Ratnawali

Ratnawali written by Madhabdeva

সপ্তম পদ-সেৱন বিৰচন পদ

কহিলোহো তাত্পৰ্য্য সকল শাস্ত্ৰৰ।
আৰম্ভিলো বিৰচন আত অনন্তৰ।।
নিৰূপণ কৰো কৃষ্ণ পদ নিসেৱন।
প্ৰতিমাদি পৰিচৰ্য্যা কৰে যিটো জন।।৯৫১
সাধাৰণ পদ নিসেৱন নাম তাৰ।
ভগৱন্ত পদসেৱা সৰ্ব্ব উপকাৰ।।
লৈয়ো আৰ প্ৰমাণ প্ৰহ্লাদে বচনত।
বোলন্ত প্ৰহ্লাদে শুনা অসুৰ সমস্ত।।৯৫২
দেৱাসুৰ নৰ যক্ষ গন্ধৰ্ব্ব যতেক।
মুকুন্দ চৰণ যিটো ভজয় প্ৰত্যেক।।
হৈবেক সবাৰো মহা পৰম কল্যাণ।
মই যেন স্বাস্থ্যৱন্ত ভৈলো বিদ্যমান।।৯৫৩
ইহপৰলোকে তাৰ মিলিবে মঙ্গল।
লৈয়ো তোৰাসবে মোত প্ৰমাণ সকল।।
প্ৰহ্লাদ বচন থৈয়ো সংহৰি তাৱত।
ইহলোকে কল্যাণ মিলয় যেনমত।।৯৫৪
দেখাওঁ সাক্ষাতে লক্ষ্মী দেৱীৰ বাক্যত।
বোলন্ত সাদৰে দেৱী কৃষ্ণৰ আগত।।
ব্ৰহ্মা হৰ আদি কৰি যত দেৱচয়।
ইন্দ্ৰিয় সুখত আশা কৰি আতিশয়।।৯৫৫
মোহোৰ নিমিত্তে তপ কৰয় দুৰ্ঘোৰ।
তথাপি কটাক্ষ বিলাসত শ্ৰীক মোৰ।।
তযু পদপৰায়ণ বিনে যত দেৱ।
কদাচিতো ঐশ্বৰ্য্যক নপাৱন্ত কেৱ।।৯৫৬
যিহেতু তোমাত মন মজিল আমাৰ।
তুমি বিনে আনক নজানো মই আৰ।।
তযু পৰতন্ত্ৰ যাতো ভৈলো নাৰায়ণ।
তোমাৰ ভক্তত মাত্ৰ কৰো বিলোকন।।৯৫৭
এহিমানে থৈলো লক্ষ্মী দেৱীৰ উত্তৰ।
পৰলোকে যিমত কুশল ভকতৰ।।
দেখাওঁ প্ৰমাণ ব্ৰহ্মা আদিৰ বচনে।
দৈৱকীৰ গৰ্ভ লক্ষ্য কৰি দেৱগণে।। ৯৫৮
কৃতাঞ্জলি হুয়া সবে বোলন্ত সাদৰি।
শুনিয়োক কমললোচন দেৱহৰি।।
সমস্ত জীৱৰ তুমি পৰম আশ্ৰয়।
তোমাত একান্ত চিত্ত দিয়া আতিশয়।।৯৫৯
তযু পাদপদ্ম মহা লৌকা কৰি সাৰ।
গোখোজ সমন কৰি তৰয় সমসাৰ।।
ব্ৰহ্মাদিৰ বচন থৈলোহো এহিমান।
বুলিবাহা যাৱত নুপজে তত্ত্বজ্ঞানে।।৯৬০
ভগৱন্ত পাদপদ্ম সেৱা মাত্ৰকতে।
সংসাৰ সাগৰ নৰে তৰিব কিমতে।।
সত্য প্ৰশ্ন শুনিয়ো উত্তৰ যেন নয়।
হৰিপদ সেৱাতেসে জ্ঞানৰ উদয়।।৯৬১
ব্ৰহ্মাৰ বচনে সাক্ষী লৌয়োক সাক্ষাত।
কৰন্ত কৃষ্ণক স্তুতি কৰি যোৰহাত।
যদ্যপি জ্ঞানৰ আছে সাধন বিস্তৰ।
তথাপি তোমাৰ দুই পদ পঙ্কজৰ।।৯৬২
