Ratnawali

Ratnawali written by Madhabdeva

পদ

শুনিলাহা সাধু সভাসদ নিৰন্তৰ।
অতৰ্ক মহিমা আতি হৰি স্মৰণৰ।।
জ্ঞানাদিৰ পদে একো শ্ৰম নলাগয়।
হৰি স্মৰণত সুখে সমস্তে মিলয়।।৮৯৫
বুলিবাহা জানৰ কাৰণ চিত্ত শুদ্ধি।
বিদ্যা তপ আদিয়ে নিৰ্ম্মল কৰে বুদ্ধি।।
কেনে জ্ঞান উপজিব হৰি স্মৰণত।
ইহাৰ উত্তৰ শুনিয়োক যেন মত।।৮৯৬
দেৱতাক উপাসয় স্বধৰ্ম্ম আচৰে।
সমস্ত ভূততে মহা মিত্ৰৱতী কৰে।।
তপ জপ যত যজ্ঞ দান তীৰ্থ ব্ৰতে।
ইসবে চিত্তক শুদ্ধি নকৰে সিমতে।।৮৯৭
যেনমতে হৃদিগত হুয়া ভগৱন্ত।
বাসনা সহিতে মল চিত্তৰ হৰন্ত।।
এহি অৰ্থে পুনৰপি কহো স্পষ্ট কৰি।
স্মৰণন্তে হৃদয়ত প্ৰবেশিয়া হৰি।।৮৯৮
কলি কৃত্য দোষ যত হৰন্ত সমস্ত।
বিশেষ বিস্তৰ মল কলিৰ যুগত।।
সিও মল গুচে হৰিৰ স্মৰণে সৰ্ব্বথা।
আন মল গুচিবেক ইটো কোন কথা।।৮৯৯
হৰি স্মৰি তৰে নৰে মৃত্যুৰো শঙ্কট।
দৃষ্টান্ত সহিতে এৰি অৰ্থ কৰো স্পষ্ট।।
যেন সুৱৰ্ণৰ ধাতু মিশ্ৰ মল যত।
কেৱলে বহ্নিসে তাক হৰয় সমস্ত।।৯০০
ক্ষাৰ পানী টেঙা লৈয়া যদ্যপি প্ৰক্ষালে।
তথাপি দুৰ্ব্বণ নুগুচয় একো কালে।।
সেহিমতে যোগীৰো চিত্তৰ যত মল।
বিষ্ণুসে হৰন্ত তাক জানিবা সকল।।৯০১
কদাচিতো নুগুচয় যোগ অভ্যাসত।
হৰি স্মৰণৰ কত কহিবো মহত্ত্ব।।
নাহিকে উপায় আন স্মৰণৰ সম।
পূৰ্ব্বাপৰ সাধু ইটো কৰিল নিয়ম।।৯০২
আৰো স্মৰণৰ কৰো মহিমা বিদিত।
যেন তেন মতে মাত্ৰ সুমৰোক নিত।।
তথাপিতো পুৰুষাৰ্থ সিদ্ধি হৈব তাৰ।
প্ৰহ্লাদ বচনে সাক্ষী লৈয়োক ইহাৰ।।৯০৩
বোলন্ত প্ৰহ্লাদে মহা উত্সুকে মনত।
অসুৰাবক মনো মহা ভাগৱত।।
হাতত ধৰিয়া চক্ৰ প্ৰভু ভগৱন্ত।
গৰুড় স্কন্ধত চড়ি সাক্ষাতে আছন্ত।।৯০৪
তাঙ্ক নেত্ৰ ভৰি দেখে যুদ্ধ সময়ত।
যোগী যাক প্ৰৱন্ধে নেদেখে হৃদয়ত।।
হেন ঈশ্বৰক দেখে স্মাৰি দ্বেষ ভাৱে।
