Ratnawali

Ratnawali written by Madhabdeva

পদ।।

বুলিবা পাপত শুদ্ধি হৈবে যাৰ মন।
কৃষ্ণকথা অমৃত পিয়োক সিটোজন।।
জীৱন মুকুত সব ভৈল কৃতকৃত্য।
তাৰ কথা শুনিবে নলাগে কদাচিত।। ৫৫৪
মুকুত হৈবাক প্ৰতি চাহে যিটো নৰ।
সিয়ো যোগ জ্ঞান অভ্যাসয় নিৰন্তৰ।।
কথা শুনিবাৰ প্ৰয়োজন নাহি তাৰ।
বিষয়ত আতি আসকতি চিত্ত যাৰ।।৫৫৫
ইন্দ্ৰিয়ৰ প্ৰীতি মাত্ৰ সাধে সৰ্ব্বক্ষণ।
তাৰ হৰি কথাত কমন প্ৰয়োজন।।
এহি তিনি বিধ মাত্ৰ লোক সংসাৰত।
নাহিকে তিনিৰো কাৰ্য্য কথা শ্ৰৱণত।।৫৫৬
কেৱলে পাতকী মাত্ৰ শুনিবেক কথা।
ইহাত সংশয় কিছু নকৰিও বৃথা।।
শুনিয়ো উত্তৰ ইটো ত্যজি কু-নিৰ্ব্বন্ধ।
কথাক সুনিবে কেনে এতেকে প্ৰৱন্ধ।।৫৫৭
সমস্তে শাস্ত্ৰৰ এহিমানে মাত্ৰ সাৰ।
ভৈলন্ত মুকুত তৃষ্ণা নিৱৰ্ত্তিল যাৰ।।
তাৰা সবো কৰে সদা শ্ৰৱণ কীৰ্ত্তন।
মুকুত হৈবাৰ এহিমানে প্ৰয়োজন।। ৫৫৮
দেখাইলোহো মুকুতৰো পৰম সন্মত।
মুকুত হৈবাক যিটো খোজে সংসাৰত।।
সিয়ো হৰি চৰিত্ৰ ঔষধ কৰি পান।
দুৰ্ঘোৰ সংসাৰ ব্যাধি কৰয় নিৰ্য্যাণ।। ৫৫৯
মুমুক্ষ জনৰো দেখাইলোহো প্ৰয়োজন।
বিষয়ৰ সুখত কেৱল যাৰ মন।।
উত্তম শ্লোকৰ গুণ চৰিত্ৰ সম্বাদে।
তাৰো মন কৰ্ণৰ পৰম সুখ সাধে।।৫৬০
বিষয়ীৰো পৰম শ্লাঘনী হৰি কথা।
ইহাত বিমুখ যিটো পৰম সৰ্ব্বথা।।
তাত পৰে নাহিকে অধম মন্দমতি।
শুনিয়োক তাৰ এবে ধিমত দুৰ্গতি।।৫৬১
সেহিসে চাণ্ডাল মহা ব্যাধ আত্মঘাতী।
অসুৰ ৰাক্ষস সি সি মৰা শৱ আতি।।
যজ্ঞৰ ঈশ্বৰ হৰি তাহাক নভজে।
বলিদান কৰি আন দেৱতাক যজে।। ৫৬২
বৃথা বধ ভাগী যদি নুহিকে সাক্ষাত।
যিহেতু নকৰে ৰতি কৃষ্ণৰ কথাত।।
এহি হেতু ভৈলা বৃথা পশু বধ ভাগী।
যাইবেক অৱশ্যে ঘোৰ নৰকক লাগি।।৫৬৩
বুলিবা যাহাৰ ইচ্ছা আছে মুকুতিক।
সদায়ে যিসব নৰ ভকতি ৰসিক।।
সি সবে সাধোক সিদ্ধি হৰি কথা শুনি।
জীৱন মুকুত সব কৃতাৰ্থ আপুনি।।৫৬৪
তাৰ কিবা কাজ কৃষ্ণ কথা শুনিবাক।
ইহাৰ উত্তৰ যেন শুনিয়োক তাক।।
মোক্ষতো অধিক কথা ৰস বিপৰীত।
এহিহেতু মুকুতৰ শুনিবে উচিত।।৫৬৫
মহাজন সবৰ আশ্ৰয় ভগৱন্ত।
তান মহা নিৰ্ম্মল গুণৰ নাহি অন্ত।।
ব্ৰহ্মা হৰ আদি যত আছে যোগেশ্বৰ।
তাহাৰা নপাৱে অন্ত নিৰ্গুণ কৃষ্ণৰ।।৫৬৬
তাহান কথাৰ মহা ৰস যিটো জানে।
সি কি বিলুবেক তুষ্ট ভৈলো এহিমানে।।
এতেক মুকুত সবে শুনে সৰ্ব্বক্ষণ।
শুনা শ্ৰৱণৰ আৰো কহো গুণগণ।।ি৫৬৭