এক প্ৰদেশৰ প্ৰাসাদৰ এক লেশ।
দিয়া যাক অনুগ্ৰহ কৰা হৃষীকেশ।।
সি সি জনে জানে তযু মহিমাৰ তত্ত্ব।
তৰে অনায়াসে ঘোৰ ইটো সংসাৰত।।৯৬৩
অন্যথা অসঙ্গ হুয়া যোগ অভ্যাসত।
চিৰকাল বিচাৰি নজানে তযু তত্ত্ব।।
তোমাৰ ভকতে তত্ত্ব মহাসুখে জানে।
জ্ঞানে অভ্যাসৰো প্ৰভু ফল এহিমানে।।৯৬৪
থৈলো উপসংহৰি ব্ৰহ্মাৰ বাক্যচয়।
হৰিপদ সেৱাতেসে গুচে সবেভৈয়।।
লৈয়ো আৰ সাক্ষী দৈৱকীৰ বচনত।
কৃষ্ণক কৰন্ত স্তুতি সূতিকা গৃহত।।৯৬৫
হুয়া মহা ভয় ভীত মৃত্যু সৰ্প হন্তে।
পলাই সৰ্ব্বজন ব্ৰহ্মা ভুৱন পৰ্য্যন্তে।।
একোৱে স্থানত জাৱে অভয় নপাৱে।
সৰ্ব্বলোক গ্ৰহি কালে আছয় স্বভাৱে।।৯৬৬
কোনে ভাগ্যোদয়ে তযু অভয় চৰণে।
সেৱা কৰিবাক প্ৰতি পশিল শৰণে।।
তেবে মৃত্যু সৰ্পে এৰি হোৱয় অন্তৰ।
পৰম নিৰ্ভয় হুয়া থাকে সুখে নৰ।।৯৬৭
সিজনে এৰাইল হাত মৃত্যুৰ নিশ্চয়।
কোন অদ্ভুত গুচিবেক আন ভয়।।
দৈৱকীৰ বচনক সংহৰিয়া থওঁ।
প্ৰহ্লাদ বচনে পুনু এহি অৰ্থ কওঁ।।৯৬৮
বোলন্ত প্ৰহ্লাদে শুন দৈত্য নিৰন্তৰ।
ইটো গৃহবাস মূল কেৱলে দুখৰ।।
শোক মোহ ভয় স্পৃহা নুগুছে বিষাদ।
ৰাগ লোভ ক্ৰোধ আদি অনেক প্ৰমাদ।।৯৬৯
মিলে ক্ষণে ক্ষণে বহুবিধ মন দুখ।
সদায়ে নিকাৰময় নাহি একো সুখ।।
সংসাৰ চক্ৰৰ মাত্ৰ হেতু সমুদায়।
হেনয় গৃহৰ আশা ত্যজিয়া সদায়।।৯৭০
পৰম অভয় দুই নৃসিংহ চৰণে।
শৰণ পশিয়া সেৱা কৰা অনুক্ষণে।।
থৈলোহো সাম্প্ৰত প্ৰহ্লাদৰ বাক্যচয়য
বুলিবাহা যদি এহি পৰমাৰ্থ হয়।।৯৭১
তেবে কেনে সবে কৃষ্ণ চৰণ পঙ্কজে।
নভজয় পাৱে যাত মুকুতি সহজে।।
শুনিয়ো ইহাৰ যেন উত্তৰ সম্প্ৰতি।
কৃষ্ণৰ মায়াত বিমোহিত হুয়া মতি।।৯৭২
নভজয় সৰ্ব্বজনে চৰণ কৃষ্ণৰ।
লৈয়ো সাক্ষী ইহাৰ বচনে উদ্ধৱৰ।।
বোলন্ত কৃষ্ণক প্ৰভু শুনিয়ো প্ৰত্যেক।
তযু পদ সেৱা বিনে উপায় যতেক।।৯৭৩
দুখ মাত্ৰ জানি তাক কৰি পৰিহাৰ।
মহাজন সবে সাৰ কৰিয়া বিচাৰ।।
তোমাৰ চৰণ পদ্ম মহা শ্ৰেষ্ঠতৰ।
সমস্ত আনন্দ পূৰ্ণ কৰে ভকতৰ।।৯৭৪
জানি সুখে সেৱা আক কৰন্ত সদায়।।
