Ratnawali

Ratnawali written by Madhabdeva

চতুৰ্থ শ্ৰৱণ বিৰচন দুলড়ী

শ্ৰৱণ কীৰ্ত্তন উপদেশ ক্ৰমে
ভকতিৰ নিৰূপণ।
কহিবাক প্ৰতি পুনোহো সম্প্ৰতি
আৰম্ভিলো বিৰচন।।
দুৰ্ব্বাসনা মুখ্য বীজ সংসাৰৰ
যতেক অনৰ্থ চয়।
কেৱল কৃষ্ণত কথা শুনিলেসে
সিটো সবে বিৱৰ্ত্তয়।। ৫৩৭
ভকত জনৰ পৰম সুহৃদ
উপকাৰী ভগৱন্ত।
তানে গুণ নাম শুনন্তে আসিয়া
হৃদয়ত প্ৰবেশন্ত।।
অনাদি জন্মৰ আছে তাৰ যত
দুৰ্ব্বাসনা হৃদয়ত।
তথাতে থাকিয়া প্ৰভু নাৰায়ণ
হৰন্ত তাক সমস্ত।। ৫৩৮
দুৰ্ব্বাসনা নষ্ট ভৈলে নিৰন্তৰে
শুনা যেন ফল পাৱে।
মহন্ত সবৰ আত্মৰূপে হৰি
প্ৰকাশ হন্ত স্বভাৱে।।
ভকত সবৰ মুখত তাহান
কতায়ে হন্ত অমৃত।
তাক শ্ৰদ্ধা কৰি কৃতাঞ্জলি ভৰি
পিয়ো যিটো প্ৰতিনিত।।৫৩৯
বিষয় বাসনা মলিন মনক
কৰয় সিটো শোধিত।
কৃষ্ণৰ অভয় চৰণ পদ্মৰ
পাৱয় গৈয়া সন্নিত।।
বুলিবা সংশয় স্বধৰ্ম্মে পাৰয়
ইমান কাৰ্য্য সাধিত।
মাধৱৰ কথা কিবা কাৰ্য্যে বৃথা
শুনিবাক লাগে নৃত্য।।৫৪০
ভাল ইটো প্ৰশ্ন কৰিলা শুনিয়ো
উত্তৰ দেওঁ ইহাৰ।।
স্বধৰ্ম্মত বুদ্ধি যদি হয় শুদ্ধি
তথাপি কথাৰ দ্বাৰ।।
যাৰ যেন ধৰ্ম্ম সুনিশ্চিত ভাৱে
আচৰয় শুদ্ধমতি।
তথাপিতো যদি ঈশ্বৰ কৃষ্ণৰ
কথাত নকৰে ৰতি।।৫৪১
তেবে সিটো ধৰ্ম্ম জানিবা কেৱলে
শ্ৰম মাত্ৰ সমুদায়।
হৰি কথা বিনে অন্য যত ফল
বিনাশে সিটো সদায়।।
এতেকে কৃষ্ণৰ কথাত যাহাৰ
উতপন্ন ভৈলা ৰতি।
কথাৰ সাধন কৰ্ম্মত জ্ঞানত
এৰিয়া যত্ন সম্প্ৰতি ।। ৫৪২
কথাকেসে মাত্ৰ শুনি শ্ৰদ্ধা ভাৱে
কৃষ্ণক কৰিব বশ্য।
শুনিয়োক এবে ব্ৰহ্মাৰ বচনে
দেখাও ইটো ৰহস্য।।
কৃতাঞ্জলি হৈয়ো ব্ৰহ্মায়ে বোলন্ত
কৃষ্ণৰ চাই চৰণ।
অণুমাত্ৰ জ্ঞান পথত প্ৰয়াস
নকৰিবা নাৰায়ণ।।৫৪৩
তীৰ্থ আদি আন পথত ভ্ৰমণ
ক্লেশ আদি নকৰয়।
নিজ স্থানে থাকি মহন্তৰ মুখে
তোমাৰ কথা শুনয়।।
তিনিও লোকত যদ্যপি তোমাক
একোজনে নজানয়।
কথাকে সত্কাৰ কৰে যিটো সিটো
তোমাক বশ্য কৰয়।।৫৪৪
ব্ৰহ্মাৰ বচনে দেখাইলো জ্ঞানতো
