Articles

Articles written by various author on Madhabdeva

শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থানৰ ইতিবৃত্ত

Published on:  1.1.2018

Author:  মোহনচন্দ্ৰ ভূঞা

বৰ্তমান লক্ষীমপুৰ জিলাৰ পূৰ্বৰ বৰনাৰায়ণপুৰৰ আৰু এতিয়াৰ খেৰাজখাত মৌজাৰ ঐতিহ্যমণ্ডিত সু-প্ৰসিদ্ধ লেটেকুপুখুৰীৰ সমীপস্থ তাহানিৰ আহোম ৰাজ বিষয়াৰ হৰিশিঙা উজীৰ বৰাৰ টোলতে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ১৪১ৰ শকৰ জেঠৰ কৃষ্ণাপ্ৰতিপদ তিথিত ৰবিবাৰে মধ্যম ৰাত্ৰি জন্ম হৈছিল। কিংবদন্তি, জনশ্ৰুতি, চৰিত্ৰ পুথি আৰু বুঢ়া-মেথাসকলে কোৱা কথাৰ লগত সকলো সাদৃশ্য দেখা গৈছে। এই কথাও সত্য যে, লক্ষীমপুৰ জিলাত এটা মাত্ৰ লেটেকুপুখুৰী তাৰ সমীপতে এজন মহাপুৰুষৰ জন্ম হৈছিল; সেইজনেই বঢ়াৰ পো গোবিন্দগিৰিৰ পুত্ৰ অসমীয়া জাতি, ধৰ্ম-সাহিত্যৰ, সংস্কৃতিৰ প্ৰাণ-প্ৰতিষ্ঠাতা শ্ৰীশ্ৰীমাধৱদেৱ। এইজনা মহাপুৰুষৰ জন্ম এঠাইতহে হৈছিল। এই ঐতিহাসিক সত্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই প্ৰায় চাৰি দশক আগভাগৰ পৰাই বৰ্তমান জন্মস্থানৰ নিকটৱতী অনুসন্ধিৎসু আৰু গুৰুজনাৰ প্ৰতি ভক্তিৱান ব্যক্তিসকলে, জন্মস্থান অনুসন্ধান কৰি আহিছিল। খেৰাজখাত মৌজাৰ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আহি এই ঠাইত থিতাপি লোৱা ২৫-৩০ খন গাঁৱৰ লোকে চিন্তা-চৰ্চা কৰি আহিছিল। জন্মস্থানৰ নিচেই সমীপৰ গাঁও শ্ৰীভূঞা, শ্ৰীভূঞা খামতি, শ্ৰীভূঞা কছাৰীএইবিলাক পুৰণি নামকৰণলৈ লক্ষ্য কৰিলে একালত যে এই অঞ্চল ভূঞাসকলৰ ৰাজ্য আছিল বুলি বিশ্বাস কৰিবৰ থল আছে। শ্ৰীভূঞা অঞ্চললৈ ক্ৰমে মাজুলী, যোৰহাট, গোলাঘাট, শিৱসাগৰ আদি ঠাইৰ মানুহ আহি মাটি-বাৰী লৈ স্থায়ীভাৱে বসবাস কৰিছিল। এইসকলে চৰিত্ৰ পুথি অধ্যয়ন কৰিছিলে আৰু সভাই-সমাজে, সকামে-নিকামে গুৰুজনাৰ জন্মস্থান সম্পৰ্কে আলোচনা কৰিছিল।

