Ratnawali

Ratnawali written by Madhabdeva

তৃতীয় ভক্তি বিশেষণ বিৰচন।। পদ

কহিবাক প্ৰতি ভকতিৰ বিশেষণ।
পুনৰপি মই আৰম্ভিলো বিৰচন।।
বহুবিধ মাধৱৰ ভকতি আছয়।
তাহাতে প্ৰধান নৱবিধ আতিশয়।।৪৪৭
প্ৰথমতে তাক মই দেখাইবাক প্ৰতি।
কহো প্ৰহ্লাদৰ যেন বচন সম্প্ৰতি।।
শ্ৰৱণ কীৰ্ত্তন পদ সেৱন স্মৰণ।
অৰ্চ্চন বন্দন দাস্য দেহ নিবেদন।।৪৪৮
সখিত্ব সহিতে নৱবিধ এহি মান।
ইহাৰ লক্ষণ শুনা যাৰ যেন ঠান।।
অন্যে বা আপুনে গুণ নাম উক্ত কৰে।
তাহাকে শ্ৰৱণ বুলি কৰ্ণে যাক ধৰে।। ৪৪৯
নিজ মুখে উচ্চাৰিলে বোলয় কীৰ্ত্তন।
মনে নাম ৰূপ সুমৰণক স্মৰণ।।
প্ৰতিমা আদিত পৰিচৰ্য্যা সাধাৰণ।
কৰে যিটো বুলি তাক পদ নিসেবন।।৪৫০
বুলিয় অৰ্চ্চন জল আদিৰে পূজয়।
তাকে বুলি দাস্য যত কৰ্ম্ম সমৰ্পয়।।
বুলিয় সখিত্ব তান্তে বিশ্বাসাদি কৰে।
কৃষ্ণত শৰীৰ সমৰ্পয় যিটো নৰে।। ৪৫১
সিজনৰ লক্ষণ শুনিয়ো যেনমত।
যেন গবাদিক সিটো বিকিলে পৰত।।
পালন পোষণ চিন্তা নকৰে সিজনে।
সেহিমতে দেহ অৰ্পি কৃষ্ণৰ চৰণে।।৪৫২
শৰীৰৰ অৰ্থে চিন্তা এৰয় সমস্ত।
ভকতিৰ এহি নৱ লক্ষণ প্ৰশস্ত।।
সমস্তকে প্ৰথমতে কৃষ্ণত অৰ্পিব।
পাছে সাৱধান মতে ভকতি কৰিব।।৪৫৩
ইহাকে বুলিয় মহা উত্তম ভকতি।
দেখাও শিষ্টাচাৰ শুক বচনে সম্প্ৰতি।।
শুক নিগদতি পৰীক্ষিত মহাৰায়।
শুনা অম্বৰীষে যেন কৰিলে সদায়।।৪৫৪
কৃষ্ণ পাদপদ্ম মাত্ৰ স্মৰিলন্ত মনে।
হৰিগুণ নাম মাত্ৰ বৰ্ণাইলা বচনে।।
হন্ত দুই সদা হৰি কৰ্ম্ম কৰিলন্ত
অচ্যুতৰ সন্ত কথা শ্ৰৱণে শুনন্ত।।৪৫৫
মুকুন্দৰ স্থান দেখি আছিল নয়ন।
কৰে সদা শৰীৰে ভক্তক আলিঙ্গন।।
হৰিপদ পঙ্কজ নিৰ্ম্মাল্য তুলসীৰ।
সদায়ে সৌৰভ ঘ্ৰাণ লৈলা মহাবীৰ।।৪৫৬
কৃষ্ণত অৰ্পিব অন্ন আদি কৰি যত।
তাহাৰ স্বাদক লৈলা জিহ্বায়ে সতত।।
কৰিলা চৰণে হৰি ক্ষেত্ৰক গমন।
শিৰে হৰি চৰণক কৰিলা বন্দন।।৪৫৭
