Ratnawali

Ratnawali written by Madhabdeva

পঞ্চম কীৰ্ত্তন বিৰচন পদ

দেখাইলো মহিমা কৃষ্ণ কথা শ্ৰৱণৰ।
শুনিলা কৌতুকে সভাসদ নিৰন্তৰ।।
 শুনিয়োক আৰো আৰম্ভিলো বিৰচন।
কৃষ্ণৰ কীৰ্ত্তন এবে কৰো নিৰূপণ।। ৬৮৫
সংসাৰত যত ধৰ্ম্ম আছে শ্ৰেষ্ঠতৰ।
সমস্ততে কৰি শ্ৰেষ্ঠ কীৰ্ত্তন কৃষ্ণৰ।।
এহিমান অভিপ্ৰায় সকল শাস্ত্ৰৰ।
তপ জপ আদি যত ধৰ্ম্ম পুৰুষৰ।।৬৮৬
কৰে বেদপাঠ যজ্ঞ যাগ যোগ দান।
সমস্তৰে অভিলাষী ফল এহিমান।।
উত্তম শ্লোকৰ গুণ নামক কীৰ্ত্তন।
ইহাকেসে কহি আছে মহা জ্ঞানীগণ।।৬৮৭
কৰয় কীৰ্ত্তন যিটো জানিবা সাক্ষাত।
সকল কৰ্ম্মক কৰি আছয় পূৰ্ব্বত।।
ভগৱন্ত মাধৱৰ কীৰ্ত্তন নকৰে।
জানিবা তাহাৰ ব্যৰ্থ ধৰ্ম্ম নিৰন্তৰে।। ৬৮৮
দেখাওঁ বেকতে কীৰ্ত্তনৰ ফল যত।
সূত নিগদতি শৌনকৰ সমাজত।।
শুনিয়ো শৌনক মোৰ স্বৰূপ উত্তৰ।
সমস্তে অসতী যত কথা অসন্তৰ।। ৬৮৯
যিসব কথাত মাধৱক নকহয়।
সিসব সকলে মিছা জানিবা নিশ্চয়।।
সেহিসে সকলে সত্য সেহিসে মঙ্গল।
সেহিসে পৰম পুণ্য সেহিসে কুশল।।৬৯০
সেহিসে ৰম্য সেহিসে ৰুচিৰ নৱ নৱ।
সেহিসে বঢ়াৱে মহা মনৰ উত্সৱ।।
সেহি শোক সাগৰ শোষয় মনুষ্যৰ।
সেহিসে ঐশ্বৰ্য্য আনি মিলাৱে কৃষ্ণৰ।।৬৯১
যিটো বাক্য কৰে হৰি চৰিত্ৰ কীৰ্ত্তন।
সেহি নৰ হয় সৰ্ব্ব গুণৰ ভাজন।।
নুহিকে আশ্চৰ্য্য ইটো শুনিয়ো যুগুতি।
যিহেতু কীৰ্ত্তনে সাধে পৰম মুকুতি।।৬৯২
ঘোৰ সংসাৰক পাইয়া আছে যিটো জন।
যদি অজ্ঞানতো কৰে শ্ৰৱণ কীৰ্ত্তন।।
সিও সদ্যে সংসাৰত হৱয় মুকুত।
আক আতি মনে নেদেখিবা অদভুত।।৬৯৩
যিটো নাম গ্ৰহণ কৰন্তে আতিশয়।
কাল মৃত্যু দুয়ো তৰতৰিয়া কাম্পয়।।
ইহাক জানিয়া যিটো নকৰে কীৰ্ত্তন।
সিটো অধমৰ জ্ঞানা নিষ্ফল জীৱন।।৬৯৪
যাৰ বচনত কৃষ্ণগুণ নাম নাই।
তাৰ বাক্য পাঠ আদি ব্যৰ্থ সমুদায়।।
জগত পৱিত্ৰকাৰী কৃষ্ণৰ চৰিত্ৰ।
নকৰে গ্ৰহণ যিটো বাক্যে কদাচিত।।৬৯৫
যদি চিত্ৰ বিচিত্ৰ বচন সৰ্ব্বোত্তম।