                আমাৰ হাতত পৰা তথ্যমতে, সু-প্ৰসিদ্ধ লেটেকুপুখুৰীটোৰ সম্পৰ্কে সৰ্বপ্ৰথমে খামতিসকলেই সম্ভেদ দিয়ে। এই খামতিসকলৰ ভিতৰত ক্ৰমে, আইমৎ চৰ্দাৰ, লংচা চৰ্দাৰ, আংলু গোঁহাই [মৌজাদাৰ, খেৰাজখাত] আৰু মিচিং সম্প্ৰদায়ৰ মিৰমন মিৰি, ছেৰ বাহাদুৰ চুব্বা নেপালী আদি ইয়াৰ আদিবাসীসকলেই নতুনকৈ আহি বসবাস কৰাসকলক দেখুৱায়। তেওঁলোকে এই অগাধ হাবিৰ মাজত থকা পুখুৰীটোৰ পাৰত হাতী চিকাৰ কৰা কামত বা কাঠ-বাঁহ বিচাৰি ফুৰোতে দেখা পায় আৰু জঁয়াল বুলি অনুভৱ কৰিছিল। জন্মস্থান যে লেটেকুপুখুৰীৰ সমীপতে সেই সময়ৰ বুঢ়াসকলে বিশ্বাস কৰিছিল। সময়ত খেৰাজখাত, নাৰায়ণপুৰ, বিহপুৰীয়া মৌজাৰ মানুহৰ মাজত প্ৰচাৰ হ'ব ধৰিলে। সেয়েহে এদিন ২০-২৫ খন সমীপৱতী আৰু ওচৰ-পাজৰৰ গঞা ৰাইজে মিলি হাবি মুকলি কৰি প্ৰাচীন পুখুৰীটো আৱিস্কাৰ কৰিলে ১৯৪৮ চনতে। তাতো সন্তুষ্ট নাথাকি হাতীৰে গছকাই বেত লেজাৰ কাঁইট নষ্ট কৰি ক্ৰমে আগবাঢ়িল। তাৰ পাছত পালে নাতিদূৰত এটা প্ৰায় ২৫০ ফুট দীঘল আৰু ৭৫ ফুট বহল আৰু / ১০ ফুট ওখ এটা সু-বিস্তীৰ্ণ ভেটি। তাৰ ওপৰৰ গছ-গছনি মুকলি কৰা হ'ল। ৰাইজে এয়েই গুৰুজনাৰ জন্ম ভেটি বুলিও ধাৰণা কৰিছিল। কিন্তু গুৰু চৰিতৰ মতে এজুৰি গৃহ' ভেটি তেতিয়া নাছিল। আনন্দত উৎফুল্লিত হৈ এই কামত অংশ গ্ৰহণকাৰী শ্ৰীভূঞা, পোৰাবিল, 'ৰাপথাৰ, যোৰহটীয়া গাঁও, চমুৱা, ৰঙাজান, চৌদ্ধপুনীয়া, পানবাৰী, জৰাবাৰী, টিপলিং আদি কৰি গাঁৱৰ ৰাইজে উল্লিখিত ভেটিতে ৰভাচালি দি আসন পাতি তিনিদিনীয়াকৈ নাম-কীৰ্তন উৎসৱ পতাৰ সিদ্ধান্ত কৰি, সেইকালৰ নামৰ ওজা স্পগীয় হৰিমিশ্ৰ গোস্বামীক আনি সেই ঠাইতে য'ত আজি স্থায়ীভাৱে মণিমূট আৰু নামঘৰ নিৰ্মাণ কৰা হৈছেতিনিদিন-তিনিৰাতি জুৰি নামকীৰ্তন কৰিলে। লেটেকু গছেৰেই পৰিপূৰ্ণ হৈ থকা বাবেই পুখুৰীটোৰ নাম সম্ভৱ অতীতৰ পৰাই লেটেকুপুখুৰীয়েই হৈ আছিল। কালক্ৰমত মানুহে গছবিলাক আকৌ ঢেকী সাজিবলৈ কটাৰ ফলত সেইজাতীয় গছৰ বংশ উে2ছদ হয়। তথাপি অদ্যপৰিমিত দুই-এজোপা লেটেকু গছ ইয়াত আছে। কিন্তু লেটেকুপুখুৰী'ৰ নামটো যুগযুগান্তৰ প্ৰচলন হৈ আহিছে। লেটেকুপুখুৰীৰ পাৰত ওপৰত কোৱা ডাঙৰ ভেটিটো অতিক্ৰম কৰি ২০০ গজমান দূৰত ৰাইজে হাবি কাটি দুটা ওচৰা-ওচৰি সৰু ভেটি আৰু তাৰ ওচৰতে এটা অপেক্ষাকৃত ডাঙৰ ভেটিও দেখিবলৈ পায়। তদুপৰি পুৰণি ঢাপৰ চিন মোকাম দেখা পালে। তেতিয়া চৰিত্ৰ পুথি কথালৈ মনত সুঁৱৰি লোকসকল নিশ্চিত হ'ল যে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান এয়ে হ'ব। বৰ্তমান য'ত অস্থায়ী গুৰু গৃহ নিৰ্মাণ কৰা হৈছে তাতেই দুটা যুৰীয়া ভেটি দেখা গৈছে। ডাঙৰ ভেটিটোৱেই উজীৰৰ ভেটি বুলি ধৰিবৰ থল আছে। তদুপৰি বৰ্তমান য'ত নামঘৰ মণিকূট নিৰ্মাণ কৰা হৈছে, সেই প্ৰাচীন ভেটিটোৰ ওচৰতে এজোপা প্ৰকাণ্ড আমগছ আজিও আছে, লেটেকু গছো আছে। এজোপা কলমৌ গছ বৰ্তমানে মুখ্য তোৰণৰ আলিৰ কাষত আছে। এজোপা বটবৃক্ষ লেটেকুপুখুৰীটোৰ উত্তৰ পশ্চিম চুকত আজিও আছে। আগতে কৈ অহা আমজোপাৰ তলতে এটা পুৰণি নাদৰ চিহ্ন পোৱা গৈছে। তেতিয়াৰ লেটেকুপুখুৰীটো পিতত পোত খাই আছিল। দহ বছৰমানৰ আগতে পিতবিলাক হাতীৰে টনোৱাই ওপৰলৈ তোলাতহে পুখুৰীৰ পানী দেখা গৈছিল। গোবিন্দগিৰি ভাটিৰ মানুহ, উজনিৰ মানুহে কামৰূপৰ ফালৰ মানুহক তাহানি ঢেকেৰী বুলি কৈছিল। উজীৰৰ আশ্ৰয়ত গিৰি এই জানৰ পাৰতে থকা বাবে এই জানটোক ঢেকেৰীজান বোলা কথাও নুই কৰিব নোৱাৰি। মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান ওলোৱাৰ কথা ক্ৰমে চাৰিওফালে বিয়পি পৰিল। সেই সময়ত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীকমলাকান্ত গোস্বামীয়ে সত্ৰখন ব্ৰহ্মপুত্ৰই খহাই নিয়াত উত্তৰ পাৰলৈ উঠাই অনাৰ উদ্দেশ্যে মাটি বিচাৰি টিপলিঙত বাহৰ পাতি আছিল। গুৰুজনাৰ জন্মস্থান ওলোৱাৰ বাতৰি গৈ কোৱাত তেখেতে হাতীৰে আহি জন্মস্থান চাই সন্তোষ প্ৰকাশ কৰে আৰু ৰাইজৰ অনুৰোধক্ৰমে জন্মস্থানতে থাকি সহযোগিতাৰে কাম কৰি জন্মস্থানখনৰ উন্নতি সাধন কৰিবলৈ ব্ৰতী হয়। এনেকৈয়ে মহাপুৰুষৰ আৱিৰ্ভাৱ ক্ষেত্ৰলৈ ক্ৰমে লোক- সমাগম বৃদ্ধি পায়। সত্ৰাধিকাৰে পিছত নিজৰ সত্ৰৰ পৰা পুৰণি টিংপাত, কাঠৰ খুটা, আসন আদি অনাই ইয়াৰ অস্থায়ী চালিৰ নামঘৰ আৰু মণিকূট তথা থাপনা পাতে।

                ১৯৫০ চনৰ প্ৰলংয়কাৰী ভূমিকম্প হ'ল। সমগ্ৰ অসম বিপৰ্যস্ত হ'ল। বিশেষকৈ লক্ষীমপুৰ জিলাই অধিক ক্ষতিগ্ৰস্ত হ'ল। কিন্তু গুৰুজনাৰ জন্মস্থান একো ক্ষতি নহ'ল। ৰাইজে শৰাই-সঁফুৰা আগবIÿাই জন্মস্থানৰ শ্ৰীবৃদ্ধি কৰিলে। মাধৱদেৱৰ জন্মস্থান ওলোৱা বাতৰি খবৰকাগজত প্ৰকাশ হ'ল। যোৰহাটৰ অসম সাহিত্য সভাৰ সভাপতি আৰু বিধায়ক বাগ্মীবৰ ককা প্ৰয়াত নীলমণি ফুকনদেৱ আহি লেটেকুপুখুৰী পালেহি আৰু জন্মস্থানখনিৰ কেনেকৈ উন্নতি সাধন কৰিব পাৰি চিন্তা-চৰ্চা কৰিব ধৰিলে। প্ৰয়াত নীলমণি ফুকনদেৱৰ চেষ্টাত আৰু তেতিয়াৰ অসমৰ ৰাজ্যপাল প্ৰয়াত জয়ৰাম দাস দৌলতৰামৰ উদ্যোগত এই অনুষ্ঠান নিৰ্মাণ কৰিবৰ বাবে ৬০০০.০০ [ছয়হাজাৰ] টনা অনুদান দিয়ে। অৱশ্যে এই টকা পঞ্চাশৰ ভূমিকম্প সাহায্য পুঁজিৰ অতিৰিক্ত টকা আছিল। সেয়ে অসমৰ কলা-কৃষ্টিৰ বিকাশৰ অৰ্থে সাংস্কৃতিক কেন্দ্ৰসমূহলৈ দিছিল। ফুকনদেৱে শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান নিৰ্মাণৰ বাবে গ্ৰহণ কৰে আৰু ১৯৫৪ চনতে বৰ্তমানৰ মণিকূট গৃহটো যোৰহাটৰ এজন পঞ্জাৱী মিস্ত্ৰীৰ দ্বাৰাই নিৰ্মাণ কৰোৱাই ১৯৫৬ চনত সম্পূৰ্ণ কৰা হয়।

