সাক্ষাতে আনি।
বোলন্ত শুনিয়া দেৱহুতি মাতৃ
কহো মই নিষ্ঠ বাণী।।
মোৰ পদ মূল সেৱা নিশ্চয়ক
বুলিয়ো পৰম জ্ঞান।
ইহ পৰলোকে বৈৰাগ্যৰ হেতু
নাহি সেৱা বিনে আন।। ১০৫৭
এতেকে ভকতি যোগক আশ্ৰয়
যত মহা যোগী সন্ত।
কুশলৰ অৰ্থে মোহোৰ অভয়
চৰণে সেৱা কৰন্ত।।
কপিল বচন থৈলো কবি বাক্যে
কহো উপসংহৰিয়া।
নিমি নৃপতিক বোলন্ত মোহোৰ
বচনত দিয়া হিয়া।।১০৫৮
এহিমতে অনু- ক্ষণে অচ্যুতৰ
ভজন্ত পদ কমল।
দুৰ্ব্বাসনা আদি কৰিয়া যতেক
গুচয় চিত্তৰ মল।।
সপ্ৰেম ভকতি মিলে বিৰকতি
দেহ গেহ সমস্তত।
ঈশ্বৰ স্বৰূপ হোৱয় প্ৰকাশ
নিশ্চয় শুদ্ধ মনত।।১০৫৯
জ্ঞান আদি কৰি যত মহাগুণ
উপজে আসি হিয়াত।
পৰম শান্তিক পাছে অপ্ৰয়াসে
ভকতে পাৱে সাক্ষাত।।
ইহ পৰলোকে হোৱয় কৃতাৰ্থ
মাধৱৰ প্ৰসাদত।
ভগৱন্ত পদ সেৱা বিৰচন
এহিমানে সমাপত।।১০৬০
নমো নমো কৃষ্ণ কৰুণা সাগৰ
কৰিয়ো কৃপা আমাক।
যেই সেই অৱ-স্থাতে মোৰ মনে
নেৰোক সদা তোমাক।।
মই অধমৰ অহঙ্কাৰ আদি
গুচায়ো মায়া বন্ধন।
তোমাৰ অভয় চৰণ পঙ্কজে
লৈলোহো হেৰা শৰণ।।১০৬১
বিষয় ব্যাধিত ভৈলোহো আতুৰ
চিন্তা বিষে যায় প্ৰাণ।
ভকতৰ মুখে তযু কথামৃত
সদায়ে কৰায়ো পান।
এতেকে কৃতাৰ্থ হৈবো প্ৰভু কৃষ্ণ
পুৰিয়ো মনৰ কাম।
মূৰুখ মাধৱে কহে নিৰন্তৰে
ডাকি বোলা ৰাম ৰাম।। ১০৬২