Borgeet

Borgeet written by Madhabdeva

কদম্ব তলে সই শ্যামল সাজ

।।ৰাগঃ তুড় ।। ভাটিয়ালীঃ তালযতি।।
ধ্ৰূং
কদম্ব তলে সই শ্যামল সাজে|
বয়ন হৰি চান্দ সূৰুয লাজে||
পদ
নীল কুন্তলে বান্ধিছে জুড়া|
চৌভিতি লুলে ময়ুৰ পুচ্ছ চুড়া||
মালতী মালা চাৰু শোভিত মাথে|
গেণ্ডুৱা লুম্ফি লুম্ফি ধৰয় হাতে||
বলাইৰ হাতেৰ খসি গেণ্ডুৱা পড়ে|
হাসিৰ খলখলি অধিকে চড়ে||
পানীৰে যাইতে সই দেখিলোঁ গিয়া|
কৌতুকে হিন্দোল পাড়ে হামাৰ হিয়া||
অমিয়া ঝুৰে ধাৰে কানাইৰ ভাৱে|
কতনা মাধুৰী আছে কালিয়া গাৱে||
হামাৰ কৰম ফলে মিলাইছে বিধি|
কহয় মাধৱ হৰি প্ৰেমেৰ নিধি||