Ratnawali

Ratnawali written by Madhabdeva

দুলড়ী

কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণেসে মাত্ৰ
পৰম শ্ৰেষ্ঠ ভকতি।
শুক মহামুনি নৃপতিৰ আগে
কহিলন্ত প্ৰতি প্ৰতি।।
উত্তম শ্লোকৰ গুণবাদ কথা
যিটো শুনে একবাৰ।
এতেকে যতেক অমঙ্গল তাৰ
নষ্ট হোৱে বাৰম্বাৰ।।৬৭৮
হেন জানি মহা নিৰ্ম্মল ভকতি
যিজনে চাহে কৃষ্ণত।
তাহান কথাক পৰম শ্ৰদ্ধায়ে
শুনোক মাত্ৰ সতত।।
ইটো প্ৰকৰণ উপসংহৰিয়া
কহো অৰ্থ নিৰন্তৰ।
নিজ ধৰ্ম্ম পথ ৰক্ষাৰ নিমিত্তে
যিটো কৃষ্ণ মহেশ্বৰ।।৬৭৯
শুদ্ধ সত্ত্ব গুণে লীলায়ে ধৰন্ত
ৰাম আদি অৱতাৰ।
তেহো ভগৱন্ত দেৱ যদুত্তম
জানিবাহা সাৰে সাৰ।।
আন অৱতাৰ সদৃশ যতেক
কৰিলা কৰ্ম্ম লীলায়।
সেহি কৰ্ম্মে বেদ বিহিত কৰ্ম্মক
নিবৰ্ত্তাৱে সমুদায়।।৬৮০
হেনয় কৃষ্ণৰ চৰণে যি সবে
সেৱা মাত্ৰ বাঞ্ছা কৰে।
তাহান চৰিত্ৰ অমৃতক মাত্ৰ
শুনোক সি সব নৰে।।
এতেকে কৃষ্ণৰ চৰণে হৈবেক
পৰম শ্ৰেষ্ঠ ভকতি।
কথা শ্ৰৱণৰ বিৰচন ভৈল
এহিমানে সমাপতি।।৬৮১
নমো নমো কৃষ্ণ প্ৰভু মহেশ্বৰ
কৰা কৃপা কিছু মোক।
ভকত সঙ্গত তযু কথামৃত
শ্ৰৱণত ৰতি হোক।।
তোমাৰ চৰণে কায় বাক্য মনে
শৰণ লৈলো সম্প্ৰতি।
মই মূঢ়মতি প্ৰণতি মিনিতি
নজানো স্তুতি ভকতি।। ৬৮২
তুমিসি পৰম প্ৰিয়তম আত্মা
ইষ্টদেৱ গুৰু নিষ্ঠ।
তুমিসি সুহৃদ বান্ধৱ তোমাক
নজানো মই পাপিষ্ঠ।।
পৰম কৃতঘ্ন পাপী মোত পৰে
নাহি জানা দামোদৰ।
শুনি আছো মহা পতিত পাৱন
নাহিকে তোমাত পৰ।।৬৮৩
সংসাৰ সাগৰে উপকাৰ চিন্তা
কৰিবে মোক যি জন।
তুমি বিনে হেন বান্ধৱ নেদেখো
জানিয়া লৈলো শৰণ।।
শৰণাগতক যেন লাগে কৃষ্ণ
কৰা যথোচিত কাম।
নছাৰিবা মোক সামাজিক লোক
ডাকি বোলা ৰাম ৰাম।।৬৮৪