Articles

Articles written by various author on Madhabdeva

আগমে পতিত লোক সমাজ

Published on:  1.1.2018

Author:  শ্ৰীশ্ৰীকমলাকান্ত দেৱগোস্বামী

                শংকৰৰ বাণী শুনি ইন্দ্ৰাদি দেৱসৱে বুলিলে, “হে প্ৰভূ শংকৰ। সকলো লোকে ভগৱন্তৰ নাম জপ কৰি বৈকুণ্ঠ ধামলৈ গমন কৰে। আমালোকৰ সেৱা পূজা কোনো লোকেই নকৰে। সেই হেতু তোমাক আমাৰ সাৰথি হিচাপে লৈ ভগৱন্তৰ ওচৰলৈ যোৱাৰ কাৰণে আহিছো।দেৱতাসকলৰ প্ৰাৰ্থনা অনুসৰি শংকৰ দেৱতাসকলৰ সংগত পৰম পুৰুষ কৃষ্ণৰ ওচৰলৈ যায়। কৃষ্ণই দেৱতাসকলক দেখি বুলিলে, “হে শূলপাণি আৰু ইন্দ্ৰাদি দেৱসৱ, তোমালোক সকলো মিলি কি উদ্দেশ্যে আমাৰ ওচৰলৈ আহিছা·” কৃষ্ণৰ বাক্য শ্ৰৱণ কৰি শংকৰে প্ৰাৰ্থনা জনালে, “হে প্ৰভূ। মানৱসকলে তোমাৰ নাম জপ কৰি মুক্তি লভে, তোমাৰ ধামলৈ গতি কৰে। দেৱতাসকলৰ সেৱা পূজা কোনোৱেই নকৰে। তাৰ উপায় বিচাৰি দেৱসৱে প্ৰভূৰ ওচৰলৈ আমাক সাৰথি স্বৰূপে লৈ আহিছে।দেৱতাসৱৰ অভিপ্ৰায় বুজি কৃষ্ণই বুলিলে বচন