যাৰ মন মোহি আছে তোমাৰ মায়ায়।।
যতেক বিষয় কৰ্ম্ম যোগীক আচৰি।
তোমাক নকৰে সেৱা তাতে গৰ্ব্ব কৰি।।৯৭৫
তোমাৰ ভক্তক মায়া নকৰে মোহিত।
যদি যোগ কৰ্ম্ম তাৰা কৰে কদাচিত।।
তথাপিতো অণুমাত্ৰ গৰ্ব্ব নুপজয়।
তযু সেৱা হীন যত যোগী কৰ্ম্মীচয়।।৯৭৬
মই মহা যোগী মই কৰ্ম্মত কুশল।
এহি অহঙ্কাৰে গৰ্ব্ব উপজে কেৱল।।
একো কালে মুকুতি নপাৱে সিো নৰ।
এহিমানে থৈলোহো বচন উদ্ধৱৰ।।৯৭৭
বুলিবা বহুত আছে পন্থা শ্ৰেযষ্কৰ।
কেনমতে ভৈল সাৰ সেৱা মাধৱৰ।।
ইহাৰ উত্তৰ যেন শুনিয়ো সমস্ত।
আন যত পন্থা সবে বহু বিঘ্নগ্ৰস্ত।। ৯৭৮
লৈয়ো সাক্ষী সনতকুমাৰ বচনত।
কহন্ত সাক্ষাতে পৃথু ৰাজাৰ আগত।।
বোলন্ত শুনিয়ো ৰাজা বচন আমাৰ।
নভৈল তৰণ হেতু ইশ্বৰ যাহাৰ।।৯৭৯
তাহাৰ সংসাৰ সিন্ধু তৰণ দুষ্কৰ।
যডুস্মি ইন্দ্ৰিয় ঘোৰ কুন্তীৰ মকৰ।।
লোভ মোহ কাম ক্ৰোধ ৰাগ দ্বেষ ভয়।
ইসব শত্ৰুৱে পুৰুষক নছাৰয়।।৯৮০
শোক সন্তপা তৃষ্ণা আদি বহু দুখ।
নাহি ইটো সংসাৰত অণুমাত্ৰ সুখ।।
হেনয় দুৰ্গম ভৱ তৰিবাক আশে।
পৰম দুখক যোগ জ্ঞানাদি অভ্যাসে।। ৯৮১
ঈশ্বৰ চৰণ সেৱা নকৰে যাৱত।
সংসাৰ তৰিতে সিটো নপাৱে তাৱত।।
হেন জানি পৃথু তুমি আন পৰিহৰি।
ঈশ্বৰ কৃষ্ণৰ পাদপদ্ম নৌকা কৰি।।৯৮২
তৰা মহা সুখে বৱ দুস্তৰ সাগৰ।
সংহৰিলো বচন সনত কুমাৰৰ।।
দেখাইলোহো হৰিসেৱা পৰম সুখৰ।
আতপৰে আন ধৰ্ম্ম সকলে দুষ্কৰ।।৯৮৩
জানি কৃষ্ণ পদ সেৱা নেৰিবা যতনে।
তান গুণ নাম মাত্ৰ জপা সৰ্ব্বক্ষমে।।
অন্যথা বিফল দেহ আদি নিৰন্তৰ।
লৈয়ো আৰ প্ৰমাণ বচনে মহেশ্বৰ।।৯৮৪
দেন্ত উপদেশ দশ প্ৰচেতাসবক।
বুলিবাহা তুমিসবে ঈশ্বৰ কৃষ্ণক।।
হে কৃষ্ণ তযু পদ পঙ্কজ যুগল।
এৰিবেক আক কোন পণ্ডিতসকল।।৯৮৫
তোমাৰ চৰণ যিটো কৰে অনাদৰ।
ব্যৰ্থ ক্ষয় হোৱে দেহ সিটো অধমৰ।।
যিটো পদ পঙ্কজক ব্ৰহ্মা আদি কৰি।
বিনাশ শঙ্কায় অৰ্চ্চা কৰন্ত সাদৰি।।৯৮৬
সুদৃঢ় বিশ্বাসে আতি পৰম শ্ৰদ্ধায়।
চতুৰ্দ্দশ মনু আদি অৰ্চ্চন্ত সদায়।।
হেন চৰণক যেবে কৰে পৰিহাৰ।
যত পণ্ডিতালি আদি সবে ব্যৰ্থ তাৰ।। ৯৮৭
