Naamghosa

Naamghosa written by Madhabdeva

প্ৰাৰ্থনা

তুমি চিত্ত-বৃত্তি মোৰ         প্ৰৱৰ্ত্তক নাৰায়ণ

তুমি নাথ মঞি নাথৱন্ত |

চৰণ-ছত্ৰৰ ছায়া         দিয়া দূৰ কৰা মায়া

কৰা দয়া মোক ভগৱন্ত ||৬০

তুমি মোৰ অন্তৰ্য্যামী         তযু ভৃত্য ভৈলো আমি

জানি কৃপা কৰা হৃষীকেশ |

দান্তে তৃণ তুলি লঞো         যিমতে সেৱাত ৰঞো

দিয়ো মোক সেহি উপদেশ ||৬১

তুমি ভক্ত-কল্পতৰু         বাহিৰে ভিতৰে গুৰু

তুমি বিনে নাহি মোৰ আৰ |

কৃপা কৰা হে হৰি         চৰণত ৰক্ষা কৰি

দিয়া মোক সেৱা-ৰস-সাৰ ||৬২

তুমি হৰি কৃপাময়         বাহিৰত গুৰু ৰূপে

অনুগ্ৰহ কৰি আছা মোক |

অন্তৰ্য্যামী গুৰু ৰূপে         তাকে সত্য কৰা মোৰ

তযু নামে সদা ৰতি হৌক ||৬৩

হে ভগৱন্ত গুৰু         তযু পদে মন মোৰ

যিকালত থিতিক লভয় |

তোহ্মাৰ কৃপাত তেৱে         সমস্তে সাধন-শ্ৰম

এৰাই সুখী হুইবাহো নিশ্বয় ||৬৪

হে প্ৰভু নৰহৰি         তোহ্মাৰ চৰণ চুই

প্ৰেমভাৱে স্মৰণ-দুৰ্ল্লভ |

যথাকথঞ্চি-ৰূপে         অহৰ্নিশে প্ৰভু মোৰ

সুমৰণ হুয়োক সুলভ ||৬৫

হে প্ৰাণ-বন্ধু কৃষ্ণ         কৃপাৰ সাগৰ হৰি

কৃপা-দৃষ্টি চাহিয়োক মোক |

সহজ বাসনা-ৰূপ         শৰণ দিয়োক নাথ

মোৰ অহঙ্কাৰ দূৰ হোক ||৬৬

নমো ৰাম কৃষ্ণ হৰি         নাৰায়ণ নিৰঞ্জণ

নমো দেৱ দৈৱকী-দায়াদ |

পৰম অনাথ আমি         তোমাৰ চৰণে নামি

মাগো প্ৰভু ভকতি-প্ৰসাদ ||৬৭

ব্ৰহ্ম হৰ পুৰন্দৰ         আদি দেৱ নিৰন্তৰ

যত সদা পশয় শৰণে

আৰ আন নাহি ত্ৰিভুৱনে |

ভকতজনৰ বন্ধু         তুমিসে কৰুণা-সিন্ধু

মোৰ গতি তোমাৰ চৰণে ||৬৮

মায়াৰ নিগ্ৰহে মঞি         পৰম আতুৰ ভৈলো

প্ৰাণ যদুপতি জীৱন যদুপতি |

অনাথৰ নাথ হৰি         তুমি কৃপাময় বিনে

মোৰ আৰ নাহি আন গতি ||৬৯

হে প্ৰভু ভগৱন্ত         ইটো সংসাৰত যত

আছে পাপী তাৰ আমি সীমা |

চৰণে থাপিয়ো মোক         পতিত-পাৱন নিজ

দেখা কোন নামৰ মহিমা ||৭০

তোহ্মাত বিমুখ হৰি         হৈবাৰ দেখিয়া মায়া

 

মোৰ মতি কৰিলে মোহিত |

এৱে হৰি তযু পদে         সেৱাতে যিমতে ৰহো

হেন কৃপা কৰিতে উচিত ||৭১

নমো নমো নাৰায়ণ         প্ৰসন্ন হুয়োক হৰি

কৰিয়োক মায়াক নিৰ্য্যাণ |

আপুনাৰ মহিমাক         আপুনি বেকত কৰি

জীৱক কৰা পৰিত্ৰাণ ||৭২

তোহ্মাৰ মায়ায়ে হৰি         কপট গুণক ধৰি

মুহিয়াছে আহ্মাক সমুলি |

গুচায়োক মায়া স্বামী         তোহ্মাৰ চৰণে আমি

ভজিলোহে জয় জয় বুলি ||৭৩

মঞি অনাথক দায়া         কৰহু পৰমানন্দ

দাস বুলি ধৰিয়ো মনত

থৈয়ো নিজ ভৃত্যৰ সঙ্গত |

আঞ্জুলি মুখত কৰো         দান্তে তৃণ তুলি ধৰো

কেশ ছিঙ্গি দেঞো চৰণত ||৭৪

অপৰাধ-বিনাশন         তযু নাম নাৰায়ণ

জানি নামে পশিলো শৰণে

আন গতি নাহিকে মৰণে |

অপৰাধ ক্ষমা কৰি         তুমি দয়াশীল হৰি

মোক ৰক্ষা কৰিয়ো চৰণে ||৭৫

হে কৃষ্ণ হে বাসুদেৱ         দৈৱকী-নন্দন হৰি

নমো নন্দ গোপৰ কুমাৰ |

কৃপাময় শ্ৰীগোবিন্দ         তযু পদ-অৰবিন্দ

কৰো মই লক্ষ নমস্কাৰ ||৭৬

পদ্ম সম নাভি যাৰ         প্ৰণামোহো বাৰম্বাৰ

নমো দিব্য পদ্ম-মালা-ধাৰী |

নমো পদ্ম-সম-নেত্ৰ         পদ যাৰ শতপত্ৰ

নমো ভকতৰ ভয়-হাৰী ||৭৭

বসুদেৱ-সুত-কৃষ্ণ         তুমি ভকতৰ ইষ্ট

কংস-চাণুৰাদি-বিমৰ্দ্দন |

দৈৱকী-হৃদয়ানন্দ         জগতৰ গুৰু কৃষ্ণ

তযু পাৱে কৰোহো বন্দন ||৭৮

মোৰ সম পাপী লোক         নাহিকে ই তিনি লোক

তুমি সম নাহি পাপ-হাৰী |

ই জানি গোবিন্দ মোক         যে যুৱাই কৰিয়োক

তুৱা পদে কৰোহো গোহাৰি ||৭৯

সহস্ৰ সহস্ৰ আতি         অপৰাধ দিনে ৰাতি

কৰো মই মহামূঢ়জন |

আমি প্ৰভু তযু দাস         আকে মানি জগবাস

ক্ষমিয়োক শ্ৰীমধুসূদন ||৮০

ধৰ্ম্মক জানোহো মঞি         তথাপি প্ৰবৃত্তি নাই

অধৰ্ম্মতো নিবৃত্তি নোহয় |

হৃদি-স্থিত হুয়া তুমি         যেন কৰাবাহা স্বামী

হৃষীকেশ কৰিবো তেনয় ||৮১

নজানোহো আৱাহন         নজানোহো বিসৰ্জ্জন

পূজা মন্ত্ৰ নজানো কিঞ্চিত |

এতেকে পৰমেশ্বৰ         দাস ভৈলো চৰণৰ

মোৰ গতি সাধিবে উচিত ||৮২