        দেৱসৱৰ বাণী শুনি কৃষ্ণে বুলিলা বচন।

           মোৰ ভক্তিছন্ন হৌক তোমাসাৰ মন।।

           কৰা উগ্ৰপন্থ যাৰ যেন মনে লয়।

           যেন মতে আমাৰ ভকতি ছন্ন হয়।।

           নানা পূজা কৰ্ম যজ্ঞ দেখায়োক নানা সুখ।

           তাক দেখি লোক হোক আমাৰ বিমুখ।।

           দেৱতা সৱত কৃষ্ণে কৰি বৰ দান।

           মহেশকো আজ্ঞা হৰি দিলা বিদ্যমান।।

           নানা বিধ কল্পিত আগম কৰিয়োক।

           নানা ধৰ্ম দেখায়া গুপুত কৰা মোক।।

           কৃষ্ণৰ মোহন বাণী কেহো নাকলিল।

           কেশৱ মহেশে মাত্ৰ ইহাক তৰ্কিল।।

           কৃষ্ণৰ বাক্য শ্ৰৱণ কৰি মহেশে বুলিলে।

           প্ৰভূ তেনে আগম শাস্ত্ৰ কোনে কৰিব।।

           তাৰ উত্তৰত কৃষ্ণই শংকৰেই কৰা বুলি আজ্ঞা দিলে।

           শংকৰে কৃষ্ণৰ তেনে বাক্য শ্ৰৱণ কৰি দুখিত মনে বুলিলে।।

           তোমাক অৱজ্ঞা প্ৰভূ কৰে যিটো জন।

           কোটি কল্পতো তাৰ নেদেখো মোচন।।

           তযু আঞ্জা নাপালিবো ইয়ো দোষ অতি।

           কি কৰো উপায় দিয়া প্ৰভু কৰিছো প্ৰণতি।।

           শংকৰৰ বাক্য শ্ৰৱণ কৰি কৃষ্ণই উপদেশ দিয়ে।

           ভাল তুমি শূলপাণি, তৰ্কিলা আমাক

           যিমতে এৰাইবা দোষ কহো শুনা তাক।।

           আমাৰ সহস্ৰ নাম দিলোহো তোমাক।

           অণু দিনে এক চিত্তে জপিবা তাহাক।

                কৃষ্ণৰ এই অমৃতময় বাক্য শ্ৰৱণ কৰি শংকৰে ক'ব ধৰিলে, “তোমাৰ সহস্ৰ নাম জপ কৰি আগম শাস্ত্ৰ কৰাদোষৰ পৰাহে হাত সাৰিম যদিও সম্পূৰ্ণ দোষৰ হাত সাৰিব নোৱাৰিম। দিনক দিনে দোষ বৃদ্ধিহে হ'ব। আমি আগম শাস্ত্ৰ যুগুতাই দিয়াতহে দেৱতাসৱে আগম ধৰ্ম তোমাক ঢাকন দি প্ৰচাৰ কৰিবলৈ সুবিধা পাব। আগম ধৰ্ম প্ৰৱৰ্তক লোকসকলে জীৱ হত্যা কৰি বলি বিধানেৰে দেৱ-দেৱীৰ পূজা কৰাব। সেই সম্পূৰ্ণ জীৱন হত্যা কৰোৱা দুখৰ ফলভাগী মূলত আমিয়েই হ'ব লাগিব। সেই দোষৰ পৰা হাত সাৰিবলৈ উপায় নেদেখো। আমাৰ পাপ ক্ষয় নহ'ব।শংকৰৰ এই কঠিন বাক্য শ্ৰৱণ কৰি কৃষ্ণই চিন্তিত হৈ কিছু সময় চিন্তা কৰি ধীৰে ধীৰে প্ৰকাশ কৰিলে, “জান শংকৰ, তুমি অধৈৰ্য নহ'বা, চিন্তা ত্যাগ কৰা। আগম ধৰ্ম প্ৰচাৰৰ হেতু তুমি উপগ্ৰন্থ আগম শাস্ত্ৰ কৰি দেৱতাসৱক দিয়া। দেৱতাসকলে সেই আগম শাস্ত্ৰ যোগে লোক সমাজৰ মাজত আগম ধৰ্ম প্ৰচাৰ কৰিব। তুমি এক চিত্তে আমাৰ সহস্ৰ নাম জপ কৰি থাকিবা। দেৱতাসকলে আগম ধৰ্ম প্ৰচাৰ কৰাৰ ফলত লোকসমাজত মোৰ নাম পাহৰি যোৱাত মোৰ নাম গুপ্ত হ'ব। সেই নাম আমি কলি কালত তোমাৰ শংকৰ' নামেৰে গুৰুৰূপে অৱতীৰ্ণ হৈ গুপ্ত হোৱা মোৰ নাম পুনৰ লোক-সমাজত প্ৰচাৰ কৰিম। কৰোৱা হ'ব। তেতিয়া তোমাৰ সকলো দোষ খণ্ডন হ'ব।