Ratnawali

Ratnawali written by Madhabdeva

দুলড়ী

নামৰ পৰম অতৰ্ক মহিমা
শুনিলাহা সবে প্ৰজা।
শুনা আৰো যেন দূতৰ আগত
কহিলন্ত যম ৰাজা।।
বিষ্ণুৰ দূতৰ মহা পীড়া পাইয়া
তিনিও যম কিঙ্কৰ।
যমৰ আগত পৰি মহা দুখে
দিলেক কান্দি গোচৰ।। ৭৭৯
দূতৰ অৱস্থা দেখিয়া যমৰ
পৰম কৃপা মিলিল।
তিনিও দূতক আশ্বাসিয়া পাছে
মাতিয়া প্ৰবোধ দিল।।
হৰিৰ নামৰ পৰম মহিমা
দেখ দেখ দূতগণ।
বিপ্ৰ অজামিল মৃত্যুকো তৰিল
উচ্চাৰিয়া নাৰায়ণ।।৭৮০
এতেকে জানিবি সংসাৰত যত
আছে পুৰুষাৰ্থচয়।
নাম কীৰ্ত্তনেসে নিৰপেক্ষ তাৰ
সাধন জান নিশ্চয়।।
নামৰ সম্যক কীৰ্ত্তন নলাগে
পাপক্ষয় মাত্ৰকত।
কেৱল নামৰ আভাষে কৰয়
সমূলঞ্চে পাপ হত।।৭৮১
মোহোৰ বাক্যত নযাহ সঞ্জাত
সাক্ষাতে প্ৰমাণ দেখ।
অজামিল মহা অধম দ্বিজৰ
পাতকৰ নাহি লেখ।।
মৰন্তে কেৱল ডাকিল পুত্ৰক
নাৰায়ণ নাম লৈয়া।
এতেকে মৃত্যুকো এৰায়া বৈকুণ্ঠ
পদত উঠিল গৈয়া।। ৭৮২
নামৰ অভ্যাস কীৰ্ত্তন মাত্ৰকে
মুকুতি দিলা সাক্ষাত।
ধৰ্ম্ম অৰ্থ কাম দিবে হৰিনামে
কিবা কথা কৈবে আত।।
বুলিবি সংশয় যেবে এহি হয়
কহিলা সিসব অৰ্থ।
মনু আদি কৰি প্ৰায়শ্চিত্ত যত
বিহিলন্ত সবে ব্যৰ্থ ।। ৭৮৩
তাহাত বিস্তৰ প্ৰয়াস আছয়
হৰিনাম সুখকৰ।
কেৱলে নামক কীৰ্ত্তন কৰিয়া
কৃত্যকৃত্য হৱে নৰ।।
নাম এৰি আন গুৰু প্ৰায়শ্চিত্তে
যেহেতু প্ৰৱৰ্ত্তে প্ৰাণী।
নামে সত্য কিবা প্ৰায়শ্চিত্তে সত্য
স্বৰূপ একো নজানি।।৭৮৪
ইহাৰ উত্তৰ শুনিবি কিঙ্কৰ
হুয়া সাৱধানে মন।
বিহিলন্ত প্ৰায়- শ্চিত্ত মনু আদি
যত মহা সাধু জন।।
যেন অল্পমতি বৈদ্যে নজানিয়া
মহা মৃত্যু সঞ্জীৱনী।
তথাপিতো নানা বিধ ঔষধক
ৰুগীয়াক দেয় আনি।। ৭৮৫
সেহিমতে ব্ৰহ্মা হৰ প্ৰতিমুখে
বাৰ জন ব্যতিৰেক।
মনু আদি কৰি ইটো সংসাৰত
মহন্ত আছে যতেক।।
হৰিৰ নামৰ পৰম ৰহস্য
মহিমাক নজানন্ত।
বাহ্ৰ বাৰিষিক আদি কৰি নানা
প্ৰায়শ্চিত্ত বিহিলন্ত।। ৭৮৬
কৃষ্ণৰ দুৰ্জ্জয় মায়াত সবাৰো
বিমোহিত ভৈল মতি।
বেদৰ মধুৰ পুষ্পিত বাক্যত
কৰন্ত সদায় ৰতি।।
ফলহীন মনো-হৰ বেদবাদে
জড়ীকৃত্য ভৈল চিত্ত।
এতেকে নামক নজানি বিহিল
মহা কৰ্ম্ম প্ৰায়শ্চিত্ত।। ৭৮৭
প্ৰকৃতিৰ গুণে বশ্য হৈয়া আতি
অল্পমতি মূঢ় নৰে।
অস্পষ্ট কঠিন মহা মন্ত্ৰ আদি
ঘোৰ কৰ্ম্মে ৰতি কৰে।।
অলপ অক্ষৰ পৰম কোমল
ৰাম কৃষ্ণ আদি নাম।
আতি অনায়াসে উচ্চাৰন্তে সাধে
ধৰ্ম্ম অৰ্থ মোক্ষ কাম।। ৭৮৮
আক অল্প বুলি এৰি পাপীসবে
কৰ্ম্মপথে প্ৰৱৰ্ত্তিল।
এতেকে গ্ৰাহক নেদেখি জানন্তা
জনে নাম নকহিল।।
জানিয়ো হৰিৰ নাম নকৈবাৰ
আৰো আছে অভিপ্ৰায়।
যেন কোনজনে কুকুৰ শৃগাল
খেদাইবাক মাত্ৰ চায়।। ৭৮৯
তাক লাগি যেন পোষণ সিংহক
মেলি নেদে কদাচিত।