                চৰকাৰৰ ফালৰ পৰা তেতিয়াৰ তেজপুৰৰ টেক্স চুপাৰিটেণ্ডেন্ট হৈ থকা বৰপেটাৰ প্ৰয়াত হৰগোবিন্দ শৰ্মাক জন্মস্থান সম্পৰ্কে তদন্ত কৰিবলৈ দিয়ে। তেওঁ সেই সময়ত ওলোৱা ক্ৰমে ৰঙতি পুখুৰী, বাসুদেউ থান [কাচিকটা], ৰঙাজান, শিলডুবি আদিস্থানসমূহ চাই-চিতি, কিংবদন্তি, বুৰঞ্জী, প্ৰাচীন চৰিত্ৰ পুথি, ভৌগোলিক অৱস্থান সকলোফালৰ পৰা বিশেষভাৱে যুক্তি দেখুৱাই /১০/৫৫ তাৰিখে এইবুলি ৰিপোৰ্ট দিয়ে “Thus from all available data the conclusion becomes irresistible that this is the siteঅৰ্থাৎ সকলো প্ৰকাৰৰ যুক্তিৰ ভিত্তিত থিয় হৈ ইয়াকেই পোৱা গ'ল যে, এই লেটেকুপুখুৰীৰ পাৰতেই মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান।

                জন্মস্থানখনৰ আৱিৰ্ভাৱ হোৱাৰ পৰাই সেই সম্পৰ্কে বহুতোবাৰ সভা-সমিতি বহি আলোচনা কৰি অহা হৈছিল। //৫২ তাৰিখত উত্তৰ কমলাবাৰী সত্ৰাধিকাৰৰ অস্থায়ী বহাত বহা সভাই গোস্বামীদেৱকে জন্মস্থানত সভাপতি তথা পৰিচালকৰূপে থাকিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে। এই সভাত খেৰাজখাত মৌজাৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। সভাত উপস্থিত ব্যক্তিসকলে ৫.০০ টকাৰ পৰা ৫০.০০ টকালৈ দান আগবঢ়াইছিল। জন্মস্থানৰ সমীপৱতী ক্ৰমে স্বগীয় তনুৰাম নেওগ, স্বগীয় দীনাৰাম বৰুৱা, স্বগীয় ঘনশ্যাম বৰা গাঁওবুঢ়া, স্বগীয় খুদমন নেওগে মাটি দান দিবলৈ স্বীকাৰ কৰে। এই সভাতে শ্ৰী মোহন চন্দ্ৰ ভূঞাক অস্থায়ীভাৱে জন্মস্থানৰ সম্পাদক আৰু শ্ৰীশ্ৰীকমলাকান্ত গোস্বামীক সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয়।

                ইয়াৰ পিছৰ বৈঠক উত্তৰ লক্ষীমপুৰৰ স্বগীয় গোবিন্দ বৰাৰ সভাপতিত্বত বহে। উল্লেখযোগ্য যে শ্ৰীমহানন্দ বৰাও সভাত উপস্থিত থাকি  জন্মস্থান সম্পৰ্কে মতামত সংগ্ৰহ কৰাত সহায় কৰিবলৈ দায়িত্ব গ্ৰহণ কৰে। নাৰায়ণপুৰৰ স্বগীয় দুতি ভূঞাই এই ঠাইতেই উজীৰৰ বাৰীৰ লেটেকুপুখুৰী হয় বুলি সভাত দৃভাৱে ঘোষণা কৰে। ইয়াৰ পিছৰ সভাত [/২/৫৩] তাৰিখে তেজপুৰৰ স্বগীয় হৰগোবিন্দ শৰ্মা উপস্থিত থাকি জন্মস্থানৰ নিৰ্মাণ কাৰ্যৰ বাবে অৰ্থ সংগ্ৰহ কৰিবলৈ ৫০ খন বহী আৰু গোহাৰি ছপাই দিয়াৰ দায়িত্ব গ্ৰহণ কৰে। এই সভাত ৫০৫.০০ দান পোৱা হয়।

                মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান ওলোৱাৰ বাতৰি পাই যোৰহাটৰ বাগ্মীবৰ স্বগীয় নীলমণি ফুকনদেৱ এইখিনি পায়হি। তেখেতৰ গুৰুৰ জন্মস্থানখনি দেখি শুনি আনন্দ প্ৰকাশ কৰে আৰু ইয়াৰ উন্নয়নৰ কাৰণে চিন্তা কৰে। সেই উপলক্ষে //৫৪ তাৰিখে তেখেতৰ সভাপতিত্বত এখন সভা বহে। এই সভাত নাৰায়ণপুৰ, ধলপুৰ, লক্ষীমপুৰ, বিহপুৰীয়া মৌজাৰ বহুলোকৰ উপস্থিত হৈছিল। শ্ৰী নিত্যানন্দ ভট্টাচাৰ্য এম এ দেৱৰ উদ্বোধনী ভাষণ দিয়ে। সভাপতি ফুকনদেৱৰ ভাষণত সকলো দিশ চালিজাৰি চোৱাৰ কথা উল্লেখ কৰে আৰু এইখনেই জন্মস্থান হ'ব লাগে বুলি যুক্তি দাঙি ধৰে। তেতিয়াৰ লক্ষীমপুৰৰ বিধায়ক স্বগীয় হেমচন্দ্ৰ হাজৰিকাই জন্মস্থানখন উজ্বলি নুঠাত দুখ প্ৰকাশ কৰে। এই সভাত ক্ৰমে স্বগীয় নীলমণি ফুকনদেৱক সভাপতি আৰু শশীচন্দ্ৰ বৰবৰুৱাক [যোৰহাট], স্বগীয় হেমচন্দ্ৰ হাজৰিকা [লক্ষীমপুৰ], শ্ৰী মহানন্দ বৰা, স্বগীয় হৰগোবিন্দ শৰ্মা [তেজপুৰ], স্বগীয় গহন চন্দ্ৰ গোস্বামী [নিকামূল সত্ৰাধিকাৰ, তেজপুৰ], স্বগীয় কেশৱানন্দ বৈষ্ণৱ, স্বগীয় ডিম্বেশ্বৰ নেওগ [কাচিকটা], স্বগীয় যোগেন শইকীয়া [যোৰহাট], স্বগীয় যোগেশ্বৰ বৰুৱা [বিহপুৰীয়া], স্বগীয় দীনাৰাম বৰুৱা, স্বগীয় কিনাৰাম হাজৰিকা [নাৰায়ণপুৰ], স্বগীয় দুতিৰাম ভূঞা [পানবাৰী] আৰু স্বৰ্গীয় খগেন্দ্ৰ নাথ দত্ত [চৌদ্ধপুনীয়া]ক লৈ মুঠ ১৬ জন সদস্যৰে এখন অনুসন্ধান আৰু নিৰ্মাণ সমিতি গঠন কৰা হয়। সভাত ইয়াৰ উপৰি কেইবাটাও স্থানীয় উন্নয়নমূলক প্ৰস্তাৱ গৃহীত হয় আন এটা প্ৰস্তাৱৰ যোগে শ্ৰীমাধৱদেৱ জন্মস্থান নিৰ্ণয়ৰ ক্ষেত্ৰত চৰকাৰক আশু কাৰ্য ব্যৱস্থা ল'বৰ বাবে অনুৰোধ কৰা হয়। অৱশ্যে সভাত উপস্থিত থকা সৰ্বাধিক লোকেই এইখনেই জন্মস্থান বুলি দৃতাৰে মন্তব্য প্ৰকাশ কৰিছিল। ১৯//৫৫ তাৰিখে শ্ৰী ভোগেশ্বৰ ভাগৱতীৰ সভাপতিত্বত বহা সভাত নাৰায়ণপুৰৰ স্বগীয় দুতি ভূঞাই কয় এইখন মাধৱদেৱৰ জন্মস্থান নোহোৱাৰ কোনো যুক্তি থাকিবই নোৱাৰে। তেওঁ কয় মানৰ আক্ৰমণত আমাৰ বংশৰ মানুহবিলাক স্থানান্তৰ হ'ব লগা হয়। স্বগীয় ভূঞাই নিজক বৰভেটিয়া উজীৰ বংশৰ বুলি পৰিচয় দিয়ে। অন্য এটা প্ৰস্তাৱৰ দ্বাৰা জন্মস্থানখনিৰ শেষ নিৰ্ণয় নোহোৱাত দুখ প্ৰকাশ কৰা হয় আৰু এই বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় যে যিসকলে লেটেকুপুখুৰী পাৰত স্থাপিত জন্মস্থানকে জন্মস্থানৰূপে বিশ্বাস কৰি আহিছে, তেখেতসকলে দান-বৰঙণি আগবঢ়াই স্থায়ীকৰণৰ ব্যৱস্থা কৰা হওক। সেই উদ্দেশ্যে মণিকূট নিৰ্মাণৰ বাবে প্ৰথমতে ,০০০.০০ টকাৰ [একহাজাৰ] আঁচনি লোৱা হয়।

                ২৯//৫৬ তাৰিখে স্বগীয় নীলমণি ফুকনদেৱৰ সভাপতিত্বত বহা দিনৰ দুই বজাত প্ৰতিনিধিমূলক সভাই জন্মস্থান সম্পৰ্কে আলোচনা কৰে। কিন্তু স্বগীয় শশীচন্দ্ৰ বৰবৰুৱাৰ আপত্তিক্ৰমে গত 2//৫৪ তাৰিখৰ প্ৰস্তাৱকে বাহাল ৰাখি, সমিতিৰ সদস্যসকললৈ জন্মস্থান সম্পকীয় মন্তব্য বিচাৰি লিখিবৰ কাৰণে সম্পাদকৰ ওপৰত ভাৰ দিয়া হয় আৰু এখন প্ৰচাৰ পত্ৰৰ দ্বাৰা এই জন্মস্থান সম্পৰ্কে বিৰুদ্ধ মতামত থাকিলে এমাহৰ ভিতৰত জনাবৰ বাবে সদৌ লক্ষীমপুৰৰ ৰাইজলৈ গোহাৰি জনাই, সংগৃহীত মতামত মাহৰ অন্তত দাখিল কৰিবৰ বাবে সম্পাদকৰ ওপৰত দায়িত্ব অৰ্পণ কৰা হয়। এই সভাতে চৰকাৰৰ পৰা পোৱা ৬০০০.০০ টকাৰে মণিকূট গৃহনিৰ্মাণ কৰিবৰ বাবে যোৰহাটৰ এজন পাঞ্জাৱী মিস্ত্ৰীক দিয়াৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়। সভাত গোহাৰিযোগে সপক্ষে আৰু বিপক্ষে মতামত বিচাৰি প্ৰচাৰ কৰা সিদ্ধান্ত লয়। কিন্তু উত্তৰ লক্ষীমপুৰৰ স্বগীয় ৰোহিতেশ্বৰ শইকীয়াদেৱে এখন চিঠিৰ দ্বাৰা জনালে, তেখেতে প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোতেই লক্ষীমপুৰৰ লেটেকুপুখুৰীৰ পাৰত মাধৱদেৱৰ জন্মস্থান বুলি কোৱা মনত আছে। বুৰঞ্জীবিদ স্বগীয় বেণুধৰ শৰ্মাদেৱে জনালে, পুৰণি চৰিত পুথিসমূহৰ ক'তো মেপ বা চিত্ৰ আঁকি থৈ যোৱা নাই। সেয়েহে পুৰণি স্মৃতিচিহ্ন, কিংবদন্তি আৰু জনশ্ৰুতিৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰিব লাগিব। তাৰ বাহিৰে কোনো বিৰুদ্ধ মতামত প্ৰকাশ কৰি লিখা চিঠি পোৱা নহ'ল।

                তথাপি সৰ্বসন্মত মত সাপেক্ষে নিৰ্ণয় কৰিবৰ উদ্দেশ্যে /২/৫৭ তাৰিখে তেতিয়াৰ অস্থায়ী ৰভা নামঘৰৰ তলতে গড়মূৰীয়া সত্ৰাধিকাৰ প্ৰয়াত পীতাম্বৰদেৱ গোস্বামীৰ সভাপতিত্বত লক্ষীমপুৰ জিলাৰ উপৰি অসমৰ অন্যান্য জিলাৰ ধৰ্মপ্ৰাণ লোকৰ বিৰাট সমাবেশত এখন ৰাজহুৱা সভা বহে। বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত তেতিয়াৰ অসম বিধান সভাৰ অধ্যক্ষ স্বগীয় কুলধৰ চলিহা, মাজুলীৰ বিধায়ক শ্ৰী কাৰ্ক চন্দ্ৰ দলে, শিৱসাগৰৰ স্বগীয় আনন্দ বেজবৰুৱা, তেজপুৰৰ বিধায়ক গহন চন্দ্ৰ গোস্বামী, লক্ষীমপুৰৰ স্বগীয় সৰ্বেশ্বৰ বৰুৱা, স্বগীয় হেমচন্দ্ৰ হাজৰিকা, শ্ৰী মহানন্দ বৰা, স্বগীয় গোবিন্দ বৰা, স্বগীয় যোগেন শইকীয়া আদি উপস্থিত আছিল। স্বগীয় চলিহাদেৱে সভা উদ্বোধন কৰে। উপস্থিত সমজুৱা ফালৰ পৰা কেইবাজনো সদস্যই ভাষণ দিয়ে। সভাপতিৰ ভাষণত সত্ৰাধিকাৰ প্ৰভূৱে গুৰুজনাৰ এই পবিত্ৰ ভূমিখণ্ডক জন্মস্থান বুলি স্বীকৃতি দিবৰ বাবে সদৌ অসমবাসীলৈ আহ্বান জনায়। তেখেতে অন্যান্য জাতিৰ জাতীয় স্মৃতি সংৰক্ষণৰ কথাও উল্লেখ কৰি কয়। এই বিৰাট ৰাজহুৱা সভাত সৰ্বসন্মতিক্ৰমে তলৰ প্ৰস্তাৱকেইটা গৃহীত হয়।

