Ratnawali

Ratnawali written by Madhabdeva

পদ

শুনিলাহা সামাজিক মহিমা নামৰ।
কহো আৰ যুগুতি শুনিয়ো আত পৰ।।
বোলে কেহো জনে বহু প্ৰয়াসে সাধিত।
বাহ্ৰ বাৰিষিক আদি মুখ্য প্ৰায়শ্চিত্ত।।৮০২
হৰিনাম উচ্চাৰণ অতি সুখকৰ।
সিটো প্ৰায়শ্চিত্ত জানা নুহি শ্ৰেষ্ঠতৰ।
ইটো বচনত পৰে নাহি মহা মন্দ।
নকৰিবা তুমি সবে ইহাত আনন্দ।।৮০৩
অনেক জনমে যিটো কৰি মহা শ্ৰম।
পুণ্যৰ সমূহ সাঞ্চি আছে মেৰু সম।।
নাম উচ্চাৰিতে পাৰে সি সি মহাজনে।
লৈয়ো আৰ সাক্ষী অজামিলৰ বচনে।।৮০৪
যমৰ দূতৰ হাত এৰায়া ব্ৰাহ্মণে।
বসি পাছে আপুনি গুণন্ত মনে মনে।।
নাহি সীমা মই পাপ কৰি আছো যত।
তথাপিতো হৰিনাম আসিল মুখত।।৮০৫
জন্মত পাপী যদি নাহি মোত পৰ।
তথাপিতো জানো পুণ্য আছয় পূৰ্ব্বৰ।।
দেৱতো উত্তম মহা চাৰি বিষ্ণুদূত।
দেখিলোহো তাসম্বাৰ ৰূপ অদভূত।।৮০৬
নাছিলেক হন্তে মোৰ পূৰ্ব্বে পুণ্য যেবে।।
এতেকে জানিলো আছে পূৰ্ব্ব পুণ্যগণ।
কহো আৰো আত মই উত্তম কাৰণ।।৮০৭
পৰম অধম মই বেশ্যাত পতিত।
মহা ঘোৰ পাতকে অশুদ্ধ মোৰ চিত্ত।।
তথাপি মৰন্তে নাম আসিল জিহ্বাত।
এতেকে জানিলো পুণ্য আছে অসংখ্যাত।।৮০৮
ইহাতো পৰম আৰো হেতু কহো অতি।
কৈত মই ধূৰ্ত্ত ব্ৰহ্মবধী আত্মঘাতী।।
পৰম মঙ্গল কৈত নাৰায়ণ নাম।
মোক্ষতো অধিক ইটো ধৰ্ম্ম অনুপাম।।৮০৯
হেন নাম লৈলো মই মৰণ সঙ্কটে।
পূৰ্ব্ব পুণ্য বিনে ইটো সম্বন্ধ নঘটে।।
অজামিল বিচনক এহিমানে থওঁ।
যিমত মঙ্গল নাম তাৰ কথা কওঁ।।৮১০
গো বিপ্ৰ পিতৃ মাতৃ গুৰু বধ কৰে।
কুকুৰকো খায় মহা ম্লেচ্ছ নিৰন্তৰে।।
যাৰ ৰাম কৃষ্ণ নাম কীৰ্ত্তন কৰন্তে।
ইসব পৱিত্ৰ হোৱে পাতকত হন্তে।।৮১১
এতেকে জানিবা নাম গ্ৰহণ কৃষ্ণৰ।
বহু জন্ম সুকৃতি বলেসে পাৱে নৰ।।
দেৱহুতি বাক্যে দেখাও স্পষ্ট কৰি।
কৰিলেক স্তুতি দেৱী কৰন্ত সাদৰি।। ৮১২
তোমাৰ নামত প্ৰভু আশ্চৰ্য্য মহত্ত্ব।