পৰম নিৰ্মল জ্ঞান হোৱে উতপন।
হোৱে সংসাৰৰ যত ঊস্মি নিৱৰ্ত্তন।।
গুচে কৰ্ম্ম বাসনা প্ৰসন্ন হয় মতি।
ইহ পৰলোক সুখে মিলে বিৰকতি।। ৫৬৮
মোক্ষৰো সন্মত ভক্তি যোগ উপজয়।
শুনি যিটো আনন্দ লভিল আতিশয়।।
হৰিৰ কথাত সি কি নকৰিবে ৰতি।
সংসাৰৰ তাপ যত এৰাৱে সম্প্ৰতি।।৫৬৯
দেখাইলোহো শ্ৰৱণৰ গুণ নিৰন্তৰ।
হেন হৰি কথাত বিমুখ যিটো নৰ।।
তাৰ যেন গতি তাক শুনিয়ো সাম্প্ৰত।
যাি জগতৰ আয়ু সূৰ্য্যৰ লগত।। ৫৭০
একক্ষণ মাত্ৰ কথা শুনে মাধৱৰ।
হোৱয় সাফল তাৰ আয়ু সি দিনৰ।।
সিও ক্ষণ কথা নুশুনয় মাধৱৰ।
বিফলে হৰন্ত সূৰ্য্য আয়ু সিজনৰ।।৫৭১
বুলিবা জীৱন আদি আয়ুৰ সাফল।
তাহাৰ উত্তৰ যেন শুনিয়ো সকল।।
হৰি কথা হীনো যদি জীয়ে স্বৰূপত।
নিজীয়ে কি জানা ইটো তৰু বন যত।। ৫৭২
বুলিবা বৃক্ষৰ নাহি নিশ্বাস ভোজন
কেন মতে বৃক্ষ তুল্য হৈব সিটো জন।।
দেখিয়ো সাক্ষাতে ভোজনাদি সবে কৰে।
ইহাৰ উত্তৰ শুনিয়োক নিৰন্তৰে।। ৫৭৩
কমাৰৰ ভাটী যত ফোকাৰ ত্যজয়।
তাক কোন জনে জীয়া বুলিয়া আছয়।।
বিষ্ঠাকে ভোজন আদি কৰয় শূকৰে।
তেবে তাক প্ৰশংসা কৰয় কোন নৰে।। ৫৭৪
তৰু লতা আদিৰ জীৱন যেন বৃথা।
সেহি মত যি জনে নুশুনে হৰি কথা।।
যাৰ কৰ্ণপথক নগৈল দামোদৰ।
পশুতো অধম পশু অজ্ঞানী বৰ্ব্বৰ।।৫৭৫
অৱজ্ঞাৰ স্থলী সিটো কুক্কুৰ সদৃশ।
বিষ্ঠা ভুঞ্জি কৰে যেন শূকৰে হৰিষ।।
উটে যেন কণ্টক চোবায়া অতি মৰে।
ভাৰ পায়া গৰ্দ্দভে আনন্দ যেন কৰে।। ৫৭৬
হৰি কথা এৰি বিষয়ত ৰতি যাৰ।
এহি চাৰি গোটা পশু পটন্তৰ তাৰ।।
কিন্তু পশু সব নুহি ভকতিৰ পাত্ৰ।
ভকতিত অধিকাৰ মনুষ্যৰ মাত্ৰ।। ৫৭৭
হেনয় মনুষ্যে কৃষ্ণ কথা নুশুনয়।
চাৰিয়ো পশুত সিটো অধম নিশ্চয়।।
যতেক নিন্দিত লোক আছে নিৰন্তৰ।
তাহাৰো নিন্দিত হৰি বিমুখ পামৰ।।৫৭৮
বিদুৰ বচনে লৈয়ো ইহাৰ প্ৰমাণ।
বুলিলা বিদুৰে মৈত্ৰেয়ৰ বিদ্যমান।।
শুনিয়ো মৈত্ৰেয় মোৰ যেন অভিমত।
যতেক শোচনা আছে ইটো জগতত।। ৫৭৯
সি সবো তাহাক প্ৰতি কৰয় ক্ৰন্দন।
নজানিয়া কৃষ্ণ কথা নুশুনে যিজন।।
সিও বোলে মোক প্ৰতি নকান্দ সদায়।
নজানোহো আমি একো শাস্ত্ৰ অভিপ্ৰায়।।৫৮০
তুমি আমি দুইয়ো আহা কান্দো তাক প্ৰতি।
সবে শাস্ত্ৰ তাত্পৰ্য্য জানিয়া সম্প্ৰতি।।
তথাপি কৃষ্ণৰ কথা নকৰে শ্ৰৱণ।
মিছাতে পঢ়িলে মাত্ৰ শাস্ত্ৰ সিটো জন।। ৫৮১
সমস্তে শাস্ত্ৰৰ সাৰ মাধৱৰ কথা।