                ১৷ মহাপুৰুষ শ্ৰীমাধৱদেৱৰ জন্মস্থানক লৈ যি মতানৈক্য চলি আছে অসমীয়া জাতিৰ কাৰণে ই অতি দুখৰ বিষয়। আজিৰ সভাই বৰ্তমান লেটেকুপুখুৰী পাৰত স্থাপিত আৰু উত্তৰ কমলাবাৰী সত্ৰাধিকাৰৰ দ্বাৰা পৰিচালনা জন্মস্থানখনিকে সৰ্বসন্মত অনুসৰি প্ৰকৃত জন্মস্থান বুলি স্থিৰ কৰে। বিপুল হৰ্ষধ্বনিৰে প্ৰস্তাৱ গৃহীত হয়।

                ২৷ দ্বিতীয় প্ৰস্তাৱৰ দ্বাৰা ৰঙাজান শিলডুবিৰ পাৰত স্থাপন কৰিব খোজা ঠাইখনিৰ পবিত্ৰতা মানি তাত মহাপুৰুষ মাধৱদেৱৰ এটি স্মৃতি মন্দিৰ স্থাপন কৰিবলৈ আজিৰ সভাই সিদ্ধান্ত কৰে। প্ৰকাশ থাকে যে এই জন্মস্থান নিৰ্মাণ সমিতিৰ ওপৰতে উক্ত স্মৃতি মন্দিৰ নিৰ্মাণৰ ভাৰো অৰ্পণ কৰা হওক।

                চতুৰ্থ প্ৰস্তাৱৰ দ্বাৰা /১০/৫৬ তাৰিখে সাৰজান নামঘৰত স্বগীয় তীৰ্থনাথ গোস্বামীৰ সভাপতিত্বত বহা সভাত গৃহীত হোৱা ২ নং প্ৰস্তাৱৰ বিৰোধিতা কৰি আজিৰ সভাই তীব্ৰ প্ৰতিবাদ জনায় আৰু মাধৱদেৱৰ জন্মস্থান সম্পৰ্কে চৰকাৰী-বেচৰকাৰী সাহায্য দানৰ বিৰুদ্ধে লোৱা যুক্তিহীন আৰু অমূলক প্ৰস্তাৱৰ তীব্ৰ নিন্দা কৰি জন্মস্থান নিৰ্মাণত বাধা নজন্মাবৰ বাবে, চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা হয়।

                বাতৰি কাকত আদিত শ্ৰীমাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীক শেষ নিৰ্ণয় কৰি ঘোষণা কৰাৰ পিছত শংকৰ সংঘই ১৯৫৮ চনৰ ডিচেম্বৰ মাহত পুনৰ স্বগীয় কেশৱানন্দই পতা থানকে জন্মস্থান বুলি ঘোষণা কৰাত ২০//৫৮কতাৰিখে শ্ৰী খগেন্দ্ৰ নাথ দত্তৰ সভাপতিত্বত জন্মস্থানত বহা প্ৰতিনিধিমূলক ৰাজহুৱা সভাই সংঘৰ প্ৰস্তাৱৰ বিৰোধিতা কৰি প্ৰতিবাদ জনায় আৰু বাতৰি কাকততো প্ৰতিবাদৰ ধ্বনি উঠে।

                ৩০/১১/৬৭ তাৰিখে বহা জন্মস্থান নিৰ্মাণ সমিতিৰ বৈঠকে নামঘৰৰ আধাৰশিলা স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু শ্ৰী মোহন হাজৰিকা, শ্ৰী নন্দেশ্বৰ শইকীয়াক আৱশ্যকীয় শিল-বালি, লোহা ধাৰত আনিবৰ কাৰণে ভাৰ দিয়ে। লগতে জন্মস্থানৰ শ্ৰী ডিম্ব শইকীয়া আৰু শ্ৰী মাণিক শইকীয়াক যুটীয়াভাৱে নিৰ্মাণৰ কাম কৰিবৰ বাবে ৩৫০০.০০ টকাত টিংপাত লগোৱা পৰ্যন্ত কামৰ বাবে দিবলৈ সিদ্ধান্ত লোৱা হয়।

                ইং ১৪/১২/৬৭ তাৰিখে পুৱা আঠ বজাত অসম সাহিত্য সভাৰ সভাপতি তেতিয়াৰ যোৰহাটৰ বিধায়ক প্ৰয়াত বাগ্মীবৰ নীলমণি ফুকনদেৱে বিপুল হৰ্ষধ্বনি মংগলবাদ্য আৰু জয়ধ্বনিৰ মাজত মহাপুৰুষ শ্ৰীমাধৱদেৱৰ বৰ্তমান নিৰ্মিত নামঘৰৰ আধাৰশিলা স্থাপন কৰে। এই উদ্দেশ্যে বিয়লি বহা ৰাজহুৱা সভাত ভাষণ দি তেখেতে কয় যে চাকিটোতকৈ জোৰ তাৰ আৰু তৰাতকৈ জোনৰ পোহৰ বেছি ডাঙৰ, আৰি এটাৰ পোহৰো কম। চন্দ্ৰ-সূৰ্যৰ পোহৰৰ আগত তুলনা কৰি জন্মস্থানৰ পোহৰ কেনেকৈ সমগ্ৰ অসমতে সম্প্ৰসাৰিত হৈছে, বুজাই কয়। জন্মস্থানৰ চৰকাৰীভাৱে পোৱা স্বগীয় হৰগোবিন্দ শৰ্মাৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি আধাৰশিলা স্থাপনৰ লগে লগেই শদিয়াৰ পৰা ধুবুৰীলৈকে কেনেকৈ ব্যাপক প্ৰচাৰ কৰিব পৰা হয় পৰামৰ্শ আগবঢ়ায়। এই কথা প্ৰকাশ নকৰি নোৱাৰি যে এই পবিত্ৰ আৰু মহৎ অনুষ্ঠানটোৰ বাবে ১৯৬৭ চনৰ পৰা ১৯৮০ চনলৈকে জনপ্ৰিয়' কংগ্ৰেছ চৰকাৰৰ পৰা কোনো উল্লেখযোগ্য সহানুভূতিসুচক আৰ্থিক অনুদান পোৱা নাই। ১৯৭৯/৮০ ত স্বগীয় বিজয় শৰ্মা ৰাজহ মন্ত্ৰী থাকোতে অসম লটাৰীৰ পৰা স্মৃতি গ্ৰন্থাগাৰৰ বাবে ,০০০.০০ টকা দিয়া হৈছিল যদিও ৰঙাজান থান সমিতিৰ কোনোৱে জাল ঠিকনা দি টকাটো আনে আৰু যথাসময়ত উপযোগিতাৰ প্ৰমাণ পত্ৰ দিবলৈ সম্পাদক, সভাপতি বিচাৰি নাপায় আমাৰ পৰাহে পুনৰ ২০০০.০০ টকা চেক দি প্ৰমাণ পত্ৰ নিব লগাত পৰে।