ঈশ্বৰ প্ৰসাদ বুদ্ধি কৰি মহাযশী।
চন্দনাদি লৈয়া ভোগ কৰিল হৰিষি।।
ভাল ইন্দ্ৰিয়ৰ ভোগ কৰোহো সম্প্ৰতি।
কদাচিতো ইটো তান নাছিল কুমতি।।৪৫৮
সমস্তে ভকতি ইটো আচৰি কৃষ্ণৰ।
প্ৰাৰ্থিলা ইহাৰ ফল সঙ্গ ভকতৰ।।
সদায় পৰম তান ভাব ভকতত।
আছিলেক মাত্ৰ আক কৰিলো বেকত।।৪৫৯
শুক বাক্যে দেখাইলোহো পূৰ্ব্ব সদাচাৰ।
শুনা ভকতিৰ এবে যেন ব্যৱহাৰ।।
মন্দিৰ মাৰ্জ্জন আদি ভকতি যতেক।
প্ৰসঙ্গ সঙ্গত থাকি কহিলো প্ৰত্যেক।।৪৬০
শ্ৰৱণ কীৰ্ত্তন আদি প্ৰধান ভকতি।
তাকেসে কৰিবো মাত্ৰ বিবক্ষা সম্প্ৰতি।।
শ্ৰৱণ কীৰ্ত্তন ধ্যান অৰ্চ্চন আদৰ।
ইসব ভক্তিৰ ফল শুনা নিৰন্তৰ।।৪৬১
হৃদিগত হুয়া আসি প্ৰভু ভগৱন্ত।
অনাদি জন্মৰ দুৰ্ব্বাসনা সংহৰন্ত।।
শ্ৰৱণ কীৰ্ত্তন আদি ভক্তি যত যত।
এতেকে সমস্তে পাপ হৰিবে শকত।।৪৬২
যেন ফল পাৱে সবে পাপ ভৈল নষ্ট।
কুন্তীৰ বচনে সাঙ্গোপাঙ্গে কৰো স্পষ্ট।।
কৃষ্ণক কৰন্ত কুন্তী স্তুতি আতিশয়।
বোলন্ত শুনিয়ো মোৰ মত কৃপাময়।।৪৬৩
তযু নাম শুনে বা ভণে বা মনে স্মৰে।
অন্যে বা গাৱন্তে যিটো অভিনন্দা কৰে।।
সেহিসে এৰাইবে ঘোৰ মৃত্যুৰ সঙ্কট।
পাৱে অল্পকালে তযু চৰণ নিকট।।৪৬৪
কুন্তীৰ বচনে দেখাইলোহো ইটো ফল।
শ্ৰৱণাদি পৰ ভৈল যাহাৰা সকল।।
নুহিকো সংসাৰ তাৰ দুখৰ কাৰণ।
শুনিয়োক কহো হেতু বৃত্ৰৰ বচন।।৪৬৫
কৃষ্ণক প্ৰাৰ্থন্ত বৃত্ৰে কৰিয়া বেকত।
শুনিয়োক প্ৰভু যেন মোৰ অভিমত।।
তযু পাদপদ্মত যাহাৰ ভৈলা বাস।
জন্মে জন্মে তাহাৰ দাসৰো হৈবো দাস।।৪৬৬
তুমি প্ৰাণনাথৰেসে গুণ সৰ্ব্বক্ষণে।
কৰোক কীৰ্ত্তন বাক্য সুমৰোক মনে।।
শৰীৰে তোমাৰ কৰ্ম্ম কৰোক সদায়।
আতপৰে মোৰ আৰ একো ইচ্ছা নাই।।৪৬৭
বৃত্ৰৰ প্ৰাৰ্থনে আক জানিবা নিশ্চয়।
সংসাৰৰ দুখে ভকতক নলঙ্ঘয়।।
বুলিবাহা কিনো আতি মিলিল অসুখ।
বৃত্ৰৰ সাক্ষাতে দেখো সাংসাৰিক দুখ।।৪৬৮
