Ratnawali

Ratnawali written by Madhabdeva

দুলড়ী।।

সংগোপে বোলন্ত শুনিয়ো উদ্ধৱ
তোমাত কহো ৰহস্য।
সাধু সঙ্গ বিনে আন একো ধৰ্ম্মে
নকৰে আমাক বশ্য।।
তপ জপ যজ্ঞ ব্ৰত একাদশী
অহিংসা ধৰ্ম্ম সন্ন্যাস।
কূপাদি নিৰ্ম্মাণ দান মহাজ্ঞান
কৰয় যোগ অভ্যাস।।৪২৯
গঙ্গা আদি কৰি যত তীৰ্থ স্নান
সংযম আৰ নিয়ম।
বেদ পাঠ আদি আনো যত যত
আছয় ধৰ্ম্ম উত্তম।।
ইসব ধৰ্ম্মক মহা শুদ্ধভাৱে
আচৰয় যিটো নৰে।
তথাপি আমাক নপাৱে যিমতে
সাধুসঙ্গে বশ্য কৰে।।৪৩০
সন্তৰ সঙ্গত থাকি মহাসুখে
পাইলা মোক যত লোক।
তাসম্বাৰ লেখা দেওঁ প্ৰতি প্ৰতি
তাক সখি শুনিয়োক।।
বৃষপৰ্ব্বা বৃত বলি বাণ ময়
বিভীষণ হনুমন্ত।
জটায়ু সুগ্ৰীৱ তুলাধাৰ ধৰ্ম্ম
ব্যাধ বৃদ্ধ জাম্বুৱন্ত।।৪৩১
দ্বিজ ভাৰ্যাগণ কুঁজী কংসদাসী
যত গোপী গোকুলৰ।
তাসম্বাৰ আৰ একোৱে সাধন
নাহিকে আন জন্মৰ।।
এহি জন্মে মাত্ৰ সাধু সঙ্গ লৈয়া
কৰিয়া ৰতি আমাত।
এতেকে পৰম সুখে মোৰ লোক
পাইলেক গৈয়া সাক্ষাত।।৪৩২
মোৰ সঙ্গ সন্তে মহন্তৰ সঙ্গ
নুহিকে কিছু অন্তৰ।
এতেকে দুসঙ্গ এৰি সাধু সঙ্গ
লৌক বুদ্ধিৱন্ত নৰ।।
ভক্তি প্ৰতিবন্ধ দুৰ্ব্বাসনা আদি
যত দোষ দুঃসঙ্গৰ।
ভক্তিৰ মহিমা কহি সাধুসবে
ছেদিৱন্ত নিৰন্তৰ।। ৪৩৩
হেন সাধু সঙ্গ এৰিয়া অসাধু
সহিতে যি সব নৰে।
শিশ্ন উদৰৰ অৰ্থে অতিশয়
বিষয়ত ৰতি কৰে।।
মুক্তি হেন যদি ভৈল তথাপিতো
ভ্ৰষ্ট হুয়া পূৰ্ব্বমত।
নিকাৰ ভুঞিজিয়া ফুৰিবেক পুনু
তমোময় সংসাৰত।। ৪৩৪
সত্য শৌচ দয়া মৌন বুদ্ধি লজ্জা
শ্ৰী যশ ক্ষমা যত।
শম দম মহা ভাগ্য ইটো সবে
নষ্ট হৱে দুঃসঙ্গত।।
শুনিয়োক এৱে অসাধু সবৰ
লক্ষণ কৰো বিদিত।
মহা অহমিকা নুশুচে মনত
সদা ক্ৰোধপৰ চিত্ত।।৪৩৫
সিটো মূঢ়সব স্ত্ৰী সমস্তৰ
ক্ৰীড়াৰ যেন বানৰ।
নজানে আত্মাক পাপতেসে মাত্ৰ
কৰয় ৰতি পামৰ।।
দেহ অহঙ্কাৰে মহন্ত জনক
কৰয় নিন্দা অধিক।
ইটো দুৰ্জ্জনৰ নলৈবেক সঙ্গ
ভকতি যিটো ৰসিক।।৪৩৬
অসন্ত সবক নিন্দিয়া সন্তৰ
মহিমা কৰো বিদিত।
উপদেশ দিবে নলাগে সন্তৰ
চাপোক মাত্ৰ সন্নিত।।
এতেকে সংসাৰ তৰিবেক সুখে
শুনিয়ো দৃষ্টান্ত আৰ।
অগ্নিৰ আশ্ৰয় পাইলে যেন গুচে