তথাপি জানিবা উচ্ছিষ্টৰ গৰ্ত্ত সম।।
কাক তুল্য কামাতুৰ নৰ যিটো জন।
সি সি সৰ্ব্বক্ষণে কৰে তাহাতে ৰমণ।। ৬৯৬
ৰাজহংস সদৃশ পৰম সাধু নৰে।
শুদ্ধ সত্ত্ব মন সৰোবৰে মাত্ৰ চৰে।।
কৃষ্ণ পাদপদ্মে বাস কৰয় কেৱল।
কৰে পান কৃষ্ণযশ জল সুনিৰ্ম্মল।।৬৯৭
যেহেন প্ৰসিদ্ধ যত ৰাজহংসচয়।
কেৱলে মানস সৰোবৰত চৰয়।।
কৰে বাসা কমনীয় পদ্মসমূহত।
বিচিত্ৰ অন্নাদিযুক্ত উচ্ছিষ্ট গৰ্ত্তত।।৬৯৮
কদাচিতো তাত ৰাজহংস নৰপয়।
জানিবা কাকেসে মাত্ৰ সাদয় ৰময়।।
দেখাইলো কৃষ্ণৰ গুণ নাম নাহি যাত।
অপৱিত্ৰ সিটো বাক্য জানিবা সাক্ষাত।।৬৯৯
কৃষ্ণ গুণ নাম মাত্ৰ কৰয় বেকত।
যদি পদ চাতুৰী নাহিকে বচনত।।
তথাপিতো জগতকে পৱিত্ৰ কৰয়।
সি সি বচনক মহাজনে সাদৰয়।।৭০০
কহন্তা থাকিলে কৰ্ণ পাতিয়া শুনয়।
শুনন্তা থাকিলে কৰ্ণ পাতিয়া শুনয়।
শুনন্তা থাকিলে মহা শ্ৰদ্ধায়ে কহয়।।
কহিবাক শুনিবাক যেবে নপাৱন্ত।
পৰম শ্ৰদ্ধায়ে বসি আপুনি গাৱন্ত।।৭০১
হেন হৰি গুণ যদি কীৰ্ত্তন নকৰে।
কদাচিতো তত্ত্ব নজানিব সিটো নৰে।।
নাৰদে বোলন্ত শুনা ব্যাস মহাশয়।
দেওঁ ইটো উপদেশ তোমাত নিশ্চয়।।৭০২
কৰা সাৱধানে মহা ভাগৱত শাস্ত্ৰ।
বৰ্ণাইবো কেৱলে কৃষ্ণ গুণ নাম মাত্ৰ।।
 তেবেসে তোমাৰ মহা শান্ত হৈবে মন।
কৰা যেবে অনাদৰ মোহোৰ বচন।। ৭০৩
উৰুক্ৰম চৰিত্ৰৰ কৰিয়া পৃথক।
বৰ্ণাইবা শাস্ত্ৰত যদি অন্যত্ৰ অৰ্থক।।
কদাচিতো বিষয়ে তোমাৰ ইটো মতি।
নপাইবেক স্থিতি আক জানিবা সম্প্ৰতি।।৭০৪
প্ৰচণ্ড বতাসে যেন নাৱ সাগৰৰ।
কাণ্ডাৰী বিহীনে পাক ফুৰে নিৰন্তৰ।।
সেহিমতে পাক ফুৰিবেক তযু মন।
জানিয়া কৰিও ব্যাস কৃষ্ণৰ কীৰ্ত্তন।।৭০৫
পৰম আনন্দে মতি মজিবে তোমাৰ।
তেবে সদ্যে হৈবে স্থিৰ কহিলোহো সাৰ।।
তথাপিতো তুমি যেবে নোযোৱা সঞ্জাত।
লৈয়ো মোৰ অনুভৱে প্ৰমাণ সাক্ষাত।।৭০৬
নিবিড় স্বৰূপে কৰো যেখন কীৰ্ত্তন।
আনন্দ সমুদ্ৰে মন হোৱয় মগন।।
তীৰ্থ পদ ভগৱন্ত জগত নিবাস।