কাটিলন্ত শিৰ তাৰ ইন্দ্ৰে বজ্ৰ হানি।
নাহি ভকতৰ দুখ বৃথা বোলা বাণী।।
নকৰিবা মনে ইটো সংশয় সৰ্ব্বথা।
আৰূৰ ভক্তৰ দুখ নাহি কোন কথা।। ৪৬৯
কেৱলে কৃষ্ণৰ পাৱে পশিয়া শৰণ।
তানে গুণ নাম কৰে শ্ৰৱণ কীৰ্ত্তন।।
এতেকতে ইহ পৰলোক দুঃখ যত।
নথাকয় শেষ নিৰন্তৰে হোৱে হত।। ৪৭০
কৃষ্ণ পাদ-পদ্মৰ পৰাগ সেৱা ৰতি।
মহাভাগ্য যাৰ মনে মিলিল সম্প্ৰতি।।
তাসম্বাৰ দুখ নষ্ট হৈব সমুদায়।
কি কহিবো ইটো কথা কহন নাযায়।। ৪৭১
কদাচিতো মনে নেদেখিবা বিপৰীত।
কহো আৰো হেতু শুনা স্থিৰ কৰি চিত।।
উত্তম শ্লোকৰ কথামৃত পান কৰে।
কৃষ্ণ পাদ পঙ্কজক মনত সুমৰে।।৪৭২
নোপজয় ভয় তাৰ মৰণ কালত।
স্বস্থ সময়ৰ আৰ কি কৈবো মহত্ত্ব।।
দেখাইলোহো ভকতৰ নাহি একো দুখ।। ৪৭৩
শুনিয়োক কহো এবে কৰিয়া যুগুতি।
জীৱন মুকুতি আৰো পৰম মুকুতি।।
এই দুই ফল মহা ভক্তিৰ প্ৰধান।
অন্য ফলান্তৰ যেন কহো বিদ্যামান।।৪৭৪
কৃষ্ণৰ শ্ৰীমন্ত কথামৃত যিটো জন।
কৰে ঘৰে বসি সুখে শ্ৰৱণ কীৰ্ত্তন।।
অনুবৃত্তি চিন্তি যিটো ভকতি বঢ়াৱে।
দুৰ্ল্লভ বৈকুণ্ঠ সিটো সুখে গৈয়া পাৱে।। ৪৭৫
যদ্যপি বাক্যত বৈকুণ্ঠকো লোক বুলি।
তথাপি দুৰ্জ্জয় কালে নেদেখে সমূলি।।
এহিমানে পৰম দুৰ্ল্লভ্য পুৰুষাৰ্থ।
নৃপতিত শুকে কহিলন্ত পৰমাৰ্থ।। ৪৭৬
যাৰ অৰ্থে অতি ক্ষিতিৰ্ভূজ নিৰন্তৰে।
গ্ৰাম এৰি বনত দুষ্কৰ তপ কৰে।।
তাক ঘৰে বসি পাৱে ভকত সকল।
দেখাইলোহো কথা শুনিবাৰ যেন ফল।।৪৭৭
কিন্তু কথা শ্ৰৱণৰ মহিমা আছোক।
কেৱলে প্ৰশংসা মাত্ৰ কৰে যিটো লোক।।
কথা শুনিবাৰ ফল পাৱে সিটো জনে।
ইহাৰ প্ৰমাণ লৈয়ো শুকৰ বচনে।।৪৭৮
সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু নিৰন্তৰ।
অনন্ত বিচিত্ৰ কৰ্ম্ম কৰে দামোদৰ।।
যিটো শুনে গাৱে আনক প্ৰশংসে সম্প্ৰতি।
হোৱে তাৰ ভগৱন্ত কৃষ্ণত ভকতি।।৪৭৯
এহি হেতু যত সংসাৰৰ দুখচয়।
নপাৱে ভক্তক সাধু কৰিলা নিৰ্ণয়।।
