Naamghosa

Naamghosa written by Madhabdeva

মহিমা

কৃষ্ণ-পাদ-পঙ্কজৰ         সেৱাৰ মহিমা-কথা

শুনি বড় আনন্দ মিলয় |

যাৰ ভকতৰ সঙ্গে         সৰ্ব্ব-পুৰুষাৰ্থ-শিৰে

চড়ি আতি কৌতুক কৰয় ||৮৬

যদি ভৱ-ভয়-ভঙ্গ         মনে ইচ্ছা কৰ ভাই

সদা সাধু-সঙ্গ কৰা সাৰ |

এক ক্ষণমানে মাত্ৰ         কেৱল সাধুৰ সঙ্গে

হোৱে নাৱ ভৱ তৰিবাৰ ||৮৭

হৰি-কীৰ্ত্তনৰ মহা-         আনন্দ-সুখক আশে

কতো কতো সৱ মহাজনে |

মুকুতি-সুখকো তেজি         মহন্তজনৰ সঙ্গ

খোজে আতি কৃষ্ণৰ চৰণে ||৮৮

কিন্তু ইটো মহাধৰ্ম্ম         মাধৱৰ জন্ম-কৰ্ম্ম

বেদে যাৰ নজানে মহিমা |

হৰি-নাম-কীৰ্ত্তনত         মিলে মোক্ষ আদি যত

কীৰ্ত্তন-সুখৰ নাহি সীমা ||৮৯

মধুৰৰো সুমধুৰ         হৰিৰ কীৰ্ত্তন-ৰস

মঙ্গলৰো পৰম মঙ্গল |

এতেকেসে মুকুতিকো         তেজি হৰি-গুণ গায়া

ফুৰে মহা মহন্তসকল ||৯০

পৰম নিপুণসৱে         বুজিয়া শাস্ত্ৰৰ তত্ত্ব

হৰি-পদ-পঙ্কজে ভজিয়া |

হৰি-কীৰ্ত্তনৰ মহা-         নিৰ্ভৰ আনন্দে মজি

থাকে সুখে মুকুতি তেজিয়া ||৯১

গোৱিন্দৰ নাম-গুণ         কীৰ্ত্তন কৰন্তে জানা

কিঞ্চিতেকো নাহিকে প্ৰয়াস |

নিজ-গুণ-লুব্ধ হৰি         কীৰ্ত্তন কৰন্তে আসি

হৃদয়তে হোৱন্ত প্ৰকাশ ||৯২

যিসৱ চতুৰ নৰে         মাধৱৰ নাম-গুণ

কীৰ্ত্তন কৰন্ত সাৱধানে |

দেৱৰো দেৱতা হৰি         তাহাৰ হৃদয় এৰি

যাইবাক নপাৰা আন থানে ||৯৩

যিটো দেৱ ভগৱন্ত         বেদে যাক নজানন্ত

তেন্তে নিজ কীৰ্ত্তনত বশ্য |

জানি মাধৱৰ নাম         কীৰ্ত্তন কৰিয়ো সদা

 

ইটো সৱে শাস্ত্ৰৰ ৰহস্য ||৯৪

হৰি-ভক্তি-সৰোবৰে         সন্তোষ-অমৃত-জলে

কৃষ্ণ-পাদ-পদ্ম প্ৰকাশয় |

ৰাম-নাম ৰাজহংস         ছানিয়া আৰাৱ কৰে

শুনি আতি কৌতুক মিলয় ||৯৫

সমস্তে তীৰ্থত স্নান         কৰিলেক সৰ্ব্ব যজ্ঞ

দীক্ষিত ভৈলেক সিটোজন |

সমস্তে দানৰ ফল         সিসিজনে পাইলে আতি

যিটো কৰে হৰিৰ কীৰ্ত্তন ||৯৬

মাধৱে বোলন্ত মোক         কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি

সদায় সুমৰে সিটোজনে |

জল হন্তে যেন পদ্ম         নৰকৰপৰা তাঙ্ক

আপুনি উধাৰো ৰঙ্গ মনে ||৯৭

ঊঅদাপি দুৰ্জ্জন কলি         হৰিৰ ভকতি-পথ

কৰিলেক বিৰল-প্ৰচাৰ |

একান্ত শৰণে যিটো         শ্ৰৱণ-কীৰ্ত্তন কৰে

ওচৰো নচাপে কলি তাৰ ||৯৮

পৰম-পুৰুষ দেৱ         পৰম-কাৰণ প্ৰভু

পৰম-ঈশ্বৰ ভগৱন্ত |

সদানন্ত সদাশিৱ         সত্য সনাতন হৰি

জয় জয় অচিন্ত্য অনন্ত ||৯৯