পৰম পুৰুষ কৃষ্ণৰ এই বাক্য শ্ৰৱণ কৰি শংকৰে আগম ধৰ্মৰ শাস্ত্ৰ যুগুত কৰি দেৱতাসকলক দিলে। দেৱতাসৱে সেই শাস্ত্ৰ পাই আগম ধৰ্ম নানা ধৰণে প্ৰচাৰ কৰিবলৈ ধৰিলে। [যেনেহাঁহ, পাৰ, ছাগলী, মহিষ, কুকুৰা আদি জীৱ হত্যা কৰি আনকি সময়ে নৰবলি দিয়াৰ ব্যৱস্থা কৰিলে। অন্য দেৱ-দেৱীৰ পূজা সেৱা কৰা, পুখুৰী উচৰ্গা কৰা পদ্ধতি চলাবলৈ ধৰিলে। গছৰ গুৰিত, জলত, তিনি মুনি বাটত, পূজা সেৱা কৰা পদ্ধতি প্ৰচলিত হ'ল। মাংসভোজী লোকসকলে দেখাক দেখি সেই আগম ধৰ্ম পথে চলিবলৈ ধৰি কৃষ্ণক চিন্তা কৰিবলৈ পাহৰি গ'ল। জীৱ হত্যা কৰি চলিবলৈ ধৰাত সংসাৰী জীৱ লোক মাত্ৰে মৃতু্যৰ পাছত সংসাৰ সমুদ্ৰৰ পৰা উদ্ধাৰ হ'ব নোৱাৰি সংসাৰ সমুদ্ৰতে ভাহি ফুৰিবলৈ ধৰিলে। ব্ৰহ্মসকলে সংসাৰী জীৱবিলাকৰ বিলাই দেখি সেই জীৱবিলাকক উদ্ধাৰৰ যত্ন কৰিলে যদিও জীৱবিলাকক উদ্ধাৰ কৰিব নোৱাৰিলে। বৰঞ্চ যুদ্ধ-বিগ্ৰহ হৈ জীৱৰ পতনহে হয়। উদ্ধাৰ নহয়। এনে দেখি পুনৰ ব্ৰহ্মসকলে মেৰুৰ মূলত বহি আলোচনা কৰি ব্ৰহ্ম নিৰঞ্জন পুৰুষৰ ওচৰলৈ গ'ল। নিৰঞ্জন পুৰুষে ব্ৰহ্মসকল যোৱাৰ দৰ্শন পাই অনন্ত শয্যাত কপট নিদ্ৰা কৰি শয়ন কৰি আছে। ব্ৰহ্মসকল গৈ পৰম পুৰুষ নিৰঞ্জন ব্ৰহ্মক নিদ্ৰাত থকাত দৰ্শন লভি, সকলোৱে আঁঠু কাঢ়ি  স্তুতি কৰিবলৈ ধৰিলে। স্তুতিত সন্তুষ্ট হৈ নিৰঞ্জন পুৰুষে চক্ষু উন্মিলন কৰি চাই আৰু ব্ৰহ্মসকলক দৰ্শন পাই সম্বোধন কৰি সুধিলে, “হে ব্ৰহ্মসকল, তোমালোকে সকলো একত্ৰিত হৈ কি উদ্দেশ্যে আমাৰ ওচৰলৈ আহিলা·” ব্ৰহ্মসকলে প্ৰাৰ্থনা কৰি জনালে, “হে প্ৰভু পৃথিৱীলৈ দৃষ্টি কৰকচোন। সংসাৰী জীৱসকলৰ মৃত্যু হৈ সংসাৰ সমুদ্ৰতে জীৱবিলাক ভাহি ফুৰিছে। সেই জীৱবিলাকৰ উদ্ধাৰ কৰিবৰ হেতু আমি দশ অৱতাৰ আদি নানা অৱতাৰ ধৰি জীৱসকলৰ উদ্ধাৰৰ চেষ্টা কৰা হ', কিন্তু উদ্ধাৰ কৰিব পৰা নহ'ল। বৰঞ্চ জীৱৰ পতনহে হয়। জীৱসকলৰ উদ্ধাৰৰ উপায় বিচাৰি আমি সকলো একত্ৰিত হৈ প্ৰভুৰ ওচৰলৈ অহা হৈছে।ব্ৰহ্মসকলৰ প্ৰাৰ্থনা শ্ৰৱণ কৰি আদি নিৰঞ্জন পুৰুষে ক'ব ধৰিলে, “হে ব্ৰহ্মসকল, তোমাসৱে যদি সংসাৰ সমুদ্ৰত মগ্ন হৈ থকা জীৱসকলক সদগতি সাধন, উদ্ধাৰ কৰাৰ চিন্তা কৰা গৈছে, তেন্তে অন্য অস্ত্ৰ-শাস্ত্ৰ যোগে জীৱসকলক উদ্ধাৰ কৰিব পৰা নহ'ব। জীৱসকলৰ উদ্ধাৰ কৰিবলৈ হ'লে, গো-মূত, গছৰ গুটি, গছৰ ছাল, বাঁহ জেংএই চাৰি অস্ত্ৰ লৈ পৃথিৱীত ঈশ্বৰ অৱতাৰ ধৰি চাৰি অস্ত্ৰৰ যোগে তিনি অস্ত্ৰ নিৰ্মাণ কৰিব লাগিব। তেই তিনি অস্ত্ৰৰ যোগে শাস্ত্ৰ লিখি, সেই শাস্ত্ৰৰ যোগে ৰাম নাম হৰি ভক্তি বস্তু প্ৰকাশ কৰিব লাগিব। সেই ৰাম নাম হৰি ভক্তি বস্তুত জীৱসকলে, লোকসকলে আশ্ৰয় গ্ৰহণ কৰিলেহে জীৱৰ মুক্তি অৰ্থাৎ উদ্ধাৰ হ'ব।

