Articles

Articles written by various author on Madhabdeva

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী– এক কলা, কৃষ্টি, সংস্কৃতি সংৰক্ষণ কেন্দ্ৰ আৰু মহাতীৰ্থ স্থান

Published on:  1.1.2018

Author:  যোগেন্দ্ৰ নাথ দত্ত

                মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী বৰ্তমান এক কলা, কৃষ্টি, সংস্কৃতি সংৰক্ষণৰ প্ৰাণকেন্দ্ৰ আৰু মহাতীৰ্থস্থানলৈ পৰিণত হৈছে। ই হৈছে দেশী-বিদেশী পৰ্যটকৰ নিবাস ভূমি। লক্ষীমপুৰ জিলাৰ বৰনাৰায়ণপুৰ আৰু এতিয়াৰ খেৰাজখাত মৌজাত অৱস্থিত এই ঐতিহ্যমণ্ডিত সু-প্ৰসিদ্ধ লেটেকুপুখুৰীৰ পাৰত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান বুলি জনাজাত। আহোম ৰাজবিষয়া হৰিশিঙা উজীৰ বৰাৰ টোলতে ১৪১ৰ শকৰ জেঠ মাহৰ প্ৰতিপদ তিথিৰ ৰব্বিাৰে মধ্যম ৰাতি মাধৱপুৰুষৰ জন্ম হৈছিল বুলি কিংবদন্তি জনশ্ৰুতি, চৰিত পুথি আৰু বুঢ়ামেথাসকলে কোৱা কথাৰ লগত সকলো সাদৃশ্য দেখা যায়। এইটো স্পষ্ট যে, একমাত্ৰ ঐতিহাসিক লেটেকুপুখুৰীৰ পাৰত এজন মহাপুৰুষৰ জন্ম হৈছিল। সেইজনাই বঢ়াৰ পো, গোবিন্দগিৰিৰ পুত্ৰ, অসমীয়া জাতি, ধৰ্ম, সাহিত্য, সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ মাধৱদেৱ।

মাধৱদেৱৰ জন্মস্থান কেনেকৈ আৱিস্কাৰ হ'লঃ

                ঐতিহাসিক সত্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰায় চাৰি দশক আগৰ পৰাই বিভিন্ন জাতি, উপজাতি আৰু অনুসন্ধিৎসু লোকৰ গুৰুজনাৰ প্ৰতি থকা অসীম ভক্তি আৰু ভক্তপ্ৰাণ ৰাইজৰ মাজত জন্মস্থানৰ অনুসন্ধান চলি আছিল। চিন্তা কৰিছিল জন্মস্থান আৱিষ্কাৰৰ কথা। সু-প্ৰসিদ্ধ লেটেকুপুখুৰীৰ সম্পৰ্কত প্ৰথম সম্ভেদ দিয়ে খামতিসকলে। এইসকলৰ ভিতৰত আছিল কেইজনমান গণ্যমান্য লোক। যেনেখেৰাজখাত মৌজাৰ খামতি মৌজাদাৰ, আলুং গোঁহাই, চেৰবাহাদুৰ চুব্বা নেপালী আদি। এওঁলোক জন্মস্থানৰ প্ৰথম আৱিষ্কাৰক। নতুনকৈ অহা ব্যক্তিসকলক মাধৱপুৰুষৰ জন্মস্থানৰ ভেটি দেখুৱাই দিছিল। এই লোকসকলে পুখুৰীটোৰ আশে-পাশে বহুদূৰলৈকে থকা ডাঠ হাবিত হাতী ধৰা, জন্তু চিকাৰ কৰা আৰু খৰি-খেৰ কটা আদি কামত আহোতে অটব্য ঘন হাবিৰ মাজত পুখুৰীটোৰ গাম্ভীৰ্য আৰু গভীৰতাৰ কথা উপলব্ধি কৰিছিল। কিছুমান ডাঙৰ ডাঙৰ গছ-গছনিৰে আৱৰি থকা এটা বিৰাট অঞ্চল থকাৰ প্ৰতি লক্ষ্য ৰাখি এইটোৱেই ঐতিহাসিক লেটেকুপুখুৰী বুলি চিহ্নিত হৈছিল। বৃহৎ আকাৰৰ পুখুৰীটো গছ-গছনি আৰু ডাঠ হাবি, পিতনিৰে ভৰা। বনৰীয়া জীৱ-জন্তুৱে ভৰপূৰ হাবিৰ মাজত সেই জনগোষ্ঠীয় ব্যক্তিকেইজনেহে প্ৰৱেশ কৰিব পাৰিছিল। তাত অন্য দেৱ, ভূত, প্ৰেত থকা বুলি প্ৰচাৰ হৈছিল। জনগোষ্ঠীয় লোকসকল আছিল অত্যন্ত সাহসী আৰু বলৱন্ত।