তাৰ হাতে মৰি সুখে মুকুতিক পাৱে।।৯০৫
মহা ক্ৰোধে শত্ৰুবুদ্ধি সুমৰে অসুৰ।
তাকো অনুগ্ৰহ হৰি কৰন্ত প্ৰচুৰ।।
যিটো ভক্তিভাবে তাঙ্ক শ্ৰদ্ধায়ে সুমৰে।
তাহাৰ ভাগ্যৰ অন্ত পাইব কোন নৰে।।৯০৬
প্ৰহ্লাদৰ বচনত দেখাইলো সকল।
এহিমানে পুৰুষৰ পুৰুষাৰ্থ ফল।।
এতেকে মহন্ত সবে একান্ত যতনে।
ভজন্ত কৃষ্ণৰ দুই অভয় চৰণে।। ৯০৭
ঈশ্বৰৰ পাদপদ্ম স্মৰণৰ পৰ।
অন্যত্ৰ নিমিত্ত আৰ নাহি কুশলৰ।।
ভগৱন্ত স্মৰণ স্বভাৱ ভৈল যাৰ।
নিজ কৰ্ম্ম অনৰ্থো দুষাৰ্থ নোহে তাৰ।।৯০৮
লৈয়ো সাক্ষী জয় বিজয়ৰ বচনত।
সনকাদি ঋষিকবোলন্ত বৈকুণ্ঠত।।
কৰিলোহো অপৰাধ নিবাৰি তোমাক।
তাৰ প্ৰায়শ্চিত্ত সদ্যে কৰাইলা আমাক।।৯০৯
পাপ অনুসাৰে দণ্ড বৈল সমুচিত।
আত অপৰাধ নাহি তোমাৰ কিঞ্চিত।।
মিলোক আমাত যিটো দিলা চণ্ড শাপ।
আৰ যেন মহন্তক নেদো উপতাপ।।৯১০
আজ্ঞা লঙ্ঘি হেলা কৰিলোহো ঈশ্বৰক।
কৃপায়ে শাপিয়া সিও নাশিলা পাপক।।
কিন্তু তোমাসাৰ অপৰাধৰ নিমিত্ত।
হৌক আমাসাৰ জন্ম নাৰীক যোনিত।।৯১১
তথাপিতো যেন ঈশ্বৰক নপাসৰো।
এহিমান প্ৰাৰ্থনা তোমাত আমি কৰো।।
জয় বিজয়ৰ বাক্য এহিমানে থওঁ।
ৰাজাগণ বাক্যে পুনু এহি অৰ্থ কওঁ।।৯১২
জৰাসন্ধে যত ৰাজা আছে বন্দী কৰি।
মেলাইলা সবাকো জৰাসন্ধ বধি হৰি।।
মাগয় কৃষ্ণত বৰ সেহি ৰাজাগণ।
কৃতাঞ্জলি হুয়া সবে বোলন্ত বচন।। ৯১৩
হেনমত উপায় দিয়োক নাৰায়ণ।
সংসাৰে ভ্ৰমন্তে যেন তোমাৰ চৰণ।।
নপাসৰো আমি সদা যিসব উপায়।
এহি মহা অনুগ্ৰহ কৰা যদুৰায়।।৯১৪
বুলিবা তথাপি হৈব সংসাৰৰ দুখ।
নুহিবেক একো হৰি স্মৰণৰ সুখ।।
নুবুলিবা হেন শুনা ইহাৰ উত্তৰ।
কৃষ্ণে দিয়া চিত্ত বৃঞ্চিবংশে নিৰন্তৰ।।৯১৫
শয়ন ভোজন স্নান ক্ৰীড়া আদি কৰি।
কৰন্তে থাকয় সদা দেহক পাসৰি।।
দুখ পাসৰিব নুহি আশ্চৰ্য্য ইহাত।
ভগৱন্ত বাক্যে লৈয়ো প্ৰমাণ সাক্ষাত।।৯১৬
