Articles

Articles written by various author on Madhabdeva

শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থান, লেটেকুপুখুৰীৰ সাদিনীয়া ভাগৱত পাঠৰ এক চমু অৱলোকন

Published on:  1.1.2018

Author:  ভোলা ভূঞা, কেশৱ বৰা, কৃষ্ণ বৰা

ঔঁ নমো ভগৱতে বাসুদেৱায়ঃ

                এক মহান উদ্দেশ্য আগত ৰাখি সাদিনীয়া ভাগৱত পাঠ মহাযজ্ঞানুষ্ঠান সময়ে সময়ে অনুষ্ঠিত হোৱাৰ কথা জনা যায়। প্ৰধানতঃ তিনিবাৰ সপ্তাহজোৰা ভাগৱত পাঠ অনুষ্ঠিত হোৱা বুলি শাস্ত্ৰত পোৱা যায়।

                প্ৰথম, কলিযুগ আৰম্ভ হোৱাৰ ত্ৰিশ বছৰৰ পিছত। ঋষিশাপগ্ৰস্তা ৰজা পৰীক্ষিতৰ মোক্ষ লাভৰ হেতু গংগাৰ পাৰত ঋষি সমস্তক সমবেত কৰাই শুকমুণিয়ে পৰীক্ষিত ৰজাক সাদিন একেৰাহে ভাগৱত শ্ৰৱণ কৰোৱাইছিল। সময় আছিল ভাদ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমা পৰ্যন্ত।

                দ্বিতীয়, কলিযুগ আৰম্ভ হোৱাৰ দুশ বছৰৰ পিছত। গো-কৰ্ণই তেওঁৰ জ্যেষ্ঠ ভাতৃ ধুন্ধুকাৰীৰ প্ৰেতত্ব মুক্তিৰ বাবে গংগাৰ পাৰত ঋষিসকলক সন্মুখত লৈ আহাৰ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমা তিথি পৰ্যন্ত সপ্তাহজোৰা ভাগৱত আৰম্ভ কৰিছিল।

                তৃতীয়, কলিযুগ আৰম্ভ হোৱাৰ তিনিশ বছৰৰ পিচত। জ্ঞান, বৈৰাগ্য আৰু ভক্তিক পুনৰ উজ্জ্বীৱিত কৰাৰ কাৰণে সনক, সনন্দ, সনতকুমাৰ আৰু সনাতন এই চাৰিসিদ্ধই গংগাৰ পাৰত কাতি মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমালৈকে সপ্তাহ দিন ধৰি নাৰদক ভাগৱত পাঠ কৰি শুনাইছিল।

                ভাগৱত পাঠৰ এনে পৰম্পৰাৰ উপৰি বিশদভাৱে ভাগৱত ব্যাখ্যাৰ এখনি সমূহীয়া ক্ষেত্ৰ পোৱা যায়। সেইখনেই ' নৈমিষাৰণ্য। নৈমিষাৰণ্যত আঠাইশ হাজাৰ ঋষিয়ে একেলগে উগ্ৰশ্ৰৱা সুতৰ মুখে সাদিন একেৰাহে ভাগৱতৰ কথা শ্ৰৱণ কৰিছিল।

                সাম্প্ৰতিক কালত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানৱ জীৱনক সৰ্বৰূপত আগবঢ়া নিলেও প্ৰকৃত শান্তিত মানৱীয় প্ৰমূল্যবোধৰ স্খলনে সমাজ জীৱনক দুঃখিত কৰি তুলিছে। সেয়ে মানৱীয় প্ৰমূল্যবোধ জাগৃত কৰাত কীৰ্তন, শ্ৰৱণ, স্মৰণ, মনন আদিয়েই গতিশীল পৃথিৱীত, সমাজত শান্তি প্ৰতিষ্ঠা কৰাত চিৰ প্ৰবাহিত সোঁত। ভাগৱতৰ প্ৰথম স্কন্ধত প্ৰহ্লাদে নৃসিংহৰ প্ৰতি কৰা স্তুতিত উল্লেখ হৈছে যে, কলিকালত ভগৱানে কোনো অৱতাৰ নধৰে। এই যুগত জীৱৰ তৰণৰ বাবে ভগৱানে ব্যাসৰূপে অৱতাৰ হৈ নিজেই শ্ৰীমদ্ভাগৱত গীতা ৰচনা কৰি থৈছে। ঘোষাত কৈছে