লেটেকুপুখুৰী বুলি চিনাক্ত হ'ল কেনেকৈঃ

                জনগোষ্ঠীয় লোককেইজনে অটব্য হাবিৰ মাজত দেখা পাইছিল কিছুমান বিভিন্ন প্ৰজাতিৰ গছ-লতা। সূৰ্যৰ পোহৰ নপৰা ঘোৰ অন্ধকাৰত থকা অঞ্চলটোৰ কিছু ঠাইত গছবোৰৰ তলত পৰি আছিল লেটেকুফুল আৰু গুটি। যিবোৰ হয়তো পহুজাতীয় বা অন্য পশু-পক্ষীয়ে ভক্ষণ কৰি তলত পেলাইছিল। ফলভৰা লেটেকু গছবোৰ পুখুৰীটোৰ চাৰিওফালে দেখি তেওঁলোক উৎফুল্লিত হৈছিল আৰু নিশ্চিত হ'ল যে এইটোৱেই ঐতিহাসিক লেটেকুপুখুৰী। ইয়াৰ পাৰতে গুৰুজনাৰ জন্মস্থান বুলি সকলোৱে বিশ্বাস কৰিলে। পুখুৰীটোৰ আশে-পাশে থকা ডাঙৰ ডাঙৰ গছবোৰৰ মাজত পশ্চিম দিশত থকা সৰ্ববৃহৎ বটবৃক্ষজোপাই সাক্ষ্য বহন কৰিছে পাঁচশ-ছশ বছৰৰ আগৰ ইতিহাস। লেটেকুপুখুৰীটো ১৯১-১২ চনতে চৰকাৰৰ ভূমি বিভাগৰ মেপত উল্লেখ আছে। গতিকে মাধৱদেৱৰ জন্মস্থান হিচাপে সঠিক নিৰ্ণয় হ'ল।

