Articles

Articles written by various author on Madhabdeva

শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থানত অভিনয় কলাৰ অনুশীলন ছাঁ-পোহৰেদি এভুমুকি

Published on:  1.1.2018

Author:  যোগেশ কাকতি

কৰাপাটঃ-

শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান, লেটেকুপুখুৰী উদ্ধাৰ হোৱাৰ পূৰ্বে বিংশ শতিকাৰ আগভাগতেই অঞ্চলটোৰ গাঁওসমূহ গঢ় লৈ উঠিছিল। এই গাঁওসমূহৰ ভিত্তিভূমি গঠন কৰাত যিহেতু নামঘৰসমূহে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল আৰু এই নামঘৰসমূহত অংকীয়া আৰু মাতৃভাষাএই দুয়োটা মাধ্যমতে ভাওনা [কেতিয়াবা পাল্লা] ৰূপায়ণ হোৱাটো আছিল এটা নৈমিত্তিক কথা। কাজেই এই কলা-কৃষ্টিৰ সাধকসকলৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠা শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থানতো উদ্ধাৰকালীন সময়ৰ পৰাই কলা-কৃষ্টিৰ উল্লেখযোগ্য অনুশীলন-পৰিশীলন চলি আহিছে। গড় হিচাপে বছৰি নূ্যনতম ১০ [দহ]খনকৈ ভাওনা ৰূপায়ণ হোৱা বুলি ধৰি 'লেও ' পাৰি অদ্যৱধি জন্মস্থানত ৰূপায়ণ হোৱা ভাওনাৰ সংখ্যাই সৰ্বাধিক 'ব। এই পাৰিসাংখ্যিক তথ্যৰ পৰাই গুৰুজনাৰ কলা-কৃষ্টিৰ অনুশীলনৰ ক্ষেত্ৰত শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থানক অসম ভূমিৰ ভিতৰতে এক উল্লেখযোগ্য সাংস্কৃতিক পীঠ হিচাপে অভিহিত কৰিব পাৰি। জন্মস্থানৰ সাংস্কৃতিক ঐতিহ্য বা পৰম্পৰা বৰ্ণাঢ্য আৰু এই সাংস্কৃতিক পৰিক্ৰমাত জন্মস্থানখনিৰ নিকটৱৰ্তী গাঁওসমূহৰ গৰিষ্ঠসংখ্যক ব্যক্তি প্ৰত্যক্ষ কিম্বা পৰোক্ষভাৱে জড়িত হৈ আছিল বা আছে। বিশেষকৈ লক্ষীমপুৰ জিলাৰ নামনি ভাগত আৰু সাধাৰণভাৱে সমগ্ৰ অসমৰ সাংস্কৃতিক পৰিমণ্ডললৈ জন্মস্থানখনিৰ ভূমিকা অনবদ্য। কিন্তু পৰিতাপৰ কথা এয়ে যে জন্মস্থানখনিত চৰ্চা হোৱা কলা-সংস্কৃতিৰ এই বৰ্ণাঢ্য পৰিক্ৰমাটোৰ এখন যথাযথ চিত্ৰ আঁকিবৰ বাবে আমাৰ হাতত প্ৰণালীবদ্ধ তথা লিপিবদ্ধ তথ্যৰ বাৰুকৈয়ে অভাৱ। সেয়েহে জন্মস্থানখনিত ৰূপায়ণ হোৱা বিশেষকৈ অভিনয় কলাৰ এখনি ছবি আধাডুখৰীয়াকৈ 'লেও অংকন কৰিবৰ কাৰণে আমি এই অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ কাষ চাপিছিলোঁ আৰু সেইসকল কলাৰসিকৰ বক্তব্যৰ ভিত্তিত এই প্ৰতিবেদনটি যুগুত কৰা হৈছে। উল্লেখযোগ্য যে প্ৰায় সত্তৰ বছৰীয়া এই সুদীৰ্ঘ পৰিক্ৰমাটি যুগুত কৰিবলৈ লওঁতে আমি  দহবছৰীয়া একোটিকৈ কাল নিৰূপণ কৰি, জ্যেষ্ঠতাৰ ভিত্তিত সেই সেই কালছোৱাৰ একোখন ছবি প্ৰতিফলন ঘটাবলৈ প্ৰয়াস কৰিছোঁহক। নিম্ন উল্লিখিত তথ্যসমূহ সেইসকল কলামোদী ব্যক্তিৰ সাক্ষাৎমূলক বক্তব্যৰ সম্পাদিত ৰূপ। 

কেশৱ বৰা : ১৯৫১-৫২ চনত [মাঘ মাহত] পোনপ্ৰথম লেটেকুপুখুৰীত উত্তৰ কমলাবাৰী সত্ৰৰ ভকত-বৈষ্ণৱসকলেসুৰথ উদ্ধাৰ' নামৰ এখন ভাওনা কৰিছিল। সেই বছৰতে গুৰুজনাৰ জন্মজয়ন্তী উৎসৱত চৌধ্যপুনীয়া গাঁৱৰ ৰাইজেওৰক্তমুকুট' নামৰ এখন ভাওনা পাতিছিল। এই দুইখন ভাওনা বৰ্তমান নাটঘৰ নিৰ্মাণ কৰি থকা ঠাইত হৈছিলচ ভাওনা দুখনে ৰাইজক সন্মোহিত কৰিছিল। ১৯৫৪-৫৫ চনত শঙ্কৰদেৱৰ জন্মোৎসৱভাগি বৰবালিৰশঙ্কৰদেৱ জন্মোৎসৱ সমিতিয়ে গুৰুজনাৰ থানত তিনিদিনীয়াকৈ উদযাপন কৰিছিল। এই উৎসৱৰ সভাপতি আছিল সোণাৰিপাৰ সত্ৰৰ সত্ৰাধিকাৰ চন্দ্ৰকমল গোস্বামী, উপ-সভাপতি আছিল যুগল চন্দ্ৰ হাজৰিকা, যুটীয়া সম্পাদক আছিল শ্ৰী মধুপ্ৰসাদ দত্ত আৰু প্ৰয়াত হিতেশ্বৰ বৰুৱা। মূল তিথিৰ দিনা অঙ্কীয়া নাট আৰু বাকী দুদিনত মাতৃভাষাৰ ভাওনা পাতিছিল। এই উৎসৱত পোৰাবিলৰ পৰাৰুক্মিণী হৰণ', ভোগদৈগুৰি গাঁৱৰ পৰা  ‘শাল দৈত্য বধআৰু শ্ৰীভূঞা চমুৱা গাঁৱৰ পৰাভীষ্ম পৰ্ব' ভাওনা পতা হৈছিল।ৰুক্মিণী হৰণ' ভাওনাত পোৰাবিলৰ তুৱাই বৰা বায়নৰ নেতৃত্বত  গায়ন-বায়ন আৰু সেই সময়ৰ বৃদ্ধ ব্ৰজনাথ বৰুৱা আৰু যুগল চন্দ্ৰ হাজৰিকাই অঙ্কীয়া গীত পৰিৱেশন কৰিছিল। সেই ভাওনাৰ সূত্ৰধাৰী লোৱা মানুহজন হঠাতে আহিব নোৱৰাত উত্তৰ কমলাবাৰী সত্ৰৰ ভকতসকলৰ দ্বাৰা সূত্ৰধাৰী নৃত্য পৰিৱেশন কৰোৱা হৈছিল।

