Articles

Articles written by various author on Madhabdeva

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানঃ লেটেকুপুখুৰী

Published on:  1.1.2018

Author:  দয়ানন্দ ভূঞা

          হৰিশিঙা উজীৰ বৰাই গোবিন্দগিৰী ভূঞা আৰু ভাৰ্যাসহ নিজৰ ঘৰতে লগুৱা-লিকচৌ দি আতোল-তোলকৈ ৰাখিলে। ১৪১ শকৰ জেঠ মাহ, কৃষ্ণপক্ষ, প্ৰতিপদ তিথি, ৰব্বিাৰ, ৰাতি দুপৰত হৰিশিঙা উজীৰ বৰাৰ ঘৰতে গোবিন্দগিৰীৰ পত্নী মনোৰমাৰ গৰ্ভত পুত্ৰ সন্তান জন্ম হ'ল। ষষ্ঠ দিনৰ দিনা দৈবজ্ঞ ব্ৰাহ্মণসকলক মতাই আনি গোবিন্দগিৰীয়ে পুত্ৰৰ জন্মক্ষণ গণনা কৰোৱালে, আৰু ব্ৰাহ্মণসকলে তেওঁৰ দুইনাম থ'লে মাধৱ আৰু ৰত্নাকৰ। ব্ৰাহ্মণসকলৰ মতে এই সন্তান ঈশ্বৰাংগসম্ভুত সুলক্ষণীয়া। পিতৃ-মাতৃ আৰু হৰিশিঙা উজীৰৰ যত্নত মাধৱদেৱ বাঢ়িবলৈ ধৰিলে। সমগ্ৰ অঞ্চলটোত উজীৰ ভূঞা পৰিয়ালে ছাউনী পাতি থকাত মাধৱদেৱে সৰু কালছোৱা উজীৰ পৰিয়ালৰ ল'ৰাহঁতৰ লগত উমলি-জামলি ডাঙৰ হ'বলৈ ধৰিলে। তাৰ লগে লগেই হৰিশিঙা বৰাৰ যত্নত শিক্ষা-দীক্ষাও আগবাঢ়িব ধৰিলে। ফলস্বৰূপেই বৰ্তমান পণ্ডিতসকলে বৰ্তমান লেটেকুপুখুৰী শ্ৰীভূঞা' এই অঞ্চলটোত উজীৰ পৰিয়ালকে গইনা লৈ এখন সংস্কৃত টোল থকা বিশ্বাস কৰে। য'ত পঢ়ি মাধৱদেৱে শিক্ষা গ্ৰহণ কৰিছিল। কিছু ডাঙৰ হোৱাত মাধৱদেৱক উজীৰে প্ৰায়েই লগত লৈ ফুৰিছিল আৰু কিছু কামৰ দিহা দিছিল।

                চৈধ্য বছৰমান বয়সত মাধৱদেৱে পিতৃৰ সৈতে উজীৰৰ লগৰ পৰা উঠি আহি উজীৰৰ প্ৰাঙ্গণতে লেতেকুপুখুৰীৰ পাৰৰ বৰ্তমান নামঘৰৰ ভেটিত ঘৰ সাজি বাস কৰাৰ মতপোষণ কৰিলে। কাৰণ হৰিশিঙা উজীৰ আহোম ৰজাৰ বৰা' উপাধিপ্ৰাপ্ত চাকৰিয়াল। গতিকে ৰজাৰ ৰাজৰোষত কেতিয়াবা মাধৱদেৱৰ পৰিয়ালো পৰিব পাৰে বুলি পিতৃ গোবিন্দগিৰীয়ে উজীৰৰ পৰা আঁতৰি থকাৰ মন মেলিলে। উজীৰেও লেটেকুপুখুৰী পাৰত ঘৰ সজাই মাধৱদেৱৰ পৰিয়ালক উক্ত ঠাইতে থাকিবলৈ দিলে

