Articles

Articles written by various author on Madhabdeva

প্ৰামাণ্য গ্ৰন্থৰ ভিত্তিত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান

Published on:  29-09-2017

Author:  পূৰ্ণানন্দ ভূঞা

প্ৰায় সকলো যুগতে, সকলো দেশতে অৱতাৰী বুলি ধৰি লোৱা পুৰুষসকলৰ প্ৰকৃত জন্মস্থান সম্পৰ্কে মতৰ পাৰ্থক্য থকা দেখা যায়। অন্য দেশ-কালৰ কথা বাদ দিলেও, আমাৰ মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, হৰিদেৱ প্ৰভৃতি সন্তসকলৰ প্ৰকৃত জন্মস্থান নিৰ্ণয়ৰ ক্ষেত্ৰত হোৱা বিবাদৰ আজিও অন্ত পৰিছে বুলি ক'ব নোৱাৰি।

 

সন্তসকলৰ জন্মস্থান নিৰ্ণয়ৰ ক্ষেত্ৰত চৰিত পুথিসমূহেই প্ৰধান দিকনিৰ্ণায়ক আহিলা হ'লেও, কেতিয়াবা কোনো কোনো বিষয়ত চৰিত লেখকসকলো একমতত উপনীত হ'ব পৰা নাই। একেটা বিষয়-বস্তুৰে কোনোটোহঁত অংশই চৰিত লেখকৰ হাতত ভিন্ন ৰূপ লৈছে। ইয়াৰ প্ৰধান কাৰণ হ'লঃ দুজনা-গুৰুৰ দিনত চৰিতপুথিয়ে লিখিত ৰূপ পোৱা নাছিল। মহাপুৰুষ গুৰুজনাৰ মহাপ্ৰয়াণৰ পিছত মাধৱপুৰুষে নাম-প্ৰসংগৰ শেষত ভকতসকলৰ আগত গুৰুজনাৰ চৰিত সদা-সৰ্বদা কীৰ্তন কৰিছিল। পিছলৈ এই কথ্য-ৰূপটোৱেই  চৰিত-তোলা' নামেৰে জনাজাত হয় আৰু চৈধ্য-প্ৰসংগৰ ভিতৰুৱা কৰি লোৱা হয়।

 

এতিয়ালৈকে পোহৰলৈ অহা চৰিত পুথিসমূহৰ ভিতৰত মহাপুৰুষ মাধৱদেৱৰ ভাগিন ৰামচৰণ ঠাকুৰৰ পুত্ৰ দৈত্যাৰি ঠাকুৰে লিখা মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ' নামৰ পুথিখনকে প্ৰাচীনতম আৰু প্ৰামাণ্য চৰিত পুথি বুলি গণ্য কৰা হয়। শংকৰগুৰুৰ নাতি চতুৰ্ভুজ ঠাকুৰ বিষ্ণুপুৰ সত্ৰত সত্ৰাধিকাৰ হৈ থকা কালতে [১৬১৯-১৬৪৮ খ্ৰীঃ] এই চৰিতখনি লিখা হৈছিল বুলি দৈত্যাৰি ঠাকুৰে [পদ সংখ্যা, ১৬৯৮-১৬৯৯] উল্লেখ কৰিছে। এতেকে, চৰিতখনি মাধৱদেৱৰ মহাপ্ৰয়াণৰ [১৫৯৬ খ্ৰীঃ] প্ৰায় চল্লিশ বছৰমানৰ পিছত, অৰ্থাৎ  সপ্তদশ শতিকাৰ চতুৰ্থ কিম্বা পঞ্চম দশকত ৰচনা কৰা হৈছিল।  উল্লেখযোগ্য যে মাধৱদেৱৰ ভাগিন ৰামচৰণ ঠাকুৰে লিখা বুলি ভাৱি সত্ৰই-সৱাহে বৰচৰিত হিচাপে সমাদৰ লাভ কৰি অহা চৰিত পুথিখনৰ ৰচক পিছৰ কালৰ আই কনকলতাৰ সোঁহাত স্বৰূপ কণ্টৰী সত্ৰৰ পাঠক ৰামচৰণহে মাধৱ গুৰুৰ ভাগিন ৰামচৰণ নহয়। পুথিখনৰ অন্তৰংগ প্ৰমাণৰ পৰা বুজি পাবলৈ অসুবিধা নহয় যে আই কনকলতাৰ নিৰ্দেশত এই চৰিত পুথিখন লিখি মাধৱদেৱৰ ভাগিন ৰামচৰণৰ নামত চলাবলৈ যত্ন কৰা হৈছিল। অৱশ্যে, আজিৰ পণ্ডিতসমাজে এই পুথিখনক প্ৰামাণ্য চৰিত বুলি গণ্য নকৰে।

 