১৯৫৬-৫৭ চনত মাধৱদেৱৰ জন্মোৎসৱত বদলা সত্ৰৰ বৈষ্ণৱসকলে চালি নৃত্য, নটুৱা নাচ আৰু ওজাপালি নৃত্য পৰিৱেশন কৰিছিল। মূল তিথিৰ দিনা অঙ্কীয়া ভাওনা হৈছিল। কাঁচিকটা গাঁৱৰ ৰাইজেজংঘাসুৰ বধ' ভাওনা পাতিছিল। সেই বছৰৰে শঙ্কৰদেৱৰ জন্মোৎসৱত সমগ্ৰ পোৰাবিল গাঁৱৰ ৰাইজ মিলিত্ৰিপুৰাসুৰ বধ, গয়াসুৰৰ পাদপদ্ম লাভ' ভাওনা পাতিছিল।

ইয়াৰ উপৰি বিভিন্ন সময়ত বিভিন্ন উপলক্ষত গুৰুজনাৰ জন্মস্থানত বয়সীয়ালসকলে ভাওনা প্ৰদৰ্শন কৰিছিল। এইবিলাকৰ ভিতৰতদ্ৰোণ পৰ্ব', ‘প্ৰবীৰ পতন', ‘ভীষ্ম পৰ্ব', ‘শকুনিৰ প্ৰতিশোধ' ‘কৰ্ণ পৰ্ব', ‘মহাৰথী কৰ্ণ' আদি অন্যতম ইয়াৰেদ্ৰোণ পৰ্ব' ভাওনাত মইকুন্তী' চৰিত্ৰত অভিনয় কৰিছিলোঁ। শ্ৰী বংশীবদন গোস্বামী, ভোলা ভূঞা, প্ৰয়াত ডম্বৰু ভূঞা, লীলা পাঠক, ভৱ হাজৰিকা, গণেশ হাজৰিকা আদিয়ে [সকলোৰে নামবোৰ পাহৰিছোঁ] অভিনয় কৰিছিল। এবাৰ শঙ্কৰোৎসৱত প্ৰদৰ্শিতসীতা সয়ম্বৰ' ভাওনাত আমি গায়ন-বায়ন পৰিৱেশন কৰিছিলোঁ। উক্ত নাটকত প্ৰয়াত মোহোৰাম নেওগ, তনুৰাম বৰা, বাপুৰাম বৰা, মুহিৰাম হাজৰিকা, মণি বৰা, কলিৰাম দত্ত [সকলোৰে নাম মনলৈ অহা নাই] আদিয়েজাকৈয়া ৰজা' ভাও কৰিছিল। আমাৰ পোৰাবিল গাঁৱৰ ৰাইজে থানত কেইবাবাৰো অঙ্কীয়া ভাওনা অনুষ্ঠিত কৰিছিল। থানৰ পৰিচালক প্ৰয়াত ডিম্ব শইকীয়াই [আতৈ] সূত্ৰ নাচিছিল। তদুপৰি প্ৰয়াত কিনাৰাম আতৈৰ অনুৰোধত পোৰাবিল গাঁৱৰ নামঘৰত বাৰ্ষিক সবাহৰ দিনা অনুষ্ঠিত হোৱা ভাওনাখনো থানত কেইবাবাৰো অনুষ্ঠিত কৰা মনত পৰে।

১৯৫৭-৫৮ চনত ভোলাবৰি, ৰবৰ চাপৰি গাঁৱৰ ৰাইজে শঙ্কৰদেৱৰ জন্মোৎসৱত দুদিন দুখন ভাওনা পাতিছিল। ভাওনাৰ নাম পাহৰণিৰ গৰ্ভত। উল্লেখ্য যে গুৰুজনাৰ জন্মস্থানত হোৱা উৎসৱসমূহত প্ৰতিবছৰেই বিভিন্ন ঠাইৰ পৰা ৰাইজ আহি ভাওনা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছিল। গাঁওসমূহৰ নাম বৰ্তমান মনত নাই।

১৯৬০ চনত মাধৱদেৱ কৃষ্টি সংঘৰ জন্ম হয়। ইয়াৰ প্ৰথম সভাপতি আছিল মুহিৰাম হাজৰিকা আৰু সম্পাদক আছিল কলিৰাম দত্ত। সেই একে বছৰতে লেটেকুপুখুৰীত শঙ্কৰী সঙ্গীত বিদ্যালয় প্ৰতিষ্ঠা হয়। ইয়াৰ সভাপতি আছিল থান পৰিচালনা সমিতিত থকা প্ৰয়াত মোহন চন্দ্ৰ ভূঞা আৰু সম্পাদক আছিল প্ৰয়াত তোষেশ্বৰ নেওগ।

১৯৬৬ চনৰ পৰা লেটেকুপুখুৰীত শ্ৰীকৃষ্ণৰ ৰাসলীলা উৎসৱ আৰম্ভ হয়। এই ৰাস থানৰ কীৰ্তন ঘৰত মুকলিকৈ অনুষ্ঠিত হৈছিল। বদলা সত্ৰৰ পৰা নাটক বিচাৰি আনি পুৰণি ঠাঁচত এই ৰাস অভিনয় কৰা হৈছিল। স্ত্ৰী চৰিত্ৰৰ ভাও পুৰুষেই কৰিছিল। এই ৰাস অভিনয়ে ইমানেই জনপ্ৰিয়তা অৰ্জন কৰিছিল যে পিছলৈ দৰ্শকক নিয়ন্ত্ৰণ কৰিবলৈ সামান্য দৰ্শনী লোৱাৰ ব্যৱস্থা কৰা হৈছিল। সেই কীৰ্তন ঘৰতে অস্থায়ী মঞ্চ সাজি বাৰান্দাত বাঁহৰ বেৰ লগাই ওপৰত টিঙৰ চালি দি ৰাস পতা হৈছিল।

ইয়াৰ পিছত বছৰি দুই-তিনিদিনীয়াকৈ ৰাস অনুষ্ঠিত কৰোঁতে হোৱা অত্যন্ত খৰচলৈ চাই ইয়াক আৰ্থিকীকৰণ কৰাৰ মানস কৰি লগতে ইয়াৰ স্ত্ৰী চৰিত্ৰসমূহ কিশোৰীসকলৰ দ্বাৰা ৰূপায়ণ কৰাৰ প্ৰয়াসেৰে কীৰ্তন ঘৰৰ ভেটিৰ পৰা নমাই আনি কাঠৰ খুঁটা লগাই খেৰ-বাঁহ-বেতেৰে মঞ্চ আৰু প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি পূৰ্ণাঙ্গ ৰাসলীলা পাতিবলৈ লোৱা হয়। ইয়াত পৌৰাণিক নাটক আৰু আধুনিক নাটকৰো অভিনয় হয়।

১৯৮০-৮১ চনত চৰকাৰৰ পৰা পোৱা অনুদানেৰে পূৰ্বৰ কাঠ আৰু খেৰ-বাঁহৰ ঘৰ ভাঙি স্থায়ী ৰঙ্গমঞ্চ আৰু প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি উলিওৱা হয়।