বড়া বোলে ভৈল ভাল

যায়োক পুখুৰীৰ পাৰ

তহিতে ৰহিয়ো বাসা কৰি।

                হৰিশিঙা উজীৰৰ লগতে খেতি-বাতি কৰি দুই-এটকা উপাৰ্জনতো মাধৱদেৱে হাত দিছিল। কিন্তু কাল একেদৰে নাযায়। মাধৱদেৱৰ পৰিয়াললৈকো সমস্যা আহিল। হৰিশিঙা উজীৰ বৰাৰ মৃতু্যৰ পাচত মাধৱদেৱৰ পৰিয়ালৰ টকা-পইচাৰ অভাৱ হৈ আহিল। সেয়ে মাধৱদেৱৰ পৰিয়ালে লেটেকুপুখুৰী এৰিব লগাত পৰিল। লেটেকুপুখুৰী এৰি গৈ কেইবাজনো মিত্ৰৰ ঘৰত থকাৰ হাবিয়াস প্ৰকাশ কৰিছিল যদিও, উক্ত মিত্ৰৰ পৰা প্ৰকৃত বন্ধুবৎ স্নেহ নোপোৱাত গোবিন্দগিৰীয়ে পুত্ৰ-পত্নী সমন্বিতে ঘাঘৰত থকা পুৰণি মিত্ৰ ঘাঘৰী মাজী'ৰ ঘৰ পালেগৈ। ঘাঘৰী মাজী'ৰ পৰিয়ালৰ মৰমে মাধৱদেৱৰ পৰিয়ালক তেওঁৰ আশ্ৰয়তে কিছুবছৰ সুখ-সন্তোষে অতিবাহিত কৰাৰ সুবিধা দিলে। ঘাঘৰী' মাজীৰ ঘৰত থাকোতেই গোবিন্দগিৰীৰ কন্যা সন্তান, মাধৱদেৱৰ ভগ্নী উৰ্বশীৰ জন্ম হৈ ডাঙৰ-দীঘল হ'ল। উৰ্বশী গাভৰু হৈ বিয়াৰ উপযুক্ত হোৱাতহে মাধৱদেৱৰ পৰিয়ালে সেই ঠাই এৰিব লগা হ'ল।

                মাধৱদেৱৰ জন্মঠাই লেটেকুপুখুৰীত কালৰ কুটিল চক্ৰত উজীৰ ভূঞা পৰিয়ালৰ সম্পূৰ্ণ অৱসান ঘটিলনে সেই ঠাইৰ পৰা স্থানান্তৰিত হ', সঠিককৈ কোৱা টান। তথাপি সেই সময়ৰ পৰা বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ মাজৰ এই অবধিত এই অঞ্চল জনশূন্য আৰু অটব্য হাবিত পৰিণত হ'ল। সেই হাবিৰ মাজতে মাধৱদেৱৰ জন্মভেটি, উজীৰ পৰিয়ালৰ ঘৰুৱা আচবাবো হেৰাই গ'ল। মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী বৰ্তমান লক্ষীমপুৰ জিলাৰ উত্তৰ লক্ষীমপুৰ মহকুমাৰ বিহপুৰীয়া সমষ্টিৰ খেৰাজখাত মৌজাৰ অন্তৰ্গত।

                এই খেৰাজখাত মৌজা ক্ৰমে লালুক, বিহপুৰীয়া, নাৰায়ণপুৰ আৰু ধলপুৰ মৌজাৰে বেষ্টিত। পশ্চিম সীমাত আছে অৰুণাচল প্ৰদেশৰ পাদদেশ। এই চাৰিওটা মৌজা ইংৰাজ শাসনৰ পাতনি কালত বাংফাং নামেৰে মাত্ৰ এটা মৌজাহে আছিল। ডেভিদস্কট চাহাবৰ ৰাজহ সংস্কাৰৰ পৰাই বৰ্তমানৰ লালুক, বিহপুৰীয়া, নাৰায়ণপুৰ আৰু ধলপুৰ মৌজাৰ সৃষ্টি হ'ল। বাংফাঙৰ অৱশিষ্ট অংশই বৰ্তমানৰ খেৰাজখাত। উক্ত মৌজাতেই অতীজত হৰিশিঙা উজীৰ বৰাৰ ভূঞা বংশই আধিপত্য কৰিছিল। হৰিশিঙা উজীৰ পৰিয়ালৰ বসতিস্থল বাবেই বৰ্তমান লেটেকুপুখুৰীকে ধৰি সমগ্ৰ অঞ্চল শ্ৰীভূঞা' নামেৰে খ্যাত। আহোম স্বৰ্গদেউসকলে কাৰোবাৰ নামত উচৰ্গা কৰা খাত এইখন বুলি বিশ্বাস কৰিব পৰা নাযায়।

                ইংৰাজ ৰাজত্ব কালত এই অঞ্চলত বা মহাপুৰুষৰ জন্মস্থানৰ আশে-পাশে মানুহে বসবাস কৰিছিল যদিও মহাপুৰুষৰ জন্মস্থানভাগিৰ প্ৰকৃত ভেটি উদ্ধাৰ হোৱা নাছিল। স্বাধীনতাৰ পাছতহে ওচৰ-পাজৰৰ মানুহ জান-জুৰিত মাছ মাৰিবলৈ আহোতে হাবিৰ মাজত লুকাই থকা ভেটি কেইটাই ধৰা দিলে। তেতিয়া ১৯৫৪ চন। জনজাতি লোকে এই খবৰ ওচৰৰ অন্য ৰাইজক দিয়াত ৰাইজে তৎপৰতাৰে বৰ্তমান নামঘৰৰ ভেটিৰ ওপৰত গজা গছ-গছনি কাটিলত দেখিলে সেইটো এটা পুৰণা মানুহ বসতি কৰা ঘৰৰ ভেটি।

                মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান আৱিষ্কাৰৰ খবৰ যিমানলৈকে প্ৰচাৰ হ', দূৰ-দূৰণিৰ পৰা মানুহ আহি গুৰুজনাৰ জন্মস্থান চাই পৰম আনন্দ লাভ কৰিলে। সভা-সমিতি পাতি, বাতৰি-কাকতযোগে প্ৰচাৰিত হ'ল। স্থানীয় ৰাইজে এই বিষয়ত চৰকাৰৰো দৃষ্টি আকৰ্ষিত কৰিলে। চৰকাৰৰ ফালৰ পৰা বৰপেটাৰ শ্ৰীহৰি গোবিন্দ শৰ্মাক জন্মস্থান সম্পৰ্কে অনুসন্ধানৰ দায়িত্ব দিলে। শ্ৰীশৰ্মাই জন্মস্থানখনিৰ সকলো দিশ চাই, মহাপুৰুষৰ চৰিত-পুথি অধ্যয়ন কৰি, সেই স্থানেই প্ৰকৃত মাধৱদেৱৰ জন্মস্থান বুলি অনুসন্ধানৰ প্ৰতিবেদন চৰকাৰৰ ওচৰত দাখিল কৰিলে।

                মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান আৱিৰ্ভাৱ হোৱাৰ বাতৰি পাই যোৰহাটৰ তেতিয়াৰ বিধায়ক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৮০ বছৰীয়া ককা স্বগীয় নীলমণি ফুকন লেটেকুপুখুৰী পালেহি আৰু গুৰুজনাৰ পবিত্ৰ ভূমিত জ্বলোৱা বন্তিগছ যাতে চিৰস্থায়ী হয় তাৰ বাবে পাৰ্যমানে যত্নপৰ হ'ল। স্বগীয় ফুকনদেৱৰ পৃষ্ঠপোষকতাত জন্মস্থানৰ বহুতো কাম আগবাঢ়িল। তেখেতৰ চেষ্টাতেই তেতিয়াৰ অসমৰ ৰাজ্যপাল প্ৰয়াত জয়ৰাম দাস দৌলতৰামৰ সৌজন্যত গুৰুজনাৰ জন্মস্থানলৈ ৩০০ টকা অনুদান দিয়া হয় ১৯৫৪ চনতে। সেই অলপ অচৰপ ধনেৰেই লৰালৰিকৈ মণিকূট গৃহ নিৰ্মাণ কৰা হয়। তাৰ লগে লগে মহাপুৰুষৰ জন্মস্থান ভাগৰ চূড়ান্ত নিৰ্মাণৰ কাৰণে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত শ্ৰীশ্ৰীপীতাম্বৰ দেৱগোস্বামীৰ সভাপতিত্বত বহা বিৰাট ৰাজহুৱা সভাই [লেটেকুপুখুৰীত] প্ৰস্তাৱ গৃহীত কৰে। বাতৰি কাকতৰ যোগেদি আৰু অন্যান্য উপায় দান-বৰঙণি সংগ্ৰহ কৰাত শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো শ্ৰেণীৰ লোকেই পাৰ্যমাণে আৰ্থিক দান আগবঢ়াইছে। এই ক্ষেত্ৰত স্থানীয় আৰু আঞ্চলিক ৰাইজৰ চেষ্টাও অতি প্ৰশংসনীয়।

                জন্মস্থানৰ প্ৰকৃত সাক্ষ্য বহনকাৰী লেটেকুপুখুৰীটো অতীজতে ঘাঁহ-বন গজি পিতনি হৈ আছিল। সমগ্ৰ অঞ্চলৰ মুনিহ-তিৰোতা সকলোৱে লগ লাগি পুখুৰীটো পৰিস্কাৰ কৰিলে। পুখুৰীটোৰ কাষত থকা বটগছজোপা অতি পুৰণি। পুখুৰীৰ আশে-পাশে এতিয়াও কেইবাজোপা লেতেকু গছ বিদ্যমান। নামঘৰৰ মণিমূটৰ কাষত থকা বৃহৎ আকাৰৰ আমগছজোপা অতি পুৰণি। প্ৰাচীন কালৰ আম গছ, লেতেকু, বট গছ আদিয়ে এই স্থানটুকুৰাৰ গাম্ভীৰ্য অটুট ৰাখিছে।