তেখনে হৈৱন্ত আসি হিয়াত প্ৰকাশ।।৭০৭
যেন কোনজনে ডাক দিলে পুৰুষক।
সি যেন পুৰুষ আসে তেখনে আগক।।
এহিমানে থৈলোহো বচন নাৰদৰ।
শুনা এহি ফল কহো বচনে সুতৰ।। ৭০৮
বোলন্ত শুনিয়ো শৌনকাদি ঋষি যত।
বিস্তৰ কহিবো কিবা তোমাৰ আগত।।
এহিমানে পৰম কৰ্ত্তব্য মনুষ্যৰ।
কহো তোমাসাত সাৰ সকল শাস্ত্ৰৰ।।৭০৯
কৃষ্ণগুণ নামচয় অমৃত সাক্ষাত।
আছয় আশ্ৰয় কৰি যিসব কথাত।।
তাকে মাত্ৰ সেৱা কৰিবেক প্ৰতি নিত।
নিৰ্বিষয় হৈবাক আছয় যাৰ চিত।।৭১০
অন্যথা নুগুচে ঘোৰ সংসাৰৰ ভয়।
এহিমানে থাকোক সূতৰ বাক্যচয়।।
শুক বাক্য এহি অৰ্থ কৰোহো বিদিত।
বোলন্ত শুনিয়ো মহাৰাজ পৰীক্ষিত।।৭১১
দেওঁ পৰিচ্ছেদ মই সকল শাস্ত্ৰৰ।
সংসাৰত হন্তে মোক্ষ চাহে যিটো নৰ।।
কৃষ্ণ কীৰ্ত্তনেসে তাৰ মোক্ষৰ সাধন।
বিষয় ভোগক ইচ্ছা কৰে যিটো জন।।৭১২
কীৰ্ত্তনেসে দেয় তাকো জানা সেই ফল।
ভৈলন্ত মুকুত অতি যাহাৰ সফল।।
তাসম্বাৰো সেহিমানে ফল সমুদায়।
কৃষ্ণৰ কীৰ্ত্তন মাত্ৰ কৰিব সদায়।। ৭১৩
এহিমানে স্পষ্ট সৰ্ব্ব শাস্ত্ৰৰ নিৰ্ণয়।
ইহাৰ প্ৰমাণ নুখুজিবা মহাশয়।।
প্ৰমাণৰ উপৰি প্ৰমাণ নাহি আৰ।
বিষয় বাসনা বদ্ধ ভাল মন যাৰ।।৭১৪
পৰম আতুৰ চিত্ত বিষয় চিন্তাত।
ঘোৰ আপদত মজি আছয় সাক্ষাত।।
তাহাৰো সংসাৰ সিন্ধু তৰিবাক প্ৰতি।
বিহি আছে নাৱ কৃষ্ণ কীৰ্ত্তন সম্প্ৰতি ।। ৭১৫
নুবুলিবা বেদ মাত্ৰ কেৱল প্ৰমাণ।
কিন্তু লৌকিকতো আক দেখি বিদ্যমান।।
কীৰ্ত্তন নকৰি নতু তৰে একোজন।
পৰম বিষয়ী তৰে কৰিয়া কীৰ্ত্তন।।৭১৬
এহিমানে থৈলো এবে বচন শুকৰ।
সদায় কীৰ্ত্তন যিটো কৰয় কৃষ্মৰ।।
কি কহিবো তাসম্বাৰ মহিমা আছোক।
অন্তকালে কীৰ্ত্তন কৰয় যিটো লোক।। ৭১৭
এতেকে মুকুত হোৱে ঘোৰ সংসাৰত।
লৈয়োক প্ৰমাণ ব্ৰহ্মাদেৱৰ বাক্যত।।
নাহি জন্ম কৰ্ম্ম কৃষ্ণ জগত কাৰণ।
তান জন্ম কৰ্ম্মময় নাম বিৰম্বন।।৭১৮
সেহি জন্ম কৰ্ম্মময় নাম মাধৱৰ।
মৃত্যুকালে অজ্ঞানতো লৱে যিটো নৰ।।