সমস্ত বেদৰ সাৰ    শ্ৰীমদ্ভাগৱত শাস্ত্ৰ

ইহাৰ অমৃত ৰস পাই।

পৰম সন্তোষে পান    কৰিলে যিজনে তাৰ

অন্যত্ৰ ৰসত ৰতি নাই।।

                ইয়াকে সাৰোগত কৰি সু-প্ৰসিদ্ধ ঐতিহ্যমণ্ডিত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থান লেটেকুপুখুৰীত সাদিনীয়াকৈ প্ৰথম অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰা হয়।

                ১৯৮৮ চন। সেইসময়ৰ শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থানৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰয়াত কমলাকান্ত দেৱগোস্বামী আৰু সাধাৰণ সম্পাদক প্ৰয়াত মোহন চন্দ্ৰ ভূঞাদেৱৰ কাৰ্যকালত এখনি প্ৰতিনিধিমূলক সভাত বৰবালি নিবাসী প্ৰয়াত ভৰত শইকীয়াদেৱে সাদিনীয়াকৈ অখণ্ড ভাগৱত পাঠৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। সৰ্বসন্মতিক্ৰমে উক্ত সভাত শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থান, লেটেকুপুখুৰীত সেই বছৰৰ মাঘ মাহৰ শুক্লা নৱমীৰ পৰা পূণিৰ্মা তিথি পৰ্যন্ত সপ্তাহজোৰা অখণ্ড ভাগৱত পাঠৰ সিদ্ধান্ত কৰা হয়। সেই তেতিয়াৰে পৰা প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে সাদিনীয়াকৈ অখণ্ড ভাগৱত পাঠ ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হৈ আহিছে।

                অসমত পোনপ্ৰথমবাৰৰ বাবে সাদিনীয়া অখণ্ড ভাগৱত পাঠ শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থান লেটেকুপুখুৰীত আৰম্ভ হয় বুলি আমাৰ বিশ্বাস। ১৯৮৮ চনত উদযাপিত হোৱা প্ৰথম সাদিনীয়া ভাগৱতলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভাগৱতী আৰু দৰ্শকৰ সমাৱেশ ঘটিছিল। সাতদিন সাতৰাতি শ্ৰোতা দৰ্শকৰ লানি নিচিগাকৈ আগমন ঘটিছিল। হাজাৰ হাজাৰ বৈষ্ণৱপ্ৰাণ ভক্তৰ পদধূলাই লেতেকুপুখুৰীবাসীক ধন্য কৰি তুলিছিল। লেটেকুপুখুৰী দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছিল।

                শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থান লেটেকুপুখুৰীত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে উদযাপিত হৈ অহা সাদিনীয়া অখণ্ড ভাগৱত পাঠ মহাযজ্ঞানুষ্ঠানে যোৱা ইং ২০১২ বৰ্ষত পঁছিশ বছৰ পূৰ্ণ কৰিলে। সেয়েহে ২০১২ বৰ্ষত হৈ যোৱা সাদিনীয়া অখণ্ড ভাগৱত পাঠক ৰূপালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান হিচাপে গণ্য কৰি উদযাপন কৰা হৈছিল আৰু চলিত ২০১৭ বৰ্ষত ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান হিচাপে চলিত ' মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমা তিথিলৈকে সপ্তাহজোৰা অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। এই অখণ্ড ভাগৱত পাঠ উদযাপন সমিতিৰ মুখ্য বিষয়ব্বীয়াসকল '