থাকে যিটো চণ্ডালৰ জিহ্বাৰ অগ্ৰত।।
সেহি শৰীৰতে অতি হোৱে শ্ৰেষ্ঠতম।
নাহি সংসাৰত আৰ শ্ৰেষ্ঠ তাক সম।।৮১৩
তপ হোম দান সদাচাৰ তীৰ্থ ব্ৰত।
যজ্ঞ যাগ বেদ পাঠ আদি ধৰ্ম্ম যত।।
শুদ্ধভাবে জন্মান্তৰে কৰিয়া আছয়।
তযু নাম কীৰ্ত্তনে দেখিয়ো ভাগ্যোদয়।।৮১৪
যতেক সুকৃতি আছে ইটো সংসাৰত।
হুয়া আছে নাম কীৰ্ত্তনৰ অন্তৰ্গত।।
এহি হেতু কৰে যিটো নামক কীৰ্ত্তন
জগতৰে পূজ্যতম ভৈল সিটো জন।।৮১৫
এহিমানে দেৱহুতি বচন সংহৰি।
দেখাইলো কীৰ্ত্তন সৰ্ব্ব জাতি উপকাৰী।।
সবে আশ্ৰমীৰ অধিকাৰ কীৰ্ত্তনত।
দেখাওঁ সাক্ষাতে ভগৱন্তৰ বাক্যত।। ৮১৬
গৃহাশ্ৰম সুখে আসকতি আতি চিত্ত।
বেদৰ নিষিদ্ধ কৰ্ম্ম নকৰে কিঞ্চিত।
নেয় কাল অন্যো অন্যে কহি মোৰ কথা।
সিটো গৃহে পুৰুষকো নবান্দে সৰ্ব্বথা।।৮১৭
যিহেতু সিসব গৃহে ভকতি সদায়।
নলাগে এৰিবে থাকিবাৰ যোগ্য হয়।।
বিষয়ীৰো সাধে গতি কীৰ্ত্তনে সাক্ষাত।
আনৰ সাধিবে গতি কি কহিবো আত।।৮১৮
ভগৱন্ত বাক্যে থৈলো সংহৰি সাম্প্ৰত।
দেখাওঁ সদাচাৰ প্ৰহ্লাদৰ বচনত।।
পৰম উত্সুকে কথা প্ৰহ্লাদে কহন্ত।
কীৰ্ত্তনতে যিহেতু সন্তষ্ট ভগৱন্ত।।৮১৯
এতেকে যদ্যপি মই নীচ আতিশয়।
গুচিল সকলে মোৰ মনৰ সংশয়।।
মহা যত্নে বুদ্ধি অনুসাৰে অনুক্ষণ।
কৃষ্ণ গুণ মহিমাক কৰোহো বৰ্ণন।।৮২০
কহো হেতু নজানিও গুণ বৰ্ণাইবাৰ।
অবিদ্যা ৰচিত ইটো যতেক সংসাৰ।।
ইহাত প্ৰবেশ হুয়া আছে জীৱ যত।
কৃষ্ণক নভজি মজি আছয় পাপত।। ৮২১
সিও শুদ্ধি হোৱে আতি কৰিয়া কীৰ্ত্তন।
আত পৰে নাহি আৰ শুদ্ধিৰ কাৰণ।।
গুচয় অবিদ্যা হৰি কীৰ্ত্তন কৰন্তে।
অনায়াসে হোৱে মোক্ষ সংসাৰত হন্তে।।৮২২
ইহাক দেখাওঁ পুনু প্ৰহ্লাদ প্ৰাৰ্থনে।
বোলন্ত বিনয় কৰি নৃসিংহ চৰণে।।
হে প্ৰভু নৃসিংহ প্ৰণামো তযু পাৱে।
ভৈলোহো তামাৰ দাস জানিবা স্বভাৱে।।৮২৩
তুমি মোৰ প্ৰিয়তম সুহৃদ বান্ধৱ।
তুমি বিনে শ্ৰেষ্ঠ দেৱ নাহিকে মাধৱ।।