তাহাক নুশুনি জন্ম কৰিলেক বৃথা।।
অনেক জন্মৰ দুৰ্ব্বাসনা আছে তাৰ।
তাতেসে কৰিলে কালে আয়ুৰ সংহাৰ।।৫৮২
বাক্য মন শৰীৰৰ ব্যাপাৰ সকল।
হৰি কথা বিনে আৰ সকলে বিফল।।
তাত পৰে জানিবা নাহিকে আত্মঘাতী।
তাক লাগি ময়ো অনুশৌচ কৰো আতি।। ৫৮৩
বিদুৰৰ বচনক এহি মানে থওঁ।
আৰো তাৰ যিমত অৱস্থা তাক কওঁ।।
কেৱল ব্যৰ্থেসে আয়ু ভৈল সমাপতি।
কিন্তু সিটো অৱশ্যে যাইবেক অধোগতি।। ৫৮৪
লৈয়োক ইহাৰ সাক্ষী ব্ৰহ্মাৰ বাক্যত।
কহন্ত ব্ৰহ্মায়ে দেৱ সবৰ আগত।।
সৃষ্টি আদি কৰি মাধৱৰ লীলা যত।
তাত বহিৰ্ভূত অন্য কুকথা সমস্ত।। ৫৮৫
সিটো কুকথাক কৰে যিজনে শ্ৰৱণ।
কদািতো বৈকুণ্ঠক নযায় সিটো জন।।
ভৈলা সিটো মহা ভাগ্যহীন সমুদায়।
পূৰ্ব্ব পুণ্য বানে নষ্ট কৰে কুকথায়।। ৫৮৬
পেলাৱে তাহাক মহা ঘোৰ নৰকত।
আপোনাৰ পাতকে আপুনি ভৈলা হত।।
দেখাইলো ব্ৰহ্মাৰ বাক্যে কুকতাৰ ফল।
শুনে মাধৱৰ কথা যাহাৰা সফল।। ৫৮৭
কহো তাৰ ফল স্পষ্ট তত্ত্বৰ বচনে।
কৃষ্ণৰ আগত বাক্য বোলে তত্ত্বগুণে।।
তযু কতা অমৃতক পিয়ে যিটো জন।
তাহাৰ ভকতি আতি বাঢ়ে অনুক্ষণ।। ৫৮৮
হোৱে চিত্ত শুদ্ধ মিলে আনন্দ সাক্ষাত।
হোৱয় নিৰ্ম্মল বোধ হৃদয়ত জাত।।
তোমাৰ কৰুণা তাক মিলয় স্বভাৱে।
অনায়াসে সুখে গৈয়া বৈকুণ্ঠক পাৱে।।৫৮৯
তত্ত্বৰ বচন এবে থওঁ এহিমানে।
কৃষ্ণকথা ফল আৰো শুনা সাৱধানে।।
পৰম শ্ৰদ্ধায়ে যিটো পিয়ে প্ৰতি নিত।
হন্ত ভগৱন্ত আসি তাৰ সন্নিহিত।।৫৯০
ইঠাইতে বৈকুণ্ঠ সুখ মিলে সৰ্ব্বক্ষণে।
লৈয়োক ইহাৰ সাক্ষী ব্ৰহ্মাৰ বচনে।।
কৃষ্ণৰ আগত বিনাৱন্ত সৃষ্টিকৰ।
কি কহিবো মহত্ত্ব তোমাৰ ভকতৰ।।৫৯১
তযু পদ পঙ্কজৰ সুগন্ধ যশক।
শৱদ বতাসে নিয়ে কৰ্ণৰ পথক।।
পাইয়া সিটো গন্ধ মহা সন্তোষ মিলয়।
কৰ্ণৰন্ধ্ৰ ভৰি সুখে সদায় শুনয়।। ৫৯২
কথাৰস পাইয়া বিষয়ক পৰিহৰে।
মহাভক্তি ভাৱে তযু চৰণক ধৰে।।
তোমাৰ পাৱত লগাইলেক প্ৰেমজৰী।
যাইবেক নপাৰা তাৰ হৃদয়ক এৰি।। ৫৯৩
তুমি যাৰ হৃদয়ত সদায়ে প্ৰকাশ।
সি জনে নকৰে মুকুতিকো অভিলাষ।।
পৰম কৃতাৰ্থ ভৈলা সিটো মহাজন।
এহিমানে থৈলো ব্ৰহ্মাদেৱৰ বচন।।৫৯৪
কৃষ্ণকথা শুনি যেন হৱে কৃতকৃত্য।
সিদ্ধ সমস্তৰ বাক্যে কৰোহো বিদিত।।
সনতকুমাৰ আদি সিদ্ধগণ যত।
কৃষ্ণক কৰন্ত স্তুতি দক্ষৰ যজ্ঞত।।৫৯৫
বোলন্ত আমাক অনুগ্ৰহ কৰা যদি।
তযু কতা অমৃত নিৰ্ম্মলময় নদী।।