এহিমানে সংহৰিলো ৰুদ্ৰ বাক্য যত।
আছোক কৃষ্ণৰ পদ সেৱাৰ মহত্ত্ব।।
সেৱা কৰিবাক অভিৰুচি মাত্ৰকত।
পৰি আচে যিটো ঘোৰ সংসাৰ তাপত।।৯৮৮
তাহাৰো বুদ্ধিৰ মল অশেষ জন্মৰ।
তাৱক্ষণে সবে নষ্ট হোৱে নিৰন্তৰ।।
পৰম সাত্ত্বিকী শ্ৰদ্ধা বাঢ়ে প্ৰতি নিত।
কৃষ্ণ পাদপদ্মৰ মহিমা বিপৰীত।।৯৮৯
সেৱাৰ শ্ৰদ্ধাতে মল গুচয় নিশেষ।
শুনিয়ো ইহাৰ যেন দৃষ্টান্ত বিশেষ।।
যেন কৃষ্ণ পাদঙ্গষ্ঠে গঙ্গা হুয়া জাত।
তিনিয়ো জগত কৰে পৱিত্ৰ সাক্ষাত।।৯৯০
এবে চিত্ত শুদ্ধিৰ শুনিয়ো হেন ফল।
পুৰুষৰ গুচিল বুদ্ধিৰ যেবে মল।।
তেবে বিষয়ত তাৰ বৈৰাগ্য মিলয়।
নিৰ্ম্মল মনত হোৱে জ্ঞানৰ উদয়।।৯৯১
হৃদয়তে ঈশ্বৰকো সাক্ষাতে দেখয়।
তেবে সুখে দুৰ্ঘোৰ সংসাৰ নিস্তৰয়।।
কহিলোহো ইসব যতেক ফলচয়।
হৰিপদ সেৱা মাত্ৰে সব উপজয়।।৯৯২
অন্যথা প্ৰকাৰে জ্ঞান আদি নপাৱয়।
বুলিবাহা কৰ্ম্মে চিত্ত পৱিত্ৰ কৰয়।।
ইহাৰ উত্তম শুনিয়োক যেন মত।
কৃষ্ম পাদপদ্ম মকৰন্দ ৰস যত।।৯৯৩
তাক পান কৰে যত ভকত ভ্ৰমৰে।
দুখপ্ৰদ গৃহসুখে ৰমন নকৰে।।
আন যত কৰ্ম্মী মহা কামে হুয়া মত্ত।
সদায়ে আসক্ত মাত্ৰ গৃহৰ সুখত।।৯৯৪
কৰ্ম্ম কৰি কৰিবাক খোজে মন শুদ্ধি।
নুগুচয় অধিক মলিন হোৱে বুদ্ধি।।
এতেকেসে কৃষ্ণ পদ সেৱা শ্ৰেষ্ঠতৰ।
শ্ৰদ্ধা মাত্ৰকতে মল গুচয় চিত্তৰ।।৯৯৫
এহি অৰ্পণ কৰো স্পষ্ট ব্ৰহ্মাৰ বাক্যত।
বোলন্ত কৃষ্ণক স্তুতি হুয়া অৱনত।।
শুনিয়োক কৃষ্ণ কৃপাময় মহেশ্বৰ।
আনে আনে ভাগ তযু লৱে প্ৰসাদৰ।।৯৯৬
মই পুনু নোখোজোহো মক্ষ আদি যত।
এহি ব্ৰহ্ম শৰীৰে বা তীৰ্য্যক মধ্যত।।
হুয়া কোন জন তযু ভক্তৰ মাজত।
তোমাৰ চৰণ সেৱা কৰিবো সতত।।৯৯৭
ব্ৰহ্মাৰ বচন থৈলো সংহৰি সকল।
কহো পুনু হৰিপদ সেৱিবাৰ ফল।।
ৰাজাৰ আগত শুকে বোলন্ত বচন।
সংহৰিয়া কহো ব্ৰহ্মস্তুতি প্ৰকৰণ।। ৯৯৮
কৃষ্ণেসে পৰম দেৱ জানি যিটো মনে।
তাহাৰ চৰণে মাত্ৰ পশিয়া শৰণে।।
তান পদ পল্লৱক নৌকা কৰি সাৰ।
বত্সপদ সমকৰি তৰয় সংসাৰ।।৯৯৯
পাৱে চতুৰ্ভুজ ৰূপ কৃষ্ণৰ সমান।