১৯৬০ চনৰে পৰা থানত গায়ন-বায়ন, নৃত্য, বৰগীত আদিৰ শিক্ষণ চলিছিল। শ্ৰী যোগেন বৰা আতৈ, শ্ৰী ফণীধৰ আতৈ আৰু প্ৰয়াত মিঠাৰাম বৰুৱাৰ নেতৃত্বত এই শিক্ষণ কাৰ্য চলিছিল। আশীৰ দশকৰ পৰা এই শিক্ষাসমূহ শঙ্কৰী সঙ্গীত বিদ্যালয়ৰ দ্বাৰা চলোৱা হয় আৰু সঙ্গীত বিদ্যালয়খনিৰ নতুন বিষয়ব্বীয়া নিৰ্বাচনেৰে এখনি শক্তিশালী সঙ্গীত বিদ্যালয় পৰিচালিত হৈ আহিছে। বৰ্তমানপৰ্যন্ত এই সঙ্গীত বিদ্যালয়খনিৰ পৰিচালনাৰ দায়িত্ব স্থানীয় সাংস্কৃতিক ৰ্মী শ্ৰী বেথাৰাম বৰাই বহন কৰি থকা পৰিলক্ষিত হৈছে।

nখগেন হাজৰিকায মহাপুৰুষ গুৰুজনাৰ জন্মস্থান আৱিস্কাৰ হোৱাৰ পিছতে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত কমলাকান্ত দেৱগোস্বামীদেৱৰ তত্ত্বাৱধানত জন্মস্থানত গুৰু দুজনাৰ মহান কলা-কৃষ্টিসমূহ বিশেষকৈ নিত্য প্ৰসংগ, ভাগৱত পাঠ, ঘোষা, নাম-কীৰ্তন আদি পৰিচালনা কৰিবৰ কাৰণে সেই সত্ৰৰে বৈষ্ণৱ ভকত প্ৰয়াত কিনাৰাম হাজৰিকা বুঢ়াভকতক ৰাখিছিল আৰু প্ৰভূ ঈশ্বৰো আহি মাজে মাজে ইয়াত আছিলহি। প্ৰভূ ঈশ্বৰে সেই সময়ৰ বৃদ্ধসকলক লৈ ভাগৱত চৰ্চাৰ কেন্দ্ৰ এটি গঢ় দিছিল যিভাগ অনুষ্ঠান আজিলৈকে চলি আছে। সেই সময়ত ছটা সৰল কাঠৰ খুঁটাৰে এখন চালি দি সজা কীৰ্তনঘৰতে এই সাংস্কৃতিক ক্ৰিয়া-কলাপসমূহ চলিছিল। মহাপুৰুষ গুৰু দুজনাৰ তিথিকে ধৰি অন্যান্য উৎসৱ-পাৰ্বণবোৰত সত্ৰৰ ভকতৰ দ্বাৰা চালি, ঝুমুৰা আদি নৃত্য পৰিৱেশন কৰা হৈছিল। স্থানীয় ৰাইজৰ দ্বাৰা মাতৃভাষাৰ ভাওনা পতাৰ উপৰিওৰুক্মিণী হৰণ', ‘পাৰিজাত হৰণ', ‘সীতা সয়ম্বৰ', ‘নৃসিংহ যাত্ৰা' আদি ভাওনাও হৈছিল।ৰুক্মিণী হৰণ' ভাওনাত মই ৰুক্মিণীৰ ভাও কৰিছিলোঁ, কৃষ্ণৰ ভাও কৰিছিল প্ৰয়াত কিনাৰাম আতৈয়ে। শংকৰ জন্মোৎসৱত ভাওনা প্ৰদৰ্শনৰ বাবে 'ৰা লাহলিয়াল, জয়পুৰ, মধুপুৰ আদি গাঁৱৰ পৰা ৰাইজ আহিছিল। সেই সময়ত শ্ৰী যোগেন বৰা আতৈয়ে আঞ্চলিক গাঁৱৰ পৰা শিশু-যুৱকক নিমন্ত্ৰণ কৰি আনি শ্ৰী ফণীধৰ আতৈৰ সহযোগত পূৰ্ণাংগ ৰাসৰ আয়োজন কৰিছিল আৰু ৰাইজে বিপুল সঁহাৰি জনাইছিল।

বেথাৰাম বৰা :মহাপুৰুষ গুৰুজনাৰ জন্মস্থানত গুৰু দুজনাৰ মহান কলা-কৃষ্টিসমূহ বিশেষকৈ বৰগীত, ভাওনা, নিত্য প্ৰসংগ, ভাগৱত পাঠ, ঘোষা, কীৰ্তন পাঠ, চালি-ঝুমুৰা-সূত্ৰ আদি সত্ৰীয়া নৃত্যৰ চৰ্চা আৰু প্ৰদৰ্শন হৈ আহিছে। এই মহাপুৰুষীয়া সংস্কৃতিৰ চৰ্চা আৰু প্ৰদৰ্শনৰ দিশত অঞ্চলটোৰ শিল্পীসকলক উৎসাহ-উদ্দীপনা যোগোৱা শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ প্ৰয়াত কিনাৰাম বুঢ়াভকত, বৰ্তমানৰ জন্মস্থানৰ শৰাই আৰু বন্তি পৰিচালক শ্ৰদ্ধাৰ যোগেন বৰা বুঢ়াভকত, ফণীধৰ শইকীয়া আৰু প্ৰয়াত মিঠাৰাম বৰুৱা বায়নেই আছিল প্ৰধান। গায়ন-বায়ন, অংকীয়া ভাওনা, সত্ৰীয়া নৃত্য, বৰগীত আদি অনুপম কৃষ্টিৰে সুশোভিত হৈ পৰা এই অনুষ্ঠানসমূহত শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভূৰ উদ্যোগ আৰু স্থানীয় সাংস্কৃতিক অনুষ্ঠান লেটেকুপুখুৰী শঙ্কৰী সংগীত বিদ্যালয়ৰ সহযোগত অঞ্চলটোৰ সংস্কৃতানুৰাগী শিশু আৰু যুৱক-যুৱতীসকলৰ উৎসাহভৰা অংশগ্ৰহণে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। এই বিদ্যালয়ৰ যোগেদি নৃত্য-গীতৰ শিক্ষা লাভ কৰি বিভিন্ন সময়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি অহা শিক্ষাথ¹সকলৰ ভিতৰত শোভন বৰুৱা, ধীৰেন চেকনিধৰা, নৰেন হাজৰিকা, মহেন হাজৰিকা, মহেশ বৰুৱা, নিৰঞ্জন বৰুৱা, তৰিৎ বৰুৱা, যোগেশ কাকতি, ৰঞ্জন বৰা, দিব্যজোতি বৰা, অৰ্চনা বৰুৱা, মূৰ্ছনা নেওগ, নিলাক্ষী হাজৰিকা, পিংকী বৰা, ৰতন নেওগ, ক্ষীৰোদ বৰা, চিন্ময় বৈষ্ণৱ, বেদান্ত বৈৰাগী, ভাস্কৰ বৰা, প্ৰবাল নেওগ, শ্যামচন্দন বৰা, প্ৰাঞ্জল বৰুৱা, ভানু বৰা, অৰ্পণা বৰুৱা, যাদৱ শইকীয়া, জুলি বৰা, মুনীন্দ্ৰ বৰা আৰু বহুজনৰ [স্থানৰ অভাৱত সকলোৰে নাম উল্লেখ কৰা সম্ভৱ নহয়] সাংস্কৃতিক প্ৰতিভাই লেটেকুপুখুৰী অঞ্চলৰ কৃষ্টি-সংস্কৃতিক এক বিশেষ পৰ্যায়লৈ নিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি এই বিদ্যালয়ৰ দ্বাৰা বিভিন্ন সময়ত পৰিৱেশিত অংকীয়া ভাওনাতো অঞ্চলটোৰ একাংশ জ্যেষ্ঠ শিল্পীয়ে নিয়মিত ৰূপত অভিনয় কৰি অঞ্চলটোক গৌৰৱৰ অংশীদাৰ কৰি তুলিছে। এইসকলৰ ভিতৰত পৰেশ নেওগ, প্ৰদীপ হাজৰিকা, প্ৰদীপ গোস্বামী, অনন্ত হাজৰিকা, তোলেশ্বৰ বৰা, প্ৰবীণ বৰা আদিৰ নাম উল্লেখযোগ্য।

