Ratnawali

Ratnawali written by Madhabdeva

ষষ্ঠ স্মৰণ বিৰচন ছবি

হিৰ কীৰ্ত্তনৰ যেন কহিলা মহিমা তাক
শুনিলাহা সামাজিক জন।
শুনা হৰি স্মৰণৰ মহিমা কহিবে প্ৰতি
আৰম্ভিলো পুনু বিৰচন।।
হৰি স্মৰণেসে যাৰ কেৱল স্বভাৱ ভৈল
পৰম কৃতাৰ্থ সি সি আতি।
লৈয়োক ইহাৰ সাক্ষী উদ্ধৱ মহন্তে যেন
বুলিলন্ত গোপীকাক মাতি।।৮৮২
শুনোয়োক গোপীগণ যেহেতু অৰ্পিলা মন
ভগৱন্ত মাধৱৰ পাৱে।
এতেকেসে তুমিসব লোকৰ পূজিত আতি
কৃতকৃত্য ভৈলাহা স্বভাৱে।।
পুৰুষ জনমে যেবে অনেক প্ৰয়াস কৰি
যাগ যোগ আচৰি থাকয়।
তেবে কদাচিত নৰে কৃষ্ণ পদ পঙ্কজত
মন নিবেশাইবাক পাৰয়।।৮৮৩
হেন কৃষ্ণ চৰণত মন অৰ্পি অনুৰাগে
তাহাঙ্ক সুমৰা অনুক্ষণ।
যাগ-যোগাদিৰো ফল লভিলাহা তুমি সব
মহা ভাগ্যৱতী গোপীগণ।।
উদ্ধৱৰ বাক্য থওঁ এহি অৰ্থ স্পষ্ট কওঁ
ভগৱন্ত কৃষ্ণৰ বচনে।
শুনিয়ো উদ্ধৱ এহি মানে মাত্ৰ যোগ কহি
আছে সনকাদি ঋষিগণে।।৮৮৪
আন বিষয়ৰ চিন্তা এৰিয়া সাক্ষাতে যিটো
মোতে মাত্ৰ অৰ্পিলেক মন।
গুচিল চিত্তৰ মল পাইলেক সমস্ত ফল
ভৈল কৃতকৃত্য সিটোজন।
এহিমানে মাধৱৰ বচন সংহৰি থৈলো
শুনা সভাসদ নিৰন্তৰ।
কৃষ্ণ চৰণত মন অৰ্পিবাৰ ফল যেন
কহো এবে বচনে শুকৰ।।৮৮৫
বোলন্ত শুনিয়ো মহা পৰীক্ষিত নৃপবৰ
কৃষ্ণৰ অভয় চৰণত।
দিয়া কায় বাক্য মন সুমৰয় অনুক্ষণ
কৈবো কিবা তাহাৰ মহত্ত্ব।।
চৰণৰ একদেশে ছলে বলে একবাৰ
কৰাইলেক মনক নিবেশ।
এতেকে জানিবা সিটো মহা মহা পাতকৰ
প্ৰায়শ্চিত্ত কৰিলে নিশেষ।।৮৮৬
যম যমকিঙ্কৰক স্বপ্নতো নেদেখে আৰ
পাইলে পাৰ ইটো সংসাৰৰ।
যি পুনু স্বভাৱে মন দিয়া চিন্তে অনুক্ষণ
সমস্ত অঙ্গকে মাধৱৰ।।
তাহাৰ মহিমা আৰ কহিয়া নপাওঁ পাৰ
ভৈল সিটো বল্লভ কৃষ্ণৰ।
নাৰদৰ আগে ব্ৰহ্মা কহিলন্ত আৰো যেন
শুনা ফলান্তৰ স্মৰণৰ।।৮৮৭
বোলন্ত নাৰদ মোৰ বচনত দিয়া চিত্ত
কহো মই তোমাত সাক্ষাত।
যিহেতু আনন্দময় প্ৰেমৰসে যুক্ত হৈয়া