এতেকে তেখনে তাৰ ছিণ্ডে কৰ্ম্মবন্ধ।
মিলয় মনত আসি পৰম আনন্দ ।। ৭১৯
হোৱয় প্ৰৱেশ পৰমব্ৰহ্ম স্বৰূপত।
প্ৰণাম সদায় হেন কৃষ্ণ চৰণত।।
থৈলোহো সংহৰি ব্ৰহ্মদেৱৰ বচন।
অজ্ঞানতো অন্তকালে কৰিয়া কীৰ্ত্তন।। ৭২০
অনায়াসে গৈল ঘোৰ সংসাৰক তৰি।
বিষ্ণুদূত বচনে দেখাওঁ স্পষ্ট কৰি।।
মাধৱৰ মুখ্য পাৰিষদ চাৰি জন।
যমৰ দূতক চাহি বুলিলা বচন।।৭২১
শুন অৰে যমদূত পৰম পামৰ।
নজানস কিছু তোৰা মহিমা নামৰ।।
যদ্যপি অজ্ঞানী ইটো বিপ্ৰ অজামিল।
তথাপি সাক্ষাতে হৰি নাম উচ্চাৰিল।।৭২২
এতেকেসে বিপ্ৰে কোটি জন্মৰ পাপৰ।
কৰিলে সবাৰো প্ৰায়শ্চিত্ত শ্ৰেষ্ঠতৰ।।
হেন নুবুলিবি ভৈল প্ৰায়শ্চিত্ত মাত্ৰ।
কিন্তু ভৈল দ্বিজ মহা মুকুতিৰ পাত্ৰ।। ৭২৩
হেন বা হৈবেক তোৰ সংশয় মনত।
কৰ্ম্ম মাত্ৰ হৱে সাঙ্গ নাম কীৰ্ত্তনত।।
স্বতন্ত্ৰে কিমতে নামে সংহাৰিবে পাপ।
ইহাৰ উত্তৰ শূনা ত্যজিয়া সন্তাপ।।৭২৪
হৈবে লাগি মাত্ৰ পাপ নামে প্ৰায় শ্চিত্ত।
সম্পূৰ্ণ নলাগে হৰি নাম উচ্চাৰিত।।
পৰম মঙ্গল হৰিনাম আভাসে।
সমস্তে লোকৰ মহাপাপক বিনাশে।।৭২৫
দেখিলে সাক্ষাতে ইটো বিপ্ৰ অজামিল।
পূৰ্ম চাৰি অক্ষৰে নামক উচ্চাৰিল।।
নাৰায়ণ আইস বুলি আৰ্ত্তনাদ কৰি।
ডাকিলা প্ৰভুক ইটো পুত্ৰ নাম ধৰি।।৭২৬
কৃষ্ণৰো আসিবে লাগে ইহাৰ পাশক।
কোন অদভুত ইটো নাশিল পাতক।।
বুলিবি ব্ৰাহ্মণ মহা পাতকী প্ৰধান।
কৰিলে সমস্তে পাপ আছে যতমান।।৭২৭
অনেক সহস্ৰবাৰ কৰিয়াছে নিত্য।
কৰে যদি ইটো কোটি কোটি প্ৰায়শ্চিত্ত।।
তথাপিতো পাপ নষ্ট নুহিকে ইহাৰ।
একে নামে হৈবে কেনে পাতক সংহাৰ।।৭২৮
ইহাৰ উত্তৰ দেওঁ শুন দূতগণ।
ব্ৰাহ্মণৰ সুৱৰ্ণক হৰে যিটো জন।।
মিত্ৰ দ্ৰোহ সুৰাপান ব্ৰহ্মবধ কৰে।
স্ত্ৰীবধ ৰাজবধ গুৰুভাৰ্য্যা হৰে।। ৭২৯
গোবধ পিতৃবধ কৰে দুৰাশয়।
সংসাৰত আছে আনো যত পাপচয়।।
সমস্তৰে মুখ্য প্ৰায়শ্চিত্ত হৰিনাম।
উচ্চাৰন্তে হোৱে নষ্ট পাতকৰ দাম।।৭৩০
নকৰিবি দূত তই ইহাত সংশয়।
