Ratnawali

Ratnawali written by Madhabdeva

পদ

জয় জয় কৃষ্ণ কৃপা অমৃত সাগৰ।
যাৰ পদ সেৱন্ত বিৰিঞ্চি মহেশ্বৰ।।
মহা বিশ্বদ্ৰোহী তৰে যাৰ লৈলে নাম।
হেন
কৃষ্ণপদে কৰো সদায় প্ৰণাম।।
গুণ কাল কৰ্ম্ম মায়া অধীন যাহাৰ।
কৰে কটাক্ষতে সৃষ্টি পালন সংহাৰ।।
হেন মহেস্বৰ কৃষ্ণ নিত্য নিৰঞ্জন।
সাদয় প্ৰণামো তান অৰুণ চৰণ।।
মোৰ নিজ গুৰু হৃদীশ্বৰ যদুৰায়।
দিয়ো উপদেশ মোক কৃপাদৃষ্টি চাই।।

পদবন্ধে নিবন্ধিবো তযু গুণচায়।

জানি কৃপাময় মোত হুয়োক সদয়।।
কৃষ্ণ পাদপদ্ম দুই হৃদয়ত ধৰি।
গুৰুৰ চৰণ মনে শিৰোগত কৰি।।
ভক্তি-ৰ্তনাৱলী গ্ৰন্থ বাগৱত সাৰ।
মূৰুখ মাধৱে পদ কৰিলা প্ৰচাৰ।।
কৃষ্ণক স্মৰণে আৰম্ভৰ সিদ্ধি হোক।
বোলো কৰযোৰে শুনা সভাসদ লোক।।
অল্পমতি হুয়া বৰ কৰিলো আৰম্ভ।
জানি মহাজনে নকৰিবা উপালম্ভ ।।
গৰুড়ৰ উৰাৱ যদ্যপি সম নুই।
পখা অনুৰূপে পক্ষী তেবেকি নুড়ই।।
যদি অনুচিত হয় মোৰ ইটো কৰ্ম্ম।।
তথাপিতো মহন্ত জনৰ ক্ষমা ধৰ্ম্ম।।
হেন জানি মোৰ যত দোষ পৰিহৰি।
কৃষ্ণকথা ৰসপান কৰা কৰ্ণভৰি।।
নাহি ধৰ্ম্ম কৃষ্ণকথা শ্ৰৱণত পৰে।
যাক শুনি আতি অন্ত্যজাতিও নিস্তৰে।।
জানি শুনা আন যত ত্যজিয়া চাতুৰি।
আছিলন্ত সন্ন্যাসী নামত বিষ্ণুপুৰী।।
পৰম মহন্ত মহাজন মাজে সাৰ।

তেন্তে কৰিলন্ত ভাগৱত সাৰোদ্ধাৰ।।
ভক্তি ৰত্নাৱলী নামে নাই পটন্তৰ।
পৰম অমূল্য ৰত্ন ভকত জনৰ।।
মতি অনুসাৰে পদ নিবন্ধিবো আৰ।
কৃষ্ণৰ প্ৰসাদে হৌক লোকত প্ৰচাৰ।।
মহাজন সবৰ সন্মত অনুসৰি।

কৃষ্ণৰ কীৰ্ত্তন ৰূপ মঙ্গল আচৰি।।
ভক্তসমে মাধৱক কৰিয়া সেৱলি।
বিৰচিলা বিষ্ণুপুৰী ভক্তি-ৰত্নাৱলী।। ১০
নিখিল বেদৰ সাৰ মহাভাগৱত।
সদ্য ভক্তিপ্ৰদ যাৰ অতুল মহত।।
এতেকেসে সমস্ত বেদত শ্ৰেষ্ঠতৰ।

পৰম গোপনি ইটো সমস্ত শাস্ত্ৰৰ।। ১১
মহা অন্ধকাৰময় দুৰ্ঘোৰ সংসাৰ।
আক তৰিবাক প্ৰতি ইচ্ছা আচে যাৰ।।
তাক কৃপা কৰি যিটো মহামুনি শুকে।
পৃথিৱীত ব্যক্ত আনি কৰিলা উত্সুকে।। ১২