আনহাতে স্থানীয় শ্ৰীশ্ৰীমাধৱদেৱ কৃষ্টি সংঘয়ো বিভিন্ন সময়ত বিভিন্ন সাংস্কৃতিক পদক্ষেপ হাতত লৈ আহিছে। বিশেষকৈ স্থানীয় যুৱক-যুৱতীসকলৰ সুপ্ত শিল্পী প্ৰতিভাৰ বিকাশ ঘটাই ৰূপায়ণ কৰি অহা নাট্যানুষ্ঠান আৰু শ্ৰীশ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা এক উল্লেখনীয় দিশ। সংঘৰ যোগেদিপগলা মানুহ', ‘মিৰি জীয়ৰী', ‘দখল', ‘খোজ', ‘পিজৌ গাভৰু', ‘বলিয়া গোসাঁই' আদি বিভিন্ন সামাজিক নাটক মঞ্চস্থ হৈছে। পৰেশ নেওগ, লীলা বৰা, প্ৰদীপ হাজৰিকা, অনন্ত হাজৰিকা, তপন দত্ত, শ্যাম তামুলী, প্ৰদীপ গোস্বামী, সুচেন নেওগ, প্ৰবীণ বৰা আদি সাংস্কৃতিক কম¹সকলে অব্যাহত ৰখা প্ৰচেষ্টাই অনুষ্ঠানটোক নাট্যচৰ্চাৰ ক্ষেত্ৰত অনন্য মাত্ৰা প্ৰদান কৰি আহিছে।

নিৰণ নেওগ : ১৯৬৫-৬৬ চনমানত শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থানৰ কীৰ্তন ঘৰৰ ভেটিত হোৱা শ্ৰীশ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলাৰ পৰাই এই স্থানত ৰূপায়ণ হোৱা ভাওনাকে মুখ্য কৰি কলা-সংস্কৃতিৰ চৰ্চাৰ লগত জড়িত কথাবিলাক মোৰ মনত পৰে। উল্লেখযোগ্য যে সেই কালত নাৰায়ণপুৰৰ বদলা সত্ৰৰ বাহিৰে আমাৰ এই ফালৰ সম্প্ৰতি নগৰায়ন হোৱা স্থানসমূহত অন্য কোনো স্থানতেই ৰাসলীলা উদযাপন হোৱা নাছিল। কীৰ্তনঘৰৰ ভেটিত বিহপুৰীয়াৰ মিলৰ পৰা অনা তুঁহ-ভুচি-মাটিৰে দৰ্শকৰ আসন প্ৰস্তুত কৰা হৈছিল আৰু দৰ্শনীৰ মূল্য আছিল ৫০ পইচা। কাৰাগাৰত বসুদেৱ-দৈৱকীক বন্দী কৰিবৰ বাবে শিকলি প্ৰস্তুত কৰাৰ কথা মনত পৰে। এই ভাও সাধাৰণতে লৈছিল খগেন হাজৰিকা আৰু প্ৰয়াত টংক বৰাদেৱে। সেই কাৰাগাৰৰ দৃশ্য ৰূপায়ণ কৰোঁতে শিলাবৃষ্টিৰ দৃশ্যায়ন কৰিবৰ বাবে এটা পাহাৰ সজাৰ কথা মনত পৰে। এই ৰাসত কংসৰ চৰিত্ৰত অভিনয় কৰিছিল নিত্যা শইকীয়া তোষেশ্বৰ নেওগ, হেম নেওগ, হলি হাজৰিকা [গোনা], কলিৰাম দত্ত, তপেশ্বৰ ভূঞা আদিয়ে। মহাৰাসৰ কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিছিল ফণীধৰ হাজৰিকা [আতৈ], মুহিৰাম আতৈ আৰু ৰাধাৰ চৰিত্ৰত নিত্যা হাজৰিকাদেৱে। নাৰদৰ চৰিত্ৰত ব্ৰজেন শৰ্মা আৰু কণপাই হাজৰিকাই অভিনয় কৰিছিল। অন্যহাতে, বস্ত্ৰহৰণৰ কৃষ্ণৰ চৰিত্ৰত আছিল বংশীবদন গোস্বামী আৰু গুনন্দ বৰা। আকৌ মনত পৰে কালিয় দমনৰ কৃষ্ণপ্ৰয়াত দুগ্দ্ধ হাজৰিকা, বলোভদ্ৰ সুশীল হাজৰিকা, শিশুকৃষ্ণ প্ৰয়াত ফণীধৰ নেওগ। বৎসাসুৰ আৰু পুতনাৰ চৰিত্ৰত নিয়মীয়াকৈ সদা শইকীয়া আৰু প্ৰয়াত ½ বৰুৱাই অভিনয় কৰিছিল। তেনেকৈ শংখচূড়ৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল কৈলাশ বৰঠাকুৰ আৰু ভোলা পাঠকে। নেপথ্য কণ্ঠ পৰিৱেশন কৰা নন্দেশ্বৰ শইকীয়াৰ কণ্ঠটো আজিও যিদৰে কাণত ভাহি আছে, তেনেকৈ বৃদ্ধ গোপী ৰূপে ৰাসত ওলোৱা মোহোৰাম নেওগ [মেহাই] আৰু তনুৰাম বৰাৰ কথা মনত পৰে। নাৰী চৰিত্ৰত উল্লেখযোগ্য অভিনেতা আছিল প্ৰয়াত জীৱ নেওগ আৰু ৰূপৰাম বৰুৱা। নন্দৰ ভাওত প্ৰসিদ্ধ আছিল প্ৰয়াত অম্বি বৰুৱাদেৱ আৰু বহুবাৰ বসুদেৱৰ ভাও ৰূপায়ণ কৰিলে সুবোধ বৰাই। তেনেকৈ মহাৰাসৰ কৃষ্ণৰ ভাৱত সুন্দৰ অভিনয় কৰিছিল তৰুণ বৰা [ভাই] আৰু কুমুদ নেওগে। যোগেন বৰা ফণীধৰ আতৈ মিঠাৰাম আতৈ ডিম্ব আতৈ আদিয়ে আমাক মাটি আখৰা শিকাইছিল। ৰাসখনৰ শৃংখলাবদ্ধতা বজাই ৰখাত মুহিৰাম ভলণ্টিয়াৰ আৰু ৰোষেশ্বৰ বৰুৱাৰ কথা বিশেষভাৱে মনলৈ আহে। পিছৰ কালত ৰাসত নৃত্য প্ৰশিক্ষক হিচাপে গোপাল গোস্বামীয়ে বিশেষ ভূমিকা লৈছিল। কীৰ্তনঘৰৰ ভেটিত হোৱা দুখন ভাওনাৰ কথা মোৰ সৰুকালত বিশেষভাৱে মনত পৰে– ‘ভীষ্ম পৰ্ব' আৰুশুণ্ড-উপশুণ্ড বধ' এই ভাওনা দুখনত ভাও লোৱা লোকসকলৰ একাংশ আছিলপ্ৰয়াত মোহন ভূঞা, কলিৰাম দত্ত, কেশৱ বৰা, ভোলা ভূঞা, থানেশ্বৰ শৰ্মা, কণপাই বৰুৱা। এবাৰ সাদিনীয়াকৈ শংকৰ জন্মোৎসৱ হোৱা মনত পৰে। এই উৎসৱত ৰূপায়িতবৃত্তাসুৰ বধ' ভাওনাখনত বৃত্তাসুৰ লৈছিল টংক বৰাই, পৰশুৰাম আৰু উত্তৰৰ ভাও লৈছিল ক্ৰমে তোষেশ্বৰ নেওগ আৰু খগেন কাকতিয়ে। বাকীসকলৰ কথা বিস্মৃতিৰ গৰ্ভত। কিনাৰাম আতৈ আৰু মিঠাৰাম আতৈ আছিল থানত হোৱা ভাওনাৰ কৃষ্ণ-অজুনৰ এটা স্থায়ী যুটি। তনুৰাম বৰাই জলহু আৰু মণি বৰাই বাংকৰা ভাও লোৱাযমপুৰীত যমৰজাৰ জলহু' নামৰ নাটকখনৰ কথা আজিও মনলৈ আহে।

