Naamghosa

Naamghosa written by Madhabdeva

পৰমাৰ্থ-সাৰ

মাধৱ মাধৱ নাম         বচনত সুমৰয়

মাধৱ মাধৱ হৃদয়ত |

নিৰন্তৰে সাধুসৱে         মাধৱ মাধৱ নাম

উচ্চাৰয় সমস্তে কাৰ্য্যত ||১১৭

পৰম মঙ্গল-ৰূপ         মাধৱ মাধৱ নাম

যিটো মহাজনে উচ্চাৰয় |

তাৰ অমঙ্গল-ৰূপ         গুচয় সংসাৰ-ভয়

মাধৱৰ নিকট পাৱয় ||১১৮

দু:স্বপ্ন-নাশন ইটো         মাধৱ মাধৱ নাম

দুষ্ট-গ্ৰহ-ভয়-বিমোচন |

পৰম সম্পদ-ৰূপ         জানি মাধৱৰ নাম

সৰ্ব্বদায়ে কৰিয়ো কীৰ্ত্তন ||১১৯

মাধৱেসে আত্মা নিজ         মাধৱেসে ইষ্ট গুৰু

মাধৱেসে দেৱতা পৰম |

পৰম ঈশ্বৰ স্বামী         জানি মাধৱক ভজা

মনুষ্যৰ ইসি নিজ ধৰ্ম্ম ||১২০

পৰম চতুৰ সিসি         বুদ্ধিত কুশল আতি

যিটো মাধৱৰ গুন গাৱে |

মিছা কলেৱৰগোটে         মুকুটি-বাণিজ কৰি

ভৱ তৰি মাধৱক পাৱে ||১২১

যিজনে একান্ত চিত্তে         মাধৱক ভজি নিতে

ফুৰে মাধৱৰ গুণ গাই |

দুৰ্ল্লভ অমৃত যেন         যিজনে কৰিলে পান

মধুৰ পিবাক আৰ নাই ||১২২