মহা নাদ উন্মত্ত আমাৰ মন মজে।
সেহি নদী মাজে মজি থাকোক সহজে।। ৫৯৬
যেন বন পোৰাত পুৰিয়া হস্তীচয়।
অগাধ গঙ্গাৰ জলে মজিয়া থাকয়।।
বনজুইক ডৰে তাৰপৰা নুঠে আৰ।
সেহিমতে মন প্ৰভু মাতঙ্গ আমাৰ।। ৫৯৭
দাবাগ্নি সদৃশ তিনি তাপ সংসাৰৰ।
অনাদি জনম তাতে পোৰে নিৰন্তৰ।।
এবে তযু কথাৰ নদীত বুৰ দেউক।
তাৰপৰা পুনৰপি উঠিয়া নাসোক।।৫৯৮
পাসৰিবো তেবে সংসাৰৰ যত দুখ।
মিলিবে মনত মহা ব্ৰহ্মানন্দ সুখ।।
যেন ব্ৰহ্মজ্ঞানী নুহি ব্ৰহ্মত পৃথক।
এক ভাব হুয়া পাইয়া থাকয় ব্ৰহ্মক।।৫৯৯
সেহিমতে মজি মন তোমাৰ কথাত।
পৰম আনন্দে মগ্ন হৈবোহো সাক্ষাত।।
শ্ৰৱণ বিৰাম আৰ নুহিবেক মন।
এহিমানে থৈলো সিদ্ধসবৰ বচন।।৬০০
দেখাইলো মুকুতি তুল্য সুখ শ্ৰৱণৰ।
পুনু পৰমাৰ্থ তাতো কৰি শ্ৰেষ্ঠতৰ।।
লৈয়োক ইহাৰ সাক্ষী পৃথুৰ বচনে।
প্ৰাৰ্থিলন্ত পৃথু যেন কৃষ্ণৰ চৰণে।। ৬০১
বোলন্ত আমাক প্ৰভু কোননো পণ্ডিতে।
তোমাৰ চৰণ আৰাধিয়া একচিত্তে।।
ইন্দ্ৰিয়ৰ সুখ অৰ্থে প্ৰাৰ্থিৱন্ত বৰ।
নৰকীয়ো নিত্য যাক পাৱে নিৰন্তৰ।।৬০২
অহঙ্কাৰী দেৱ যত ব্ৰহ্ম প্ৰতি মুখ।
তাসম্বাতো হন্তে পায় ইন্দ্ৰিয়ৰ সুখ।।
নিগুৰ্ণ ঈশ্বৰ তুমি কৈবল্যৰ পতি।
নোখোজোহো তাক মই তোমাত সম্প্ৰতি।।৬০৩
বুলিবা কৈবল্য পতি বুলিলা আমাক।
খোজা যেবে দেওঁ তেবে মুকুতি তোমাক।।
শুনিয়ো উত্তৰ মোৰ মনত যুগুতি।
কদাচিতো নাথ মই নোখোজো মুকুতি।। ৬০৪
পৰম মহন্ত মহা একান্ত ভকত।
তযু পাদপদ্ম মকৰন্দ যশ যত।।
হৃদয়ৰ পৰা মুখে কৰন্ত বিদিত।
নপাই তাক শুনিবাক যিটো মুকুতিত।।৬০৫
সিসব মুকুতি পদে মোৰ কাৰ্য্য নাই।
কিন্তু এক বৰ মই মাগোহো গোসাঁই।।
মহন্তৰ মুখে পাওঁ কথা শুনিবাক।
হাজাৰ দশেক কৰ্ণ দিয়োক আমাক।।৬০৬
বুলিবা ইহাক নতু খোজে একোজন।
ইহাৰ উত্তৰ শুনিয়োক নাৰায়ণ।।
আনৰ চিন্তাত মোৰ কিবা প্ৰয়োজন।
এহিসে বৰক মোৰ অভিৰুচি মন।। ৬০৭
বুলিবাহা ভৈল যিটো মুকুতি বিহীন।
ৰাগ দ্বেষে হৈব মন পৰম মলিন।।
নুগুচিবে তাৰ একো সংসাৰৰ দুখ।
নপাইবেক সিটো কথা শ্ৰৱণৰ সুখ।।৬০৮
ইহাৰ উত্তৰ শুনিয়োক ভগৱন্ত।
তোমাৰ একান্ত যত ভকত মহন্ত।।
তাৰা সবে যত কথা অমৃত প্ৰকাশে।
তাৰ এক কথা মানে আনিম বতাসে।। ৬০৯
তাক কৰ্ণপথে যিটো শুনে কদাচিত।
কু-যোগীৰো আত্মতত্ত্ব হোৱয় বিদিত।।
আমি পুনু সাৰ গ্ৰাহী তোমাৰ ভকত।
নাহিকে আমাৰ কাৰ্য্য অন্যত্ৰ বৰত।।৬১০