এই অনুষ্ঠানটিৰ উত্তৰণৰ ক্ষেত্ৰত হেনৰী 'ৰ্ডে কোৱা কথা এষাৰ মনলৈ আহিছে। তেওঁ কৈছিল‘‘Comming together is Beginning; Keeping together is Progress; Working together is Success.’’

কৃষ্ণ বৰুৱা, মোহন দত্ত : ১৯৬০ চনত শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থানৰ কীৰ্তন ঘৰৰ ভেটিত পোনপ্ৰথমবাৰৰ বাবে  শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা আৰম্ভ হৈছিল। সেই সময়ত নাৰী চৰিত্ৰত পুৰুষসকলে অভিনয় কৰিছিল। ৰাসক কেন্দ্ৰ কৰি গঢ় লৈ উঠা শ্ৰীশ্ৰীমাধৱদেৱ কৃষ্টি সংঘ বৰ্তমান অসমৰ ভিতৰত এটি জাকত জিলিকা অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। ইয়াৰ লগতে লেটেকুপুখুৰীৰ শঙ্কৰী সঙ্গীত বিদ্যালয়খনেও প্ৰতিভা বিকাশৰ এক অগ্ৰণী অনুষ্ঠান হিচাপে সমাদৰ লাভ কৰিছে।

   গুৰুজনাৰ এই পৱিত্ৰ ধামলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা তীৰ্থযাত্ৰীসকলৰ লগত ভাগৱতী সমাজৰ এক নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছে। তেখেতসকলৰ লগত বিভিন্ন শাস্ত্ৰৰ ৰ্মীয় তত্ত্বগধুৰ আলাপ-আলোচনাই অনুষ্ঠানভাগিত এক সুকীয়া ভক্তিৰসৰ সৃষ্টি কৰিছে। ভাগৱতীসকলৰ ভিতৰত বহুকেইজন পুৰোধা ব্যক্তিয়েই আছিল প্ৰায় নব্বৈ বছৰৰ ঊধ্বৰ। সেইসকলৰ জ্ঞানময়, ভক্তিময় তথা ৰসাল বাৰ্তালাপত আমি পুলকিত হৈছিলোঁহক। এই বয়োজ্যেষ্ঠসকলক লৈ দুবাৰকৈ জন্মস্থানত মহাপুৰুষজনাৰ অমৰ সৃষ্টি অংকীয়া নাটক পতা হৈছিল।ৰুক্মিণী হৰণ', ‘পত্নী প্ৰসাদ' আদি ভাওনা পাতি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল।

গুৰুজনাৰ মহান সৃষ্টিৰাজিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যিসকল মহান পুৰুষে অহোপুৰুষাৰ্থ কৰি আহিছে, তেখেতসকলক আমি কৃতজ্ঞতা জনাইছোঁ। ২০১৫ চনত এই জন্মস্থানতে সদৌ অসম ভিত্তিতঅংকীয়া ভাওনা সমাৰোহ' নামৰ এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভূ তথা বৰ্তমান জন্মস্থান পৰিচালনা সমিতিৰ সভাপতি শ্ৰীশ্ৰীজনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত অনুষ্ঠিত এই  অনুষ্ঠানত বিভিন্ন স্মাৰক বক্তৃতা অনুষ্ঠান তথা অংকীয়া নাটকৰ মৌলিকতা বা গুৰুজনাৰ ভক্তি নিদৰ্শন আদি বিষয়ত বিস্তৃত অৱলোকন কৰা হয়।

প্ৰবীণ বৰা : ১৯৭৪ চনৰ অক্টোবৰৰ কোনোবা এটা দিনত দেউতাৰ সৈতে থানলৈ আহিছিলোঁ। যোগেন আতৈৰ পৰিচালনাত ৰাসৰ আখৰা পূৰ্ণগতিত চলি আছে। সেই বছৰ ৰাসত মইসুদাম' ভাও দিলোঁ। তাৰ পিছৰে পৰা এতিয়ালৈকে সেই ধাৰা অব্যাহত আছে। পৰৱৰ্তী সময়ত থানত অনুষ্ঠিত হোৱা বিভিন্ন উৎসৱৰ পৰিপ্ৰেক্ষিতত পৰিৱেশিত ভাওনাসমূহত অভিনয় কৰিছিলোঁ। সেই সময়ৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ কমলাকান্ত দেৱগোস্বামী প্ৰভূৰ লগতে প্ৰয়াত মোহন ভূঞা, মুহিৰাম হাজৰিকা, ভৱ হাজৰিকা, মোহন হাজৰিকা, লীলাকান্ত পাঠক, ৰাজেন বৰুৱা, সদা শইকীয়া, প্ৰয়াত লক্ষী নেওগ, ধৰ্মকান্ত নেওগ, ভোলা দত্ত [বিলতীয়া], কৃষ্ণ হাজৰিকা, মধুপ্ৰসাদ দত্ত, হেমকান্ত বৰা, ভোলা ভূঞা, প্ৰয়াত তপেশ্বৰ ভূঞা, হেম নেওগ, বংশীবদন গোস্বামী, বিদূৰ বৰা, খগেন হাজৰিকা, প্ৰয়াত ডিম্ব শইকীয়া আতৈ, মাণিক শইকীয়া, তনুৰাম বৰা [সকলোৰে নাম মনত পৰা নাই] আদি লোকসকল এই অনুষ্ঠানবোৰৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল। থানত প্ৰদৰ্শিতশকুনিৰ প্ৰতিশোধ', ‘কৰ্ণ পৰ্ব', ‘গদা পৰ্ব' আদি ভাওনাত এই লোকসকলেও অভিনয় কৰিছিল। ইয়াৰ আটাইতকৈ আকৰ্ষণীয় বিষয় আছিল খুহুতীয়া অভিনয়। এই বিষয়টোৰ গুৰি ধৰিছিল প্ৰয়াত মণি বৰা, তনুৰাম বৰা, মোহোৰাম নেওগ [মেহাই], পিপৰা শইকীয়া, শ্ৰী কেশৱ বৰাই। ইয়াৰ পিছত এনে অভিনয় কান্ধ পাতি ধৰিছিল প্ৰয়াত টংক শইকীয়া, শ্ৰী হৰি শইকীয়া, দিচেন ৰাজখোৱা, কমল দত্তই। প্ৰয়াত চেনিৰাম বৰুৱা, তোলেশ্বৰ বৰা, নিলেশ্বৰ কটকী, বিপুল শইকীয়া আদিয়ে পৰৱৰ্তী সময়ত এই ধাৰা অব্যাহত ৰাখিছিল।