পৰম্পদ বৈকুণ্ঠত হোৱে তাৰ স্থান।।
আপদৰ স্থান ইটো দুৰ্ঘোৰ সংসাৰ।
আক প্ৰতি সিটো পুনৰপি নাসে আৰ।।১০০০
শুকদেৱ বচনক সংহৰিয়া থৈলো।
হৰিৰ সেৱাৰ যেন ফল তাক কৈলো।।
নকৰয় সেৱা কৃষ্ণ পদ পঙ্কজত।
দেখা তাৰ ফল মুচুকুন্দ বচনত।।১০০১
বোলন্ত নৃপতি কৃষ্ণ দেৱৰ আগত।
দুৰ্ল্লভ মনুষ্য তনু পায়া ভাৰতত।।
যতন নকৰে সাধুসৱৰ সঙ্গক।
নভজে তোমাৰ দুই পদ পঙ্কজক।।১০০২
কৰে আশা মাত্ৰ মিছা বিষয় সুখত।
পাৱে যাক সুখে শূকৰাদি শৰীৰত।।
দুৰ্ল্লভ শৰীৰ তাৰ অৰ্থে নষ্ট কৰে।
গৃহ অন্ধকূপত পৰিয়া সিটো মৰে।।১০০৩
যেন পশু তৃণ লোভে পৰে অন্ধকূপে।
সিয়ো সেহিমতে মৰে কহিলো স্বৰূপে।।
মই পুনু লৈলো প্ৰভু তোমাৰ শৰণ।
এহিমানে থৈলো মুচুকুন্দৰ বচন।।১০০৪
যদি কুনিৰ্ব্বন্ধে কদাচিতো বোলা বাণী।
কৃষ্ণপদ সেৱা নকৰিলে নাহি হানি।।
স্বধৰ্ম্মতে পৰম কৃতাৰ্থ হোৱে নৰ।
প্ৰহ্লাদ বচনে শুনা ইহাৰ উত্তৰ।।১০০৫
নৃসিংহৰ আগত বোলন্ত মহাশয়।
মোহোৰ যুগুতি শুনিয়োক কৃপাময়।।
ধৰ্ম্ম সত্য দম তপ জপ যজ্ঞবৰ।
অনুসূয়া ধৃতি ক্ষমা লজ্জা অমত্সৰ।।১০০৬
দানে সমে এহি বাৰ গুণ ব্ৰাহ্মণৰ।
সদায় ইসব গুণে যুক্ত দ্বিজবৰ।।
কিন্তু যেবে ভৈল প্ৰভু তোমাত বিমুখ।
সাধে মাত্ৰ ৰাত্ৰি দিনে ইন্দিয়ৰ সুখ।। ১০০৭
তাতো কৰি শ্ৰেষ্ঠ মানো সিটো চণ্ডালক।
কায় বাক্য মনে যিটো তোমাৰ সেৱক।।
সমস্তে সুলকে সিটো কৰিলে পৱিত্ৰ।
ভৈলেক আপুনি শুদ্ধ ইটো কোন চিত্ৰ।।১০০৮
নকৰন্ত সিটো বিপ্ৰে আপোনাকো শুদ্ধি।
কৰ্ম্ম গৰ্ব্বে অধিকে মলিন হোৱে বুদ্ধি।।
এতেকে যিজন হৰিভক্তি হীন আতি।
ভৈল সিটো জানিবা অধম হীন জাতি।।১০০৯
নুবুলিবা সিটো জন হীন জাতি মাত্ৰ।
কিন্তু সেহি ভৈল যম যাতনাৰো পাত্ৰ।।
যমৰ বচনে আৰ প্ৰমাণ লৈয়োক।
বোলন্ত শুনিবি মোৰ যমদূত লোক।।১০১০
হৰি পদ পঙ্কজৰ মকৰন্দ ৰস।
নিষ্কিঞ্চন ভকতৰ পৰম সৰ্ব্বস্ব।।
অজস্ৰে সেৱন্ত সংসাৰতে জানি সাৰ।
হৰি সেৱা ৰসেসে জীৱন তাসম্বাৰ।।১০১১
সাদয় বিমুখ যিটো হেনয় ৰসত।
বান্ধিলেক তৃষ্ণাগৃহ নৰক পথত।।