ঈশ্বৰক চিন্তিলো হিয়াত।।
তাতেসে মোহোৰ ইটো মন বাক্য শৰীৰৰ
নোহে মিছা ব্যাপাৰ সকল।
মোহোৰ প্ৰভাৱ নুহি জানিবা নিশ্চয় তুমি
কিন্তু হৰি স্মৰণৰ ফল।।৮৮৮
এহি হেতু ভগৱন্ত স্মৰণেসে মহা লাভ
নাহি আৰ আন সংসাৰত।
সাংখ্য অষ্টাঙ্গ যোগ জন্মৰ এহিসে ফল
কহিলোহো ইটো স্বৰূপত।।
অন্তকালে নাৰায়ণ স্মৰে যিটো মহাজন
তাৰ কোনে কহিবে মহিমা।
নাহি লাভ তাতপৰ কৃতকৃত্য সিটো নৰ
এহিমানে মুকুতিৰ সীমা।।৮৮৯
কহো আক স্পষ্ট কৰি পুনৰপি শুক বাক্য
বোলন্ত শুনিয়ো পৰীক্ষিত।
স্মৰণৰ মহিমাক জানি কেশৱক ৰাজা
কৰিয়োক আনি হৃদি স্থিত।।
তেবে মৃত্যু সময়ত হৈব সাৱধান চিত্ত
ত্যজি ইটো মায়াময় তনু।
স্মৰণৰ প্ৰভাৱত দহি কৰ্ম্মফল যত
পৰম গতিক পাইবা পুনু ।।৮৯০
ম্ৰিয়মান সময়ত যাহাৰ স্মৰণ ভৈল কেনে
ভগৱন্ত পৰম ঈশ্বৰ।
আত্মৰূপ দেন্ত তাকে যিহেতু স্মৰণ সিটো
ভৈল আতি সমস্ত লোকৰ।।
বুলিবাহা জ্ঞান বিনে স্মৰণ মাত্ৰকে কেনে
পাইব নিজ স্বৰূপ কৃষ্ণৰ।
সত্য ইটো প্ৰশ্ন শুনা ইহাৰ উত্তৰ যেন
জ্ঞানও অধীন স্মৰণৰ।।৮৯১
কৃষ্ণপদ পঙ্কজক সদায় সুমৰে যিটো
হোৱে নষ্ট তাৰ পাপ যত।
বাসনাকো কৰে ক্ষয় চিত্ত মহা শুদ্ধ হয়
মিলে প্ৰেম ভকতি কৃষ্ণত ।।
বিজ্ঞান সহিতে জ্ঞান উপজয় বিদ্যমান
বিষয়ত গুচে অভিলাষ।
পৰম কল্যাণতৰ হোৱে হৰি স্মৰণৰ
ফলান্তৰ কৰিলো প্ৰকাশ।।৮৯২
নমো নমো নাৰায়ণ নৰৰূপ বিড়ম্বন
দৈৱকী নন্দন চিদানন্দ।
মোৰ মন মধুকৰে সদায় কৰোক পান
তযু পাদপদ্ম মকৰন্দ।।
তোমাৰ নিৰ্ম্মল যশ পৰম অমৃত ৰস
সদায়ে কৰোক কৰ্ণে পান।
ৰাম কৃষ্ণ আদি নাম লৌক মুখে অবিশ্ৰাম
দিয়া দান মোক এহিমান।।৮৯৩
ইটো ব্ৰহ্মাণ্ডৰ হৰি দুখী নাহি মোক সৰি
দাতা নাহি তোমাৰ সমান।
হাতে দান্তে তৃণ ধৰি মাগোহো কাৰ্পুণ্য কৰি
দিয়া প্ৰভু প্ৰাৰ্থিবাৰ দান।।
নকৰিয়ো আশা ভঙ্গ তযু ভকতৰ সঙ্গ
নুগুচোক সদায় আমাৰ।
কৰা কৃপা কৃপাময় যত সমাজিক চয়
ৰাম বুলি তৰিয়ো সংসাৰ।।৮৯৪