আত্মা প্ৰকাশক ইটো প্ৰদীপ সাক্ষাত।
ভকতি অমৃত ৰস পৰিপূৰ্ণ যাত।।
আকে শুনি অজ্ঞ লোকে তৰোক সংসাৰ।
হেন শুক গুৰুপদে কৰো নমস্কাৰ।। ১৩
ধৰ্ম্ম অৰ্থ কাম মোক্ষ পুৰুষাৰ্থ চাৰি।
ফুৰে যত লোকে আৰ উপায় বিচাৰি।।
কৃষ্ণৰ ভকতি তাৰ পৰম উপায়।

মহা পুৰুষাৰ্থ আতপৰে আন নাই।। ১৪
এহি পৰমাৰ্থ অৰ্থ বেদব্যাস ঋষি।
নিবন্ধিলা ভাগৱত শাস্ত্ৰত হৰিষি।।
আন জ্ঞান কৰ্ম্ম মানে ভক্তিৰ সাধন।

জানিবা নিশ্চয়ে যত কহিলো লক্ষণ।। ১৫
ভক্তিসে প্ৰধান মই জানিয়া মনত।
মিলিল উত্সুক মোৰ আৰ সংগ্ৰহত।।
ভক্তিপৰ শ্লোকচয় কৰা একথান।
শুনা যেনমতে মোৰ উপজিল জ্ঞান।। ১৬
ভাগৱত নামে এক অমৃত সাগৰ।
আছে হেন কথা শুনো মুখত লোকৰ।।
গুৰুমুখে শাস্ত্ৰ পাটে আপুনি পঢ়িলো।
ভাগৱত অমৃত সাগৰে বুৰ দিলো।।১৭
কৃষ্ণৰ কৰুণা দিব্য পৰম অঞ্জন।
কৰিলে নিৰ্ম্মল মোৰ হৃদয় লোচন।।
দেখিলোহে কৃষ্ণৰ ভজন ৰত্ন পাছে।
ভাগৱত অমৃত পয়োধি মাজে আছে।। ১৮
পৰম অমূল্য ইটো হৰিভক্তি ৰত্ন।
আক উদ্ধাৰিতে মোৰ কৈল মহাযত্ন।।
হৃদিগত কৃষ্ণৰ আদেশ অনুসৰি।

বৈষ্ণৱৰ প্ৰীতি অৰ্থে আনিলো উদ্ধাৰি।। ১৯
যিটো কণ্ঠে পিন্ধি ৰত্ন পৰম উজ্জ্বল।
কৰে সালঙ্কৃত তাৰ পুৰুষ সকল।।
থাকে মাত্ৰ ৰত্নাৱলী যদিবা গৃহত।
অজ্ঞান আন্ধাৰ তাৰ গুচয় সমস্ত।। ২০
যিটো পঢ়ে শুনে আৰু বিচাৰে সৰ্ব্বথা।
তাৰ হিত সাধিবেক ইটো কোন কথা।।
জানি ভক্তি-ৰত্নাৱলী মহাগুণৱতী।
কৰিয়োক শ্ৰদ্ধা অতি সুকৃতি সম্প্ৰতি।। ২১

শ্ৰৱণতে প্ৰেম উপজাৱে কৃষ্ণপাৱে।
পূৰে যত মনোৰথ যেই যিবা চাৱে।।

ভাগৱতে আচে হেন বুলিলা বচন।
তোমাৰ কৃতত যত্ন কিবা প্ৰয়োজন।। ২২
ইহাৰ উত্তৰ সাৱধানে শুনিয়োক।
পৰম বিষয়ী কৰ্ম্ম জড় যত লোক।।
লাগিবে আলাস বহু কথা শুনি তাৰ।
এক কথা শুনিবে শকতি আছে কাৰ।। ২৩
নাহিকে আলাস যাৰ শ্ৰদ্ধা শুনিবাক।
লাগে তাৰো অৱশ্যে কূটম্ব পুযিবাক।।
নপাই অৱসৰ ভাগৱত নুশুনিব।
মোৰ ইটো কৃতৰ তাহাৰ শ্ৰদ্ধা হৈব।। ২৪
কৰিলো সংগ্ৰহ মই তাকে লক্ষ্য কৰি।
নানা প্ৰকৰণ হন্তে শ্লোকক উদ্ধাৰি।।

বিচাৰিয়া যত সাৰ পাইলো বাৰ স্কন্ধে।
একবাক্য কৰি আনি লিখিলো প্ৰবন্ধে।। ২৫