সেহিটো অসন্ত দুষ্ট পৰম অজ্ঞান।
তাকে গৈয়া বান্ধি নৰকক লাগি আন।।১০১২
এহিমানে থৈলো যম ৰাজাৰ বচন।
হৰি পদ সেৱা হীন ভৈল যিটোজন।।
জীৱন্ততে মৰা সিটো অধম পামৰ।
লৈয়োক ইহাৰ সাক্ষী বচনে ৰূদ্ৰৰ।।১০১৩
এহিমানে থৈলোহো বচন মহেশ্বৰ।
ভৈল যিটো জন হৰি পদ সেৱাপৰ।।
সি সি মহামতি আতি ভৈল কৃতকৃত্য।
যুধিষ্ঠিৰ বাক্যে কৰে প্ৰমাণ বিদিত।।১০১৫
কৃষ্ণৰ আগত ৰাজা বোলন্ত উত্সুকে।
যিটো মহাজনে প্ৰভু তোমাৰ পাদুকে।।
শৰীৰ কৰয় সেৱা চিন্তে সদা মনে।
খড়মৰে গুণমান বৰ্ণাৱে বচনে।।১০১৬
এতেকে গুচয় সংসাৰৰ দুখবন্ধ।
অনায়াসে পাৱে মহা মুকুতি আনন্দ।।
আনো সব সুখ আসি মিলে যেবে চাৱে।
আন জ্ঞানী কৰ্ম্মী যাক দেখিবে নপাৱে।।১০১৭
এহিমানে থৈলো যুধিষ্টিৰ বাক্য যত।
কিন্তু ভক্তে একোৱে নবাঞ্ছে বাস্তৱত।।
লৈয়োক প্ৰমাণ নাগপত্নীৰ বাক্যত।
বোলে অৱনতে সবে কৃষ্ণৰ আগত।।১০১৮
শুনিয়োক প্ৰভু কৃপাময় নাৰায়ণ।
তোমাৰ চৰণ ৰজে প্ৰপন্ন যিজন।।
সেৱাৰসে পৰিপূৰ্ণ হুয়া আতিশয়।
স্বৰ্গ ব্ৰহ্মপদ সাৰ্ব্বভৌম নবাঞ্ছয়।।১০১৯
পাতালাধিপতি যোগ সিদ্ধ মুকুতিক।
নোখোজয় যিটো জন ভকতি ৰসিক।।
সংহৰিয়া থৈলো নাগপত্নী বাক্য যত।
বুলিবা ভকতে কিবা বাঞ্ছে মাধৱত।।১০২০
ইহাৰ উত্তৰ শুনিয়োক কৌতূহলে।
কৰয় প্ৰাৰ্থনা যেন ভকত সকলে।।
হে দুখহাৰী হৰি জগত ব্যাপক।
আৰাধিয়া তোমাৰ চৰণ পঙ্কজক।।১০২১
সেৱা ত্যজি কোননো পণ্ডিত মহাজন।
প্ৰাৰ্থিবে তোমাৰ বৰ আত্মাৰ বন্ধন।।
এহিমতে ভক্তে সেৱা এৰি আন বৰ।
নোখোজে সেৱাৰ সুখ জানে সিটো নৰ।।১০২২
বুলিবাহা যিটো বৰে আত্মক বান্ধয়।
নোখোজোক তাক ইটো ব্যৱহাৰ হয়।।
মোক্ষে কিবা অপৰাধ কৰিয়া আছয়।
কৃষ্ণে যাচি দিয়ন্ত ভকতে নলৱয়।। ১০২৩
নকৰিবা শঙ্কা শুনা ইহাৰ উত্তৰ।
সেৱাত ৰসিক যিটো ভৈল ঈশ্বৰৰ।।
তাহাৰ বিৰোধী যেন অন্যত্ৰ বিষয়।
মুকুতিয়ো সেহিৰূপে সেৱাক বাধয়।।১০২৪
কৃষ্ণৰ চৰণ সেৱা নাই মুকুতিত।
হৰি সেৱকৰ তাক এৰিবে উচিত।।
শ্ৰীকৃষ্ণ পত্নীৰ বাক্যে লৈয়োক প্ৰমাণ।
যোল হাজাৰৰ মাজে ৰুক্মিণী প্ৰধান।।১০২৫