মোক্ষ আদি কৰি সুখ আছে যত যত।
শ্ৰৱণ সুখৰ হুয়া আছে অন্তৰ্গত।।
কথাক শুনন্তে সবে সুখে লাগ পাৱে।
তাসম্বাৰ ৰাগ দ্বেষ নাহিকে স্বভাৱে।।৬১১
বুলিবা মুকুতি ফল যেবেসে শ্ৰৱণ।
ফল এৰি কৰা কেন সাধনে যতন।।
শুনিয়োক ইহাৰ উত্তৰ কৃপাময়।
কেৱল মঙ্গলৰূপ তযু গুণচয়।।৬১২
মহন্তৰ সঙ্গে যিটো শুনে একবাৰ।
নুহি পশু জানে যেৱে গুণক তাহাৰ।।
তবে কেনমতে আৰ ত্যজিবে কথাক।
পৰম শ্ৰদ্ধায়ে লক্ষ্মী বৰন্ত যাহাক।।৬১৩
সবে পুৰুষাৰ্থ সমাপতি হোৱে যাত।
জানি যশ মাত্ৰ লক্ষ্মী বৰন্ত সাক্ষাত।।
এতেকে মুকুতি এৰি খুজিলো শ্ৰৱণ।
থৈলো এহিমানে পৃথু ৰাজাৰ বচন।।৬১৪
দেখাইলো শ্ৰৱণ সুখ মোক্ষতো অধিক।
নোকোজে মুকুতি যিটো শ্ৰৱণ ৰসিক।।
শ্ৰৱণৰ মহাসুখ মুকুতিত নাই।
মোক্ষ আদি কৰি সুখ শ্ৰৱণত পায়।।৬১৫
ভাগৱত শাস্ত্ৰৰ কহিলো তত্ত্ব মৰ্ম্ম।
বুলিবাহা ক্ষুধা আদি প্ৰাণীৰ স্বধৰ্ম্ম।।
বুলিবা কিমতে ভকতক নবাধয়।
যেবে বা ইসব ধৰ্ম্ম যাহাত থাকয়।। ৬১৬
হৈব কেনমতে তাত শ্ৰৱণৰ সুখ।
নাহি মুকুতিত ক্ষধা আদি একো দুখ।।
শ্ৰৱণত কৰি শ্ৰেষ্ঠ এতেকে মুকুতি।
বুলিবা শ্ৰৱণ শ্ৰেষ্ঠ কমন যুগুতি।।৬১৭
নকৰি সংশয়চয় শুনা স্থিৰ মনে।
ইহাৰ প্ৰমাণ লৈয়ো নাৰদ বচনে।।
প্ৰাচীনবৰ্হিক মুনি দেন্ত উপদেশ।
বোলন্ত শুনিয়ো মোৰ বচন নিশেষ।। ৬১৮
সাধু সমস্তৰ সঙ্গ লৈবা যত্ন কৰি।
কৰিবা শুশ্ৰুষা তাৰাসবক সাদৰি।।
হৰিকথা ৰসে তাৰাসবৰ জীৱন।
পৰম শ্ৰদ্ধায়ে আতি কহে সৰ্ব্বক্ষণ।।৬১৯
তাসম্বাৰ মুখে যত হৰিৰ চৰিত্ৰ।
নুহিকে অসাৰ সিটো সাক্ষাতে অমৃত।।
নদীৰূপে সিটো দশ দিশক বহয়।
তাক যিটো স্থিৰ কৰ্ণ কৰি আতিশয়।। ৬২০
পৰম শ্ৰদ্ধায়ে পান কৰে প্ৰতি নিতি।
তথাপিতো মনে যাৰ নখণ্ডে তৃপিতি।।
তেবে তাক ক্ষুধায়ে পিয়াসে নোচোৱয়।
নপাৱে ওচৰ আসি শোক মোহ ভয়।। ৬২১
বুলিবাহা কথা মাত্ৰ যিজনে শুনয়।
যেবে তাক ক্ষুধা আদি একো নবাধয়।।
তবে কিয় কথাক নুশুনে সৰ্ব্বলোক।
ইহাৰ উত্তৰ যেন তাক শুনিয়োক।।৬২২
ক্ষুধা আদি কৰি ইটো দুখ নিৰন্তৰে।
সহজে সবাকে মহা উপদ্ৰৱ কৰে।।
এতেকে দুৰ্ল্লভ কথা অমৃত নিধিত।
নকৰয় সৰ্ব্বজনে ৰতি কদাচিত।।৬১৩
শুনিয়োক যেন আৰ পৰমাৰ্থ তত্ত্ব।
কৰিয়ো যতনে মহাজনৰ সঙ্গত।।
কথাৰ মহিমা জানি নুশুনে যাৱত।
ক্ষুধা আদি কৰি বাধা কৰয় তাৱত।। ৬২৪
নুবুজয় যদ্যপি কথাৰে একো তত্ত্ব।