  ইয়াৰ পিছতে ' লাগিব শ্ৰীশ্ৰীমাধৱদেৱ কৃষ্টিসংঘৰ কথা। অঞ্চলটোৰ শিশু-কিশোৰ-যুৱক-যুৱতীৰ সুপ্ত অভিনয় প্ৰতিভাক জাগ্ৰত ৰূপ দিয়া এই অনুষ্ঠানৰ যোগেদি প্ৰতি বছৰতে প্ৰদৰ্শিত শ্ৰীশ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা আৰু সামাজিক নাটকসমূহত অভিনয় কৰা সংঘৰ সদস্যসকলৰ ত্যাগ আৰু কষ্টৰ কথা 'বই লাগিব। বেথাৰাম বৰা, পৰেশ নেওগ, কুমুদ নেওগ, লোহিত নেওগ, দিগন্ত নেওগ, অনন্ত হাজৰিকা, লীলা বৰা, তপন দত্ত, চিত্ত বৰা, সুচেন নেওগ, ৰতন নেওগ, দিগন্ত নেওগ, সত্য নেওগ, সুৰেশ নেওগ [স্থানাভাৱৰ বাবে সকলোৰে নাম উল্লেখ কৰিব পৰা নাই] আদিৰ প্ৰচেষ্টা আৰু অভিনয়ৰ ফলত কৃষ্টিসংঘই নাট্যচৰ্চাৰ ক্ষেত্ৰত এক সুকীয়া মাত্ৰা লাভ কৰিলে। সংঘত মঞ্চস্থ হোৱা সামাজিক নাটকসমূহৰ ভিতৰতমিৰি জীয়ৰী', ‘দখল', ‘বলিয়া গোসাঁই', ‘খোজ' আাদি অন্যতম। ইয়াৰ উপৰি সংঘই শিল্পী দিৱস, বিষ্ণু ৰাভা দিৱস, সুধাকণ্ঠ দিৱস আদি প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে।

ৰতন নেওগ : মহাপুৰুষ গুৰুজনাৰ জন্মস্থান উদ্ধাৰ হোৱাৰ পিছতে দুজনা গুৰুৰ সৃষ্ট মহান কলা-সংস্কৃতিসমূহ চৰ্চাৰ এটি সুস্থ বাতাৱৰণ এই জন্মস্থানকেই কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল। সেই সময়ৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ কমলাকান্ত দেৱগোস্বামী প্ৰভূৰ পৃষ্ঠপোষকতাত অংকীয়া ভাওনাৰ চৰ্চাই গা কৰি উঠিছিল। এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা ব্যক্তিসকল ' প্ৰয়াত মাধৱ আতৈ, কিনাৰাম আতৈ, মিঠাৰাম বৰুৱা বায়ন, শ্ৰী যোগেন বৰা আতৈ আৰু শ্ৰী ফণীধৰ হাজৰিকাদেৱ। অৱশ্যে এইসকলৰ উপৰি স্থানীয় ব্যক্তি প্ৰয়াত মুহিৰাম ভলণ্টিয়াৰ, ৰোষেশ্বৰ বৰুৱা আৰু তোষেশ্বৰ নেওগদেৱৰ নাম উল্লেখযোগ্য।

   ১৯৬০ চনত এই জন্মস্থানত প্ৰথমবাৰৰ বাবে শ্ৰীশ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা আৰম্ভ হয়। ইয়াৰ সমান্তৰালভাৱে জন্মস্থানক কেন্দ্ৰ কৰি গুৰুজনাৰ সৃষ্টি অংকীয়া ভাওনাৰ চৰ্চা আৰম্ভ হয়। প্ৰথম প্ৰদৰ্শিত ভাওনা আছিল শ্ৰীশ্ৰীমাধৱদেৱ ৰচিতদধি মণ্ঠন' অৱশ্যে ইয়াৰ পূৰ্বে স্থানীয় গাঁওসমূহত অংকীয়া ভাওনাৰ প্ৰচলন আছিল। পৰৱত¹ সময়ত গুৰু দুজনাৰ ৰচিতপত্নী প্ৰসাদ', ‘অজুন ভঞ্জন', ‘কালিয় দমন', ‘কেলি গোপাল', ‘ৰুক্মিণী হৰণ', ‘পাৰিজাত হৰণ', ‘ৰাম বিজয়' আদি নাট উত্তৰ কমলাবাৰী সত্ৰৰ ভকত শ্ৰী যোগেন বৰা আতৈ, ফণীধৰ বৰা গায়ন, প্ৰয়াত মিঠাৰাম বৰুৱা বায়ন, কিনাৰাম বুঢ়াভকত তথা মাধৱ আতৈৰ প্ৰচেষ্টা তথা স্থানীয় শিল্পী প্ৰয়াত তোষেশ্বৰ নেওগ, হেমকান্ত বৰা, তপেশ্বৰ ভূঞা, অম্বি বৰুৱা, কণপাই হাজৰিকা, খগেন কাকতি, হৰি শইকীয়া, প্ৰয়াত টংক বৰা, উপেন বৰা আদি শিল্পীসকলৰ সহযোগত প্ৰদৰ্শিত হৈছিল।

    আনহাতে, ১৯৯৩ চনত প্ৰতিষ্ঠিত লেটেকুপুখুৰী শঙ্কৰী সঙ্গীত বিদ্যালয়ত গুৰু হিচাপে নিযুক্তি লাভ কৰা অসম চৰকাৰৰ শিল্পী পেন্সনাৰ প্ৰয়াত ভোগৰাম মুদৈ বৰবায়ন, চেনিৰাম বৰা বায়ন, দেৱেন বৰা গায়ন আৰু প্ৰয়াত মিঠাৰাম বৰুৱা বায়নৰ প্ৰচেষ্টাত গুৱাহাটী সঙ্গীত সত্ৰৰ পাঠ্যক্ৰমৰ আধাৰত শিক্ষা গ্ৰহণ কৰি শিক্ষাৰ্থীসকলে অসমৰ বিভিন্ন স্থানত অংকীয়া ভাওনা, বৰগীত, চালি নাচ, ঝুমুৰা নাচ আদি পৰিৱেশন কৰি সুখ্যাতি কঢ়িয়াবলৈ সক্ষম হৈছে। এই বিদ্যালয়তে শিক্ষা লাভ কৰি শ্ৰী সঞ্জীৱ চলিহা, ডাঃ প্ৰশান্ত নেওগ আৰু পলাশ বৰাই CCRT- প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ সাফল্য অৰ্জন কৰিছিল।