জানি লৈলো শৰণ অভয় চৰণত।
যেৱে মই ভৈলো তযু দাস স্বৰূপত।।৮২৪
কৰিবা অৱশ্যে মোক কৃপা দামোদৰ।
পাইবোহো নিশ্চয় সঙ্গ তযু ভকতৰ।।
ব্ৰহ্মা আদি পূৰ্ব্ব সম্প্ৰদায় সিদ্ধ আতি।
কহে যিটো কথা সাধুসবে দিনে ৰাতি ।। ৮২৫
সিটো কথা অমৃত কৰিবো কৰ্ণে পান।
বিষয়ৰ অনুৰাগে হৈবেক নিৰ্য্যাণ।।
তোমাৰ গুণক মুখে কৰিবো বৰ্ণন।
পৰম আনন্দে মন হৈবেক মগন।।৮২৬
এতেকে সংসাৰ দুখে নপাইবা আমাক।
তৰি বহু সুখে ঘোৰ দুৰ্জ্জয় মায়াক।
সম্প্ৰতি সংহৰি থৈলো প্ৰহ্লাদ বচন।
কীৰ্ত্তনেসে নিৰপেক্ষ মুকুতি সাধন।। ৮২৭
দেখাইলো ইদানী কহো শুনিয়ো নিশ্চয়।
কৰ্ম্মৰো বিঘিনি কীৰ্ত্তনেসে সংহৰয়।।
লৈয়ো আৰ সাক্ষী মই দেখাওঁ হৰিষি।
বামনৰ আগত বোলন্ত শুক্ৰ ঋষি।।৮২৮
মন্ত্ৰ তন্ত্ৰ দেশ কাল পাত্ৰ বস্তু যত।
বহুবিধ ছিদ্ৰ তাত আছয় সমস্ত।।
তযু নাম কীৰ্ত্তনে সবাকে কৰে দূৰ।
তোমাৰ নামৰ প্ৰভু মহিমা প্ৰচুৰ।।৮২৯
এহিমানে থৈলো শুক্ৰ ঋষিৰ বচন।
হৰিৰ কীৰ্ত্তন পৰ ভৈল যিটোজন।।
সেহিসে মহন্ত ধন্য দেখাওঁ যতনে।
কংস ৰঙ্গশালে নাৰীগণৰ বচনে।।৮৩০
কহয় সম্বোধি অন্যোঅন্যে নাৰীগণ।
শুনা সখী ধন্য ধন্য গোপীৰ জীৱন।।
ধেনুক দোহন্তে কতো দধিক মথন্তে।
ছাৱলক নিচুকান্তে গৃহক মাৰ্জ্জন্তে ।। ৮৩১
আনো সব কৃত্য গোপী কৰন্তে সদায়।
এহিতো কৃষ্ণৰ গুণ অনুৰাগে গায়।।
আনন্দ সাগৰে গোপী মজে সমুদায়।
প্ৰেম ভৰে নয়নৰ নীৰ বহি যায়।। ৮৩২
কৃষ্ণ বিষয়ত চিত্ত ভৈল যান প্ৰায়।
তাতে চড়ি গোপীসবে বিষয়ক যায়।।
গোপীসব সম কোন আছে ভাগ্যৱতী।
এতেকেসে আমি সবে বোলোহো সম্প্ৰতি।।৮৩৩
সংসাৰ মাজত হেন আছে কোন জন।
নকৰিবে অন্যো অন্যে কৃষ্ণৰ কীৰ্ত্তন।।
তাতেসে কেৱল তুষ্ট হন্ত নাৰায়ণ।
নিজানন্দ লাভে পৰিপূৰ্ণ সৰ্ব্বক্ষণ।। ৮৩৪
নাহি তান ইচ্ছা লক্ষ্মী নেৰে কদাচিত।।
নিজ ভকতক বৰ নেদি লক্ষ্মী দেৱী।
থাকন্ত সাদয় কৃষ্ণ পাদ-পদ্ম সেৱি।।৮৩৫