শ্ৰীশ্ৰীজনাৰ্দন দেৱগোস্বামী, সভাপতি

শ্ৰী কেশৰাম বৰা, কাৰ্যকৰী সভাপতি

শ্ৰী ধৰ্মকান্ত নেওগ, উপ-সভাপতি

শ্ৰী মুহিৰাম শইকীয়া, প্ৰধান সম্পাদক

শ্ৰী লোহিত চন্দ্ৰ নেওগ, সম্পাদক

শ্ৰী চন্দ্ৰ প্ৰসাদ শইকীয়া, যুটীয়া সহঃসম্পাদক

শ্ৰী চিত্ত বৰা, যুটীয়া সহঃসম্পাদক

শ্ৰী সুশীল হাজৰিকা, বিত্ত সম্পাদক

                ১৯৮৮ চনৰ প্ৰথম অখণ্ড ভাগৱতৰ উদযাপন সমিতিৰ বিষয়ব্বীয়াসকলৰ একাংশ আছিল

উপদেষ্টা : প্ৰয়াত কমলাকান্ত দেৱগোস্বামী

: ভৱকান্ত হাজৰিকা, শ্ৰীভূঞা

সভাপতি            : প্ৰয়াত খগেন্দ্ৰ নাথ দত্ত, চৌদ্ধপুনীয়া

উপ-সভাপতি : শ্ৰী নাৰায়ণ বৰুৱা, ভোগপুৰীয়া

সম্পাদক            : প্ৰয়াত পূৰ্ণ বৰা, পিঠাগুৰি

সহকাৰী আৰু সাংগঠনিক সম্পাদকঃ প্ৰয়াত ভৰত শইকীয়া, বৰবালি

কোষাধ্যক্ষ: প্ৰয়াত ইন্দ্ৰ হাজৰিকা, শ্ৰীভূঞা

                পাঠ পৰিচালনাৰ দায়িত্বত আছিলপ্ৰয়াত টংক বৰা, লাহলিয়াল, শ্ৰী প্ৰণৱ সজাতি, প্ৰয়াত ৰবিন বৰুৱা, গোঁহাইপুখুৰী, সোণাৰাম শইকীয়া, আমগুৰি, ৰত্ন শইকীয়া, কেন্দুগুৰি, শ্ৰী দীননাথ গোস্বামী, চৌদ্ধপুনীয়া, ভূৱন চেকনিধৰা, চৰাইদলনী।

                ভাগৱত পাঠৰ উন্মোচন কৰিছিল এইসকল লোকেঘাৰমৰা সত্ৰৰ সত্ৰাধিকাৰ, গুৱাহাটীৰ তাৰিণী মহন্ত, বৰপেটা ডেকা সত্ৰীয়া বশিষ্ঠ শৰ্মা। নামাচাৰ্যৰ দায়িত্বত আছিল বৰএলেঙ্গী সত্ৰৰ সত্ৰাধিকাৰদেৱ।

                ১৯৯৪ চনত দ্বিতীয় পঞ্চবাৰ্ষিক অখণ্ড ভাগৱত পাঠৰ আয়োজন হৈছিল মাঘ মাহত। উদযাপন সমিতিৰ বিষয়ব্বীয়াসকলৰ একাংশ আছিল

সভাপতি            : প্ৰয়াত ডম্বৰুধৰ ভূঞা, জয়পুৰ

কাৰ্যকৰী সভাপতি: শ্ৰী দীননাথ গোস্বামী, চৌদ্ধপুনীয়া

উপ-সভাপতি: প্ৰয়াত ভৰত শইকীয়া, বৰবালি

সম্পাদক            : প্ৰয়াত কোষকৃষ্ণ হাজৰিকা, বৰবালি ভকতগাঁও

সহকাৰী সম্পাদক: শ্ৰী মোহন চন্দ্ৰ ভূঞা, গোসাইবাৰী

সাংগঠনিক সহকাৰী সম্পাদকঃ শ্ৰী মুনীন খাউণ্ড, পোৰাবিল

কোষাধ্যক্ষ: প্ৰয়াত ভৱকান্ত হাজৰিকা, শ্ৰীভূঞা

                পাঠ পৰিচালনাত আছিলপ্ৰণৱ সজাতি, গোসাইপুখুৰী, প্ৰয়াত টংক বৰা, লাহলিয়াল, প্ৰয়াত ৰবীন বৰুৱা, গোঁসাইপুখুৰী, যোগেন বৰা, চোৰোহানি, শ্ৰী দেউৰাম ভূঞা, জয়পুৰ, ডাঃ উমা তামুলী, পথালিপাহাৰ।

                ভাগৱত পাঠৰ ধমীয় ধ্বজা উত্তোলন কৰিছিল বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত ভদ্ৰকান্ত গোস্বামীদেৱে। মংগলাচৰণ কৰিছিল ঘাৰমৰা সত্ৰৰ সত্ৰাধিকাৰদেৱে। নামাচাৰ্যৰ দায়িত্ব পালন কৰিছিল আদিএলেঙ্গী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী বিমল দেৱগোস্বামীদেৱে। ভাগৱত উন্মোচন কৰিছিল আজাদ বাহপাতিৰ গীতাচাৰ্য পুৰন্দৰ বৰুৱাদেৱে। ভাগৱত পাঠৰ শুভাৰম্ভ কৰিছিল প্ৰয়াত কমলাকান্ত দেৱগোস্বামীদেৱে।

                ২০০১ চনত তৃতীয় পঞ্চবাৰ্ষিক অখণ্ড ভাগৱত পাঠ হয় মাঘ মাহৰ ১৯ তাৰিখৰ পৰা ২৬ তাৰিখলৈকে। উদযাপন সমিতিৰ বিষয়ব্বীয়াসকলৰ একাংশ আছিল