লেটেকুপুখুৰীৰ পাৰত গুৰুজনাৰ জন্ম ভেটি আৱিষ্কাৰঃ

                লক্ষীমপুৰ জিলা তথা সমগ্ৰ অসমত খবৰটো প্ৰচাৰ হোৱাৰ পাছত অঞ্চলটোত অগণন ভক্তৰ সমাগম হ'ল আৰু উৎকণ্ঠাৰ অন্ত পৰিল। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা আহি সেই অঞ্চলত নিগাজিকৈ বাস কৰা প্ৰায় ত্ৰিশ-চল্লিশখনমান গাঁৱৰ ৰাইজে চিন্তা কৰিছিল যে, নিচেই সমীপৰ গাঁও শ্ৰীভূঞা, শ্ৰীভূঞা খামতি গাঁও, শ্ৰীভূঞা কছাৰী গাঁও আদি অতি পুৰণি গাঁওসমূহৰ নামাকৰণক লৈ একালত এই অঞ্চল ভূঞাসকলৰ ৰাজ্য আছিল বুলি বিশ্বাস জন্মিছিল। পিছত মাজুলী, যোৰহাট, শিৱসাগৰ, দেৰগাঁও, গোলাঘাট আদিৰ পৰা অহা ব্যক্তিসকলে স্থানীয় ৰাইজৰ সহযোগত সভা-সমিতি পাতি জন্মস্থান আবিৰ্ভাৱ সম্পৰ্কে আলোচনা-বিলোচনা কৰাৰ কথা উল্লেখ আছে। ৰাইজে বিতং তথ্য জানিবৰ কাৰণে কেইবাটাও হাতীত উঠি অটব্য হাবিৰ মাজেৰে যাত্ৰা কৰিলে পুখুৰীটোৰ সমীপলৈ। হাতে হাতে দা-কুঠাৰ লৈ গছ-লতা, কাঁইট আদি কাটি পৰিষ্কাৰ কৰি গন্তব্য স্থান পাওঁতে কেইবাদিনো লাগিছিল। কিছুদূৰত তেওঁলোকে দেখা পালে এটা প্ৰায় ২৫০ ফুট দীঘল আৰু ৭৫ ফুট বহল এটা প্ৰকাণ্ড ওখ ভেটি। ইমান এটা ডাঙৰ ওখ ভেটি দেখি আশ্চৰ্য প্ৰকাশ কৰিলে। প্ৰশ্ন হ'ল যে, সমতল ভূমিত ইমান ডাঙৰ ভেটি নিৰ্মাণ হ'ল ক'ৰ পৰা· বুঢ়া-মেথাসকলৰ মনত দৃIÿবিশ্বাস আৰু নিশ্চিত হ'ল যে, এইটোৱেই মাধৱ গুৰুৰ জন্ম ভেটি। পুখুৰী আৰু ভেটিৰ চাৰিওফালটো চাফা কৰা হ'ল। ১৯৪৮ চনতে ইয়াৰ সম্পূৰ্ণ সন্ধান ওলাইছিল। মানুহৰ মন-প্ৰাণ উত্ৰাৱল হ'ল। জন্মস্থান যে পুখুৰীটোৰ পাৰতে তাক বিশ্বাস জন্মালে ওখ ভেটিটো উদ্ধাৰ কৰি। বাতৰি কাকত, মানুহৰ মুখেদি খবৰটো প্ৰচাৰ হোৱাত, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল দৌৰি আহিল জন্মভূমিলৈ। আৰু আহিল যোৰহাটৰ বিধায়ক ককা নীলমণি ফুকন।

জন্মৰ ভেটিত অস্থায়ী নামঘৰ নিৰ্মাণঃ

                উদুলি-মুদুলি পুখুৰীৰ পাৰ। বিভিন্ন জিলাৰ পৰা অহা জনসাধাৰণে ভৰি পৰিল মহাপুৰুষজনাৰ জন্মস্থান। ৰাইজে বিৰাট ৰভা দিলে। অস্থায়ী নামঘৰ নিৰ্মাণ কৰি প্ৰতিষ্ঠা কৰিলে গুৰুৰ আসন। তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল জন্মস্থান আৱিৰ্ভাৱ উৎসৱ। মহা সমাৰোহেৰে অনুষ্ঠিত হ'ল নামকীৰ্তন, গুৰুচৰিত পাঠ আৰু ব্যাখ্যা। নামৰ গুৰি ধৰিছিল নামৰ ওজা হৰিমিশ্ৰ গোস্বামী প্ৰভূৱে। জন্মস্থানত বাজি উঠিল ডবা, কাঁহ, শংখৰ ধ্বনি, হৰিনামে ৰজনজনাই গ'ল অসমৰ আকাশ-বতাহ। ধূপ-ধূনাৰ গোন্ধত মতলীয়া হ'ল ভক্তপ্ৰাণ ৰাইজ। স্থায়ীত্ব পালে আৰু নামফলক উৰিল মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী। বৰ্তমান নিৰ্মাণ হ'ল প্ৰায় ১৫০ ফুট দৈৰ্ঘ আৰু ৭০ ফুট প্ৰস্থৰ এক বিৰাট নামঘৰ মণিকুট গৃহ, 'ত আছে ৰাঙলী চ'ৰা আৰু এখন প্ৰকাণ্ড তোৰণ। আৱিষ্কাৰ হ'ল প্ৰায় ২০০ গজমান আঁতৰত দুটা সৰু আৰু ওখ ভেটি। তাত নিৰ্মাণ হ'ল গুৰুগৃহ। চৰিত পুথিত উল্লেখ থকা সকলো কথা সুঁৱৰি ৰাইজে নিশ্চিত কৰিলে যে ডাঙৰ ওখ ভেটিয়েই হৈছে উজীৰৰ ভেটি। ১৯৫০ চনৰ প্ৰলয়ংকাৰী ভূমিকম্পত অসমত বিস্তৰ ক্ষতি হ'ল। কিন্তু জন্মস্থানৰ অস্থায়ী ঘৰ-দুৱাৰৰ একো ক্ষতিসাধন নহ'ল। আজিৰ দৰে দিনে-ৰাতিয়ে গুৰু বন্তি জ্বলিয়েই থাকিল। সকলোৱে এয়া ভগৱানৰ কৃপা বুলি বিশ্বাস ৰাখিলে। ৪০৩ নম্বৰত মাধৱদেৱ জন্মস্থান নামেৰে চৰকাৰী পঞ্জীয়ন হ'ল।