যিটো জনে মুখে হৰিনাম উচ্চাৰয়।।
ইটো মোৰ ভৈল বুলি প্ৰভু ভগৱন্ত।
সমস্ত ভয়ত তাক ৰাখিয়া ফুৰন্ত।।৭৩১
এতেকেসে শ্ৰেষ্ঠ প্ৰায়শ্চিত্ত হৰিনাম।
আত যমদূত শঙ্কা কৰ কোন কাম।।
মনু প্ৰতিমুখ্য কৰি যত ব্ৰহ্মবাদী।
বিহিয়া আছন্ত যত যাগ যোগ আদি।। ৭৩২
সিটো প্ৰায়শ্চিত্তে শুদ্ধি নকৰে সিমতে।
নাম উচ্চাৰন্তে পাপ গুচে যেনমতে।।
শুন দূত নামৰ মহিমা বিপৰীত।
নেৰে নামে পুৰুষক কৰাই প্ৰায়শ্চিত্ত।।৭৩৩
উত্তম শ্লোকৰ আছে গুণগণ যত।
তাকো আনি নামে মিলাৱয় পুৰুষত।।
আন প্ৰায়শ্চিত্তে যদি পৱিত্ৰ কৰয়।
কদাচিতো পাতকৰ বীজ নুগুচয়।।৭৩৪
প্ৰায়শ্চিত্ত কৰিও পাপক ধাৱে মনে।
বীজ নষ্ট কৰিবাক চাহে যিটো জনে।।
হৰিগুণ নাম মাত্ৰ কৰোক কীৰ্ত্তন।
কৰয় প্ৰভুৰ নামে চিত্তক শোধন।।৭৩৫
গুচাইলো সংশয়চয় তোহোৰ মনৰ।
কৰোহো আদেশ শুন যমৰ কিঙ্কৰ।।
নিনিবি দ্বিজক তই পাপক পথক।
মৰন্তে লৈলেক ইটো হৰিৰ নামক।।৭৩৬
কৰিলেক প্ৰায়শ্চিত্ত নিঃশেষ পাপৰ।
উচ্চাৰিলে নাৰায়ণ চাৰিও অক্ষৰ।।
এতেকে মুকুতি দ্বিজে পাইলে হেন জান।
নাম এক দশ কৰে পাপক নিৰ্য্যাণ।।৭৩৭
যি বুলি লৈলে নাম মৃত্যু সময়ত।
নুপুজিল পাপ পুনৰপি ব্ৰাহ্মাণত।।
তাতেসে মৰণ কালে কৰিল মুকুত।
নকহিলো বিধি তই জান যমদূত।। ৭৩৮
কৃচ্ছ চান্দ্ৰায়ণ আদি কৰি বিধি যত।
কহে হেন প্ৰায়শ্চিত্ত পাপৰ অন্তত।।
সিমত বিধান নাহি হৰিৰ নামত।
যেই সেই বেলা লৈলে পাপ কৰে হত।। ৭৩৯
যেন আকস্মিকে কাক উড়াৱ কৰিল।
পকা তালফল সেই সময় সৰিল।।
সেহি তাল পৰি যেন কাক ভৈল হত।
হৰিৰ নামৰ জান তেহ্নয় মহত্ত্ব।।৭৪০
বুলিবি নলৈলে বিপ্ৰে হৰিৰ নামক।
মৰণ সময়ে ডাক দিলেক পুত্ৰক।।
কেনমতে ব্ৰাহ্মণৰ পাপ ভৈল নষ্ট।
শুন আৰ উত্তৰ ত্যজিয়া মন কষ্ট।।৭৪১
পুত্ৰনাম ধৰিয়া সঙ্কেতে লৱে নাম।
পৰিহাস কৰিও যদ্যপি বোলে ৰাম।।
গীত তাল মান পুৰাণত নাম লয়।
অৱহেলা কৰি হৰিনাম উচ্চাৰয়।।৭৪২
ইসব প্ৰকাৰে যদি নামক উচ্চাৰে।
