Naamghosa

Naamghosa written by Madhabdeva

আত্ম-উপদেশ

হে জিহ্বা সদা তোৰ         মধুৰেসে মাত্ৰ প্ৰিয়

জান তঞি ৰসৰ সাৰক |

আন তেজি নিৰন্তৰে         কৰিয়োক মাত্ৰ পান

নাৰায়ণ-নাম-অমৃতক ||১০০

হে জিহ্বা তঞি সদা         আহ্মাত নিৰ্দ্দয়া ভৈলি

কেনে নোবোলস ৰাম-বাণী |

সংসাৰ-সাগৰে ইটো         হৰিসে সুদৃঢ় নাৱ

জানি হৰি বুলিয়ো কল্যাণী ||১০১

হে কৰ্ণ সদা তোৰ         শবদ মাত্ৰসে প্ৰিয়

তঞি শব্দ মধুৰ জানস |

কোটি অমৃততোধিক         পৰম মধুৰ শব্দ

শুন সদা কৃষ্ণ-নাম-যশ ||১০২

হেন মন তোৰ কাম         সঙ্কল্প-বিকল্প-ধৰ্ম্ম

তেজি মিছা ব্যাপাৰ সকল |

সদায়ে সঙ্কল্প মাত্ৰ         কৰিয়ো সুদৃঢ় মন

কৃষ্ণ-নাম পৰম মঙ্গল ||১০৩

শুনিও হৃদয় হেৰ         ব্ৰহ্মাণ্ড ভিতৰে যত

বস্তু আছে তোক নোজোড়য় |

তাক তেজি কৃষ্ণ-নাম         অক্ষয় অমৃত পিয়া

সন্তোষক লভিয়ো হৃদয় ||১০৪

শুনিয়োক বুদ্ধি তোৰ         কেৱলে নিশ্চয়-ধৰ্ম্ম

তেজি সৱে বিনাশী বিষয় |

সদা শুদ্ধ সুমঙ্গল         অক্ষয় কৃষ্ণৰ নাম

তাকে মাত্ৰ কৰিয়ো নিশ্চয় ||১০৫

শুন হেৰ অহঙ্কাৰ         নিচিন্ত আপুন মাৰ

মিছা অহম্মমক তেজিয়ো |

পৰম ঈশ্বৰ কৃষ্ণ         হুয়োক তাহান দাস

সাধু-সঙ্গে কৃষ্ণক ভজিয়ো ||১০৬

শুনিয়োক চিত্ত হেৰ         পৰম ৰহস্য বাণী

তুমি শুদ্ধ জ্ঞানৰ আলয় |

কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ         পৰম ঈশ্বৰ দেৱ

নাছাড়িবা তাজান আশ্ৰয় ||১০৭

কৃষ্ণ নিষ্ট ইষ্টদেৱ         আত্ম প্ৰিয়তম গুৰু

সুহৃদ সোদৰ বন্ধুজন |

কৃষ্ণে মোৰ মতি গতি         কৃষ্ণত ভকতি-ৰতি

কৃষ্ণ-পাৱে নিমজোক মন ||১০৮