Borgeet

Borgeet written by Madhabdeva

আলো ম‍ই কি কহবো দুঃখ

ৰাগ : ভাটিয়ালী

ধ্ৰুং

আলো ম‍ই কি কহবো দুঃখ |

পৰাণ নিগৰে নেদেখিয়া চান্দ-মুখ ||

 

পদ

কত পুণ্যে লভিলো গুণেৰ নিধি শ্যাম |

বঞ্চিয়া নিলেক নিকৰুণ বিধি বাম ||

শ্যাম কানু বিনে মোৰ না ৰহে জীৱন |

হাঁ শ্যাম বুলিতে আকুল কৰে মন ||

দিৱস ন যাই সুখে ন যাই ৰয়নী |

চান্দ চন্দন মন্দ পৱন বৈৰিণী ||

কোথা যাওঁ কোথা থাকোঁ কিবা কৰে মন |

কানাইৰ নেওছনি দিও সবে বন্ধু জন ||

শ্যাম বন্ধু বিনে জীৱনত কিবা কাজ |

বিৰহ- অনল জ্বলে হৃদয়ৰ মাজ ||

নজানো দাৰুণ বিধি কি কৰে বিপত্তি |

কহয় মাধৱ ৰাঙ্গা পদে মোৰ গতি ||