তথাপিতো সমস্ত পাতক তাৰ হৰে।।
বুলিবি বিপ্ৰৰ নাহি সঙ্কল্প মনত।
বৈকুণ্ঠৰ নাম লওঁ পাপ হৌক হত।। ৭৪৩
পুত্ৰৰ স্নেহত বুলিলেক নাৰায়ণ।
কিমত হৈবেক ব্ৰাহ্মণৰ পাপ ছন্ন।।
ইহাৰ উত্তৰ দূত শুনিবি সকলে।
কৰে জ্বৰে তাপে পীড়া পৰে বা পিছলে।।৭৪৪
সৰ্পে দংশে মাৰে শত্ৰু ভঙ্গে হাত ভৰি।
এতেক সময়ে অজ্ঞানতো বোলে হৰি।।
তথাপি সমস্তে পাপ হোৱয় বিনাশ।
আৰো তাকে যাতনা ভুঞ্জাইবে কৰ আশ।।৭৪৫
হেনবা বুলিবি তই যমৰ কিঙ্কৰ।
কৰি আছে বিপ্ৰে মহা পাপ গুৰুতৰ।।
বহু প্ৰায়শ্চিত্তেসে পৱিত্ৰ হোৱে গাত্ৰ।
সুমৰিয়া আছে ইটো অল্প নাম মাত্ৰ।।৭৪৬
কেনমতে ইহাৰ গুচিল সবে পাপ।
শুন আৰ উত্তৰ ত্যজিয়া মনস্তাপ।।
মনু আদি কৰি যত মহন্ত প্ৰধান।
কৰি আছে তাৰাসবে যিসব বিধান।।৭৪৭
গুৰু পাতকৰ প্ৰায়শ্চিত্ত গুৰুতৰ।
ক্ষুদ্ৰ মাত্ৰ প্ৰায়শ্চিত্ত ক্ষুদ্ৰ পাতকৰ।।
পাপ তাৰতম্য জানি কহিয়া আছন্ত।
সিসব নিয়ম তাতে মাত্ৰ বিহিলন্ত।। ৭৪৮
নাহিকে ব্যৱস্থা ইটো হৰিৰ নামত।
সমস্তে পাতক উচ্চাৰন্তে হোৱে হত।।
যেন এক বিন্দু মাত্ৰ পিলেক মদ্যক।
তথাপিতো মহাপাপী বুলি ব্ৰাহ্মণক।। ৭৪৯
সেহিমতে অল্প মাত্ৰ সুমৰে নামক।
দহে তত কালে মহা মহা পাতকক।।
তপ জপ যাগ যোগ যজ্ঞ তীৰ্থ ব্ৰত।
যাক যৈত বিহে তাক তৈতে কৰে হত।। ৭৫০
কৰ্ম্ম প্ৰায়শ্চিত্তে পাপ নুগুচে সমূলি।
হৰিনামে পেলাৱে পাপৰ আলু তুলি।।
শুন যমদূত কহো কৰিয়া নিৰ্ণয়।
লৈলে একবাৰ নাম পাপ হোৱে ক্ষয়।।৭৫১
যেন বহু কাল ঘোৰ আন্ধাৰ আছয়।
একবাৰ প্ৰদীপ জ্বালিলে নষ্ট হয়।।
সেহিমতে হৰিনাম লৈলে একবাৰ।
অনাদি জন্মৰ পাপ হোৱয় সংহাৰ।।৭৫২
পুনৰপি পাপ আসি চাপয় সমীপ।
বেঢ়ে অন্ধকাৰে যেন নিমাইলে প্ৰদীপ।।
নামৰ আবৃত্তি নেৰে এতেকে মহন্তে।
নাশে অন্ধকাৰ যেন প্ৰদীপ থাকন্তে।। ৭৫৩
সদা নাম লৱন্তে বাসনা হোৱে ক্ষয়।
নোপজয় পাপ পুনু চিত্তশুদ্ধি হয়।।
এতেকেসে শাস্ত্ৰে কহে সদায় স্মৰণ।