সেহিমতে আতি তুচ্ছ হাড় ইটো
কোন পাপ প্ৰায়শ্চিত্ত।।
পৰম মঙ্গল হৰিনাম ধৰ্ম্ম
মুকুতৰো যাত ৰতি।
পাপ প্ৰায়শ্চিত্ত অৰ্থে মহাজনে
নকৈলা নাম সম্প্ৰতি।। ৭৯০
নাম নকৈবাৰ আৰো অভিপ্ৰায়
শুনিবি সমস্ত দূত।
নামৰ মহিমা জানিল মাত্ৰকে
জগতে হৈব মুকুত।।
এহি মনে গুণি মহাজন সব
জানিয়ো নাম নকৈল।
আন প্ৰায়শ্চিত্ত বিহিয়া নামক
গুপুত কৰিয়া থৈল।। ৭৯১
মনু আদি কৰি যত মহাজন
বেদ অৰ্থ বিচাৰক।
নামৰ মহিমা জানি স্থানে স্থানে
স্থাপিয়া আছে নামক।।
তথাপিতো অপ্ৰ মাণ নকৰিলে
আন প্ৰায়শ্চিত্ত যত।
যেহেন বেদত যাগ যোগ আদি
কহি আছে প্ৰথমত।।৭৯২
পাছত সমস্ত কৰ্ম্মক মৰ্দিয়া
অদ্বৈত জ্ঞান কহিল।
সেহিমতে আগে প্ৰায়শ্চিত্ত কহি
পাছত নাম বিহিল।।
সকলে কৰ্ম্মক আচৰিয়া নৰে
পাছত নাম সুমৰে।
হৰিৰ নামেসে জানিবা নিশ্চয়
কৰ্ম্মকো সুসাঙ্গ কৰে।।৭৯৩
যদ্যপি নামৰ মহিমা শ্ৰদ্ধালু
নকৰয় কৰ্ম্ম আন।
প্ৰায়শ্চিত্ত বিধা- য়ক শাস্ত্ৰ তভো
নকৰিল অপ্ৰমাণ।।
অদ্বৈত শ্ৰদ্ধালু সবে যেন একো
যাগ আদি নাচৰন্ত।
তথাপিতো কৰ্ম্ম বিধায়ক বেদ
অপ্ৰমাণ নকৰন্ত ।। ৭৯৪
সেহিমতে মহা জনে অপ্ৰমাণ
নকৰিয়া প্ৰায়শ্চিত্ত।
অসম্ভাৱনাক আদি কৰি যাৰ
পৰম মলিন চিত্ত।।
কদাচিতো হৰি নাম নাসিবেক
সিটো মনুষ্যৰ মুখে।
অদ্বৈত জ্ঞানক যেন কৰ্ম্মী নৰে
ৰাখিবে নপাৰে দুখে।।৭৯৫
আন প্ৰায়শ্চিত্ত অপ্ৰমাণ দেখি
নকৰিব তাত ৰতি।
নাম কৰ্ম্ম দুইকো এৰিয়া কেৱলে
যাইবে সিটো অধোগতি।।
এতেকে অজ্ঞানী মনুষ্যৰ পদে
প্ৰায়শ্চিত্ত ৰাখিলন্ত।
কৃষ্ণৰ নামক নানাবিধ শাস্ত্ৰে
নিবন্ধি থৈয়া আছন্ত।।৭৯৬
অনেক জন্মৰ যিটো মহন্তৰ
পৰম পুণ্য আছয়।
স্বভাৱে নামক বিচাৰি পাবেক
সিটো সাধু মহাশয়।।
হেন জানি দূত যিটো সাধু নৰে
কৃষ্ণত লৈয়া শৰণ।
ধৰ্ম্ম শিৰোমণি কৃষ্ণৰ নামক
সদায় কৰে কীৰ্ত্তন।। ৭৯৭
সিটো মহাজনে চেতনে পাপত
নকৰিবে অভিলাষ।
যদি প্ৰমাদত সিজে কদাচিত
কীৰ্ত্তনে কৰিবে নাশ।।
পাপী হেন বুলি তাহাৰ ওচৰ
নচাপিবি দূতগণ।
মোৰ দণ্ড যোগ্য নুহিকে জানিবি
সিটো মহা সাধু জন।।৭৯৮
যমৰ বচন থৈলো এহিমানে
শুনা সামাজিক জন।
সমস্তে ধৰ্ম্মৰ নামেসে ঈশ্বৰ
জানিয়া কৰা কীৰ্ত্তন।।
নমো নমো কৃষ্ণ তোমাৰ অভয়
চৰণে লৈলো শৰণ।
পৰম অনাথ জানি মোক প্ৰভু
কৃপা কৰা নাৰায়ণ।।৭৯৯
তোমাৰ অৰুণ চৰণ দুখানি
ক্ৰীড়াৰ হোক ভুৱন
তথাতে সদায় আনন্দে ক্ৰীড়োক
আমাৰ বালক মন।।
তযু পাদপদ্ম মকৰন্দ ৰস
পিয়োক কৰ্ণ ভ্ৰমৰে।
গুণ নামামৃত ফলক ভুঞ্জোক
বাক্য শুনে নিৰন্তৰে।।৮০০
এহিমানে মোক কৰা অনুগ্ৰহ
কৃপাময় কৃষ্ণ দেৱ।
তুমি বিনে মোৰ পম সুহৃদ
বান্ধৱ নাহিকে কেৱ।।
কৃপাৰ সাগৰ প্ৰাৰ্থক জনৰ
পূৰিয়ো মনৰ কাম।
গুচোক আপদ যত সভাসদ
ডাকি বোলা ৰাম ৰাম।। ৮০১