অধিক কথা শ্ৰৱণ।
বুলিবাহা জ্ঞান সদ্যে মোক্ষ ফল
এৰিবে কেনে যতন।।
সনত কুমাৰ বচনে ইহাৰ
উত্তৰ লৈয়ো নিশ্চয়।
মুকুতিতো কৰি কথা শ্ৰৱণৰ
অধিক সুখ আছয়।। ৫৪৫
চাৰিয়ো সনকে কৃষ্ণৰ আগত
বোলন্ত বাক্য বিনয়।
তোমাৰ পৱিত্ৰ কথা অমৃতৰ
ৰসক যিটো জানয়।।
তাৰা সবে প্ৰভু তোমাৰ মুকুতি
প্ৰসাদকো নাদৰন্ত।
কালৰ অধীন যত স্বৰ্গ সুখ
তাহাকো কৈত গণন্ত।। ৫৪৬
সনত কুমাৰ বচনে দেখালো
কথা শুনিবাৰ ফল।
সমস্তে পাপত পৱিত্ৰ হৈবেক
চাহয় যাৰা সকল।।
হৰিৰ পৰম নিৰ্ম্মল চৰিত্ৰ
শুনোক মাত্ৰ সৰ্ব্বথা।
চতুষ্পাদ পূৰ্ণ কলিৰ মলক
হৰয় কৃষ্ণৰ কথা।। ৫৪৭
শুনিয়োক এবে দৃষ্ণন্ত সহিতে
কথাৰ কহো মহত্ত্ব।
কৰ্ণ ৰন্ধ্ৰে হৰি হোৱন্ত প্ৰবেশ
ভকতৰ হৃদয়ত।।
তথাত থাকিয়া বাসনা সহিতে
হৰন্ত মল সকল।
যেন জল যত শৰত কালত
স্বভাৱে হোৱে নিৰ্ম্মল।।৫৪৮
বাৰিষা কালৰ জলক নিৰ্ম্মল
কৰিতে চাহে যি জন।
কোন দ্ৰব্য দিয়া কেৱল কুম্ভৰ
কৰয় মাত্ৰ শোধন।।
নদী পুখুৰীৰ পানীক নিৰ্ম্মল
কৰিতে নোহে শকত।
কলসৰো নষ্ট নোহে সমুদায়
পৰিয়া থাকে তলত।। ৫৪৯
কলস ঢালিলে পুনু পূৰ্ব্বৱতে
হোৱে জল নিৰন্তৰে।
সেহি মতে তপ জপ দান আদি
প্ৰায়শ্চিত্ত যিটো কৰে।।
যিটো প্ৰায়শ্চিত্তে সবাৰো সমস্তে
পাপক নকৰে শুদ্ধি।
কোন পুৰুষৰ কিঞ্চিতেক মান
পৱিত্ৰ কৰয় বুদ্ধি।।৫৫০
তাহাৰো সমূলি বীজ নুগুচয়
বাসনা থাকে চিত্তত।
পুনৰপি চিত্ত চলিলে দুনাই
হোৱে পাপী পূৰ্ব্বৱত।।
হৃদয়ত কৃষ্ণ প্ৰবেশ মাত্ৰকে
যত পাপ সমস্তৰে।
হৰয় নিশেষে যেন সবে জলে
শৰতে নিৰ্ম্মল কৰে।।৫৫১
দেৱৰ বচনে ইটো দৃষ্টান্তৰ
তাত্পৰ্য্য কৰো স্পষ্ট।
আন ধৰ্ম্মে কৰ্ম্মে সিমতে পাপীৰ
পাপক নকৰে নষ্ট।।
যেন মতে তযু চৰিত্ৰ অমৃত
শুনিয়া মহন্ত নৰে।
বাঢ়ায়া ভকতি হৈয়া শুদ্ধমতি
জগত পৱিত্ৰ কৰে।।৫৫২
দেৱৰ বচন কথা শুনিলেসে়
জানে ভকতিৰ তত্ত্ব।।
হেন জানি সভা সদা নিৰন্তৰে
শুনিয়ো কৃষ্ণৰ কথা।
ডাকি মুখ ভৰি বোলা হৰি হৰি
নকৰা জনম বৃথা।।৫৫৩