ভয় শীত অন্ধকাৰ।। ৪৩৭
সন্তৰ আশ্ৰয় পাইলে সেহিমতে
ত্ৰিতয় কাৰ্য্য সাধয়।
গুচে কৰ্ম্ম জড় অজ্ঞান আন্ধাৰ
আৱৰ সংসাৰ ভয়।।
কিবা বহুতৰ কহিবো সন্তৰ
মহিমাৰ নাহি পাৰ।
যেন সমুদ্ৰত মজে লোক যত
নৌকাসে আশ্ৰয় তাৰ।।৪৩৮
সেহিমতে ঘোৰ সংসাৰ সাগৰে
মজে যত প্ৰাণীচয়।
তাৰ আন গতি নাহিকে কেৱল
সন্তেসে মাত্ৰ আশ্ৰয়।।
আনো নানাবিধ দৃষ্টান্ত দেখায়া
ইহাকে কৰো বিদিত।
যেন অন্নে মাত্ৰ প্ৰাণীৰ জীৱন
ধৰ্ম্মপৰ লোক বিত্ত।।৪৩৯
মই যেন মাত্ৰ দুখীৰ শৰণ
নাহি মোত পৰে আৰ।
সেহিমতে ইটো সংসাৰ তাপত
হন্তে ভয় ভৈলা যাৰ।।
সন্তেসে তাহাৰ কেৱলে শৰণ
কহিলোহো নিষ্ঠ কৰি।
সাঙ্গপাঙ্গে ইটো প্ৰকৰণ অৰ্থ
শুনিয়ো উপসংহৰি।।৪৪০
সাক্ষাতে আদিত্য উদয় ভৈলেয়ো
বাহিৰ মাত্ৰ প্ৰসন্ন।
ঘট পট জ্ঞান উপজে কেৱলে
নুহিকে প্ৰকাশ মন।।
অন্তসূৰ্য্য যাৰ ভৈলন্ত প্ৰকাশ
কি কৈবো ভাগ্য তাহাৰ।
সগুণ নিৰ্গুণ ভকতি প্ৰকাশে
প্ৰকাশে চক্ষু অপাৰ।।৪৪১
এতেকে সন্তেসে দেৱতা বান্ধৱ
আত্মাময় মহেশ্বৰ।
মহন্তে সহিতে অনুমাত্ৰ মোৰ
নাহিকে জানা অন্তৰ।।
হেন জানি নৰে মহন্তৰ সঙ্গে
কৰোক মোত ভকতি।
সাধুসঙ্গ বিৰ চন কথামৃত
এহিমানে সমাপতি।।৪৪২
শুনা সভাসদ কৃষ্ণৰ মুখৰ
বচন বেদৰ সাৰ।
পূৰ্ব্বাপৰ ইটো কথা হুই নুই
দেখিয়ো কৰি বিচাৰ।।
ভাগৱত ক্ষীৰ সাগৰ মথিয়া
বিষ্ণুপুৰী মহামতি।
ভক্তি ৰত্নাৱলী অমৃত প্ৰচাৰ
কৰিলা লোকক প্ৰতি।।৪৪৩
ইহাৰ অৰ্থত মহাজন যত
তেসম্বো হন্ত বিস্ময়।
আমি অতি মহা মূৰ্খতো অধম
আমাক কোনে গণয়।।
তথাপিতো হৃদী শ্বৰ নাৰায়ণে
দিলা যেন মোক মতি।
সেহি অনুৰূপে ভক্তি ৰত্নাৱলী
ৰচিলো পদ সম্প্ৰতি।।৪৪৪
তুমিসবে আত নিন্দা নকৰিবা
মোক হেন মূৰ্খ জানি।
কোননো মহন্ত পণ্ডিতে মূৰ্খক
বুলি আচে নিন্দাবাণী।।
যদি নিন্দা বাণী বোলা তথাপিতো
মোৰ হানি নাহি কাজ।
কিন্তু পৰমাৰ্থে মূৰ্খক নিন্দিয়া
পণ্ডিতেসে পাৱে লাজ।।৪৪৫
যি হৌক সি হৌক কথা থাকোত
আপোনাৰ চিন্ত হিত।
অলস ত্যজিয়া ভজিয়ো হৰিক
তৰিবা যেবে কলিত।।
হৰি গুণ নাম শ্ৰৱণ কীৰ্ত্তন
বিনে ধৰ্ম্ম নাহি আন।
ত্যজি আন কাম বোলা ৰাম ৰাম
পাইবা বৈকুণ্ঠত স্থান।।৪৪৬