কীৰ্ত্তন বিমুখ যিটো জানিবা স্বভাৱে।
তাক অনুগ্ৰহ নকৰন্ত লক্ষ্মীমাৱে।।
এতেকতে বিচাৰ চতুৰ সবে আতি।
কৃষ্ণৰ কীৰ্ত্তন মাত্ৰ কৰে দিনে ৰাতি।। ৮৩৬
দেখাওঁ প্ৰমাণ উদ্ধৱৰ বচনত।
বোলন্ত উদ্ধৱে কৃষ্ণ দেৱৰ আগত।।
জৰাসন্ধে ধৰি আছে যত ৰাজাগণ।
পৰম উত্সুকে তাসম্বাৰ পত্নীগণ।।৮৩৭
আপোনাৰ গৃহে তযু গুণগান কই।
বালকসবক নিচুকান্ত কোলে লই।।
নকান্দা বালক সব শুন সত্য বাণী।
জৰাসন্ধ ৰাজাক বধিয়া চক্ৰপানি।। ৮৩৮
তোমাৰ পিতৃক মেলাইৱন্ত কৃপাময়।
তোৰ মনোৰথ পূৰিৱন্ত আতিশয়।।
নযাহ সঞ্জাত যদি দেখাওঁ প্ৰমাণ।
ভকত বত্সল নাহি কৃষ্ণৰ সমান।। ৮৩৯
শঙ্খচূড় যক্ষ মাৰি মেলাইলা গোপীক।
কংস মাৰি মেলাইলন্ত পিতৃক-মাতৃক।।
ৰাম অৱতাৰে গৈয়া ৰাৱণক মাৰি।
আনিলন্ত প্ৰভু সীতা শান্তিক উদ্ধাৰি।।৮৪০
হৰি অৱতাৰত গ্ৰাহৰ ছিড়ি মুখ।
বৈকুণ্ঠক নিলা গজেন্দ্ৰৰ গুচাই দুখ।।
এহি কৃষ্ণ অৱতাৰে নৰকক মাৰি।
আনিলা মেলাই ষোল সমস্ৰ কুমাৰী।। ৮৪১
আনো আনো লৱে যিটো কৃষ্ণত শৰণ।
সবাৰো দুখক দূৰ কৰে নাৰায়ণ।।
লৈয়া আছে তোৰা পিতৃ শৰণ কৃষ্ণত।
অল্পতে কৰিবা আসম্বাৰ দুখ হত।। ৮৪২
এহিমতে ৰাত্ৰি দিনে ৰাজভাৰ্য্যাগণে।
তোমাৰ নিৰ্ম্মল যশ গাৱে অনুক্ষণে।।
কৰা তাসম্বাৰ গৈয়া দুখক নিৰ্য্যাণ।
থৈলো উদ্ধৱৰ বচনক এহিমান।। ৮৪৩
কৃষ্ণৰ কীৰ্ত্তন ফল কৰি নিৰূপণ।
কৰে নিন্দা যিটো জনে নকৰে কীৰ্ত্তন।।
পাইয়া আছে জিহ্বা মুকুতিৰ সাঁকো প্ৰায়।
আত অৰোহণ কৃষ্ণ কীৰ্ত্তন সদায়।। ৮৪৪
হেলাত নকৰি কৃষ্ণ কীৰ্ত্তন সম্প্ৰতি।
মোক্ষৰ সাঁকোত নুঠি নাশিল দুৰ্ম্মতি।।
নকৰে কীৰ্ত্তন যেবে নপাইবে মুকুতি।
বুলিবা দুৰ্ম্মতি তাক কমন যুগুতি।।৮৪৫
ইহাৰ উত্তৰ এক কীৰ্ত্তন বিমুখ।
কৰে সিটো আৰ বৃথা বাক্য ব্যয় দুখ।।
ভগৱন্ত বাক্য লৈয়ো প্ৰমাণ নিশ্চয়
উদ্ধৱক বোলন্ত শুনিয়ো মহাশয়।। ৮৪৬
মোৰ গুণ নাম নাহি যিটো বচনত।