শ্ৰৱণাদি পৰম ভকতি ভৈল যাৰ।
নৰকাদি যাতনাৰ দুখ নোহে তাৰ।।৪৮০
যিহেতু প্ৰাৰ্থনা আতি কৰে জ্ঞানীগণ।
জ্ঞানাদিতো কৰি শ্ৰেষ্ঠ শ্ৰৱণ কীৰ্ত্তন।।
সনকাদি বাক্যে লৈয়ো ইহাৰ প্ৰমাণ।
বৈকুণ্ঠত কৃষ্ণক প্ৰাৰ্থন্ত বিদ্যমান।। ৪৮১
কৃতাঞ্জলি হুয়া সবে বচন বোলন্ত।
শুনিয়োক পৰম ঈশ্বৰ ভগৱন্ত।।
আজি সীমা কৰি পূৰ্ব্ব বয়স যতেক।
নভৈল আমাৰ তাত কিঞ্চিত পাতেক।।৪৮২
আজি আসি সমস্ত পাতক ভৈল জাত।
যিহেতু পশিলো তযু ভক্তক সাক্ষাত।।
এতেকে জানিলো নিজ পাপে স্বৰূপত।
হৈবেক আমাৰ জন্ম সবে নৰকত।।৪৮৩
হৌক শূকৰাদি জন্ম বাঞ্ছো আমি তাক।
কিন্তু যদি হেন কৃপা কৰাহা আমাক।।
জগত দুৰ্ল্লভ ইটো তোমাৰ চৰণ।
নগণি বিঘিনি চিত্তে স্মৰে সৰ্ব্বক্ষণ।।৪৮৪
যদি বাক্য কৰে তযু চৰিত্ৰ কীৰ্ত্তন।
কৰ্ণ ভৰি থাকয় তোমাৰ গুণগণ।।
কৰা যেবে এহি অনুগ্ৰহ কৃপাময়।
নাহিকে আমাৰ তেবে নৰককো ভয়।।৪৮৫
থওঁ এহিমানে সনকাদিৰ বচন।
জ্ঞানীও প্ৰাৰ্থিলা আতি শ্ৰৱণ কীৰ্ত্তন।।
জানিবা ভকতি শ্ৰেষ্ঠ নাহি আতপৰ।
কহো আৰ শুনা যেন বচন নন্দৰ।।৪৮৬
মিলিল নন্দৰ মহা মনত উত্সৱ।
বোলন্ত শুনিয়ো মোৰ বচন উদ্ধৱ।।
আমাৰ মনৰ যত বৃত্তি নিৰন্তৰ।
থাকোক সুমৰি পদ পঙ্কজ কৃষ্ণৰ।। ৪৮৭
বচনে ৰহোক গুণ নামক সুমৰি।
ৰহোক শৰীৰ তানে মাত্ৰ কৰ্ম্ম কৰি।।
এহিমানে মাত্ৰ মোৰ প্ৰাৰ্থনি মনত।
জানিবা উদ্ধৱ বাপ কৃষ্ণ চৰণত।।৪৮৮
নন্দৰ বচনে এবে থৈলোহো সংহৰি।
বুলিবাহা শ্ৰৱণ কীৰ্ত্তনে দেৱ হৰি।।
হৃদিগত হুয়া হৰন্তোক পাপচয়।
ইহাত আমাৰ কিছু আছয় সংশয়।। ৪৮৯
শ্ৰৱণ কীৰ্ত্তন পাপ মাত্ৰক সংহৰে।
ব্ৰতাদি দানেও চিত্তক শুদ্ধি কৰে।।
শ্ৰৱণ কীৰ্ত্তন ভৈল কিমতে বিশেষ।
শুনিয়ো ইহাৰ দেওঁ উত্তৰ নিশেষ।।৪৯০
কৃষ্ণৰ নিৰ্ম্মল মহা উদাৰ চৰিত্ৰ।
শ্ৰৱণ কীৰ্ত্তন যিটো কৰে প্ৰতি নিত।।
সিটো শুদ্ধ ভাৱে ভকতিৰ আতিশয়।