কহিলো সমস্ত তোত নামৰ লক্ষণ।।৭৫৪
কহিলো ব্যৱস্থা ইটো সমস্ত লোকৰ।
শুন এবে কথা অজামিল ব্ৰাহ্মণৰ ।।
অনেক জনমে পাপ কৰি আছে যত।
মৰন্তে সুমৰি নাম দহিল সমস্ত ।।৭৫৫
শুনিল কৃষ্ণৰ কথা মুখত আমাৰ।
দহি পাতকৰ বীজ তৰিল সংসাৰ।।
প্ৰভুৰ পৰম কৃপা ভৈল আক প্ৰতি।
ইহাক ধৰস তোৰা পৰম দুৰ্ম্মতি।।৭৫৬
হেনবা বুলিবি দূত ইটো অজামিল।
প্ৰায়শ্চিত্ত জানি হৰিনাম উচ্চাৰিল।।
কিমতে গুচিবে পাপ অজ্ঞানী বিপ্ৰৰ।
শুন এবে দূতসব ইহাৰ উত্তৰ।। ৭৫৭
জ্ঞানে বা অজ্ঞানে নাম লৱে মাধৱৰ।
তথাপি সমস্ত পাপ দহে নিৰন্তৰ।।
অজ্ঞান বালকসবে যেন জুই দেয়।
তথাপি সমস্ত কাষ্ঠ ভস্ম কৰি নেয়।। ৭৫৮
বুলুবি কাহাতো নতু উপদেশ পাৱে।
আপোনাৰ শ্ৰদ্ধা আৰ নাহিকে স্বভাৱে।।
কেনমতে নামে পাপ হৰিল বিপ্ৰৰ।
ইহাৰ উত্তৰ শুন যমৰ কিঙ্কৰ।। ৯৫৯
যেন মহা বীৰ্যোত্তম পাই ঔষধক।
কাতো হন্তে নতু তাৰ শুনয় গুণক।।
নজানিয়া ৰোগীসবে কৰে তাক পান।
তথাপি সমস্ত ব্যাধি কৰয় নিৰ্য্যাণ।। ৭৬০
সেহিমতে হৰিনাম মহা বীৰ্য্যোত্তম।
সমস্ত পাপৰ যেন কালান্তক যম।।
নাজানি গুণৰ অশ্ৰদ্ধাতো সুমৰয়।
নিঃশেষে পাপক দহি নিৰ্ম্মল কৰয়।। ৭৬১
নচাৱে শ্ৰদ্ধাক বাট বস্তুৰ শকতি।
শুনিয়ো নামৰ আৰো দৃষ্টান্ত সম্প্ৰতি।।
নিচিনিয়া বিষ খাইয়া যেন মৰে নৰ।
নজানি অমৃত খাইয়ো হোৱয় অমৰ।। ৭৬২
অজ্ঞানতো হাত দিলে দহয় অগনি।
সেহিমতে হৰিনাম ধৰ্ম্ম শিৰোমণি।।
নজানিয়ো কৰে আক যি জনে কীৰ্ত্তন।
তাহাৰ সমূলি পাপ দহি কৰে ছন্ন।। ৭৬৩
কহিবো কতেক আমি নামৰ মহিমা।
অচিন্ত্য প্ৰভাৱ নাম নাহি আৰ সীমা।।
হেন নাম উচ্চাৰিল দ্বিজ অজামিল।
কৰ্ম্মৰ বন্ধন আৰ সকল ছিড়িল।।৭৬৪
এতেকে পাইলেক বিপ্ৰে দুৰ্লভ মুকুতি।
ইহাক ধৰস তোৰা কমন যুগুতি।।
এহি বুলি পাৰিষদে খেদায়া দূতক।
ভৈল অন্তৰ্দ্ধান তৈতে ৰাখিয়া বিপ্ৰক।। ৭৬৫
উপসংহৰিয়া অজামিল উপাখ্যান।
পৰীক্ষিত ৰাজাক কহন্ত বিদ্যমান।।
বোলন্ত শুনয়ো ৰাজা মোহোৰ উত্তৰ।
