Ratnawali

Ratnawali written by Madhabdeva

প্ৰথম ভক্তি বিৰচন

কহিলো গ্ৰন্থৰ যত প্ৰয়োজন মানে।
এবে ৰত্নাৱলী শুনিয়োক সাৱধানে।।
সামান্য বিশেষ ভক্তি কহিবাক প্ৰতি।
আৰম্ভিলো বিৰচন প্ৰথমে সম্প্ৰতি।। ২৬
যতেক স্বধৰ্ম্ম হৰি ভক্তিৰ কিঙ্কৰ।

ভকতিৰ মুখ চাই থাকে নিৰন্তৰ।।
সমস্তে ধৰ্ম্মৰ ভকতিসে মুখ্য ফল।

ভকতি নভৈলে ধৰ্ম্ম সকলে বিফল।।২৭

তাকেসে পৰম ধৰ্ম্ম বুলিয় নিশ্চয়।
যাত হন্তে মাধৱত ভকতি মিলয়।।

গুচে সবে কামনা প্ৰসন্ন হোৱে চিত্ত।
বজ তম গুচি শুদ্ধ সত্ত্বে হোৱে স্থিত।। ২৮
ভগৱন্ত বাসুদেৱে ভক্তি যিটো কৰে।
মিলে বিষয়ত তাৰ বৈৰাগ্য সত্ত্বৰে।।
বেদ শিৰোৰত্ন মন্ত্ৰে যাহাক প্ৰকাশে।
হেন তত্ত্বজ্ঞান আসি মিলে অপ্ৰয়াসে।। ২৯
একে বাসুবেদৱতেসে কৰিব ভকতি।
নকৰিবা আন একো দেৱতাত ৰতি।।
ভকতি পন্থত একো দেৱ নাৰায়ণ।
শুনা আৰ হেতু সাৱধান কৰি মন।। ৩০
সত্ত্ব ৰজ তম প্ৰকৃতিৰ তিনি গুণে।
ধৰা তিনি মূৰ্ত্তি একে পুৰুষ আপোনে।।
ৰজোগুণে ব্ৰহ্মা হৈয়া স্ৰজা চৰাচৰ।
সত্ত্বগুণে বিষ্ণুৰূপে পালে নিৰন্তৰ।।৩১
তামোগুণে ৰুদ্ৰৰূপে সৃষ্টি সংসাৰন্ত।
তিনি গুণে তিনি মূৰ্ত্তি একে ভগৱন্ত।
যদ্যপি ভজনি হন্ত তিনিও ঈশ্বৰ।
তথাপিতো বিষ্ণুতেসে সিদ্ধি মনুষ্যৰ।। ৩২
জ্ঞানেসে জানিবা মুক্য মোক্ষৰ নিদান।
শুদ্ধ সত্ত্ব গুণতেসে মিলে তত্ত্বজ্ঞান।।
এতেকেসে বিষ্ণু ভৈলা ভকতৰ ইষ্ট।
উপাধি বিশিষ্টে ফল হোৱয় বিশিষ্ট।। ৩৩
পূৰ্ব্ব সদাচাৰে আৰ দেখাওঁ প্ৰমাণ।
যতেক মহন্ত মহা জ্ঞানত প্ৰধান।।
কৰন্ত ভকতি বাসুদেৱৰ চৰণে।

চিত্ত হোৱে নিৰ্ম্মল আনন্দ মিলে মনে।। ৩৪
পিতৃ ভূতপতি লোকপাল নিৰন্তৰে।
শ্ৰাদ্ধ বলি পূজা নকৰিলে বিঘ্নি কৰে।।

বিস্তৰ আয়াসে ভজি পাৱে অল্প ফল।
জানি ঘোৰ ৰূপ ত্যজি মহন্ত সকল।। ৩৫
শান্ত মূৰ্ত্তি কৃষ্ণ অৱতাৰক ভজন্ত।
আন দেৱ সমস্তক নিন্দা নকৰন্ত।।
সুদৃঢ় বিশ্বাসে নিতে ভজি ভগৱন্ত।
পৰম দুৰ্ল্লভ মোক্ষ পদক সাধন্ত।। ৩৬

বুলিবা মুকুতি সুখে ইচ্ছা আছে যাৰ।
ভগৱন্ত ঈশ্বৰ ভজনি দেৱতাৰ।।
অন্যত্ৰ সুখক ইচ্ছা কৰে যিটো নৰ।
তাহাৰ ভজনি দেৱ নোহন্ত ঈশ্বৰ।। ৩৭
শুনা নিৰন্তৰে আৰ উত্তম যুগুতি।
ভকতি জ্ঞানৰ ফল দেখাওঁ মুকুতি।।
ঈশ্বৰ কেশৱ দেৱ ভকতৰ নিধি।

যেই যিবা চাৱে তাৰ সেই হোৱে সিদ্ধি।। ৩৮
এতেকেসে পৰম ইদাৰ বুদ্ধি যাৰ।
তাৰা সবে নকৰে ভকতি ব্যভিচাৰ।।
পৰম পুৰুষ হৰি প্ৰকৃতিত পৰ।
মহা তীব্ৰ ভকতি ভজন্ত নিৰন্তৰ।। ৩৯
আছে শ্ৰেয় সব যত অন্য মাৰ্গান্তৰ।
যাগ যোগ আদি সিয়ো নাৰায়ণপৰ।।