কেৱল সিসব বাক্য দুখসে সমস্ত।।
যেন দুখ পাৱে মাত্ৰ চাৰি বাঁজী গাই।
অসতী ভাৰ্য্যাত যেন একো সুখ নাই।।৮৪৭
দুখ মাত্ৰ ভুঞ্জে যাৰ দেহ পৰাধীন।
দুষ্ট পুত্ৰ স্নেহে যেন আপদৰ চিন।।
সত্পাত্ৰ পাইয়া বিত্ত নকৰিল দান।
নাহি যেন দুখী সিটো ধনীৰ সমান।।৮৪৮
অসত কীৰ্ত্তিত যেন নাহি একো সুখ।
ইটো সবে অনন্তৰে যেন পাৱে দুখ।।
এহিমতে মতিহীন যত বাক্যচয়।
তাক কহি দুখ মাত্ৰ ভুঞ্জিয়া ফুৰয়।।৮৪৯
মোৰ মহামুখ্য কৰ্ম্ম সৃষ্টি স্থিতি লয়।
সি সব কথায় আতি পৱিত্ৰ কৰয়।।
ৰাম কৃষ্ণ আদি লীলাল অৱতাৰ যত।
কৰি আছে কৰ্ম্মচয় প্ৰসিদ্ধ লোকত।। ৮৫০
প্ৰেমৰ আস্পদ সিটো চৰিত্ৰ অমৃত।
চাণ্ডাল পৰ্য্যন্ত কৰে জগত পৱিত্ৰ।।
যিটো বাক্য নাহি হেন কৰ্ম্ম সুনিৰ্ম্মল।
জানিবা উদ্ধৱ সিটো সকল নিষ্ফল।। ৮৫১
দুখ হেতু জানি তাক বুদ্ধিমন্ত নৰে।
যেন উচ্ছিষ্টক বিদূৰতে পৰিহৰে।।
কৃষ্ণৰ বচন থৈলো সম্প্ৰতি সংহৰি।
প্ৰশংসিলো কীৰ্ত্তন কুকথা নিন্দা কৰি।। ৮৫২
বিশেষত কলিযুগে কীৰ্ত্তন প্ৰশস্ত।
মহন্তসবৰ মত দেখাওঁ সমস্ত।।
কলিৰ পৰম গুণ যাৰা সবে জানে।
চাৰি যুগ মাজত কলিক শ্ৰেষ্ঠ মানে।। ৮৫৩
বুলিবা কলিত আছে দোষসে বিস্তৰ।
কিহেতু প্ৰশংসা শুনা ইহাৰ উত্তৰ।।
যিহেতু মহন্ত সবে দোষ পৰিহৰি।
অল্প মাত্ৰ গুণক লৱন্ত সাৰ কৰি।।৮৫৪
শুনিয়ো কলিৰ মহা গুণ যেনমত।
কেৱল কৃষ্ণৰ কৰি কীৰ্ত্তন মুখত।।
এতেকে সংসাৰ দুখ হোৱে উপশাম।
পাৱে সুখ নৰে ধৰ্ম্ম অৰ্থ মোক্ষ কাম।।৮৫৫
ইটো সংসাৰত হৰি কীৰ্ত্তনত পৰ।
পৰম উত্তম লাভ নাহিকে জীৱৰ।।
কীৰ্ত্তনত গুচে ঘোৰ সংসাৰ বন্ধ।
অনায়াসে পাৱে মহা মুকুতি আনন্দ।। ৮৫৬
যেন কোন জন আতি আতুৰ নাপৰা।
সকাশ পাইবাক লাগি ভুঞ্জয় শৰ্কৰা।।
খাইলে সন্তোষ গুচে ৰোগ নিৰন্তৰ।
সেহিমতে নাম গুণ চৰিত্ৰ কৃষ্ণৰ।।৮৫৭
কীৰ্ত্তন কৰন্তে দুখে আনন্দ মিলয়।
গুচয় সংসাৰ ব্যাধি মুকুতি পাৱয়।।