হৰিদ্ৰা ধৱলী পঠা। কলিয়া বিধান,

ইহাক জানিলে গুছয় অজ্ঞান।

নুহি বিহংগম পক্ষী গোট

মাংস চৰ্ম্ম নাই ব্ৰজ হেন ঠোঁট।

সদায় গৰ্ত্তত চৰে

দক্ষিণ দিশে গমন কৰে।।

                গৰুৰ মূত শিলিখাৰ মোহি চিয়াঁহী। সাঁচি গছৰ ছালৰ পাত। বাঁহ জেঙৰ কলম। [এই তিনি অস্ত্ৰ যুগুত কৰি শাস্ত্ৰ লিখিব লাগে।]

                ব্ৰহ্মসকলে নিৰঞ্জন ব্ৰহ্মপুৰুষৰ বাক্য শ্ৰৱণ কৰি বুলিলে, হে প্ৰভু। পৃথিৱীতনো কোন অৱতাৰ ধৰিব· নিৰঞ্জন পুৰুষে আজ্ঞা কৰিলে। ৰাম-কৃষ্ণ দুয়োজনেই পৃথিৱীত অৱতাৰ হওক। কিন্তু দুয়ো মই বৰ নহ'বা, এজন গুৰু এজন শিষ্য হ'ব লাগিব। গুৰুজন নিবৃত্তি পন্থ বৈষ্ণৱ মাৰ্গৰ আৰু শিষ্যজন প্ৰথমে প্ৰবৃত্তি পন্থ শাক্ত মাৰ্গৰ হ'ব লাগিব। কিছুদিন লোকসমাজত দুয়ো দুই মাৰ্গৰ পথ দেখুৱাই দুয়ো দুই মাৰ্গে চলি, পৰে দুয়ো সন্মিলিত হৈ প্ৰবৃত্তি-নিবৃত্তি মাৰ্গৰ শ্ৰেষ্ঠতাৰ বাদ-প্ৰতিবাদ কৰি শেষত বাদত প্ৰবৃত্তি মাৰ্গৰ শিষ্যজনাই পৰাজয় স্বীকাৰ কৰি নিবৃত্তি বৈষ্ণৱ মাৰ্গত চলাজনক গুৰু মানি দুয়ো শিষ্য-গুৰু ৰূপে এক হৈ ৰাম কৃষ্ণ নাম হৰি ভক্তি বস্তু প্ৰকাশ কৰিব লাগিব। প্ৰবৃত্তি শাক্ত মাৰ্গত জীৱৰ সদগতি নহয়। জীৱৰ অধঃপতনহে হ'ব। নিবৃত্তি বৈষ্ণৱ মাৰ্গত জীৱৰ সদগতি মুক্তি লাভ হ'ব।নিৰঞ্জন পুৰুষৰ এই বাক্য শ্ৰৱণ কৰি ৰাম কৃষ্ণই জনালে, “হে প্ৰভু আমালোকক পৃথিৱীত অৱতাৰ হ'বলৈ আজ্ঞা দিছে। আমি অকলেই পৃথিৱীলৈ গৈ কি কৰা হ'ব। দুয়ো একো কৰিব নোৱাৰিম।ৰাম-কৃষ্ণ বাক্য শ্ৰৱণ কৰি নিৰঞ্জন পুৰুষে প্ৰকাশ কৰিলে, “জানা ৰাম-কৃষ্ণ, তোমালোকৰ লগে লগেই বাৰ গোপাল আৰু ব্ৰহ্মাদি দেৱতাসৱেও তোমালোকৰ সহায় হিচাপে পৃথিৱীত জন্মগ্ৰহণ কৰিব। সেই দেৱসৱেই হ'ব ভকত।