তেহে দ্ৰৌপদীৰ আগে কহন্ত সাক্ষাত।
শুনিয়ো দ্ৰৌপদী কহো স্বৰূপ তোমাত।।
কৃষ্ণৰ চৰণ আমি কৰিয়া উপাসা।
সাৰ্ব্বভৌম পদকো নকৰো মনে আসা।।১০২৬
ইন্দ্ৰ ব্ৰহ্ম পদ অণিমাদি সিদ্ধি যত।
নাহিকে আমাৰ ইচ্ছা মোক্ষৰ সুখত।।
হৰিৰ পৰম পদ সালোক্যাদি কৰি।
তাহাকো নোখোজে তুমি জানিবা সুন্দৰী।।১০২৭
লক্ষ্মী কুচকুঙ্কুমে সুগন্ধ আতিশয়।
কৃষ্ণ পদধূলি সৰ্ব্ব সম্পদ আশ্ৰয়।
তাকে মাত্ৰ মাথায়ে বহিবো সৰ্ব্বক্ষণে।
এহিমানে বাঞ্ছো আমি কৃষ্ণৰ চৰণে।। ১০২৮
শ্ৰীকৃষ্ণ পত্নীৰ বাক্য থৈলোহো সংহৰি।
এহিমানে শাস্ত্ৰ ফল জানা নিষ্ঠ কৰি।।
কৰোহো ইহাক স্পষ্ট বচনে শুকৰ।
বোলন্ত শুনিয়ো ৰাজা কুৰুবংশধৰ।। ১০২৯
দেৱতো উত্তম যত ব্ৰহ্মা আদি কৰি।
তেসম্বো সেৱন্ত কৃষ্ণ চৰণ সাদৰি।।
হেন মুকুন্দৰ পাদ পঙ্কজ উত্তম।
নকৰিবে সেৱা জানি কোননো অধম।।১০৩০
পায়া আছে তনু আতি ইন্দ্ৰিয় সম্পন্ন।
মৃত্যুৰ মুখত পৰি আচে সৰ্ব্বক্ষণ।।
তথাপি সিজনে মাধৱক নভজয়।
একো কালে সিটো নেৰাইবেক মৃত্যুভয়।।১০৩১
কৃষ্ণপদ সেৱাতেসে গুচে ভয় যত।
লৈয়োক প্ৰমান কৰি সিদ্ধৰ বাক্যত।।
কহন্ত প্ৰবোধি মুনি নিমি নৃপতিক।
শুনিয়োক ৰাজা যিটো সুখ অত্যন্তিক।। ১০৩২
মিচা মায়াময় ইটো যতেক বিষয়।
আতে যাৰ উদবিগ্ন বুদ্ধি আতিশয়।।
কৰে আত্ম ভাৱনা অসন্ত শৰীৰত।
সিয়ো যেবে লৱে এক শৰণ কৃষ্ণত।।১০৩৩
তানে পাদপদ্ম মাত্ৰ সদা উপাসয়।
তাহাৰো নিশেষে দুখ ভয় নিৱৰ্ত্তয়।।
চৰণ উপাসা আৰ নেৰয় কৃষ্ণৰ।
তাকো বুলি আত্যন্তিক সুখ নৃপবৰ।। ১০৩৪
এহিমানে থৈলো কৰি বচন সংহৰি।
যাৰ যেন যত স্বধৰ্ম্মকো পৰিহৰি।।
কৃষ্ণৰ চৰণ সেৱা কৰিব অৱশ্য।
এহিমানে ভাগৱত শাস্ত্ৰৰ ৰহস্য।।১০৩৫
বুলিবাহা ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ।
চৰণ সেৱাত প্ৰৱৰ্ত্তিল যিটো নৰ।।
সেৱা পৰিপক্ক যেবে নভৈল তাহাৰ।
স্বধৰ্ম্ম ত্যাগত হৈব অনৰ্থ অপাৰ।।১০৩৬
নাৰদ বচনে লৈয়ো ইহাৰ উত্তৰ।
উপদেশি চিত্ত শান্ত কৰন্ত ব্যাসৰ।।
বোলন্ত ব্যাসক যত নিত্য নৈমিত্তিক
