Administrator's Experience

প্ৰশাসকৰ অনুভৱ

লেটেকুপুখুৰীৰ পৰা এক

বিশ্বমুখী যাত্ৰা

    মহাপুৰুষ মাধৱদেৱৰ পদৰেণুৰে ৰঞ্জিত লেটেকুপুখুৰী। আকাশে-বতাহে বিয়পি আছে সেই পবিত্ৰ খবৰ। অসমৰ সমাজ-জীৱনৰ গভীৰত মহাপুৰুষ শংকৰদেৱ মহাপুৰুষ মাধৱদেৱৰ অৱদান অন্তঃসলিলাৰ দৰে বৈ আছে। ওপৰৰ পৰা সেই গভীৰতাৰ জোখ ল'ব নোৱাৰি।

    মহাপুৰুষ শংকৰদেৱ-মহাপুৰুষ মাধৱদেৱতকৈ বহু কম প্ৰতিভাসম্পন্ন ব্যক্তি এতিয়া বিশ্ববিখ্যাত। অথচ মহাপুৰুষ শংকৰদেৱ-মহাপুৰুষ মাধৱদেৱক বিশ্বৰ কথা বাদ দি ভাৰত অথবা অসমৰ সকলো ঠাইতে চিনাকি কৰি দিয়াত আমি ব্যৰ্থ হৈছো। ইয়াৰ মূলতে সঠিক মূল্যায়ণৰ অভাৱ আৰু বিশ্বমুখী কৰিব বিচৰা প্ৰচেষ্টাৰ অভাৱ। এক নিৰ্দিষ্ট বেষ্টনীৰ পৰা এতিয়াও আমি আঁতৰি আহিব পৰা নাই। ইয়াৰ ফলত নতুন পুৰুষে এই ব্যৱস্থাৰ পৰা লাহে লাহে আঁতৰিব বিচাৰিছে। প্ৰদৰ্শনধৰ্মী মনোভাৱক গুৰুত্ব দি গ্ৰহণ কৰা কাৰ্যক্ৰমসমূহে যিমান গুৰুত্ব পায়, বিদ্যায়তনিক চৰ্চা অথবা বাস্তৱ আৰু সময় উপযোগী কাৰ্যক্ৰমে গুৰুত্ব নাপায়।

    ইতিহাসৰ শিক্ষাক আমি পাহৰি যাও। সময়ে গতি সলায়। সময়ৰ গতিৰ সৈতে যাব নোৱাৰিলে নোৱাৰাজনহে ৰৈ যাব। যোৱাবোৰ আগবাঢ়ি যায়। সেই অভিজ্ঞতাক সহৃদয়তাৰে উপলব্ধি কৰি মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানক লৈও নতুন চিন্তা-চৰ্চাৰ সময় আহি পৰিছে। মহাপুৰুষ মাধৱদেৱক আমি একো দিব নালাগে। স্ব প্ৰতিভাৰে উজ্জ্বল মাধৱদেৱক সকলোৱে পোৱাকৈ প্ৰচাৰ কৰিব পাৰিলেই যথেষ্ট। তাকে নকৰি পন্থ, বিশ্বাস আদিক অধিক গুৰুত্ব দিয়াত মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱক বিশ্বত চিনাকি কৰি দিয়াত চূড়ান্তভাৱে ব্যৰ্থ হৈছো। এই ব্যৰ্থতা জাতিটোৰ কাৰণে এক ট্ৰেজিক বিষয়। নতুন প্ৰজন্মক আগ্ৰহী কৰি তুলিব পৰাকৈ কাৰ্যক্ৰমৰো অভাৱ দেখা যায়। প্ৰতিযোগিতাৰ তাগিদাত গীত আৰু নৃত্যৰ চৰ্চা হৈছে। সেয়া শুভ লক্ষণ। তাৰে আলমত শংকৰদেৱ মাধৱদেৱক নতুন প্ৰজন্মৰ অন্তৰত প্ৰৱেশ কৰাব লাগিব। অন্তৰৰ তাগিদা অবিহনে নতুন প্ৰজন্মক মহাপুৰুষ দুজনাৰ ওচৰ চপাই নিব নোৱাৰি। নতুন প্ৰজন্মৰ অন্তৰত সেই তাগিদা ভাৱ আনিব লাগিব। তাৰ সলনি সততে দেখা বাদ-বিসম্বাদে তেওঁলোকক ইয়াৰ পৰা আঁতৰাই নিব।

    আমাৰ শান্তনা

    যিকোনো এটা কাম কোনোবাই আৰম্ভ কৰিব লাগিব। যথেষ্ট ত্ৰুটি থাকিব। সমালোচনা হ'ব। হওক। সেয়া হোৱা মানে বিষয়-বস্তুৰ গ্ৰহণযোগ্যতা আছে। সেই সমালোচনাই পৰৱৰ্ত্তী খোজৰ কাৰণে প্ৰেৰণা হ'ব। সেয়েহে আমি সুস্থ আৰু গঠনমূলক সমালোচনা আশা কৰিম। কঠোৰ হ'লেও সেই সমালোচনাক আমি স্বাগতম জনাম।

    কৃতজ্ঞতা

    কৃতজ্ঞতা বুলি ক'লেই যথেষ্ট নহ'ব, উপদেশ, সহ-সহযোগিতা, কৰ্মৰ জৰিয়তে বহুজনে আমাক কৃতাৰ্থ কৰিলে। সকলোকে অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ।প্ৰকৃততে এয়া সামূহিক দায়িত্ব আৰু কৰ্তব্যৰ আধাৰত পৰিচালিত আৰু সম্পাদিত এক কৰ্মহে ৷প্ৰশাসক হিচাবে আমি মাথোঁ যোগাযোগৰ দায়িত্বহে পালন কৰিছোঁ৷

    ক্ষমা প্ৰাৰ্থনা

    মহাপুৰুষ মাধৱদেৱক সেৱা জনাই সবিনয়ে জনাব বিচাৰো– আমাৰ অলক্ষিতে হ'ব পৰা ভুল-ত্ৰুটি আমাৰ সীমাবদ্ধতা বুলি গ্ৰহণ কৰি ক্ষমা কৰে যেন।

    - যোগেন তামুলী, Administrator