                নিৰঞ্জন পুৰুষৰ সেই বাক্য শ্ৰৱণ কৰি ৰাম-কৃষ্ণই পুনৰ প্ৰাৰ্থনা কৰিলে, “হে প্ৰভু শেষ কালত তুমিও পৃথিৱীত আবিৰ্ভাৱ হ'ব লাগিব। তেতিয়াহে ভক্তিপৰায়ণ লোকসকল সম্পূৰ্ণ উদ্ধাৰ কৰিব পৰা হ'ব। আমালোকে জীৱক সম্পূৰ্ণ উদ্ধাৰ কৰিব পৰা নহ'ব।ৰাম-কৃষ্ণৰ এই প্ৰাৰ্থনাত আদি নিৰঞ্জন পুৰুষে মিচিকিয়া হাঁহিৰে বাৰুবুলি শলাগ ল'লে।

                এই শলাগনি বাৰুশব্দ অনুসৰি পৰম্পৰাভাৱে চলি আশীৰ্বাদ দাতাগৰাকীৰ আশীৰ্বাদ দিয়াৰ অন্তত সমূহ সমাজে বাৰু শব্দ উচ্চাৰণে শলাগনি দিয়ে। বৰ্তমানলৈকে এই প্ৰথা বৰপেটা, কমলাবাৰী সত্ৰসমূহত চলি আছে।

                সেই নিৰঞ্জন প্ৰভু ভগৱন্ত প্ৰভু নাৰায়ণ কৃষ্ণই গুৰু অৱতাৰৰ শেষ ভাগত পৃথিৱীত অৱতীৰ্ণ হয়। ৰাম-কৃষ্ণ দুয়োজনাই যথাক্ৰমে শ্ৰীশংকৰ-মাধৱ নামে কলিযুগ জীৱক কৃপায়ে অৱতীৰ্ণ হয়। এই অৱতাৰক গুৰু অৱতাৰ বোলে। এই গুৰু অৱতাৰৰ শ্ৰীশংকৰ-মাধৱদেৱৰ বয়সৰ শেষ ভাগত যেতিয়া শংকৰ গুৰুজনৰ ৯৭ বছৰ বয়স হয়, সেই সময়ত পৰম পুৰুষ নিৰঞ্জন ব্ৰহ্ম পৃথিৱীত অৱতীৰ্ণ হোৱা মানসে ১৪৬৮ শকৰ ভাদ্ৰ মাহৰ শুক্লা একাদশী তিথি বৃহস্পতিবাৰৰ দিনা মধ্য ৰাতি অৱতীৰ্ণ হয়।

                উল্লেখিত যে আদি নিৰঞ্জন পুৰুষৰ আজ্ঞা অনুসৰি ৰাম-কৃষ্ণ দুয়োজন পৃথিৱীত আবিৰ্ভাৱ হোৱা মানসে দুয়োজনাই আলোচনাত বহি কৃষ্ণই বলোৰামক সোধে, “বাৰু দাদা, আমি ক'ত কেনেকৈ আবৰ্ভাৱ হোৱা যাব·”