এহিহেতু মহালাভ কীৰ্ত্তন কলিত।
ইহাৰ প্ৰশংসা যত সকল উচিত।।৮৫৮
জানিয়া কলিত যিটো কৃষ্ণৰ নামক।
আপুনি কীৰ্ত্তন কৰে কৰাৱে আনক।।
মহা ভাগ্যৱন্ত আৰ নাহি তাক সম।
তৰিল সংসাৰ সুখে সি সি নৰোত্তম।। ৮৫৯
আৰ শুনা কলিত যিসব গুণ সাৰ।
যদ্যপি পাতকী কলি দুষ্ট দুৰাচাৰ।
ততাপিতো সত্যাদিৰ ধ্যানাদিৰ ফল।
কলিত কীৰ্ত্তনে দেয় সিসব সকল।।৮৬০
ইহাৰ লৈয়োক সাক্ষী বচনে শুকৰ।
বোলন্ত শুনিয়ো পৰীক্ষিত নৃপবৰ।।
যদি কুলযুগ মহাপাপৰ সাগৰ।
আছে তথাপিতো এক গুণ শ্ৰেষ্ঠতৰ।। ৮৬১
পৰম আনন্দে কৰি কেৱল কীৰ্ত্তন।
কৃষ্ণত প্ৰবেশে ছিণ্ডি কৰ্ম্মৰ বন্ধন।।
পাৱে যেন সিদ্ধি সত্য যুগে ধ্যান কৰি।
ত্ৰেতাযুগে নানাবিধ যজ্ঞে যজি হৰি।।৮৬২
লভে যেন ফল পূজা কৰি দ্বাপৰত।
কলিত কীৰ্ত্তনে তাক পাৱয় সমস্ত।।
কীৰ্ত্তনৰ ফল আৰো অধিক পাৱয়।
এতেকেসে কলিযুগে শ্ৰেষ্ঠ আতিশয়।। ৮৬৩
বুলিবাহা তবে কোন গুণ মাধৱৰ।
কৰিব কীৰ্ত্তন শুনা ইহাৰ উত্তৰ।।
অনন্ত কৃষ্ণৰ চৰিত্ৰৰ নাহি অন্ত।
আপুনিও কৃষ্ণেযাৰ অন্ত নপাৱন্ত।। ৮৬৪
নিৰ্ণয় কৰিবে তাক কাহাৰ শকতি।
চাহে যিটোজনে তাক গণিবাক প্ৰতি।।
তাত পৰে নাহি মন্দমতি সংসাৰত।
লৈয়োক ইহাৰ সাক্ষী কৃষ্ণৰ বাক্যত।। ৮৬৫
বোলন্ত উদ্ধৱ শুনা কহো স্বৰূপত।
সাত পৃথিৱীৰ পৰমাণু আছে যত।।
বিস্তৰ কালেসে যেবে মই মাত্ৰ তাক।
গণি সংখ্যা কৰিয়া পাৰোহো কহিবাক।। ৮৬৬
তথাপিতো মায়া বলে সৃজি আছো যত।
নপাৰোহো গণিতে ব্ৰহ্মাণ্ড আছে কত।।
ময়ো নাজানোহো ব্ৰহ্মাণ্ডৰ সীমা যত।
নাম গুণ বিভূতি যতেক আছে তত।।৮৬৭
কাহাৰ শকতি তাক কৰিবেক অন্ত।
এতেকে উদ্ধৱ মোৰ চৰিত্ৰ অনন্ত।।
কৰোক কীৰ্ত্তন নিজ মতি অনুসাৰে।
গুচিবে সংসাৰ তাপ এতেকে সবাৰে।। ৮৬৮
এহিমানে থৈলো কৃষ্ণ দেৱৰ বচন।
কহো নিষ্ঠ কৰি শুনিয়োক সৰ্ব্বজন।।
বিষয় সম্বন্ধ যত বৃথা বাক্যচয়।
তাত যেবে কৃষ্ণ গুণ নাম মিশ্ৰ হয়।।৮৬৯
হোৱে সিটো বচন সাৰ্থক আতিশয়।