সভাপতি : প্ৰয়াত পূৰ্ণ বৰা

কাৰ্যকৰী সভাপতিশ্ৰী বেথাৰাম দত্ত, চৌদ্ধপুনীয়া

শ্ৰী ফটিক কলিতা, যোৰহটীয়া

উপ-সভাপতিশ্ৰী দেউৰাম ভূঞা, জয়পুৰ

শ্ৰী চন্দ্ৰেশ্বৰ বৰুৱা, জাপজুপ

শ্ৰী হাঁহিৰাম কটকী, বিলতীয়া

শ্ৰী দেবেন লিখাৰু, বিহপুৰীয়া

প্ৰধান সম্পাদক:     শ্ৰী ভোলা ভূঞা, পোৰাবিল

সম্পাদক :শ্ৰী কৃষ্ণ বৰা, পোৰাবিল

যুটীয়া সহঃসম্পাদক:শ্ৰী পৰেশ নেওগ, শ্ৰীভূঞা

শ্ৰী প্ৰেমধৰ বৰুৱা, পোৰাবিল

প্ৰয়াত জীৱ বৰা, ভোগপুৰ

শ্ৰী দীপ কুমাৰ নেওগ, চমুৱা

                পাঠ পৰিচালনাৰ সভাপতি প্ৰয়াত টংক বৰা, লাহলিয়াল সম্পাদক শ্ৰী দীননাথ গোস্বামী, চৌদ্ধপুনীয়া

                ইয়াৰ পাছত ২০০৭ চনত চতুৰ্থ পঞ্চবাৰ্ষিক অখণ্ড ভাগৱত পাঠ হয় ১৮ ফাগুনৰ পৰা ২৫ ফাগুনলৈ। উদযাপন সমিতিৰ মুখ্য বিষয়ব্বীয়াসকল '

সভাপতি            :শ্ৰী দীননাথ গোস্বামী, চৌদ্ধপুনীয়া

কাৰ্যকৰী সভাপতি: শ্ৰী ধৰ্মকান্ত নেওগ, শ্ৰীভূঞা

উপ-সভাপতি :শ্ৰী ভোলা ভূঞা, পোৰাবিল

শ্ৰী দেউৰাম ভূঞা, জয়পুৰ

শ্ৰী যাদৱ নেওগ, লেটেকুপুখুৰী

সম্পাদক            : শ্ৰী গজেন্দ্ৰনাথ শইকীয়া, ভোগপুৰ

সহঃসম্পাদক: শ্ৰী প্ৰদীপ হাজৰিকা, শ্ৰীভূঞা

শ্ৰী লোহিত চন্দ্ৰ নেওগ, শ্ৰীভূঞা

ভাগৱত পাঠ পৰিচালনাৰ

সভাপতি            : শ্ৰী যোগেন বৰা, চোৰোহানি

উপ-সভাপতি: প্ৰয়াত টংক বৰা, লাহলিয়াল

সম্পাদক            : শ্ৰী কৃষ্ণ বৰুৱা, শ্ৰীভূঞা

শ্ৰী কিশোৰ পাঠক, শ্ৰীভূঞা মাজগাঁও

সহঃসম্পাদক: শ্ৰী খগেন কাকতি, পোৰাবিল

শ্ৰী ৰমেন শইকীয়া, শ্ৰীভূঞা

                ২০১২ চনত পঞ্চম পঞ্চবাৰ্ষিকী অখণ্ড ভাগৱত পাঠ অনুষ্ঠানভাগী অখণ্ড ভাগৱতৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠান হিচাপে উদযাপন কৰা হয়। ' মাহৰ ১৬ তাৰিখৰ পৰা ২৩ তাৰিখলৈকে সাদিন সাতৰাত্ৰি অখণ্ডভাৱে ভাগৱত পাঠ কৰা হয়। এই ভাগৱত মহানুষ্ঠানৰ ৰূপালী জয়ন্তী হিচাপে পঁছিশভাগি ধমীয় ধ্বজা উত্তোলন কৰা হয়। মুখ্য উত্তোলক সভাপতি, উদযাপন সমিতি শ্ৰী দীনানাথ গোস্বামী। ৰূপালী জয়ন্তী বৰ্ষৰ হ্নি শিখা প্ৰজ্বলন কৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীজনাৰ্দনদেৱ গোস্বামীদেৱে। গহপুৰৰ কাৱৈমাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পূৰ্ণেন্দ্ৰ নাৰায়ণ দেৱগোস্বামীদেৱে মাংগলিক দেৱবাক্য ধ্বনিৰেসপ্তবৈকুণ্ঠ' প্ৰতিষ্ঠা কৰে। পাভ আদি এলেঙ্গী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বিমল দেৱগোস্বামীদেৱে নামাচাৰ্য হিচাপে নাম-প্ৰসংগ চলায়। ৰূপালী জয়ন্তীৰ এই উদ্বোধনী অখণ্ড ভাগৱত পাঠ অনুষ্ঠানতে ২৫ গৰাকী শ্ৰৱণী ভক্তক সম্বৰ্ধনা জনোৱা হয়। শোণিতপুৰৰ কথা মাতশু পাতিত দেৱ নাৰায়ণ অধিকাৰীদেৱে অখণ্ড ভাগৱতৰ মংগলাচৰণ কৰে। বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বশিষ্ঠ শৰ্মাদেৱে ভাগৱতৰ উদ্বোধন কৰে। উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱগোস্বামীদেৱে অখণ্ড ভাগৱতৰ উন্মোচন আৰু পাঠৰ শুভাৰম্ভ কৰে। কাংশপাৰ সত্ৰৰ ডেকাসত্ৰাধিকাৰ শ্ৰী কণবাপ মহন্তই উপমুখ্য পাঠক হিচাপে পাঠ আগবঢ়ায়।