পুৰুষৰ মন যেন পৱিত্ৰ কৰয়।। ৪৯১
ব্ৰতদানে তীৰ্থে শুদ্ধি নকৰে সিমতে।
এতেকে ভকতি শ্ৰেষ্ঠ ভৈল স্বভাৱতে।।
কৰে হৰি গুণ নামে পৰম নিৰ্ম্মল।
এবে মনে শুদ্ধিৰ শুনিয়ো যেন ফল।। ৪৯২
কহন্ত আপুনি ভগৱন্তে উদ্ধৱত।
মোহোৰ কথাৰ সখি শুনিয়ো মহত্ত্ব।।
শ্ৰদ্ধাৰূপে কৰি আতি শ্ৰৱণ কীৰ্ত্তন।
যেই যেন মতে কৰে চিত্তক শোধন।। ৪৯৩
সেহি সেহি ৰূপে মোৰ স্বৰূপ হিয়াত।
দেখে শুনা কহো আৰ দৃষ্টান্ত সাক্ষাত।।
বেঢ়িছে পটালে যাৰ চক্ষু আতিশয়।
সিজনে প্ৰথমে একো বস্তু নেদেখয়।। ৪৯৪
দিব্য অঞ্জনে মল গুচাইলেক যেবে।
সূক্ষ্ম ৰেণু পৰ্য্যন্তকো দেখে সিটো তেৱে।।
এহিমানে থৈলো বাক্য কষ্ণ দেৱতাৰ।
ঈশ্বৰৰ বচনে দেখাইলা বেদ সাৰ।। ৪৯৫
বুলিবাহা এতেকে ফলৰ নাহি কষ্ট।
এবে ভকতিৰ ফল সদ্যে কৰা স্পষ্ট।।
পৰম শ্ৰদ্ধায়ে নিতে হৰিগুণ যত।
শ্ৰৱণ কীৰ্ত্তন সুখে কৰয় সতত।। ৪৯৬
আতি অল্প কালে আসি প্ৰভু ভগৱন্ত।
হিয়াত সাক্ষাতে তাৰ প্ৰকাশ হোৱন্ত।।
এহি হেতু আছে আন উপায় যতেক।
তাত কৰি শ্ৰেষ্ঠ আক দেখিবা প্ৰত্যেক।। ৪৯৭
কহো এবে হৰি প্ৰকাশৰ যেন ফল।
শ্ৰৱণ কীৰ্ত্তন কৰে যাহাৰা সকল।।
তাহাৰ চিত্তত আসি প্ৰবেশি অনন্ত।
সুবাসনা নিশেষে দুখক সংহৰন্ত।। ৪৯৮
গুচে অন্ধকাৰ যেন সূৰ্য্য উদয়ত।
দিলোহো দৃষ্টান্ত ইটো প্ৰকাশ মাত্ৰত।।
যাৰ হৃদয়ত হৰি কৰন্ত ব্যাপাৰ।
শুনিয়োক অপৰ দৃষ্টান্ত কহো তাৰ।। ৪৯৯
পাইলেক মেঘক যেন প্ৰচণ্ড বতাসে।
উৰুৱাৱে লৱলেশো নাথাকে আকাশে।।
সেহিমতে ভকতৰ দুখ দামোদৰে।
হৃদয়ত প্ৰবেশি হৰন্ত নিৰন্তৰে।। ৫০০
নিজ ভৃত্যবৰ্গৰ সুহৃদ ভগৱন্ত।
মোক্ষ আদি কৰি যত সুখ মিলাৱন্ত।।
হৰি যাৰ হৃদয়ত নভৈল প্ৰকাশ।
নাহি কদাচিত তাৰ দুখৰ বিনাশ।।৫০১
শুক মুনি বোলন্ত শুনিয়ো নৃপবৰ।
দুখ এৰাই মোক্ষ সুখ চাহে যিটো নৰ।।
কায় বাক্য মনে ভগৱন্তক স্মৰোক।
শ্ৰৱণ কীৰ্ত্তন তান সততে কৰোক।।৫০২