                কৃষ্ণৰ বাক্যত বলোৰামে বোলে, “বাৰু বোপা কৃষ্ণ তুমি ক'ত কেনেকৈ কাৰ গৃহত আবিৰ্ভাৱ হ'বা· কি শাস্ত্ৰ কি ভক্তি তত্ত্ব ল'বা·” উত্তৰত কৃষ্ণই বুলিলে, “দাদা বলোৰাম, আমি কুসুম্বৰ ভূঞাৰ ঔৰসে সত্যসন্ধা আইৰ উদৰে স্থিতি হৈ বকৰাদি নামে গ্ৰামত আলিপুখুৰী নামে ঠাইত আবিৰ্ভাৱ হোৱা হ'ব। দশম-কীৰ্তন ভক্তি দিয়া হ'ব। তুমিনো ক'ত কেনেকৈ অৱতীৰ্ণ হ'বা· কি শাস্ত্ৰ, কি ভক্তি নিয়া হ'·”

                কৃষ্ণৰ বাক্য শ্ৰৱণ কৰি বলোৰামে বুলিলে, “আমি দীঘলাগিৰি কায়স্থ গোবিন্দগিৰিৰ ঔৰসে সত্যৱতীৰ উদৰে হৰিশিংগা বৰাৰ আশ্ৰয়ত লেটেকুপুখুৰী পাৰত আবিৰ্ভাৱ হোৱা হ'ব আৰু ঘোষা, ৰত্নাৱলী শাস্ত্ৰ শ্ৰদ্ধা আৰু প্ৰতি-ভক্তি নিয়া হ'ব।

                কৃষ্ণই বলোৰামৰ বাক্য শ্ৰৱণ কৰি বুলিলে– “তুমি যে নিবা শ্ৰদ্ধা প্ৰীতি। আমি নিয়া হ'ব শ্ৰৱণ-কীৰ্তন। লোকসকলৰ অন্তৰলৈ যদি শ্ৰদ্ধা-প্ৰীতি ভাব উদয় নহয়, তেনেহ'লে শ্ৰৱণ-কীৰ্তনেইবা কৰিব কোনে· আৰু জনা গৈছেতোমাৰা যে নিয়া যাব ঘোষা' লোকসকলে পথত গৈ থাকোঁতে, গৃহত বহি থাকোঁতে, শিপিনীয়ে তাঁত বওঁতে গাই থাকিলেও অন্ত নহ'ব। সেই ঘোষা গাই লোকসকল সংসাৰ সমুদ্ৰৰ পৰা উদ্ধাৰ হ'ব। ৰত্নাৱলী যে নিয়া যাব, পৃথিৱীৰ পৰা বৈকুণ্ঠলৈ ৰাম ৰত্নৰ আলি হ'ব। লোকসকলে একান্তমনে ৰাম নাম হৰি ভক্তি হৈ সেই ৰাম নাম ৰত্নৰ আলিয়েদি সংসাৰ সমুদ্ৰৰ পৰা উদ্ধাৰ হৈ বৈকুণ্ঠ ধামলৈ যোৱাৰ সক্ষম হ'ব।এনেদৰে দুয়ো আলোচনা কৰি পৃথিৱীত অৱতীৰ্ণ হোৱাৰ ই2ছা কৰিলে।

                কলৌ আদ্যাগতে বৰ্ষে খ, বান, বিশ্ব, বেদকে, বকাৰাদি গ্ৰামানি শংকৰ নাম্নঃ হৰি। ইতি অৱতাৰ। কলিযুগ ৪১৫০ বছৰ হোৱাত ১৩৭১ শকৰ আহিন মাহৰ শুক্লা দশমী তিথিৰ দিনা মধ্য ৰাত্ৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বকৰাদি গ্ৰামত আলিপুখুৰী পাৰত কুসুম্বৰ ভূঞাৰ ঔৰসে সত্যসন্ধা আইৰ উদৰে স্থিতি লৈ আবিৰ্ভাৱ হয়।