বোলন্ত উদ্ধৱ শুনা বচন আমাৰ।
মোত পৰে আনত আগ্ৰহ নাহি যাৰ।।
জিতেন্দ্ৰিয় শুদ্ধ সম চিত্ত সৰ্ব্বক্ষণ।
মোক স্মৰি সদায়ে সন্তুষ্ট যাৰ মন।।৯১৭
সি জনৰ ভৈল সুখময় দশদিক।
সংসাৰৰ দুখে তাক কিবা কৰিবেক।।
আনন্দ সমুদ্ৰে মজি থাকে আতি মন।
নাহি অণু মাত্ৰ তাৰ দুখক স্মৰণ।। ৯১৮
হুয়া পৰিপূৰ্ণ মনে মোৰ চৰণত।
শুদ্ধ ব্ৰহ্মপদ সাৰ্ব্বভৌম সুখ যত।।
অণিমাদি সিদ্ধিকো দেখন্ত সবে মিছা।
মই বিনে মুকুতিকো নকৰন্ত ইচ্ছা।।৯১৯
মইসে পৰম প্ৰিয়তম ভকতৰ।
মোহোৰ স্মৰণে কৃতকৃত্য হোৱে নৰ।।
মোক্ষতো অধিক মহা সুখ স্মৰণৰ।
তাৰ আগে কোন ইটো সুখ বিষয়ৰ।। ৯২০
সমস্তকে এৰি মোত অৰ্পিলেক চিত্ত।
মই আত্মা ৰূপে হওঁ হিয়াত বিদিত।।
মোক হৃদয়তে দেখি পাৱে যেন সুখ।
তাক কৈত পাইব যিটো বিষয় সন্মুখ।।৯২১
কৃষ্ণৰ বচন থওঁ সংহৰি সাম্প্ৰত।
নাহি অসম্ভাৱনা কৃষ্ণৰ স্মৰণত।।
শিশুপাল শাল্ব আদি যত ৰাজাগণ।
বৈৰভাবে কৃষ্ণক সুমৰি অনুক্ষণ।। ৯২২
কৃষ্ণৰ সমান ৰূপ পাইয়া আতিশয়।
মৰি মৰি গৈল সবে বৈকুণ্ঠ নিলয়।।
যিটো অনুৰাগে চিত্তে হেনয় কৃষ্ণক।
কোনে কহি অন্ত পাৱে তাহাৰ ভাগ্যক।।৯২৩
পুনৰপি কৰো আৰম্ভনা অনন্তৰ।
শুনা যেন বেদ শিৰোৰত্নৰ উত্তৰ।।
নমানিবে কোন জনে বেদৰ বচন।
কৃষ্ণক কৰন্ত স্তুতি যত মন্ত্ৰীগণ।।৯২৪
বোলন্ত শুনিয়ো কৃপাময় মহেশ্বৰ।
আশ্চৰ্য্য মহিমা কিনো তযু স্মৰণৰ।।
প্ৰাণ মন ইন্দ্ৰিয় নিয়মি যোগীগণ।
পাৱে যেন গতি চিন্তি তোমাৰ চৰণ।। ৯২৫
বৈৰ ভাৱে থাকি যত বিপক্ষ নৃপতি।
দ্বেষত তোমাক স্মৰি পাইল সেহি গতি।।
বাসুকী সদৃশ তযু বাহু সুবলিত।
দেখি গোপীসবৰ আসক্ত ভৈল চিত্ত।।৯২৬
পৰিচ্ছিন্ন দৃষ্টিয়ে চিন্তিল অনুক্ষণ।
চিন্তোহো ব্যাপক ৰূপে আমি বেদগণ।।
তথাপিতো সম গতি গোপীৰ আমাৰ।
অতৰ্ক মহিমা পদ স্মৰণ তোমাৰ।। ৯২৭
ইন্দ্ৰিয় নিয়ম কৈত থাকিল যোগীৰ।