                জন্মস্থান নিৰ্মাণ সমিতিয়ে পৰিকল্পনামতে কীৰ্ত্তন ঘৰ, মণিকূট, মাধৱদেৱ কৃষ্টিসংঘ, লেটেকুপুখুৰী শংকৰী সংগীত বিদ্যালয়, শ্ৰীশ্ৰীমাধৱদেৱ স্মৃতি গ্ৰন্থাগাৰ, অতিথি ভৱন, সংস্কৃত টোল, অনাথ আশ্ৰম আদি অনুষ্ঠান গঢ়ি তোলাত আগবাঢ়িছে। তাৰ বাবে সমিতিয়ে চৰকাৰৰ সাহায্য লাভ কৰিলে সকলো কাম পৰিকল্পিতভাৱে সম্পূৰ্ণ কৰিব পাৰিব। জন্মস্থানৰ গইনা লৈয়েই মহিলাসকলৰ বাবে লেটেকুপুখুৰী কেন্দ্ৰীয় মহিলা সমিতি নামে শিল্পানুষ্ঠান, যুৱকসকলৰ লেটেকুপুখুৰী সন্মিলিত যুৱক সংঘ আদি অনুষ্ঠান গঠিত হৈছে। এইসমূহ অনুষ্ঠানৰ জৰিয়তে শংকৰী কলা-কৃষ্টি চৰ্চা, ৰাস, ভাওনা, গীত-মাত, বাদ্যযন্ত্ৰ আদিৰ ক্ষেত্ৰত ফলপ্ৰসূভাৱে আগবাঢ়িছে। শংকৰী কলা-কৃষ্টি চৰ্চাৰ জৰিয়তে সমগ্ৰ অঞ্চলতে এক শৈক্ষিক বাতাবৰণৰ সৃষ্টি হৈছে। জন্মস্থানৰ ফালৰ পৰা বৰ্তমানলৈকে বহু ঠাইত শংকৰী কৃষ্টি, নৃত্য-গীত প্ৰদৰ্শন কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰিছে।

                অসমৰ ধৰ্মপ্ৰাণ ৰাইজৰ সহায়-সহযোগিতাত মহাপুৰুষজনাৰ পবিত্ৰ জন্মস্থানখনি এদিন উজ্বলি উঠি সমগ্ৰ ভাৰতৰ তীৰ্থস্থানৰ শাৰীলৈ উন্নীত হ'ব বুলি আমাৰ দৃ  বিশ্বাস। সেয়ে আজিৰ পৰা ৪৯৯ বছৰৰ আগৰ য'ত হয়তো জনাকীৰ্ণ গাঁও-ভূঁই আছিল, সেই ঠাই মধ্যকালত অটব্য অৰণ্যত পৰিণত হৈছিল যদিও, আজি পুনৰ লোকে লোকাৰণ্য হৈছে। মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান, শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগ স্থল নাৰায়ণপুৰত মাধৱদেৱৰ জন্মস্থানৰ পৰা ৬ কিলোমিটাৰ দূৰত অৱস্থিত ধূৱাহাট। বেলগুৰি, শ্ৰীশ্ৰীবদলা পদ্ম আতাৰ থান, ফুলনি থান, বাসুদেৱ থান, ৰঙাজান থান আদিৰ ডবা, শংখ, বৰকাঁহৰ মাতে আৰু নাম-কীৰ্তন, গীত-মাত, খোল-তালৰ শৱদে প্ৰকৃতিৰ মৌনতা ভংগ কৰি ভকতসকলৰ হৃদয় আপ্লুত কৰে।

                “হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদীবৈ যোৱাৰ দৰে হৈছে। দিনে-নিশাই মহাপুৰুষৰ জন্মস্থান দৰ্শনাৰ্থে জনস্ৰোত ব্ব ধৰিছে। মানুহৰ অন্তৰৰ অজ্ঞান অন্ধকাৰ দূৰ কৰিবলৈ যেন সহস্ৰ বন্তি জ্বলি উঠিছে।

                নামঘৰটিৰ কামো সম্পূৰ্ণ হৈ উঠা নাই। লগতে আলহীঘৰ, কৃষ্টিকেন্দ্ৰ আদি আনুসংগিক অনুষ্ঠানসমূহ গঢ়ি তোলাৰ বাবে থান সমিতি যি পৰিকল্পিত আঁচনি তাক বাস্তৱিত কৰিবৰ বাবে সমগ্ৰ অসমৰ ৰাইজে আৰু চৰকাৰে সহযোগ কৰিব লাগিব। আমি আশা ৰাখিছো মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী সৰ্বাংগসুন্দৰ হৈ নিৰ্মিত হওক আৰু শংকৰী কলা-কৃষ্টিৰ যোগেদি বৈষ্ণৱ ধৰ্মৰ জৰীডাল সুদৃ হওক।

[১৯৮৮ চনত অসম বাণীত প্ৰকাশিত]