অতৰ্ক মহিমা কিনো হৰিৰ নামৰ।। ৭৬৬
পৰম পাপৰ পাপপুঞ্জ দ্বিজাধম।
এৰিলেক ব্ৰাহ্মণৰ যতেক নিয়ম।।
বেশ্যাপতি হুয়া কৰি গৰিহিত কৰ্ম্ম।
সমস্ত ধৰ্ম্মকে নাশি সঞ্চিল অধৰ্ম্ম।। ৭৬৭
নৰকত পৰে হেন সময়ত।
তথাপিতো সদ্যে এৰাই পাতকৰ হাত।
সংসাৰত হন্তে মোক্ষ লভিল সাক্ষাত।।৭৬৮
অদভুত বুলি ৰাজা নুহিবা বিকল।
এহিমানে সমস্ত শাস্ত্ৰৰ মুখ্য ফল।।
চাহে মোক্ষ এৰাই যিটো কৰ্ম্মৰ বন্ধন।
তীৰ্থ পদ মাধৱৰ কৰোক কীৰ্ত্তন।।৭৬৯
আতপৰে নাহি আৰ অস্ত্ৰ তীক্ষ্নতৰ।
কীৰ্ত্তনেসে ছেদ কৰ্ম্মবন্ধ পুৰুষৰ।।
আন যত প্ৰায়শ্চিত্ত কৰে নিৰন্তৰ।
ৰজস্তমে মল আতি নুগুচে ভিতৰ।।৭৭০
হৰিনাম কীৰ্ত্তনেসে কৰে মল দূৰ।
নামৰ মহিমা ৰাজা কহিলো প্ৰচুৰ।।
কৰোহো তোমাৰ দূৰ অসম্ভাৱনাক।
সাক্ষাতে প্ৰমাণ পুনু দেখাওঁ তোমাক।।৭৭১
মিলৈ ছাগলীতো দ্বিজ হেনসে অধম।
আৰো মৃত্যুবেলা চিত্ত অসুস্থ পৰম।।
হৰিনাম লওঁ তাৰ নাহি হেন মন।
পুত্ৰ উপচাৰে নাম কৰিল কীৰ্ত্তন।।৭৭২
তথাপিতো দগ্ধ কৰি সমস্ত পাপক।
পাৰিষদ ৰূপ ধৰি গৈল বৈকুণ্ঠক।।
হেনয় নামক যিটো লৱে ভক্তিভাৱে।
তাহাৰ ভাগ্যক কোনে কৰি অন্ত পাৱে।।৭৭৩
জানি ইটো পৰমাৰ্থ সভাসদ জন।
হৰি গুণ নাম কৰা সদায় কীৰ্ত্তন।।
এতেকে এৰাইবা সুখে সংসাৰৰ হাত।
দুৰ্ল্লভ মুকুতি পদ লভিবা সাক্ষাত।।৭৭৪
নমো নমো নাৰায়ণ দেৱ হৃদীশ্বৰ।
কিঞ্চিতেক কৃপা মোক কৰা দামোদৰ।।
মোৰ কৰ্ম্মগতি জন্ম হৌক যথা তথা।
তযু ভকতৰ সঙ্গ নেৰোক সৰ্ব্বথা।।৭৭৫
তোমাৰ নিৰ্ম্মল কথা শুনিবো সতত।
নুগুচোক মোৰ মুখে তযু নাম যত।।
তযু পাদপদ্ম সদা মনে সুমৰোক।
এহিমান অনুগ্ৰহ কৰা প্ৰভু মোক।।৭৭৬
পৰম অনৰ্থ মোত পৰে নাহি আন।
মহা কাৰুণিক নাহি তোমাৰ সমান।।
শুনি আছো তুমি মহা পতিতৰ গতি।
মোত পৰে নাহি মহা পতিত সম্প্ৰতি।।৭৭৭
পতিত পাৱন হেন জানিয়া তোমাক।
পশিলো শৰণ নাথ নেৰিবা আমাক।।
তোমাক নেৰোক সদা মোৰ ইটো মনে।
সামাজিক লোক ৰাম ৰাম বোলা ঘনে।। ৭৭৮