কিবা হানি ভৈল যত শত্ৰু নৃপতিৰ।।
নসাধিল গোপী কিবা কামভাৱে স্মৰি।
কিবাধিক পাইলো আমি সম দৃষ্টি কৰি।।৯২৮
চাৰিৰো আমাৰ ভৈল গতি সমসৰ।
হেনয় মহিমা প্ৰভু তযু স্মৰণৰ।।
এহিমানে সংহৰিলো বচন বেদৰ।
হেনবা বুলিবা বৈৰ নৃপতি সবৰ।। ৯২৯
বৈৰ কৃত পাপচয় আছে বিদ্যমান।
কেনমতে হৈবা তাৰা কৃষ্ণৰ সমান।।
দৃষ্টান্ত সহিতে শুনা ইহাৰ উত্তৰ।
ইজন্মৰ যত পাপ ৰাজা সকলৰ।।৯৩০
পূৰ্ব্ব জনমত পাপ কৰি আছে যত।
বৈৰভাৱে মাধৱক স্মৰিল সতত।।
তথাপিতো সমস্ত পাতক দূৰ ভৈল।
কৃষ্ণৰ স্বৰূপ পাইয়া বৈকুণ্ঠক গৈল।।৯৩১
যেন বাঘপৰুৱা ধৰিয়া পোকা যত।
নমাৰি জীৱন্তে আনি থৱয় বাসত।।
বাঘপৰুৱাক পোকে চিতয় ভয়ত।
তাহাৰ স্বৰূপ পাৱে সেহি শৰীৰত।। ৯৩২
যিবা যাকে সৰ্ব্বক্ষণে চিন্তিয়া থাকয়।
তাহাৰ স্বৰূপ সিটো অৱশ্যে পাৱয়।।
ইহাৰ প্ৰমাণ লৈয়ো বচনে কৃষ্ণৰ।
বোলন্ত উদ্ধৱ শুনা মোহোৰ উত্তৰ।।৯৩৩
বিষয়ক ধ্যান কৰি থাকে যিটো জন।
বিষয়ৰ আকাৰ হোৱয় তাৰ মন।।
মোক মাত্ৰ অনুক্ষণ চিন্তিয়া থাকয়।
মোহোৰ স্বৰূপ পাৱে সিটো মহাশয়।। ৯৩৪
ভগৱন্ত বচনক থৈলোহো সংহৰি।
এহিমানে তাত্পৰ্য্য কৈলো নিষ্ঠ কৰি।।
সমস্তে সুখতো শ্ৰেষ্ঠ কৃষ্ণৰ স্মৰণ।
হোৱে কৃতকৃত্য হৰি স্মৰি সৰ্ব্বজন।।৯৩৫
এতেকে কৃতাৰ্য আতি ভৈল সিটো নৰ।
তথাপি প্ৰাৰ্থনা কৰে স্মৰণ কৃষ্ণৰ।।
নাৰদৰ বাক্যে লৈয়ো প্ৰমাণ সাক্ষাত।
কৃষ্ণক কৰন্ত ঋষি স্তুতি দ্বাৰকাত।।৯৩৬
বোলনত তোমাৰ ইটো চৰণ যুগল।
সমস্ত লোকৰ মহা মুকুতি মঙ্গল।।
ব্ৰহ্মা প্ৰতি মুখে আছে যত যোগেশ্বৰ।
পৰম অগাধ বোধ তাহাৰা সবৰ।। ৯৩৭
এহি চৰণক মাত্ৰ চিন্তে হৃদয়ত।
সংসাৰ কুপত পৰি আছে লোক যত।।
তাৰো অৱলম্ব্য এহি পাদপদ্ম মাত্ৰ।
আশ্ৰয় মাত্ৰকে হোৱে মুকুতিৰ পাত্ৰ।।৯৩৮
হেন চৰণক আমি সাক্ষাতে দেখিলো।
কিনো মোৰ ভাগ্য আজি কৃতকৃত্য ভৈলো।।