তথাপি শুনোক নিত্য সাধুৰ সঙ্গত।।
শুনন্তে শুনন্তে পাছে ৰতি হৈলা জাত।
তেবে ক্ষুধা আদি বাধা এৰিবে সাক্ষাত।।৬২৫
নাৰদৰ বাক্য এবে থৈলোহো সাম্প্ৰত।
নাহি একো দুখ হৰিকথা শ্ৰৱণত।।
তথাপি সঞ্জাত যদি নাহি বিদ্যমান।
পৰীক্ষিত অনুভব লৈয়োক প্ৰমাণ।। ৬২৬
শুকৰ আগত পৰীক্ষিতে বিনাৱন্ত।
বোলন্ত শুনিয়ো শুক মুনি মহাশান্ত।।
সাক্ষাতে অমৃত ইটো কৃষ্ম কথাচয়।
তোমাৰ বচন পদ্ম হন্তে বাজ হয়।। ৬২৭
লাগিছো কৰিবে পান পৰম শ্ৰদ্ধায়।
জল মাত্ৰ ভোজন ত্যজিয়া সমুদায়।।
তথাপিতো পৰম দুঃসহ ক্ষুধা দুখে।
নকৰয় বাধা মোক আছো মহা সুখে।। ৬২৮
নাপাওঁ শুনিবাক হেন কৃষ্ণকথা যেবে।
সদ্যে মোৰ শৰীৰ পৰিব প্ৰভু তেবে।।
পৰীক্ষিত অনুভৱে কহিলো বেকত।
নাহি অন্ত কথাৰ মহিমা আছে যত।।৬২৯
ইহাৰ ফলক কিবা বৰ্ণাইবো অধিক।
ভৈলা যিটো জন অতি শ্ৰৱণ ৰসিক।।
মৰণতো হন্তে ভয় নোপজয় তাৰ।
পৰীক্ষিত প্ৰাৰ্থনে প্ৰমাণ লৈয়ো আৰ।। ৬৩০
বোলন্ত শুনিয়ো বিপ্ৰ সব আছা যত।
মাৱ গঙ্গাদেৱী সাক্ষী হৈবাহা সাম্প্ৰত।।
ঈশ্বৰ কৃষ্ণৰ যিটো অভয় চৰণ।
লৈলো সৰ্ব্বভাৱে হেৰা তাহাতে শৰণ।। ৬৩১
বিপ্ৰশাপ স্বৰূপ তক্ষক ময়াচয়।
দংশোক আমাক তাক নকৰোহো ভয়।।
মিলোক মোহোৰ মহা মৰণ সৰ্ব্বথা।
কিন্তু তুমিসেবে মাত্ৰ কৈয়ো কৃষ্ণকথা।।৬৩২
কৃষ্ণেসে সুহৃদ আত্মা কৃষ্ণ ইষ্টদেৱ।
কৃষ্ণবিনে মোহোৰ বান্ধৱ নাহি কেৱ।।
এতেকে জানিয়া লৈলো কৃষ্ণত শৰণ।
থৈলো এহিমানে পৰীক্ষিতৰ বচন।।৬৩৩
কৃষ্ণকথা শুনন্তে মৃত্যুৰ গুচে ভয়।
নেদেখিবা আক বিপৰীত আতিশয়।।
কৃষ্ণৰ একান্ত যত ভকতসকল।
তাহাৰা সবৰো যশ পৰম নিৰ্ম্মল।।৬৩৪
তাক শ্ৰদ্ধা ৰূপে যিটো শুনয় সতত।
তাহাৰ সমস্তে পাপ তাপ হোৱে হত।।
পৰম আনন্দ আৰো মিলয় মনত।
কৃষ্ণৰ কথাৰ কিবা কহিবো মহত্ত্ব।। ৬৩৫
এহি অৰ্থ শুকবাক্য কৰোহো বিদিত।
বোলন্ত শুনিয়ো বুদ্ধিমন্ত পৰীক্ষিত।।
গোবিন্দৰ পুণ্যকথা সাক্ষাতে অমৃত।
পৰম শ্ৰদ্ধায়ে আক শুনে প্ৰতি নিত।। ৬৩৬
এতেকতে তাহাৰ সংসাৰ নিৱৰ্ত্তয়।
জানি মাধৱৰ কথা শুনা মহাশয়।।
শুকৰ বচন থৈলো সম্প্ৰতি সংহৰি।
জনক বচনে আক কহো স্পষ্ট কৰি।। ৬৩৭
নৱ সিদ্ধি সমস্তৰ আগত সাক্ষাত।
নম্ৰ ভাৱে ৰাজা বিনাৱন্ত যোৰ হাত।।
তোমাৰ মুখৰ হৰি চৰিত্ৰ অমৃত।
পিউ নাহি তথাপিতো তৃপিতি কিঞ্চিত।।৬৩৮
সংসাৰ তাপত পৰি আছে সমুদায়।
ইহাৰ ঔষধ হৰিকথা বিনে নাই।।