অনাদিৰ দিয়া উদেশ ভকতিক।। ১০৩৭
স্বধৰ্ম্মক ত্যজি যেবে ত্যজে মাধৱক।
নভৈল যদ্যপি তাৰ সেৱা পৰিপক্ক।।
মৰিল বা ভকতিও গুচিল সদায়।
ততাপিতো তাৰ অনৰ্থক শঙ্কা নাই।।১০৩৮
ভক্তি ৰসিকৰ নাহি কৰ্ম্মে অধিকাৰ।
ঊৰ্দ্ধবাহু হুয়া কহো কৰি অঙ্গীকাৰ।।
তোমাকো কটাক্ষ ব্যাস কৰো আতিশয়।
কুঃযোনিত সিটো যদি জনম লভয়।।১০৩৯
ভক্তি শ্ৰদ্ধালুৰ তভো অকল্যাণ নাই।
তাৰিবেক ভকতিৰ বাসনায়ে পাই।।
নভজে যিসব নৰে ঈশ্বৰক পায়।
কেৱলে স্বধৰ্ম্ম মাত্ৰ আচৰে সদায়।।১০৪০
তাত হন্তে কিবা অৰ্থ পাৱে সিটো নৰ।
কিন্তু ভক্তি পৰিপক্ক ভৈল যিজনৰ।।
সংসাৰত পতন নাহিকে তাসম্বাৰ।
সি জনৰ অনৰ্থক শঙ্কা কিবা আৰ।। ১০৪১
দেহাদিতো ভাব যাৰ গুচিল সম্প্ৰতি।
অন্যত্ৰ দেৱতা আৰ নকৰে ভকতি।।
নুহিবে এতেকে তাৰ বিকৰ্ম্মত চিত্ত।
যদি প্ৰমাদত পাপ সিজে কদাচিত।। ১০৪২
তাকো ততকালে দূৰ মাধৱে কৰন্ত।
বুলিবাহা তাক কিয় যমে সহিৱন্ত।।
শুনিয়ো উত্তৰ মনে নকৰিবা চিন্তা।
কাল যমাদিৰো জানা হৰিসে নিয়ন্তা।। ১০৪৩
বুলিবাহা শ্ৰুতি স্মৃতি আজ্ঞা ঈশ্বৰৰ।
তান আজ্ঞা ভাঙ্গিলে তাহাঙ্কে হৈব ডৰ।।
নিজ আজ্ঞা ভঙ্গ ভৈলে নসৈবন্ত হৰি।
ইহাৰ উত্তৰ শুনা শঙ্কা দূৰ কৰি।।১০৪৪
নধৰন্ত দোষ হৰি ভকত জনৰ।
নাহি প্ৰিয়তম তান ভকতত পৰ।।
বুলিবাহা পাপক্ষয় অৰ্থে নভজয়।
কিয় কৰিবন্ত হৰি তাৰ পাপক্ষয়।। ১০৪৫
ইহাৰ উত্তৰ শুনিয়োক একমনে।
স্বভাৱে হিয়াত হৰি আছে সৰ্ব্বক্ষণে।।
উত্পত্তি মাত্ৰকে পাপ তেখনে হৰয়।
বস্তুৰ শকতি প্ৰাৰ্থনাক নাপেক্ষয়।।১০৪৬
শুনিয়োক সাধু সভাসদ নিৰন্তৰ।
পৰম কৃপালু গুণ দেখিয়ো কৃষ্ণৰ।।
নকৰন্ত ভকতৰ দোষক বিচাৰ।
ভজন মাত্ৰকে কৰে পাপৰ সংহাৰ।। ১০৪৭
জানি উপকাৰী দেৱ ভজা ভগৱন্ত।
এতেকে মুকুতি হৰি অৱশ্যে দিৱন্ত।।
মনুষ্য হৈবাৰ এহিমানে ফল মাত্ৰ।
অন্যত্ৰ শৰীৰে নুহি ভকতিৰ পাত্ৰ।। ১০৪৮
সমস্তে যোনিতে বিষয়ৰ সুখ পাই।
ঈশ্বৰৰ সেৱা নৰতনু বিনে নাই।।
জানিয়া কৃষ্ণক ভজা ত্যজি আন কাম।
মাধৱে ৰচিলা ডাকি বোলা ৰাম ৰাম।।১০৪৯