এতেকে পৰম সুখে পাইবেক মুকুতি।
আনমতে নাহি মোক্ষ কহিলো যুগুতি।।
কিন্তু পৰমাৰ্থ অৰ্থ শুনা কৰ্ণপাতি।
মোক্ষতো অধিক ভকতিৰ সুখ আতি।।৫০৩
এতেক যতেক আছে পুৰুষাৰ্থচয়।
অনায়াসে ভকতিতে সমস্তে মিলয়।।
লৈয়োক ইহাৰ সাক্ষী ধ্ৰুবৰ বাক্যত।
বোলন্ত উত্সুকে ধ্ৰুব কৃষ্ণৰ আগত।।৫০৪
শুনা প্ৰভু নাৰায়ণ মোৰ অভিমত।
তযু ভক্ত সকলে কহন্ত কথা যত।।
তাক আতি শ্ৰদ্ধায়ে শুনন্তে নিৰন্তৰ।
মিলে যেন সুখ দেহধাৰী সমস্তৰ।। ৫০৫
সিটো সুখ নাহি মহা মোক্ষ অৱস্থাত।
কালৰূপ খড়গে ছেদন কৰে যাত।।
হেন স্বৰ্গ হন্তে যিটো পৰয় সৰ্ব্বথা।
নাহি তাত সিটো সুখ ইটো কোন কথা।। ৫০৬
কৃষ্ণৰ কথাৰ যেন সুখ বিপৰীত।
ধ্ৰুবৰ বচনে তাক কৰিলো বিদিত।।
জানিয়া ইহাত লজ্জা আদি নকৰিব।
কেৱলে কথাক মাত্ৰ কহিব শুনিব।।৫০৭
পাঞ্জৰ কৰিয়া থৈয়ো ইহাৰ সংশয়।।
কবি সিদ্ধ বচনত লৈয়োক নিৰ্ণয়।।
কবি নিগদতি এবে শুনিয়ো নৃপতি।
কহিলো তোমাত ইটো দুষ্কৰ ভকতি।।৫০৮
কহো এবে সুগম ভকতি যেন মত।
কৃষ্ণ জন্ম কৰ্ম্ম যত প্ৰসিদ্ধ লোকত।।
কৰিবেক তাক মাত্ৰ শ্ৰৱণ কীৰ্ত্তন।
নেদিবেক আতি একো বিষয়ত মন।। ৫০৯
যাৰ যেন সুখ সেহিমতে আচৰোক।
কিন্তু আত ভয় লজ্জা আদি নকৰোক।।
কহিলো তোমাত ইটো সুগম ভকতি।
অনায়াসে সমস্ত লোকৰ সাধে গতি।।৫১০
কবিৰ বচন এবে এহিমানে থওঁ।
অন্যথা অনিষ্ট যেন তাৰ কথা কওঁ।।
শ্ৰৱণ কীৰ্ত্তন নাহি কৃষ্ণৰ যথাত।
তথাত ৰাক্ষসী সবে মিলাৱে বিঘাত।।৫১১
নকৰে ভকতি নিজ কৰ্ম্মসে আচৰে।
বহুবিধ বিঘ্নে তাক উপদ্ৰৱ কৰে।।
আছে পৰলোকত বিস্তৰ ভয় তাৰ।
যমৰ বচনে লৈয়ো প্ৰমাণ ইহাৰ।।৫১২
দূতৰ আগত যমে কহন্ত নিশ্চয়।
যাহাৰ জিহ্বায়ে হৰিনাম নলৱয়।।
কৃষ্ণ পাদপদ্ম চিত্তে নুসুমৰে যাৰ।
শিৰে নমস্কাৰ নকৰিলে একবাৰ।। ৫১৩
পূজা আদি একো কৃত্য নকৰে কৃষ্ণৰ।
তাতপৰে নাহি দুষ্ট অধম পামৰ।।