জানিয়া বিস্তাৰ কৰি পিয়াযোক বাপ।
পাসৰিয়া থাকো সংসাৰৰ তিনি তাপ।। ৬৩৯
থৈলো উপসংহৰিয়া জনক বাক্যক।
কৃষ্ণকথা বিনে নাহি সংসাৰ তাৰক।।
কহো তাক পুনৰপি বচনে শকব।
বোলন্ত শুনিয়ো পৰীক্ষিত নৃপবৰ।। ৬৪০
দাবানল তুল্য তিনি তাপ বিপৰীত।
জীৱক দগধ আতি কৰে প্ৰতিনিত।।
বহুবিধ দুখ ইটো অপাৰ সাগৰ।
পৰম দুস্তৰ আক জানিবা জীৱৰ।।৬৪১
আক অতিশয় তৰিবাক যিটো চায়।
কৃষ্ণ কথামৃত সেৱা কৰোক সদায়।।
তেবেসে তৰিবে ঘোৰ সংসাৰ সাগৰে।
নাহি আন নৌকা কথা শ্ৰৱণত পৰে।।৬৪২
এহি হেতু আছে তাৰ যিমান শকতি।
শুনিয়োক মাধৱৰ চৰিত্ৰ সম্প্ৰতি।।
এহিমতে শুকে শিক্ষা দিলন্ত ৰাজাক।
জানিয়া যতেক শুনা কৃষ্ণৰ কথাক।। ৬৪৩
বুলিবা অজ্ঞান আদি নিৱৰ্ত্তিল যাৰ।
হোৱে নিৱৰ্ত্ন তাৰ দুৰ্ঘোৰ সংসাৰ।।
গুচিবে অজ্ঞানে কেনে কথাৰ শ্ৰৱণে।
ইহাৰ উত্তৰ শুনিয়োক একমনে।।৬৪৪
অজ্ঞানক গুচাইবাৰ সাধনা যতেক।
বহুবিধ বিঘ্নগ্ৰস্ত জানিবা প্ৰত্যেক।।
যদি কদাচিতো েকো বিঘিনি নপাৱে।
সিও যেৱে শ্ৰৱণত ৰতি উপজাৱে।।৬৪৫
তেবেসে তাহাৰ গুচে যতেক অজ্ঞান।
যুধিষ্ঠিৰ বাক্যে লৈয়ো ইহাৰ প্ৰমাণ।।
বোলন্ত কৃষ্ণক শুনীিয়োক কৃপাময়।
তযু পাদপদ্ম মকৰন্দ যশচয়।। ৬৪৬
মহাজন মন হন্তে মুখে বাজ হয়।
তাক যিটো কৰ্ণে পান কৰে আতিশয়।।
নাহি কদাচিতো আৰ তাৰ অকল্যাণ।
গুচে মহাসুখে আচে যতেক অজ্ঞান।।৬৪৭
যুধিষ্ঠিৰ বাক্য় এবে এহিমানে থৈলো।
অজ্ঞান গুচিবে যেনমতে তাকো কৈলো।।
বুলিবাহা নমানো তোমাৰ ইটো মত।
কেৱল অজ্ঞান গুচে জ্ঞান অভ্যাসত।।৬৪৮
 বুলিবাহা কিমতে গুচে কথাতে অজ্ঞান।
 ইহাৰ উত্তৰ শুনা কহো বিদ্যামান।।
নিৰ্ম্মল মনত হোৱে জ্ঞানৰ উদয়।
 কৃষ্ণৰ কথায়ে মন নিৰ্ম্মল কৰয়।। ৬৪৯
দেৱৰ বচনে লৈয়ো প্ৰমাণ সাক্ষাত।
কৰন্ত কৃষ্ণক দেৱে স্তুতি দ্বাৰকাত।।
কৃতাঞ্জলি বোলন্ত শুনিয়ো দামোদৰ।
তযু কথা অমৃত নিৰ্ম্মল নদী বৰ।।৬৫০
পাদোদক গঙ্গা তিনি জগতে প্ৰশস্ত।
ত্ৰৈলোক্যৰ পাপ দুয়ো হৰয় সমস্ত।।
কীৰ্ত্তি নদী সেৱা কৰে কৰ্ণে মহা ৰঙ্গে।
গঙ্গাক কৰয় অভিষেক আঙ্গে সঙ্গে।।৬৫১
এহিমতে দুয়ো তীৰ্থ উপাসি মহন্তে।
বাহিৰে ভিতৰে শুদ্ধি হোৱয় একান্তে।।
অনায়াসে তৰে ইটো দুৰ্ঘোৰ সংসাৰ।
এহিমানে থৈলোহো বচন দেৱতাৰ।।৬৫২
শুনা পৰমাৰ্থ ফল কথা শ্ৰৱণৰ।
সাক্ষাতে অজ্ঞানে নিৱৰ্ত্তাৱে নিৰন্তৰ।।
দেখাওঁ প্ৰমাণ উদ্ধৱৰ বচনত।