                সপ্ত বৈকুণ্ঠলৈ কীৰ্তন ঘৰ, গুৰুগৃহ, লেটেকুপুখুৰীৰ প্ৰদক্ষিণ, জলআৰোহণ আদি নিয়মীয়া কাৰ্যসূচীসমূহ অখণ্ড ভাগৱতৰ অতিকে গুৰুগাম্ভীৰ্য, আকৰ্ষণীয় আৰু নান্দনিক তথা চিত্তাকৰ্ষক হয়।

                ৰূপালী জয়ন্তী উদ্বোধনী অখণ্ড ভাগৱতৰ উদযাপন সমিতিৰ মুখ্য বিষয়ব্বীয়াসকল আছিল

সভাপতি            : শ্ৰী দীননাথ গোস্বামী, চৌদ্ধপুনীয়া

কাৰ্যকৰী সভাপতি: শ্ৰী ডিম্বেশ্বৰ শইকীয়া, গোসাইপথাৰ

উপ-সভাপতি :শ্ৰী ঈষেশ্বৰ ভূঞা, ৰঙতি

প্ৰয়াত ডিম্বেশ্বৰ বৰা, ৰাজবাৰী

শ্ৰী দেউৰাম ভূঞা, জয়পুৰ

শ্ৰী ভূমিধৰ শইকীয়া, চৰাইদলনি

সাধাৰণ সম্পাদক            : শ্ৰী প্ৰদীপ হাজৰিকা, শ্ৰীভূঞা

সম্পাদক            : শ্ৰী খগেন কাকতি, পোৰাবিল

যুটীয়া সম্পাদক   : শ্ৰী চন্দ্ৰ প্ৰসাদ শইকীয়া, পোৰাবিল

কাৰ্যালয় সম্পাদক: শ্ৰী কৃষ্ণ বৰা, পোৰাবিল

সহকাৰী সম্পাদক: শ্ৰী গোলাপ বৰা, জাজৰি

শ্ৰী লোহিত নেওগ, শ্ৰীভূঞা মাজগাঁও

শ্ৰী বিশ্বেশ্বৰ দত্ত, পথালি পাহাৰ

শ্ৰী গুণীন্দ্ৰ বৰা, যমুনাখাত

ভাগৱত পাঠ পৰিচালনাৰ

সভাপতি            : শ্ৰী বেথাৰাম দত্ত, চৌদ্ধপুনীয়া

সম্পাদক            : শ্ৰী কুমুদ নেওগ, শ্ৰীভূঞা

উপদেষ্টা :শ্ৰী কেশৱ বৰা, পোৰাবিল

                বাহুল্য তথা স্থানাভাৱৰ উদযাপন সমিতিৰ সকলো বিষয়ব্বীয়া তথা সদস্যৰ নাম উল্লেখ কৰিব নোৱাৰি আমি দুখিত।

                শ্ৰীশ্ৰী মাধৱদেৱ জন্মস্থান লেটেকুপুখুৰীত সাদিনীয়া অখণ্ড ভাগৱত পাঠ অনুষ্ঠান হোৱা ঊনত্ৰিছ বছৰ 'ল। অখণ্ড ভাগৱতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আঞ্চলিক বহুকেইজন কৰ্মকৰ্তা তথা শ্ৰৱণী বৈষ্ণৱে ইহলীলা সম্বৰণ কৰিলে। সেইসকল প্ৰয়াত কৰ্মকৰ্তা বৈষ্ণৱক আমি আজি শ্ৰদ্ধাৰে সোঁৱৰিছো।

জয়তু অখণ্ড ভাগৱত।