Naamghosa

Naamghosa written by Madhabdeva

অনুনাথনা

তোহ্মাৰেসে অবিদ্যায়ে         আহ্মাক মুহিলে হৰি

নজানোহো তোহ্মাৰ তত্ত্বক |

তোহ্মাৰ চৰণে হৰি         শৰণ পশিয়া সাৰ

কৰিলোহো তোহ্মাৰ নামক ||৮৩

হে কৃষ্ণ তুমি মাত্ৰ         চৈতন্য-স্বৰূপ নিত্য

সত্য শুদ্ধ জ্ঞান অখণ্ডিত |

আৱৰ যতেক ইটো         তোহ্মাৰ বিনোদ ৰূপ

চৰাচৰ মায়াৰ কল্পিত ||৮৪

তযু গুণ নাম হৰি         কেৱলে নিৰ্গুণ মাত্ৰ

আৱৰ সমস্তে গুণময় |

একেক জানিয়া হৰি         তোহ্মাৰ নামৰ মাত্ৰ

কৰিলোহো সাৰ কৃপাময় ||৮৫