সেহি মোৰ পৰয়া তাহাক আন ধৰি।
হাতে গলে ভৰিত চামৰে লগাই জৰি।।৫১৪
বান্ধি জড়পুৰ কৰি লেলায়ো নৰ্কত।
পাৰমানে ভুঞ্জায়ো যাতনা আছে যত।।
এহিমানে থৈয়ো যম ৰাজাৰ বচন।
ভক্তিহীন পুৰুষৰ নিষ্ফল জীৱন।। ৫১৫
কৰিলেক ব্যৰ্থ দেহ ইন্দ্ৰিয় সমস্ত।
লৈয়োক প্ৰমাণ শৌনকৰ বচনত।।
শৌনক বদতি শুনা সুত মহাশয়।
ইসি মোৰ মহাখেদ ভৈল আতিশয়।। ৫১৬
লভিয়া দুৰ্ল্লভ তনু ভাৰত ভূমিত।
কৃষ্ণৰ চৰিত্ৰ নুশুনিলে কদাচিত।।
বৃথা কৰ্ণৰন্ধ্ৰ তাৰ দেখিয়ো সাক্ষাত।
দেখিয়ো দুগোটা যেন অপৱিত্ৰ গাঁত।।৫১৭
যাহাৰ জিহ্বায়ে হৰি চৰিত্ৰ নগাৱে।
বেঙ্গৰ সদৃশ তাক জানিবা স্বভাৱে।।
সুৱৰ্ণৰ কিৰীটি যুগুত সৰ্ব্বক্ষণ।
কিন্তু মুকুন্দৰ পদে নকৰে বন্দন।। ৫১৮
তাত পৰে নাহি আৰ অধম বৰ্ব্বৰ।
বহয়ে মিছাত মহা ভাৰ মস্তকৰ।।
সুৱৰ্ণৰ ভূষণে প্ৰকাশে দুয়ো হাত।
হৰিৰ কৰ্ম্মক যেবে নকৰে সাক্ষাত।। ৫১৯
আন সে কৰ্ম্মক আচৰিলে দিনে ৰাতি।
মৃতকৰ শৱ যেন ভৈল সিটো আতি।।
যাৰ চক্ষে নেদেখিলে হৰিৰ ৰূপক।
ময়ূৰৰ পুচ্ছ যেন কৰে চকমক।।৫২০
হৰিৰ ক্ষেত্ৰক নগৈলেক একবাৰ।
বৃক্ষ শিপা সদৃশ জানিবা ভৰি তাৰ।।
বৈষ্ণৱৰ পদ ৰেণু নলৈলা সাদৰি।
জীৱন্ততে শৱ সিটো জানা নিষ্ঠ কৰি।।৫২১
বিষ্ণুপদ লগ্ন তুলসীৰ যিটো জনে।
ঘ্ৰাণ লৈয়া অভিনন্দা নকৰিল মনে।।
নিশ্বাস কাঢ়ন্তে সিটো শৱ সম আতি।
ফাট ফোট কৰে যেন কমাৰৰ ভাটী।।৫২২
ইসব ইন্দ্ৰিয় ব্যৰ্থ মাত্ৰ সমুদায়।
কিন্তু আৰ প্ৰতিকূল আচৰে সদায়।।
অসন্ত বিষয়ে ৰাত্ৰি দিনে আসকতি।
এহি হেতু জানিবা যাইবেক অধোগতি।।৫২৩
হেনবা বুলিবা ইটো ইন্দ্ৰিয়সকল।
কেনমতে মনুষ্যৰ হোৱয় সাফল।।
ইহাৰ উত্তৰ শুনিয়োক একমনে।
দেখাইবো প্ৰমাণ পৰীক্ষিতৰ বচনে।। ৫২৮
শুকৰ আগত বনাৱন্ত নৃপৱৰ।
যিটো বাক্যে লৱে গুণ নাম মাধৱৰ।।
তাকেসে বচন বুলি মহন্তে মানয়।
সি সি হাত যিটো হৰি কৰ্ম্মক কৰয়।।৫২৫
