Ratnawali

Ratnawali written by Madhabdeva

ছবি

সমস্তে ধৰ্ম্মৰ ফল কথা শ্ৰৱণেসে মাত্ৰ
দেখাইলোহো যুগুতি ফূৰ্ব্বত।
পৰম যোগীৰ কৃত্য জানা এহিমানে মাত্ৰ
দেখাওঁ মৈত্ৰেয়ৰ বচনত।।
মৈত্ৰেয় বোলন্ত মাতি শুনিয়ো বিদুৰ ধীৰ
কহো মই স্বৰূপ তোমাত।
যিটো মহা যোগীগণ অভ্যাসিয়া অনুক্ষণ
কৰিলন্ত আত্মাক সাক্ষাত।।৬৬৮
মিলে যোগ সিদ্ধি যত তাকো স্পৃহা নকৰন্ত
যিটো মহাজ্ঞানে ইটো ছেদিলে সংশয় যত
তাকো সবে ত্যজন্তে পাছত।।
সাধ্য পাইলে শাদনাত নাহি কিছু প্ৰয়োজন
থাকে ব্ৰহ্ম এৰে এক হুই
হেনয় অনেক যতি পাইয়া সিটো যোগ গতি
তথাপিতো অপ্ৰমত্ত নুই।।৬৬৯
কৃষ্ণ কথা শ্ৰৱণত পৰ।।
এহিমানে মৈত্ৰেয়ৰ বচন সংহৰি থৈলো
হেনবা বুলিয়া কদাচিত।
যোগৰ সিদ্ধিত স্পৃহা এৰিবেক কিবা হেতু
শুনা কহো সিদ্ধান্ত বিদিত।।৬৭০
ভগৱন্ত ঈশ্বৰৰ কথা শ্ৰৱণত পৰ
নাহি মহা লাভ ত্ৰিভুৱনে।
এতেকে সমস্ত এৰি কথাক শুনিব মাত্ৰ
লৈয়ো সাক্ষী গোপীৰ বচনে।।
কৃষ্ণ দৰশন আশে গোপীসবে গাৱে গীত
বোলে শুনা প্ৰভু লক্ষ্মীপতি।
তযু কথা অমৃতেসে মৰাকো জীয়াৱে আতি
লৈয়ো আৰ যুগুতি সম্প্ৰতি।।৬৭১
দেৱতাসবৰ ভোগ্য প্ৰসিদ্ধ অমৃত যিটো
কথামৃত শ্ৰেষ্ঠ তাত কৰি।
ব্ৰহ্মজ্ঞানী গণে সিটো অমৃত কৰিয়া তুচ্ছ
কথামৃত পিয়ন্ত সাদৰি।।
ভোগ্যৰ অমৃত আতি বঢ়াৱে সকাম কৰ্ম্ম
কথামৃতে কৰে কৰ্ম্ম নাশ।
নচাৱয় অনুষ্ঠন শ্ৰৱণ মাত্ৰকে মহা
মুকুতিকো কৰন্ত প্ৰকাশ।।৬৭২
দেৱৰ অমৃতে মহা উন্মত্ত কৰায় মাত্ৰ
কথামৃতে কৰয় সুশান্ত।
হেন কথা পৃথিৱীত কৰে যিটো বিস্তাৰিত
নাহি তাত পৰে দাতাৱন্ত।।
যিজনে কেৱল মাত্ৰ কথাকে গ্ৰহণ কৰে
তাহাৰ ভাগ্যৰ নাহি সীমা।
যি পুনু তোমাক আনি কৰিল সাক্ষাত প্ৰভু
তাৰ আৰ কি কৈবো মহিমা।। ৬৭৩
গোপীৰ বচন থওঁ এহি অৰ্থ পনুঃ কওঁ
যি ভৈল কৃষ্ণক দৰশন।
তাৰ যত পাপ ক্ষয় হৈব অদভূত নয়
কিন্তু ভৈল কৃতাৰ্থ সিজন।।
যাহাৰ নামক মাত্ৰ একবাৰ শ্ৰৱণত
অধম চণ্ডাল অতিশয়।
সেহিটো শৰীৰ সমে সমস্তে পাপত হন্তে
হোৱে মহা পৱিত্ৰ নিশ্চয়।।৬৭৪
বুলিবা সবাকে শুদ্ধি কৰয় কেৱলে পুনঃ
নুহি ধীক সমস্তে লাভত।
লৈয়োক সিদ্ধান্ত আৰ কৃষ্ণকথা শুনিবাৰ
মহিমা কহিবো মই কত।।
পুৰুষাৰ্থ মাজে সাৰ জানিয়া মহন্ত সবে
পূৰ্ব্বে কহি আছে বিদ্যমান।
ভগৱন্ত মাধৱৰ চৰিত্ৰ অমৃত কথা
সংসাৰক কৰয় নিৰ্য্যাণ।। ৬৭৫
হেন কথা অমৃতক মহন্তসবৰ মুখে
পিয়ে যিটো কৰ্ণাঞ্জলি ভৰি।
নুহি যেবে পশু সিটো জানয় কথাৰ ৰস
নুশুনিবে কোনেনো সাদৰি।।
কৃষ্ণ কথামৃত এৰি শুনে বিষয়ৰ কথা
পশুতো অধম সিটো আতি।
প্ৰতিকূল কৰ্ণ দিয়া জানিবা নিশ্চয়ে তাক
বিধাতায়ে কৰিলন্ত শাস্তি।।৬৭৬
কলা হৈলে ভাল তাৰ কুকথাক শুনিবাৰ
নপাইলেক হন্তে দোষে আসি।
কৃষ্ণৰ কথাত কৰি কুকথা যিমত তুচ্ছ
শুনা কহো দৃষ্টান্ত প্ৰকাশি।।
অমৃত পৰিয়া থাকে যেন শুকৰৰ জাকে
বিষ্ঠাকেসে কৰন্ত ভোজন।
তেজিয়া কুকথা বিষ্ঠা জানিয়া কৃষ্ণৰ কথা
অমৃতক কৰিয়ো যতন।। ৬৭৭