                ১৪১ৰ শকৰ জেঠ মাহৰ কৃষ্ণা প্ৰতিপদ তিথি ৰব্বিাৰৰ দিনা ৰাত্ৰি লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ লেটেকুপুখুৰী পাৰত হৰিশিংগা বৰাৰ আশ্ৰয়ত দীঘলাগিৰি কায়স্থ গোবিন্দগিৰিৰ ঔৰসে সত্যৱতী আইৰ উদৰে মহাপুৰুষ মাধৱদেৱ স্থিতি হৈ আবিৰ্ভাৱ হয়। দুয়োজনা মহাপুৰুষ পৃথিৱীত আবিৰ্ভাৱ হৈ বিভিন্ন ঠাইত লীলা প্ৰকাশ কৰি ফুৰি শেষত মাজুলীৰ কলাকটা নদীৰ সমীপত বেলগুৰি ধুৱাহাটত সন্মিলিত হৈ প্ৰবৃত্তি শাক্ত মাৰ্গ, নিবৃত্তি বৈষ্ণৱ মাৰ্গ ধৰ্মৰ শ্ৰেষ্ঠতাৰ বাদ-প্ৰতিবাদ কৰি শেষত শ্ৰীমাধৱদেৱ পুৰুষ প্ৰবৃত্তি মাৰ্গৰ বাদত ভংগ হৈ মহাপুৰুষ শ্ৰীশংকৰদেৱক গুৰু মানি সেৱা জনাই বৈষ্ণৱ ধৰ্মত দীক্ষিত হয়।

                শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীমাধৱদেৱৰ এই ধুৱাহাট বেলগুৰি স্থানৰ মিলনক মণিকাঞ্চন সংযোগ বুলি আখ্যা দিয়া হৈছে। ১৪৬১ শকৰ আহিন মাহত [ইং খ্ৰীষ্টাব্দ ১৫৩৯ চনত] সেই সময়ত শ্ৰীশ্ৰীশংকৰদেৱৰ বয়স ৯০ বছৰ, মহাপুৰুষ মাধৱদেৱৰ বয়স ৭৮ বছৰ হৈছিল। সোণত সুৱগা দিলে যেনেকৈ সোণৰ জেউতি বাঢ়ি উজ্জ্বল হয়, তেনেকৈ তেৰাসৱ দুয়োজনা মিনল হোৱাত ধৰ্ম ভক্তিৰ প্ৰভাৱ প্ৰচাৰ বৃদ্ধি হ'বলৈ ধৰিলে। .........

উত্তৰ কমলাবাৰী সত্ৰ তৃতীয়বাৰ স্থানান্তৰঃ

                সত্ৰত তেখেতৰ কৃতকৰ্ম সমাপন কৰা হয়। সত্ৰৰ সম্পূৰ্ণ দায়িত্ব কম বয়সতে আমাৰ হাতত পৰে। ক্ৰমে শিষ্য ভকতৰ লগত সাক্ষাৎ পৰিচয় হোৱাৰ কাৰণে চহৰ ফুৰি পৰিচয় হোৱা হয়। উত্তৰ পাৰে লক্ষীমপুৰ জিলাত মাজুলীৰ পৰা সত্ৰখনি স্থানান্তৰ কৰা ভকতসকলৰ পৰামৰ্শ পাই মাটিৰ অন্বেষণ কৰি ফুৰাত নাৰায়ণপুৰ-খেৰাজখাত মৌজাৰ শ্ৰীভূঞা-পোৰাবিল গাঁৱৰ মধ্যত মহাপুৰুষ শ্ৰীমাধৱদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ [জন্মস্থান]  লেটেকুপুখুৰী। ৰাইজৰ সহযোগত [ইং ১৯৫১ চনত] ১৮৭৩ শকৰ আঘোন মাহৰ ৭ তাৰিখে ওখ ভেটিত প্ৰথম জংঘলৰ মাজতে কেইবাখনিও গাঁৱৰ ৰাইজৰ সন্মিলিত প্ৰচেষ্টাত বন্তি প্ৰজ্বলন কৰা হয়। উল্লিখিত জন্মস্থানৰ চৌহদৰ জংঘল মুকলি কৰি সেই বছৰৰ মাঘ মাহৰ শ্ৰীপঞ্চমী, ষষ্ঠী, সপ্তমী তিথিত তিনিদিনীয়াকৈ মহাসমাৰোহেৰে পালন কৰি মহাপুৰুষৰ দুই ভেটিত বন্তি প্ৰজ্বলিত কৰি স্থান উন্নয়নৰ ব্যৱস্থা কৰি একাদিক্ৰমে তাত ডেৰ বছৰ থকা হয়। ইফালে মাজুলীৰ সত্ৰখনি ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া ক্ৰমে ওচৰ চপাত উক্ত স্থানত ভকত ৰাখি মাজুলীলৈ অহা হ'ল। উত্তৰ পাৰত সত্ৰৰ উপযোগী ভূমি স্থিৰ কৰিব পৰা নহ'ল। পুনৰ মাজুলীত ভূমি বিচাৰি বৰ্তমান সত্ৰ থকা ঠাইখণ্ডহে স্থিৰ কৰিব পৰা হ'ল। ইং ১৯৫৪ চনত ভূমি সংগ্ৰহ কৰি ভেটি বন্ধাই সাধাৰণ ঘৰ সাজি স্থায়ীভাৱে মণিকুট গৃহ সাজি ১৯৫৬ চনৰ ১৫ আগষ্ট, ৩০ শাওণৰ দিনা সত্ৰৰ ঘাই মূল বস্তু স্থানান্তৰ কৰি আনি নৱনিৰ্মিত গৃহ গুৰু আসন আৰু মূল বস্তু সংস্থাপন কৰি বন্তি প্ৰজ্বলিত কৰা হয়।

