Naamghosa

Naamghosa written by Madhabdeva

সাৰ-নিৰ্ণয়

ভগৱন্ত ঈশ্বৰ         গুণ-সমূহক যিটো

শুনিতে উদ্যত কৰে নৰ |

তেখণৰেপৰা সিটো         জানিবা নিশ্চয় কৰি

ভৈল আতি শুদ্ধ নিৰ্ম্মত্সbৰ ||১২৩

ঈশ্বৰ কৃষ্ণসে নিষ্ট         পৰম আৰাধ্য দেৱ

মোৰ তান নামে নিজ গতি |

হেনয় নিশ্চয় যিটো         কৰিলে কলিত আতি

সিসিজন পৰম সুকৃতি ||১২৪

সংসাৰৰ ইন্দ্ৰ কৃষ্ণ         তাহান নামক যিটো

অজ্ঞানতে চণ্ডালে লৱয় |

হেনয় পৱিত্ৰ সিটো         জানিবা যজ্ঞত আনি

পাত্ৰ পাতিবাৰ যোগ্য হয় ||১২৫

ৰাম ৰাম ৰাম বাণী         পৰম মঙ্গল-ৰূপ

যাৰ মুখে প্ৰকাশ কৰয় |

চিৰকালে মহাতীৰ্থ         কৰিয়া পৱিত্ৰ হুয়া

তাকো কদাচিতো তুল্য নুই ||১২৬

জগত-আশ্ৰয় কৃষ্ণ         তাহান অব্যয় স্থান

তাক প্ৰতি যেৱে আছে মন |

ভগৱন্ত ঈশ্বৰৰ         চৰণ-পঙ্কজে সদা

হুয়ো তেৱে একান্ত শৰণ ||১২৭

ভজ ভাই মাধৱক         স্মৰ ভাই মাধৱক

গাৱ ভাই মাধৱৰ গুণ |

নিচিন্ত আপুন মাৰ         সুখে আপুনাক তাৰ

হুয়ো ভাই পৰম নিপুণ ||১২৮

পৰম নিৰ্ম্মল ধৰ্ম্ম         হৰি-নাম-কীৰ্ত্তনত

সমস্তে প্ৰাণীৰ অধিকাৰ |

এতেকেসে হৰি-নাম         সমস্তে ধৰ্ম্মৰ ৰাজা

এহি সাৰ শাস্ত্ৰৰ বিচাৰ ||১২৯