জন্মস্থান নিৰ্মাণৰ পৰিকল্পনাঃ

                ১৯৫৪ চনত সাহিত্য সভাৰ সভাপতি, বিধায়ক তথা ককা বাগ্মীবৰ নীলমণি ফুকনৰ সভাপতিত্বত এখন নিৰ্মাণ কমিটি গঠন কৰা হয়। তেতিয়াৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে জন্মস্থান নিৰ্মাণৰ কাৰণে ছয়হাজাৰ টকা অনুদান দিয়ে আৰু ১৯৫৬/৫৭ চনত লেটেকুপুখুৰীৰ পাৰত গড়মুৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখন উদ্বোধন কৰে কুলধৰ চলিহাই। তাত উপস্থিত আছিল মাজুলীৰ বিধায়ক কাৰ্ক দলে, তেজপুৰৰ বিধায়ক গহন চন্দ্ৰ গোস্বামী, শিৱসাগৰৰ আনন্দৰাম বেজবৰুৱা, লক্ষীমপুৰৰ গুবিন বৰা, সৰ্বেশ্বৰ বৰুৱা, হেম হাজৰিকা, মহানন্দ বৰা আদি বিশিষ্ট ব্যক্তিসকলে এক প্ৰস্তাৱযোগে লেটেকুপুখুৰীৰ পাৰত আৱিষ্কৃত গুৰুজনাৰ জন্মস্থানকে স্বীকৃতি প্ৰদান কৰে আৰু উন্নয়নৰ পৰিকল্পনা আগবঢ়ায়। ১৯৭৯/৮০ চনত ৰাজহ মন্ত্ৰী বিজয় শৰ্মাই পাঁচহাজাৰ টকা, ১৯৮২/৮৩ চনত লক্ষীমপুৰৰ উপায়ুক্তই ১৯৮৫/৮৬ চনত মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই, ১৯৯৫/৯৬ চনত হিতেশ্বৰ শইকীয়া নামঘৰ, মণিকুট গৃহ, আলহীঘৰ নিৰ্মাণৰ কাৰণে এক বুজন পৰিমাণৰ আৰ্থিক অনুদান আগবঢ়াইছিল। ২০০৭/০৮ চনত কেন্দ্ৰীয় চৰকাৰে শংকৰ-মাধৱ প্ৰকল্প নিৰ্মাণৰ কাৰণে চাৰি কোটি এক লাখ পঁয়সত্তৰ হাজাৰ টকা অনুদান দিয়ে। বৰ্তমান ইয়াৰে জন্মস্থানৰ ঘৰ-দুৱাৰ নিৰ্মাণ কৰা হৈছে।