শোভন বৰুৱা : মহাপুৰুষ গুৰুজনাৰ জন্মস্থান আৱিস্কৃত হোৱাৰ পিছৰ পৰাই লেটেকুপুখুৰীকেন্দ্ৰিক এক সাংস্কৃতিক বাতাৱৰণো সমান্তৰালভাৱে গঢ় লৈ উঠিছিল। বিশেষকৈ নব্বৈৰ দশকৰ পৰা এই সাংস্কৃতিক পৰিৱেশে এক অনন্য মাত্ৰা লাভ কৰে। তিনিটি বিশাল সুঁতিত লেটেকুপুখুৰীৰ সাংস্কৃতিক কাৰ্যক্ৰম প্ৰৱাহিত হৈ আছে।মাধৱদেৱ জন্মস্থান', ‘মাধৱদেৱ কৃষ্টি সংঘ' আৰুশঙ্কৰী সঙ্গীত বিদ্যালয়, লেটেকুপুখুৰী'য়ে অদ্যৱধি সংস্কৃতিৰ ধ্বজাখনি উৰুৱাই আহিছে। মাধৱদেৱ জন্মস্থানত পুৱা-গধূলি নিত্য নাম-প্ৰসংগভাগ আমাৰ অতি শ্ৰদ্ধাৰ প্ৰয়াত ডিম্ব শইকীয়া আাতৈয়ে নব্বৈ দশকৰ পৰা মৃতু্যপৰ্যন্ত পৰিচালনা কৰিছিল। বৰ্তমান উক্ত কাৰ্যভাগ শ্ৰী যোগেন আতৈৰ লগতে মাজে-সময়ে কমলাবাৰী, বদলা আৰু বেলগুৰি সত্ৰৰ আতৈসকলে পৰিচালনা কৰি আছে। জন্মস্থানত প্ৰতি ভাদমাহত মাহজোৰা নাম-প্ৰসংগ, শ্ৰীশ্ৰীশংকৰদেৱৰ তিৰোভাৱ তিথি, শ্ৰীশ্ৰী বদলা ½আতাৰ তিৰোভাৱ তিথি আড়ম্বৰপূৰ্ণভাৱে প্ৰতিবছৰে পালন কৰি অহা হৈছে। লগতে তেৰাসকলৰ জন্মোৎসৱভাগিও মহা আড়ম্বৰেৰে পালন কৰি অহা হৈছে। জন্মস্থানৰ ভাগৱতীসকলৰ দ্বাৰা সাপ্তাহিক ভাগৱত পাঠ আৰু আইসকলৰ দ্বাৰা সাপ্তাহিক নাম-কীৰ্তন নিয়মিত ৰূপত চলি আছে। ১৯৮৭ চনৰ পৰা প্ৰতি পঁঁাচ বছৰৰ মূৰে মূৰে অখণ্ড ভাগৱত পাঠভাগি ৰাজি্যক ভিত্তিত পালন কৰি অহাৰ অন্তত এই বছৰৰ [২০১৭ চন] এপ্ৰিলৰ পৰা ভাগৱত পাঠৰ ৰূপালী জয়ন্তী উৎসৱভাগ মহাসমাৰোহেৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উৎসৱভাগ পালনৰ অৰ্থে শ্ৰীশ্ৰীজনাৰ্দন দেৱগোস্বামীৰ সভাপতিত্বত এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে। ২০১৫ চনত শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভূ শ্ৰীশ্ৰীজনাৰ্দন দেৱগোস্বামী আৰুশ্ৰীশ্ৰীবদলা দ্মআতা সেৱা সমিতি' যুটীয়া উদ্যোগত তথা জন্মস্থান পৰিচালনা সমিতি আৰু আঞ্চলিক ৰাইজৰ সহযোগতসদৌ অসম অংকীয়া ভাওনা সমাৰোহ'ভাগি মহাপয়োভৰেৰে পালন কৰি গুৰু দুজনাৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰত অনবদ্য অৰিহণা আগবঢ়ালে।

  জন্মস্থানৰ লগতে লাগি থকা শ্ৰীশ্ৰীমাধৱদেৱ কৃষ্টি সংঘই প্ৰতিষ্ঠা কালৰে পৰাশ্ৰীশ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা'ভাগ প্ৰতি বছৰে যথাবিহিতভাৱে পালন কৰাৰ উপৰিশিল্পী দিৱস', ‘বিষ্ণু ৰাভা দিৱস', ‘সুধাকণ্ঠ দিৱস' প্ৰতিবছৰে পালন কৰি আহিছে। ইয়াৰ উপৰি সময়ে সময়ে বিভিন্ন সামাজিক নাটকো মঞ্চস্থ কৰি আহিছে। লেটেকুপুখুৰী যে নাট্য চৰ্চাত পিছ পৰি থকা নাই তাৰ অন্যতম নিদৰ্শন বোলছবি আৰু ভ্ৰাম্যমানৰ সৰ্বপৰিচিত অভিনেতা মৃদুল ভূঞা। নব্বৈ দশকৰ পৰা প্ৰয়াত লক্ষী নেওগদেৱে কৃষ্টি সংঘৰ সভাপতিৰ আসন মৃতু্যপৰ্যন্ত অলংকৃত কৰিলে। বৰ্তমান সকলোৰে পৰিচিত সংঘৰ সাংস্কৃতিক ৰ্মী তথা শিল্পী শ্ৰীযুত বেথাৰাম বৰাদেৱে উক্ত আসনখন অলংকৃত কৰি আছে। সম্পাদক হিচাপে শ্ৰী প্ৰেমধৰ বৰা, কুমুদ নেওগ, লোহিত নেওগ আৰু বৰ্তমান শ্ৰী চন্দ্ৰপ্ৰসাদ শইকীয়াই কাৰ্যনিৰ্বাহ কৰি আছে।

   নব্বৈৰ দশকত লেটেকুপুখুৰী অঞ্চলতঈগল সাংস্কৃতিক গোষ্ঠী' নামৰ এটি সাংস্কৃতিক অনুষ্ঠানৰ জন্ম হৈ বিশেষকৈ শিশু নাট কৰ্মশালা আৰু নাট্যাভিনয়ৰ যোগেদি সমগ্ৰ অঞ্চলটোতে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

     জন্মস্থানৰ অন্য এটা সুঁতিলেটেকুপুখুৰী শঙ্কৰী সঙ্গীত বিদ্যালয়' ১৯৯৩ চনত প্ৰতিষ্ঠা হোৱাৰে পৰা লেটেকুপুখুৰী অঞ্চলত সংগীতৰ এটা নতুন আন্দোলনৰ সূচনা 'ল। বেথাৰাম বৰাদেৱৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলত আজিও অনুষ্ঠানটোৱে সমগ্ৰ জিলাতে সুনাম অৰ্জন কৰি আছে। এই আন্দোলনত জঁপিয়াই পৰা পুৰোধা ব্যক্তিসকল ' ক্ৰমান্বয়ে শিল্পী পেন্সনাৰ প্ৰয়াত ভোগৰাম মুদৈ বৰবায়ন, শ্ৰী চেনীৰাম শইকীয়া বৰবায়ন, শ্ৰী দেৱেন বৰা বৰগায়ন, প্ৰয়াত মিঠাৰাম বৰুৱা বায়ন আদি। গুৱাহাটীৰ সংগীত সত্ৰৰ পাঠ্যক্ৰমৰ আধাৰত সত্ৰীয়া সংগীত আৰু নৃত্যৰ শিক্ষা গ্ৰহণ কৰি বিশাৰদ উপাধি লাভ কৰা শিক্ষাথ¹সকল ' ধীৰেন চেকনিধৰা, শোভন বৰুৱা, নিভা বৰুৱা, ৰেখামণি ভূঞা, ৰাণু কাকতি, জুলি বৰুৱা, মহেশ বৰুৱা, মহেন হাজৰিকা, যোগেশ কাকতি, তৰিৎ বৰুৱা, নিৰঞ্জন বৰুৱা, ৰঞ্জন বৰা [চিন্তু], দিব্যজ্যোতি বৰা [মুন্না], অৰ্চনা বৰুৱা, মূৰ্ছনা নেওগ, নিলাক্ষী হাজৰিকা, পিংকী বৰা, ৰতন নেওগ, ক্ষীৰোদ বৰা, চিন্ময় বৈষ্ণৱ, বেদান্ত বৈৰাগী, ভাস্কৰ বৰা, প্ৰবাল নেওগ, শ্যামচন্দন বৰা, প্ৰাঞ্জল বৰুৱা, ভানু বৰা, অৰ্পণা বৰুৱা, যাদৱ শইকীয়া, ক্ষীৰেণ ভাগৱতী আৰু বহুতো।