কৃষ্ণকেসে কহে বেদশাস্ত্ৰ আছে যত।
তাহাৰ বিহিত ধৰ্ম্ম কৰ্ম্ম তীৰ্থ ব্ৰত।। ৪০
সবে নাৰায়ণপৰ জানিবা নিশ্চয়।
অৰ্পণ নভৈল একো ফল নধৰয়।।
নকৰি ভকতি যোগ পথে কৰে শ্ৰম।

নোহে চিত্ত শুদ্ধ নুগুচয় অহম্মম।। ৪১

লোভে মোহে কামে পুনৰপি হোৱে হত।

নপাৱে মুকুতি সুখ নাহিকে মনত।।
মিলিল যাহাৰ শ্ৰদ্ধা মুকুন্দ সেৱাত।
হোৱে চিত্ত শান্ত মিলে আনন্দ সাক্ষাত।। ৪২
সমস্তে শাস্ত্ৰৰ তাত্পৰ্য্য এহিমান।
সূত বাক্যে লৈয়ো আৰ সাক্ষাতে প্ৰমাণ।।
যত কৰ্ম্ম যোগ জ্ঞান আচৰি হৰিষি।
তথাপি নভৈলা শান্তমতি ব্যাস ঋষি।।৪৩
একোমতে নুগুচে মনৰ মহাক্লেশ।
নাৰদত হন্তে পাছে পাইলা উপদেশ।।
এক চিত্তে মাধৱত কৰিয়া ভকতি।
তেবে তান নিৰ্ম্মল নিশ্চল ভৈলা মতি।। ৪৪
ভকতিৰ পৰম আনন্দ ভৈল জাত।
হৃদয়তে ঈশ্বৰক দেখিলা সাক্ষাত।।
কৃষ্ণৰ অধীন মায়া দেৱীকো দেখিল।
তেবেসে ব্যাসৰ যত সংশয় গুচিল।। ৪৫
ভৈলা কৃতকৃত্য ভকতিৰ প্ৰসাদত।
দেখাইলো প্ৰমাণ জ্ঞান ভকতি যিমত।।
এবে শুনা ভকতিৰ মহিমা সকল।
নলাগে বিলম্ব অতিশীঘ্ৰে সাধে ফল।। ৪৬
কপিল বচনে আৰ লৈয়োক প্ৰমাণ।
কহিলন্ত কপিলে মাতৃত বিদ্যামান।।
আছে মনুষ্যৰ ইন্দ্ৰিয়ৰ বৃত্তি যত।
অযত্নে প্ৰৱৰ্ত্তে যেন নানা বিষয়ত।। ৪৭
সেহিমতে ইন্দ্ৰিয়ৰ বৃত্তি নিৰন্তৰে।
বিষয়ক এৰিয়া বিষ্ণুত ৰতি কৰে।।
নকৰে কামনা ভকতিক ত্যজি আন।
তাকে বুলি ভাগৱতী ভকতি প্ৰধান।। ৪৮
কৰ্ণে শুনে কৃষ্ণকথা মুখে বোলে ৰাম।
মনে পাদপদ্ম স্মৰে হস্তে কৰে কাম।।
কৃষ্ণৰ মহিমা দেখে চক্ষুয়ে ভক্তক।
বিষ্ণু বৃদ্ধি কৰি শিৰে নমে সমস্তক।। ৪৯
নিৰ্ম্মাল্য তুলসী ঘ্ৰাণ লৱে নাসিকায়।
বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জিহ্বায়।।
পদে বিষ্ণু ক্ষেত্ৰ বৈষ্ণৱৰ ঠাইক যায়।
এহিমতে ইন্দ্ৰিয়ৰ বৃত্তি সমুদায়।। ৫০
বিষ্ণুতেসে প্ৰৱৰ্ত্তে অযত্নে যেবে জানা।
মনে একো বিষয়ক নকৰে কামনা।।
তেবে আৰ তাহাৰ মহিমা কৈবো কিক।
পাইলেক প্ৰসাদ সিটো মোক্ষতো অধিক।। ৫১
যদ্যপি মুকুতি পদ সুখ ৰূপ হয়।
তথাপি ভকতি শ্ৰেষ্ঠা কহিলো নিশ্চয়।।
সেৱাৰ আনন্দ সুখ মুকুতিতে নাই।
মুকুতিৰ সুখ ৰস ভকতিতে পায়।। ৫২
যেহেন শৰ্কৰাখণ্ড ভুঞ্জে যিটো জনে।
তাৰ যেনমতে স্বাদ সি সি মাত্ৰ জানে।।
সেহিমতে মোক্ষৰ মুৰুতি হৰি দেৱ।
তাতেসে বেকত হন্ত যিটো কৰে সেৱ।। ৫৩
এতেকে ভকতি শ্ৰেষ্ঠ মুকুতিত কৰি।
নুহি আন সুখ আৰ ভকতিৰ সৰি।।
কহিলোহো ভকতিৰ উত্তম লক্ষণ।
মুকুতিৰ অৰ্থে ভিন্ন নালাগে যতন।।৫৪
মিলিবে মুকুতি ভকতি প্ৰসাদত।
লিঙ্গদেহ দহিবে অজ্ঞান প্ৰথমত।।
যেন প্ৰাণী অন্নপান ভুঞ্জে যত যত।
উদৰৰ বহ্নি জীৰ্ণ কৰয় সমস্ত।। ৫৫
ভকতিও সেহিমতে লিঙ্গ জীৰ্ণ কৰে।
বিনা যত্নে জীৱন্তে মুকুতি পাৱে নৰে।।
জানি ধৰা ভকতি ত্যজিয়া আন কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম।। ৫৬