অন্যথা সিসব বাক্য বৃথাসে নিশ্চয়।।
লৈয়ো আৰ সাক্ষী অক্ৰূৰৰ বচনত।
বোলন্ত অক্ৰূৰে বাক্য আসন্তে পথত।।৮৭০
কৃষ্ণ গুণ মিশ্ৰিত যতেক বাক্যচয়।
সেহি বাক্যে জগতকে পৱিত্ৰ কৰয়।।
সমস্তকে সেহি বাক্যে জীয়াৱে সকল।
শোভন কৰাৱে সেহি মিলাৱে মঙ্গল।।৮৭১
যিটো বচনত নাহি কৃষ্ণ গুম গান।
নানা বাক্য অলঙ্কাৰে কৰাৱে শোভন।।
নাহি একো ছিদ্ৰ শুনিবাকো মনোৰম।
জানিবা তথাপি সিটো মৰা শৱ সম।।৮৭২
বস্ত্ৰ অলঙ্কাৰে যেন শৱক কচাৱে।
তথাপিতো অপৱিত্ৰ জানিবা স্বভাৱে।।
সেহিমতে হৰি গুণহীন বাক্য যত।
থাকয়ে সিসব বাক্য যাহাৰ মুখত।। ৮৭৩
মৰা শৱ যেন লৈয়া ফুৰে আতিশয়।
উত্তম মুখক আতি অশুদ্ধ কৰয়।।
এহিমানে থৈলোহো বচন অক্ৰূৰৰ।
কীৰ্ত্তনেসে পৰম ভকতি মাধৱৰ ।।৮৭৪
কহো উপসংহৰিয়া ইটো প্ৰকৰণ।
মনোহৰ কৃষ্ণৰ যতেক গুণগান।।
পৰম মঙ্গল শিশুলীলা বহুবিধ।
মহা ভাগৱত শাস্ত্ৰে যতেক প্ৰসিদ্ধ।।৮৭৫
শ্ৰদ্ধাভাৱে কৰে যিটো কীৰ্ত্তন সতত।
পৰম ভকতি তাৰ মিলয় কৃষ্ণত।।
জানিবা কীৰ্ত্তন পৰ ভৈল যিটো নৰ।
সমস্ত ভকতি সিদ্ধি ভৈল সি জনৰ।। ৮৭৬
এহিমানে ভৈল সমাপতি বিৰচন।
শুনিয়োক যত সভাসদ সাধুজন।।
হৰি গুণ কীৰ্ত্তনত কৰিয়োক ৰতি।
কীৰ্ত্তনেসে মাধৱৰ উত্তম ভকতি।।৮৭৭
নমো নমো কৃষ্ণ অনাথৰ নাত দেৱ।
মোত পৰে অনাথ নাহিকে আন কেৱ।।
একে ভৱৰোগে মোক সহজে পীড়য়।
বিষয় অপথ্য তাতে খাইলো আতিশয়।।৮৭৮
মনোৰথ চিন্তা বিষে হুয়া অচেতন।
সংসাৰ কূপত পৰি আছো নাৰায়ণ।।
হেন মই দুখিতক তুমি বিনে আন।
নেদেখো কৃপালু যিটো কৰিবেক ত্ৰাণ।।৮৭৯
জানো কৃষ্ণ তযু গুণ পৰম অমৃত।
তোমাৰ ভক্তৰ সঙ্গে পিয়ায়োক নিত।।
তেবেসে দুৰ্ঘোৰ ভৱ ৰোগ হৈবে দূৰ।
কৰিয়োক কৃষ্ণ মোক কৰুণা প্ৰচুৰ।।৮৮০
তোমাৰ অভয় দুই চৰণ পঙ্কজে।
তাতে মোৰ মন মজি ৰহোক সহজে।।
মই ভিক্ষাকাৰী সিদ্ধি কৰা মনস্কাম।
সমাজিক লোকে ডাকি বোলা ৰাম ৰাম।।৮৮১