                /১০/৬৮ তাৰিখে জন্মস্থানত শ্ৰীমাধৱদেৱ স্মৃতিগ্ৰন্থাগাৰ নামে এটি পুথিভঁৰাল পতাৰ কাম হাতত লোৱা হয়। শ্ৰীমণি বৰাক সভাপতি আৰু শ্ৰীলক্ষী নেওগক সম্পাদক হিচাপে নিয়োগ কৰা হয়। কলা-কৃষ্টি চৰ্চা কৰিবৰ বাবে ১৯৬০ চনতে শ্ৰীমাধৱদেৱ কৃষ্টি সংঘ নামেৰে এটি অনুষ্ঠান জন্ম দিয়া হয়। কৃষ্টি সংঘই প্ৰতিবছৰে ৰাসোৎসৱ আৰু ৰাস অভিনয় কৰি আহিছে। চৰকাৰৰ লগত টকা-পইচাৰ ক্ষেত্ৰত আদান-প্ৰদান কৰাৰ সুবিধাৰ বাবে অনুষ্ঠানটি পৃথকে পঞ্জীয়ন কৰা হৈছে। ১৯৮৭ চনত এই অনুষ্ঠানে ২ লাখ টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰেক্ষাগৃহাদি নিৰ্মাণ কৰিবলৈ মঞ্জুৰী পাইছে। তাৰ দ্ৰুতগতিত নিৰ্মাণৰ কাম কৰি আছে। ইয়াৰ সভাপতি শ্ৰী লক্ষী নেওগ আৰু সম্পাদক শ্ৰী খগেন হাজৰিকাই বৰ্তমান দায়িত্ব লৈ কাম চলাই আহিছে।

                কলা-কৃষ্টিৰ বিশেষকৈ শংকৰী কলা-কৃষ্টিৰ শিক্ষাৰ বাবে লেটেকুপুখুৰী শংকৰী সংগীত বিদ্যালয় নামে এটি অনুষ্ঠান ১৯৮২ চনত স্থাপিত হয়। এই অনুষ্ঠানৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে। জন্মস্থানৰ মূল বস্তু নামঘৰৰ মণিকূটৰ উপৰি এই পবিত্ৰ ভূমিখণ্ডক এখন তীৰ্থস্থান আৰু জ্ঞান ভক্তি কলা-কৃষ্টি গৱেষণা কেন্দ্ৰত পৰিণত কৰিবৰ উদ্দেশ্যে নিৰ্মাণ সমিতিকে ক্ৰমে নামঘৰ মণিকূট, গুৰুগৃহ [উজীৰৰ ভেটিৰ ওচৰত স্মৃতি মন্দিৰ] অতিথি ভৱন, শ্ৰীমন্ত শংকৰদেৱ কলা ভৱন [অদূৰ ভৱিষ্যতে গৱেষণা কেন্দ্ৰ হ'ব] পৰিচালকৰ আবাস, লেতেকুপুখুৰী শংকৰী সংগীত বিদ্যালয়, শ্ৰীমাধৱদেৱ স্মৃতি গ্ৰন্থাগাৰ, বাটচ'ৰা তোৰণ, স্থায়ীবেৰা, শৌচ-প্ৰস্ৰাৱগাৰ আদিৰ স্থায়ী নিৰ্মাণৰ পৰিকল্পনা লোৱা আছে। এই সকলো কাম সম্পূৰ্ণ কৰি তুলিবলৈ যথেষ্ট সময় আৰু কেইবা লক্ষ অৰ্থ আৱশ্যক হ'ব। চৰকাৰী আৰ্থিক অনুদান নাপালেও শদিয়াৰ পৰা ধুবুৰীলৈকে ধৰ্মপ্ৰাণ আৰু গুৰুজনাৰ প্ৰতি শ্ৰদ্ধাবান লোকে অৱস্থানুসৰি দান আগবঢ়াইছে। ১৯৮২ চনত লক্ষীমপুৰৰ উপায়ুক্ত শ্ৰীকমল মজুমদাৰদেৱে অনুসন্ধানৰ অন্তত ৩৩০০ টকা [ত্ৰেত্ৰিশ হাজাৰ] অনুদান দিয়ে। আধৰুৱা কাম সম্পূৰ্ণ হ'ল যদিও টুপৰ টিংপাত মাৰিবলৈ বাকী থাকিল। ১৯৮৫ চনৰ বছৰত সমিতিয়ে পুনৰ দান সংগ্ৰহৰ অভিযান চলোৱাত কিছু সংগ্ৰহ হোৱাত এখোজ আগবঢ়া হয়।

                অসম গণ পৰিষদ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত জন্মস্থানৰ পৰা আৱশ্যকীয় তথ্যপাতি দাঙি ধৰি সাহায্যৰ বাবে আবেদন কৰা হ'ল। মুখ্যমন্ত্ৰী ২০//৮৭ তাৰিখে বিহপুৰীয়ালৈ আহোতে অকনমান সময় মাত্ৰ হাতত লৈ গুৰুজনাৰ জন্মস্থানত সেৱা জনাই যায়। কীৰ্তন ঘৰৰ টুপৰ টিং লগাবলৈ বাকী থকা আধৰুৱা কামৰ বাবে দহ হাজাৰ টকা আৰ্থিক সহায়তা দিয়াত নামঘৰৰ ওপৰৰ কাম প্ৰায় সম্পূৰ্ণ হয়।