সমস্ত ভূতত হৰি আছে নিৰন্তৰে।।
সি সি মন যিটো মাত্ৰ হৰিক সুমৰে।।
শুনে মাত্ৰ যিটো মাধৱৰ পুণ্য কথা।
তাকেসে বুলিয়া কৰ্ণ জানিবা সৰ্ব্বথা।।৫২৬
প্ৰতিমা স্বৰূপ ভক্ত ৰূপ মাধৱৰ।
দুইহাঙ্কো প্ৰণামে মাথা সি সি শ্ৰেষ্ঠতৰ।।
ইটো দুই ৰূপক কৃষ্ণৰ যিটো দেখে।
চক্ষু বুলি তাকেসে মহন্তসবে লেখে।। ৫২৭
বিষ্ণু পাদোদক বা ভক্তৰ পদ জল।
লৱে যিটো নিতে অঙ্গ সহিসে সফল।।
এহিমতে ইন্দ্ৰিয়ৰ বৃত্তি নিৰন্তৰে।
সৰ্ব্বভাৱে মাত্ৰ কৃষ্ণতেসে ৰতি কৰে।। ৫২৮
তবে তাৰ ভাগ্যক বৰ্ণাইবো কিবা আৰ।
মহা সুখে নিস্তাৰিলা দুৰ্ঘোৰ সংসাৰ।।
থৈলো কীৰ্ত্তন আদি কহিলো সমানে।। ৫২৯
এৱে পৃথু নৃপতিৰ বচন উদ্ধাৰি।
শ্ৰৱণ কীৰ্ত্তন দুইকো কহো শ্ৰেষ্ঠ কৰি।।
যাৰ যেন মতি কৃষ্ণ কথাক শুনয়।
সেহি বুদ্ধি অনুসাৰে কীৰ্ত্তন কৰয়।।৫৩০
এতেকে অৱশ্যে নৰে পাইবেক মুকুতি।
ভৈল দুইয়ো ভক্তি শ্ৰেষ্ঠ এহিসে যুগুতি।।
পূণ্য শ্লোকসবৰ মুকুট ৰূপ হৰি।
হৰি গুণ গণকেসে বচনে সাদৰি।।৫৩১
বাক্যৰ একান্ত লাভ এহি মানে মাত্ৰ।
কীৰ্ত্তনতে হোৱে সুখ মুকুতিৰ পাত্ৰ।।
মহাজন সকলে কহন্ত কথামৃত।
ওচৰতে মাত্ৰ কৰ্ণ পাতি শুনে নিত্য।।৫৩২
এহি মানে মহা লাভ জানিবা কৰ্ণৰ।
অৱশ্যে মুকুতি বণ্টা পাইবেক কৃষ্ণৰ।।
দুইৰো মাজত একে তাৰিবে সমৰ্থ।
কহো এবে সাহৰিয়া প্ৰকৰণ অৰ্থ।।৫৩৩
মনোহৰ যতেক চৰিত্ৰ গোবিন্দৰ।
সম্পূৰ্ণ আনন্দ ৰসে পৰম সুন্দৰ।।
শ্ৰৱণ কীৰ্ত্তন আক কৰে যিটো নিত্য।
নাহিকে সংশয় সিটো ভৈল কৃতকৃত্য।।৫৩৪
এহিমানে ইটো বিৰচন সমাপতি।
ৰচিলা মাধৱ মহা দীন হীন মতি।।
শুনা সভাসদ সাধুজন স্থিৰ মনে।
লভিবা পৰম পদ শ্ৰৱণ কীৰ্ত্তনে।।৫৩৫
মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম্ম এহি মানে মাত্ৰ।
দেখিয়ো বিচাৰি মহা ভাগৱত শাস্ত্ৰ।।
কলিত নাহিকে গতি বিনে হৰিনাম।
জানিয়া আলস্য ত্যজি বোলা ৰাম ৰাম।।৫৩৬