লেটেকুপুখুৰী ঐতিহ্য আৰু সৌন্দৰ্যঃ

                পুখুৰীটোৰ পশ্চিম পাৰত আছে প্ৰায় ২০০ ফুট ওখ, গুৰিটো প্ৰায় ৫০/৬০ ফুট ব্যাসৰ এজোপা বৃহৎ আকাৰৰ বটবৃক্ষ। ই প্ৰায় ৫০০/৬০০ বছৰৰ আগৰ স্বাক্ষৰ বহন কৰিছে। লগত আছে কেইবাজোপা লেটেকু গছ। পূব পাৰে আছে ফলে-ফুলে ভৰপুৰ চাৰি-পাঁচ জোপা লেটেকু গছ। যিবোৰে জন্মস্থানৰ ঐতিহ্য আৰু সৌন্দৰ্য অটুট ৰাখিছে। ভক্তসকলে এই ফল ভক্ষন কৰি জীৱন ধন্য কৰে। পুখুৰীৰ পানীত আছে বিভিন্ন প্ৰজাতিৰ মাছ, কাছ, চেঙা, শল-শাল মাছৰ উপৰি দহ বছৰৰ আগতে চাৰিটা বৰকাছ দেখা গৈছিল। বৰ্তমান ই দহ-বাৰটালৈ বৃদ্ধি হোৱাৰ কথা স্থানীয় ৰাইজে ব্যক্ত কৰিছে। বটবৃক্ষজোপাৰ গুৰিটোৰ ধোন্দত থাকে বিভিন্ন প্ৰজাতিৰ সাপ-গুঁই আদি। অজগৰ, ফেটি আৰু সোণগুঁই, মটীয়া গুঁইৰ বাসস্থান হ'ল বটবৃক্ষৰ গুৰিত থকা ধোন্দবোৰ। ওপৰ অংশত থাকে বিভিন্ন প্ৰজাতিৰ পশু-পক্ষী। ভাটৌ, তিয়া ভাটৌকে ধৰি ধনেশ, পাকৈ ঢোৰা চৰাই। কীৰ্ত্তনঘৰ, মণিকুট গৃহৰ পূবফালে আছে এটা পাটনাদ, এজোপা বৃহৎ আমগছ আৰু কলমৌ গছ, এজোপা লেটেকু গছ। যিবোৰ বহু বছৰৰ আগৰ বুলি জনা যায়। চৌহদত আছে বিভিন্ন ফুল গছ। ভাটৌ, কপৌ, কৃষ্ণচূড়া, ৰাধাচূড়া, বকুলৰ ফুল গোন্ধত মতলীয়া যুৱক-যুৱতী, কণ কণ শিশুৱে বুটলি খাই লেটেকু, পনিয়ল, আম, কঁঠাল আৰু তেতেলি আদি ভক্ষন কৰি নিজৰ পুষ্টি সাধন কৰে।

কলা-সংস্কৃতিৰ উন্নয়ন কেন্দ্ৰ গুৰুজনাৰ জন্মস্থানঃ

                বৰ্তমান মহাপুৰুষ শংকৰ-মাধৱৰ অনবদ্য অৱদান অসমীয়া ভাষা, কলা-সংস্কৃতি, নৃত্য-গীত, বাদ্য, অংকীয়া ভাওনা আদিৰ চৰ্চাৰ কেন্দ্ৰ হৈ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী পুৱা-গধূলি নাম-প্ৰসংগ, দুপৰীয়া চৰ্চা হয় মহাশাস্ত্ৰ ভাগৱত, গুৰুচৰিত, শনি-দেওবাৰে নৃত্য প্ৰশিক্ষন, নটুৱা নৃত্য, চালি নৃত্য, দশ-অৱতাৰ নৃত্য আদি। আবেলি প্ৰশিক্ষণ দিয়া হয় অংকীয়া ভাওনাৰ পাৰিজাত হৰণ, ৰামবিজয় নাট আদিৰ। কাষৰ কৃষ্টি সংঘত প্ৰশিক্ষণ দিয়া হয় খোল বাদনৰ। এই সকলোবোৰ স্থানীয় সংগীত বিদ্যালয় আৰু জন্মস্থানৰ ভকত আতৈসকলে গুৰি ধৰি গুৰু দুজনাৰ আদৰ্শ অটুট ৰাখিছে। অসমৰ বিভিন্ন জিলাত কলা-কৃষ্টি প্ৰদৰ্শন কৰি বঁটা গ্ৰহণ কৰাৰ উপৰি বিভিন্ন শিতানত জলপাণি লাভ কৰিছে, ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবছৰে ভাদ মাহত ভদীয়া নাম, ফাগুন মাহত মহিলা কীৰ্তন আৰু ফল্গু উৎসৱসমূহ পালন কৰি আহিছে। বৰ্তমান গুৰুজনাৰ জন্মভূমি লেটেকুপুখুৰী গুৰুজনাৰ অনবদ্য কলা-সংস্কৃতি ৰক্ষা আৰু চৰ্চাৰ প্ৰাণ কেন্দ্ৰ, মহাতীৰ্থস্থান আৰু পৰ্যটকনিবাস। গুৰুবন্তি চিৰস্থায়ী হওক, এয়ে আমাৰ কামনা।