                হাবি-জংঘল মুকলি কৰি জন্মস্থানখনি বৰ্তমানৰ পোহৰলৈ অনা বয়োবৃদ্ধসকলৰ নাম নল'লে আমি নিশ্চয় অকৃতজ্ঞতাৰ দোষত পৰিব লাগিব। সেইসকলৰ বহুজনেই ইহ সংসাৰ ত্যাগ কৰিছে। তাৰ ভিতৰত ক্ৰমে স্বগীয় ভেমভদ্ৰ ৰাজখোৱা, শ্ৰী ভৱ হাজৰিকা [শ্ৰীভূঞা], স্বগীয় বগীৰাম ফুকন [শ্ৰীভূঞা], স্বগীয় কণ্ঠিৰাম দত্ত [চৌদ্ধপুনীয়া], স্বগীয় ৰামনাথ বৰা [কুঁহিয়াৰবাৰী], স্বগীয় সোণাই দত্ত [পোৰাবিল], স্বগীয় ঘনশ্যাম বৰুৱা [ভকতগাঁও], স্বগীয় বিহুৰাম বৰা [শ্ৰীভূঞা], ভূৰাম নেওগ, স্বগীয় ভোগীৰাম নেওগ, স্বগীয় সৰুমণ নেওগ [ৰঙাজান], স্বগীয় বগীৰাম শৰ্মা [ৰঙাজান], স্বগীয় মথন তামূলী [জৰাবাৰী], স্বগীয় পিয় শইকীয়া [জৰাবাৰী], স্বগীয় নীলকণ্ঠ বৰঠাকুৰ [সাৰজান], স্বগীয় মুহিৰাম বৰা [পোৰাবিল], শ্ৰী ধনীৰাম বৰুৱা [ৰঙাজান], শ্ৰী দীনাৰাম বৰুৱা [ৰঙাজান], শ্ৰী তনুৰাম নেওগ [চমুৱা], শ্ৰী ভূৱনচন্দ্ৰ নেওগ, স্বগীয় ঘনশ্যাম বৰা, গাঁওবুঢ়া [ৰঙাজান], স্বগীয় ডিম্বেশ্বৰ ৰাজখোৱা [শ্ৰীভূঞা], শ্ৰী গোপীৰাম হাজৰিকা, শ্ৰী গোলাপ হাজৰিকা। জন্মস্থানখনৰ আৰম্ভণিতে সহায়-সহযোগিতা আগবঢ়োৱাসকলৰ ভিতৰত স্বগীয় দীনাৰাম বৰুৱা, স্বগীয় কিনাৰাম হাজৰিকা [মাকোৱাৰী], স্বগীয় টুনীৰাম হাজৰিকা [চৰাইদলনী], স্বগীয় দুতি ভূঞা [নাৰায়ণপুৰ], স্বগীয় খেতলু গোঁহাই [গোঁসাইবাৰী], শ্ৰী পদ্ম বৰা [তাঁতিবাহৰ], স্বগীয় মুহিৰাম বৰা [বিলতীয়া], স্বগীয় মুহিৰাম হাজৰিকা, স্বগীয় ৰোষেশ্বৰ বৰুৱা। নাম উল্লেখযোগ্য। চাৰিগাঁৱৰ স্বগীয় বোপা দত্তদেৱৰ নামো উল্লেখযোগ্য। সবাৰোপৰি স্বগীয় ককা নীলমণি ফুকনদেৱৰ নাম জন্মস্থানৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অবিস্মৰণীয় হৈ থাকিব। তেখেতৰ দিহা-পৰামৰ্শতহে এই মহৎ কাৰ্য সাধন হ'ব পাৰিলে। স্বগীয় ককাৰ আত্মাই শান্তি পাওক এয়ে আমাৰ কামনা। তেখেতে ৮৫ বছৰ বয়সতো গুৰুৰ জন্মস্থানলৈ আহি আছিল।

                আমি ওপৰতে উল্লেখ কৰি আহিছো যে, মহাপুৰুষ শ্ৰীমাধৱদেৱৰ জন্মস্থান' নামেৰে চৰকাৰী পঞ্জীয়ন কৰা হৈছে ১৯৭৫ চনত। সেই মতে জন্মস্থান সমিতি নামে কাৰ্যকৰী সভা গঠন কৰা হয়। তাৰ সভাপতি শ্ৰীশ্ৰী কমলাকান্ত গোস্বামী, উত্তৰ কমলাবাৰী সত্ৰাধিকাৰ, স্বগীয় মুহিধৰ বৰা সহকাৰী সভাপতি, শ্ৰী মোহন চন্দ্ৰ ভূঞা সম্পাদক জন্মস্থানত সত্ৰীয়া নীতিৰে তিনি প্ৰসংগ চলাই অহা হৈছে। গুৰুজনাৰ জন্মস্থান বুলি মাংগলিক অনুষ্ঠান অহৰ্নিশে হোৱাটো নিতান্ত বাঞ্ছনীয়। এই নাম-প্ৰসংগ চলাবৰ বাবে জন্মস্থানৰ দুজন আতৈক ৰখা হয়। সৰ্বপ্ৰথমে শ্ৰী কিনাৰাম হাজৰিকা আৰু শ্ৰী মিঠাৰাম বৰুৱা আতৈয়ে নাম-প্ৰসংগ প্ৰায় এযুগ কাল চলালে। বৰ্তমান শ্ৰী ডিম্ব শইকীয়া আৰু শ্ৰী যোগেন বৰা আলধৰাই সেই কাম চলাই আহিছে।

                জন্মস্থানত গুৰুদুজনাৰ তিৰোভাৱ তিথি, জন্মোৎসৱ, তিনিবিহুত নাম-কীৰ্তনো পালন কৰা হয়। তদুপৰি বৰ্তমান গুৰুজনাৰ পঞ্চ জন্ম শতবাৰ্ষিকী উৎসৱৰ ১৯৮৭ পৰা লোৱা বছৰজোৰা কাৰ্যসূচী অনুসৰি প্ৰায় সপ্তাহ দিনতে ক্ৰমে ভাগৱত পাঠ, ঘোষা পাঠ, আঞ্চলিক ভাগৱত প্ৰতি পূৰ্ণিমা তিথিত আৰু আইসকলৰ নাম বৃহস্পতিবাৰে হয়। এই কাৰ্যসূচীসমূহ অবিছিন্নভাৱে চলাই অহা হৈছে। আজিৰ পৰা ২০/২৫ বছৰৰ আগৰ গহীন প্ৰকৃতিৰ ভয়লগা পৰিৱেশ, হিংস্ৰ জন্তুৰ প্ৰভাৱ এতিয়া ইয়াত দিনে-ৰাতিয়ে জনসমাগম আৰু প্ৰকৃতিৰ মৌনতা ভংগ কৰি খোল-তাল, নাম-কীৰ্তনৰ ধ্বনিয়ে সমস্ত অঞ্চল মুখৰিত কৰি তুলিছে। আমি আশা ৰাখিছো সংসাৰৰ জ্বালা-যান্ত্ৰণাত মৰণোমুখী মানুহে এদিন এই ঠাইলৈ আহি শান্তি পাব পাৰিব।