তথাপিতো মোক অনুগ্ৰহ কৰা হৰি।
তযু দুই পদ যেন সদায় সুমৰি।। ৯৩৯
ইহাৰ গুণক প্ৰকাশিয়া জগতত।
ফুৰিবো সদায় মই চিন্তিয়া মনত।।
এহিমানে সংহৰিলো নাৰদ বাক্যক।
যাৰা সবে এৰিবে নপাৰে বিষয়ক।। ৯৪০
তাৰো ত্যাগ নুহি হৰি স্মৰণ মনত।
লৈয়ো সাক্ষী সাক্ষাতে গোপীৰ বচনত।।
কুৰুক্ষেত্ৰে গোপীসবে কৃষ্ণৰ আগতে।
কৰন্ত প্ৰাৰ্থনা সবে পৰি দণ্ডৱতে।।৯৪১
হে প্ৰভু পদ্মনাভ দেৱ দামোদৰ।
তযু পদ পঙ্কজ পৰম শ্ৰেষ্ঠতৰ।।
বুদ্ধিত অগাধ মহা মহা যোগেশ্বৰ।
হৃদয়ত চিত্তে এহি চৰণ সুন্দৰ।।৯৪২
ভৱ অন্ধকূপে পৰি আছে যিটো জন।
তাৰে উঠিবাৰ লতা তোমাৰ চৰণ।।
আমি গৃহ সেৱকিনী গোপীগণ যত।
এহি পদ অৰবিন্দ আমাৰ মনত।। ৯৪৩
সদায় উদয় হৌক স্বপ্নতো সাক্ষাত।
এতেক প্ৰাৰ্থনা হৰি কৰিলো তোমাত।।
এহিমানে থৈলো গোপীসবৰ বচন।
ভগৱন্ত বাক্যে সংহৰোহো প্ৰকৰণ।।৯৪৪
উদ্ধৱক বোলন্ত শুনিয়ো মহাশয়।
সংসাৰত যত সাধ্য সাধন আছয়।।
স্বপ্ন মনোৰথে যেন অসন্ত কেৱল।
জানিয়া ইহাক সখি ত্যজিয়ো সকল।।৯৪৫
মোৰ ভজনত মন কৰিয়ো শোধন
তাতে স্থাপি মোক সুমৰিয়ো অনুক্ষণ।।
এতেকে গুচিবে ঘোৰ সংসাৰৰ দুখ।
অনায়াসে লভিবা পৰমানন্দ সুখ।।৯৪৬
এহিমানে থৈলো ভগৱন্তৰ বচন।
কৰিলোহো সমাপত ইটো বিৰচন।।
শুনিলাহা সাধু সভাসদ নিৰন্তৰ।
আশ্চৰ্য্য মহিমা যেন হৰি স্মৰণৰ।।৯৪৭
জাতি অন্ত্যজাতি জ্ঞানী অজ্ঞানীসকল।
যেই সেই মতে স্মৰি পাৱে সমফল।।
জানিয়া হৰিক সুমৰিয়ো সৰ্ব্বক্ষণ।
মায়াময় বিষয়ত ত্যজিয়ো যতন।।৯৪৮
দুৰ্ল্লভ ভাৰতে নৰতনু আচা পাই।
ব্ৰহ্মা আদি দেৱে য়াক প্ৰাৰ্থন্ত সদায়।।
আক আতি অল্প নেদেখিবা কদাচিত।
জানি কৃষ্ণ পাদপদ্ম সুমৰিয়ো নিত।। ৯৪৯
এতেকে সংসাৰ দুখ হৈবেক নিৰ্য্যাণ।
কৃষ্ণৰ সমান ৰূপ পাইবা বিদ্যমান।।
স্বভাৱে ঈশ্বৰ কৃষ্ণ দেৱ সৰ্ব্বোত্তম।
নাহি আন ধৰ্ম্ম তান ভকতিক সম।। ৯৫০