Naamghosa

Naamghosa written by Madhabdeva

বস্তু-প্ৰকাশ

পৰম অমূল্য ৰত্ন         হৰিৰ নামৰ পেড়া

আতি গুপ্ত-স্বৰূপে আছিল |

লোকক কৃপায়ে হৰি         শঙ্কৰ-স্বৰূপে আসি

মুদ ভাঙ্গি সমস্তকে দিল ||১১১

হৰি-নাম প্ৰেম ৰস         অমৃত-নিধিক বান্ধি

গুপ্ত কৰি থৈল দেৱগণে |

দায়ালো শঙ্কৰে পাই         তুলি মুদ ভাঙ্গি দিলা

সুখে পান কৰে সৰ্ব্বজনে ||১১২

হৰি-নাম গুপ্ত ভৈল         মনুষ্যত পূজা ৰৈল

বুলি ৰঙ্গ কৰে দেৱ সৰ্ব্ব |

হেন হৰি-নাম ধৰ্ম্ম         শঙ্কৰে বিদিত কৰি

চূৰ কৈলা দেৱতাৰ গৰ্ব্ব ||১১৩