বোলন্ত বিনয়ে কৃষ্ণ দেৱৰ আগত।।৬৫৩
পৰম মঙ্গল তযু চৰিত্ৰ অমৃত।
কৰ্ণপথে যিটো আৰ স্বাদ লৱে নিত্য।।
অন্যত্ৰ যতেক সাধ্য সাধন আছয়।
এৰে সমস্তৰ বাঞ্ছা সিটো মহাশয়।।৬৫৪
কৰ্ম্মপথে ভ্ৰমো আমি যত গৃহবাসী।
তযু মহা ভকতৰ সঙ্গ লৈয়ো আসি।।
তোমাৰ চৰিত্ৰ কথা ৰস কৰি পান।
তৰিবো বাসনা সমে যতেক অজ্ঞান।।৬৫৫
এহিমানে থৈলো উদ্ধৱৰ বচনক।
বুলিবা বিচাৰ কৰি কৰ্ম্ম অকৰ্ম্মক।।
নিৰ্ণয় জানিয়া আক এৰিবাহা পাচে।
অন্যথা এৰিলে আত মহাদোষ আছে।।৬৫৬
ইহাৰ সিদ্ধান্ত লৈয়ো বচনে কৃষ্ণৰ।
বুজাই উদ্ধৱত কহি আছে দামোদৰ।।
যাহাৰ ভোগত নতু হোৱে বিৰকতি।
স্বৰ্গাদিৰ অৰ্থে কৰ্ম্ম কৰিব সম্প্ৰতি।।৬৫৭
ইন্দ্ৰিয়ৰ ভোগে বিৰকতি ভৈল যাৰ।
নিত্য নৈমিত্তিক কৰিবাক লাগে তাৰ।।
ভৈল যাৰ শ্ৰদ্ধা মোৰ কথা শ্ৰৱণত।
নিত্য নৈমিত্তিক আদি কৰি কৰ্ম্ম যত।।৬৫৮
কথাৰ বিৰোধী জানি ত্যজিবে সকল।
সমস্তে কৰ্ম্মৰ কথা শ্ৰৱণেসে ফল।।
কৃষ্ণৰ বচনচয় থৈলো এহিমানে।
ইহাক কৰোহো স্পষ্ট শৌনক বচনে।।৬৫৯
মহা বিৰকত শৌনকাদি ঋষি যত।
কৰন্ত বিদিত সবে সুতৰ আগত।।
শুনিয়োক সুত কহো তোমাত স্বৰূপ।
কৰো আমি সবে ইটো কৰ্ম্মসূত্ৰ ৰূপ।।৬৬০
গুচিল আমাৰ আত বিশ্বাস সমস্ত।
নাহি ফল নিশ্চয় বিস্তৰ বিঘ্নিগ্ৰস্ত।।
ভৈলো ধূম্ৰবৰ্ণ মাত্ৰ হোমৰ ধোৱাঁত।
শৰীৰক দগ্ধ আতি কৰিলে সাক্ষাত।।৬৬১
এবে আমাসাক দয়া কৰা মহাশয়।
কৃষ্ণ পাদপদ্ম মকৰন্দ মধুচয়।।
কৰায়োক পান হৌক শৰীৰ শীতল।
শুচি কৰ্ম্মময় মহা মিলোক মঙ্গল।।৬৬২
শৌনক বচন এবে এহিমানে থওঁ।
শুনা তাত্পৰ্য্য উপসংহৰিয়া কওঁ।।
পৰম চতুৰ মহা বিবেকী যিজন।
তাহাৰ কৰ্ত্তব্য মাত্ৰ কথা সে শ্ৰৱণ।।৬৬৩
এহিমানে সমস্তে শাস্ত্ৰৰ তত্ত্ব অৰ্থ।
অন্যথা যতেক পাঠ আদি সবে ব্যৰ্থ।।
গুৰুক শুশ্ৰূষা কৰি পৰম যতনে।
চিৰকাল বেদ আদি পঢ়ে যিটো জনে।।৬৬৪
সিসব শ্ৰমৰ এহিমানে মাত্ৰ ফল।
কহিয়া আছন্ত মহা মহন্ত সকল।।
হৰি পাদ-পদ্ম যাৰ হিয়াত সাক্ষাত।
শুনিব কৃষ্ণৰ গুণ নাম তাসম্বাত।। ৬৬৫
শুনা সভাসদ সব যুগুতি বচন।
হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ।।
মহন্তৰ মুখে কথা শুনে প্ৰথমত।
তেবেসে পুৰুষে পাৱে ভকতিৰ তত্ত্ব।।৬৬৬
কথা শুনিলেসে গুচে মনৰ সংশয়
কৃষ্ণৰ সেৱাত ৰতি তেবেসে বাঢ়য়।।
জানি হৰিকথা শুনা মহন্তৰ মুখে।
বোলা ৰাম ৰাম তেবে তৰিবাহা সুখে।। ৬৬৭