                জন্মস্থান সমিতিৰ সভাপতি শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰাধিকাৰৰ নিজা সত্ৰ এখন থকাত বছৰৰ অধিকাংশ সময় মাজুলীতে থাকে। সেয়েহে সমিতিৰ সম্পাদক আৰু সদস্যসকলেই সাংগঠনিক আৰু নিৰ্মাণৰ কাম কৰি আহিছে। তথাপি এই কথা অনস্বীকাৰ্য যে গোস্বামীদেৱে জন্মস্থানখনি আৰম্ভণিৰ পৰা বৰ্তমানলৈকে প্ৰায় তিনিদশক কাল অহোপুৰুষাৰ্থ কৰি নিৰ্মাণ আৰু অন্যান্য কাৰ্যত সহায় কৰি আহিছে। আচলতে তেখেতৰ সদৃশ ত্যাগী আৰু ধৈৰ্যশীল ব্যক্তি এজন নোহোৱা হ'লে জন্মস্থান নিৰ্মাণ বা পৰিচালনা সমিতিয়ে বৰ্তমান আজিৰ অৱস্থা পোৱাটো সম্ভৱপৰ নহ'লহেঁতেন বুলিয়েই আমাৰ বিশ্বাস।

 

                আৰ্থিক দিশৰ পৰা জন্মস্থান সমিতিৰ জমা টকা নাই যদিও ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু ইউনাইটেড বেংক অৱ ইণ্ডিয়াত দুটা হিচাপ ৰখা হৈছে। সমিতিয়ে টকা সংগ্ৰহ কৰি আনি পূঁজি নকৰি নিৰ্মাণৰ কামতে খৰছ কৰি আহিছে। উৎসৱ, সমাৰোহৰ বাবে ১৯৮৭ চনতে এখন শাখা সমিতি পতা হয়। তাৰ সভাপতি শ্ৰী ধৰ্মকান্ত নেওগ আৰু সম্পাদক শ্ৰী কণপাই দত্তই বৰ্তমানলৈকে কাম কৰি আহিছে।

                নিৰ্মাণৰ ক্ষেত্ৰত নামঘৰ মণিকূটহে সম্পূৰ্ণ কৰিব নোৱাৰিলেও প্ৰায় সম্পূৰ্ণ কৰা হ'ল বুলিব পাৰি। সেই হিচাপে চৰকাৰী আৰ্থিক সাহায্য স্বগীয় জয়ৰাম দাস দৌলতৰামৰ সৌজন্যত পোৱা ৬০০০.০০ [১৯৫৪] ১৯৮৭ চনত বৰ্তমান মুখ্যমন্ত্ৰীয়ে আগবেঢ়োৱা ১০,০০০.০০ টকাৰ সৈতে ৫২,০০০.০০ উল্লেখ কৰিব পাৰি। আনহাতে ৰাজহুৱা দান-বৰঙণিও একলাখৰ ওচৰা-ওচৰি হ'ব বুলি বিশ্বাস হয় যদিও সম্পূৰ্ণ অৰ্থৰ হিচাপ ইয়াত দিব পৰা নগ'ল। তথাপি আজিৰ মূল্যত নামঘৰৰ মণিকুট নিৰ্মাণত /১০ লাখ টকাৰ মূল্য হ'ব বুলি ধৰিব পাৰি।

                বিগত সুদীৰ্ঘ তিনিটা দশকত এই জন্মস্থান পৰিদৰ্শন কৰিবলৈ অসমৰ শিল্পী, সাহিত্যি, বুৰঞ্জীবিদ, শিক্ষাবিদ আৰু সন্ত-মহন্ত, সত্ৰাধিকাৰসকল আহি পৰিদৰ্শন কৰি আমাক জন্মস্থানখনি উন্নয়নৰ ক্ষেত্ৰত অনেক দিহা-পৰামৰ্শ দি নিজৰ মনোভাৱ ব্যক্ত কৰি পৰিদৰ্শনৰ বহীত লিখি থৈ গৈছে। অসমৰ বাহিৰৰো উত্তৰ প্ৰদেশ, পশ্চিমবংগ, মধ্যপ্ৰদেশ, পঞ্জাৱৰ ধৰ্মপ্ৰাণ আৰু অনুসন্ধিৎসু ব্যক্তিসকলো আহিছে। সুদূৰ আমেৰিকাৰ পৰাও এই অনুষ্ঠানলৈ দান আগবIÿাইছে।

                অনেক ক্ষেত্ৰত জন্মস্থানৰ মহত্বও প্ৰকাশ পাইছে। সেয়েহে আধ্যাত্মিকভাৱে চিন্তা-চৰ্চা কৰাসকলে ইয়াৰ মহত্ব অনুভৱ কৰি উপকৃত হৈছে। ভক্তিভাৱে আগবঢ়োৱা শৰাই-সঁফুৰাৰ সংখ্যা ক্ৰমে বৃদ্ধি পাইছে। জনস্ৰোত অবিৰতভাৱে ব'ব লাগিছে। দিনে দিনে ই উজ্জ্বলতকৈ উজ্জ্বলতৰ হৈ পৰিছে।

 

                আগত মহাপুৰুষজনাৰ পঞ্চ শতবাৰ্ষিকী জন্মোৎসৱ ৰাজ্যিকভিত্তিত পাতিবলৈ ১৯৮৭ চনৰ ডিচেম্বৰ ৭ তাৰিখে বহা সভাই স্থিৰ কৰে। সেইমতে পঞ্চ শতবাৰ্ষিকী উদযাপন সমিতি গঠন কৰা হয়। এই সমিতিয়ে নিৰ্মাণকে আদি কৰি সম্পূৰ্ণ দায়িত্ব পঞ্চশতবাৰ্ষিকী পালন কৰিছে।

                গুৰুজনাৰ জন্মস্থান নিৰ্মাণৰ ক্ষেত্ৰত আঞ্চলিক গাঁওসমূহৰ পুৰুষ, মহিলা সকলোৱেই কম-বেছি পৰিমাণে ত্যাগ স্বীকাৰ কৰি আহিছে। সেইসকলৰ নাম ইয়াত সন্নিবেশ কৰিব নোৱাৰি আমি দুখিত, অৱশ্যে সি সম্ভৱপৰো নহয়। তথাপি আমাৰ কমী আৰু বয়োবৃদ্ধ মৃত লোকৰ নাম পাহৰণিত বা ভুলক্ৰমে থাকি গৈছে। তেখেতসকলৰ ওচৰত আমি ক্ষমাপ্ৰাথী হৈ ৰ'লো।

[প্ৰবন্ধটিত নাম অন্তভূক্ত কেবাজনো মহান ব্যক্তি স্বৰ্গগামী হৈছে। পূৰ্ব প্ৰকাশিত প্ৰবন্ধ হেতু ইয়াত শ্ৰী' সলনি কৰা হোৱা নাই] সম্পাদক