                ক্ৰমান্বয়ে কীৰ্তন ঘৰ নিৰ্মাণ কৰা, বহাঘৰ সজাৰ ব্যৱস্থা কৰা হয়। লেটেকুপুখুৰীৰ শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থানত প্ৰতিবছৰে এবাৰ নিজে গৈ কিছুদিন থাকি এখনি সমিতি গঠন কৰি উন্নয়নমূলক কামৰ ব্যৱস্থা কৰা হয়। ১৯৬৭ চনত সত্ৰৰ শিল্পীৰ দ্বাৰাই আশে-পাশে থকা গাঁওসমূহৰ সৰু ল'ৰা, যুৱকসকলক একত্ৰিত কৰাই নৃত্য-গীত আদি শিক্ষা দিয়াই ৰাসোৎসৱ পালন কৰাৰ ব্যৱস্থা কৰি ৰাইজৰ সহযোগত লেটেকুপুখুৰীৰ সমীপস্থ গুৰুজনাৰ ওখ ভেটিকে ধৰি আহল-বহলকৈ ওখকৈ ভেটি বন্ধাই ৰাসোৎসৱ পালন কৰা হয়। সেই ভেটিত পকাৰ বৰ খুঁটা, বৰচতি, নটি মাৰলি, বাৰাণ্ডা খুঁটাসহ পকা কৰাই ২২ ফুটদীঘল বৰচতি, ৩১ ফুট কেচিত চাৰিযোৰা টিংপাতৰ ১১১ ফুট দীৰ্ঘ ৫২ ফুট প্ৰস্থৰ কীৰ্ত্তন ঘৰ ৰাইজৰ সহযোগত নিৰ্মাণ কৰা হয়। গুৰুজনাৰ জন্ম ভেটিত পকাৰ বেৰাৰে টিংপাতৰ সৰু গৃহ এটি কৰাই নাম-প্ৰসংগ চলাই থকা হয়। বৃদ্ধ ৰাইজে ভাগৱত শাস্ত্ৰাদিৰো চৰ্চা চলাই আছে। উত্তৰ কমলাবাৰী সত্ৰত দুটি অতিথি ভৱনো নিৰ্মাণ কৰা হৈছে।

 

[উত্তৰ কমলাবাৰী সত্ৰৰ ইতিবৃত্ত গ্ৰন্থৰ পৰা পুনৰ মুদ্ৰিত।]