তৰিৎ বৰুৱা : ১৯৮১ চনত শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থান লেটেকুপুখুৰীৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি প্ৰয়াত কমলাকান্ত দেৱগোস্বামীৰ পৌৰোহিত্যত জন্মস্থানতেই লেটেকুপুখুৰী শঙ্কৰী সঙ্গীত বিদ্যালয়ে প্ৰতিষ্ঠা লাভ কৰে। উক্ত সময়তে সত্ৰীয়া নৃত্য বিভাগৰ গুৰু হিচাপে আত্মনিয়োগ কৰা শ্ৰীযুত যোগেন বৰা, প্ৰয়াত মিঠাৰাম বৰুৱাদেৱৰ শিক্ষাৰে শিক্ষিত হৈ অঞ্চলটোৰ কেইগৰাকীমান শিক্ষাথ¹য়ে সত্ৰীয়া নৃত্যৰ শিক্ষা অৰ্জনত বিশেষ পাৰদৰ্শিতা অৰ্জন কৰি অঞ্চলটোৰ বিভিন্ন স্থানত চালি, ঝুমুৰা, নাদুভংগী, সূত্ৰনাচ আদি প্ৰদৰ্শন কৰি সুখ্যাতি অৰ্জন কৰিছিল আৰু দিল্লীৰ CCRT- তৰফৰ পৰা বৃত্তি লাভ কৰিবলৈকো সক্ষম হৈছিল। ১৯৯৩ চনৰ পৰা উক্ত বিদ্যালয়ৰ সৌজন্যত গুৱাহাটী সঙ্গীত সত্ৰৰ পাঠ্যক্ৰমৰ আধাৰত গায়ন, বায়ন, নৰ্তন আদি বিভাগৰ আৰু এলাহাবাদ প্ৰয়াগ সঙ্গীত সমিতিৰ পাঠ্যক্ৰমৰ আধাৰত হিন্দুস্থানী শাস্ত্ৰীয় সংগীত, তবলা, বেহেলা আদি বিষয়ৰ ধাৰাবাহিক পাঠদান কাৰ্যসূচী আৰম্ভ হয়। এই অনুষ্ঠানত অসম চৰকাৰৰ শিল্পী পেন্সনাৰ প্ৰয়াত ভোগৰাম মুদৈ বৰবায়ন, শ্ৰীযুত চেনিৰাম শইকীয়া বৰবায়ন আৰু প্ৰয়াত মিঠাৰাম বৰুৱা বায়নে সত্ৰীয়া নৃত্যৰ শিক্ষা প্ৰদানত, কেন্দ্ৰীয় চৰকাৰৰ শিল্পী পেন্সনাৰ শ্ৰীযুত দেৱেন বৰা বৰগায়নে গায়ন বিভাগৰ শিক্ষা প্ৰদানত, উত্তৰ লখিমপুৰৰ শাস্ত্ৰীয় সংগীত বিশাৰদ শ্ৰীযুত ৰাধাকৃষ্ণ তিৱাৰীয়ে হিন্দুস্থানী শাস্ত্ৰীয় সংগীত বিভাগৰ শিক্ষা প্ৰদানত, তবলা বিশাৰদ শ্ৰীযুত দিলীপ পূজাৰী আৰু শ্ৰীযুত হৰেণ কাকতিদেৱে তবলা  বিভাগৰ শিক্ষা প্ৰদানত আত্মনিয়োগ কৰি বিদ্যালয়খনক আগুৱাই নিছিল। এই অনুষ্ঠানত শিক্ষা অৰ্জন কৰা শিক্ষাথ¹সকলে অঞ্চলটোৰ উপৰি সমগ্ৰ জিলা তথা অসমৰ বিভিন্ন প্ৰান্তত অতি উন্নত মানৰ শংকৰী গীত-নৃত্য, অংকীয়া ভাওনা প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি জন্মস্থানত প্ৰতিবছৰে উদযাপন হোৱা শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি, শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ আদিত অংকীয়া ভাওনা, সত্ৰীয়া নৃত্য-গীত, অসম সংগীত নাটক একাডেমীৰ আমন্ত্ৰণক্ৰমে গুৱাহাটীতৰুক্মিণী হৰণ' অংকীয়া ভাওনা, মাজুলীৰ শ্ৰীশ্ৰীনতুন কমলাবাৰী সত্ৰৰ উদ্যোগত আয়োজন কৰা অংকীয়া ভাওনা সমাৰোহতপাৰিজাত হৰণ' ভাওনা প্ৰদৰ্শন, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লখিমপুৰ অধিৱেশনত সত্ৰীয়া নৃত্য প্ৰদৰ্শন, অসম সাহিত্য সভাৰ ক্ষীমপুৰ অধিৱেশনত সত্ৰীয়া নৃত্য, ভোৰতাল নৃত্য আদি প্ৰদৰ্শন কৰি অসমৰ সাংস্কৃতিক জগতত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। তদুপৰি আমি জনামতে দুবছৰৰ পূৰ্বে এই জন্মস্থানৰ পৰাই শিল্পীসকলে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ যোগেদি কৰাৰুক্মিণী হৰণ' নাটকখন পৰেশ নেওগ, সুচেন নেওগ, তপন দত্ত, মহেশ বৰুৱা, জুলি বৰা, দিগন্ত নেওগ, প্ৰদীপ হাজৰিকা, মুনীন্দ্ৰ বৰা, শান্তনু শইকীয়া, দীপ নেওগ, মহেন হাজৰিকা, নৰেন হাজৰিকা আদি সহযোগিতাত সম্প্ৰচাৰ হৈছিল।

কল্যাণ-খৰমানঃ-

স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ আহ্বান অনুক্ৰমে অতি খৰতকীয়াকৈ আৰু ভালেখিনি কাৰিকৰী সীমাবদ্ধতাৰ মাজত এই আধাডুখৰীয়া ছবিখন অংকন কৰিব লগা হোৱাত অনি2ছাকৃতভাৱে ৰৈ যোৱা ভুল-ত্ৰুটিৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী প্ৰতিবেদনটি যুগুত কৰিবৰ বাবে আমি অঞ্চলটিৰ বিছজনতকৈও অধিক ব্যক্তিৰ কাষ চাপিছিলোঁ যদিও আমি এইক্ষেত্ৰত আশানুৰূপ সঁহাৰি লাভ নকৰাত আমাৰ প্ৰতিবেদনত ভালেমান ভ্ৰান্তি যে ৰৈ গৈছে, সি অনস্বীকাৰ্য। তাৰ বাবে আমি পুনৰবাৰ ক্ষমা বিচাৰিছোঁ। আমি মাত্ৰ এইটোহে আশা পাৰোঁ যে অদূৰ ভৱিষ্যতে জন্মস্থানৰ কলা-সংস্কৃতিকেন্দ্ৰিক এখনি সাৰ্থক আৰু যথাৰ্থ প্ৰতিবেদন প্ৰকাশৰ ক্ষেত্ৰত আমাৰ এই প্ৰয়াসটিয়েও বিজ্ঞ আৰু অনুসন্ধিৎসুজনক সহায় কৰিব।

[এই প্ৰতিবেদনত উল্লিখিত কলামোদী ব্যক্তিসকলৰ সাক্ষাৎকাৰৰ ভিত্তিত ৰতন নেওগ আৰু ৰিপুঞ্জয় ভূঞাই সহযোগিতা আগবঢ়ালে।]