গুৰু-জীৱন কথা'ৰ প্ৰথম লিখিত ৰূপ দিওঁতা বুলি পণ্ডিতসকলে ঠাৱৰ কৰা দৈত্যাৰি ঠাকুৰেই শুনা কথাৰ ওপৰত নিৰ্ভৰ কৰি চৰিত লিখিবলগীয়া হৈছিল। জীৱন-কথা'ৰ কোনো কোনো অংশ 'তো পাই ক'তো নাপাই' বুলি উপাদানৰ দুস্পাপ্যতাৰ ইংগিত দি যদি কিবা লৰে আত নুদুষিবা মোক' বুলি আগতীয়াকৈ কৈফিয়ৎ দিছিল।  

 

দৈত্যাৰি ঠাকুৰৰ সমসাময়িক অন্য এগৰাকী চৰিত লেখক ভূষণানন্দ দ্বিজেও ল'ৰালি কালতে শুনা সকলো কথাৰ কোনো কোনো অংশ চৰিত লেখাৰ সময়ত পাহৰা বুলি স্বীকাৰ কৰিছে।

 

এইদৰে, প্ৰথম পৰ্যায়ৰ চৰিত লেখক বুলি বিবেচিত হোৱা লেখকসকলেই ঘাইকৈ কাণ বাগৰি অহা কথা'ৰ ওপৰত নিৰ্ভৰ কৰি চৰিত লিখিবলগীয়া হোৱা হেতুকে তেওঁলোকৰ ৰচনাত বা পিছৰ কালৰ লেখকসকলে উল্লেখ কৰা তথ্যবোৰত পাৰ্থক্য হোৱা দেখা যায়। পিছৰ কালত, কোনো ব্যক্তি বা গোষ্ঠীৰ স্বাৰ্থজড়িত কাৰণত ৰচনা কৰা অভিসন্ধিমূলক চৰিত পুথিৰ বৰ্ণনা বা তথ্যও আঁতৰাই থ'বলগীয়া বোলা কথাটোত কাৰো দ্বিমত নাই। 

 

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানৰ ক্ষেত্ৰতো চৰিত লেখকৰ বৰ্ণনাৰ অস্পষ্টতাই বিষয়টো অধিক জটিল কৰি তুলিছে। সময়ৰ ফালৰ পৰা আগবঢ়া, প্ৰথম দল চৰিত লেখকৰ ভিতৰত ভূষণানন্দ দ্বিজে মাধৱদেৱৰ জন্ম, বাল্যকাল আদিৰ বিষয়ে সম্পূৰ্ণ নিমাতে আছে। এই দলৰ অন্য দুজন চৰিত লেখক দৈত্যাৰি ঠাকুৰ আৰু ৰামানন্দ দ্বিজৰ মাধৱ গুৰুৰ প্ৰতি শ্ৰদ্ধা-ভক্তিৰ তুলনা নাই। অথচ, এওঁলোকৰ বৰ্ণনাও বহুক্ষেত্ৰত অনুমান সাপেক্ষ।

 

চৰিত লেখকৰ দ্বিতীয়টো দলত পৰে চতুৰ্ভুজ ঠাকুৰৰ নাতি, নৰোৱা থূলৰ ৰামাকান্তদেৱৰ শিষ্য অনিৰুদ্ধ দাস আৰু চক্ৰপাণি বৈৰাগী আতৈ আৰু  কোৱামৰা থূলৰ অনন্তৰায়ৰ শিষ্য বৈকুণ্ঠ দ্বিজ। বৰদোৱা চৰিত'ৰ বক্তাগৰাকীও এইটো দলতে পৰে। নৰোৱা আৰু কোৱামৰা থূলৰ গুৰু পৰম্পৰা আৰু পুৰুষনামাৰ ওপৰত নিৰ্ভৰ কৰি এওঁলোকৰ সময় অষ্টাদশ শতিকাৰ শেষাৰ্দ্ধ বুলিব পাৰি।  [অনিৰুদ্ধ দাসৰ ৪৩৫ সংখ্যক পদৰ গুৰু বৰ্ণনা' নামৰ সাঁচিপতীয়া চৰিত পুথিখন অসম চৰকাৰৰ বুৰঞ্জী আৰু পূৰাতত্ত্ব বিভাগত সংৰক্ষিত হৈ আছে। তিতাবৰস্থ ছিপহা সত্ৰৰ পৰা পোৱা, বৈকুণ্ঠ দ্বিজৰ ১৪৯৩ সংখ্যক পদৰ সন্তমালা' নামৰ চৰিত পুথিখনৰ প্ৰয়াত মোহনচন্দ্ৰ মহন্তই কৰা এটা অনুলিপি বাপচন্দ্ৰ মহন্তৰ ব্যক্তিগত পুথিভঁৰালত সংৰক্ষিত হৈ আছে। পুথি দুখনৰ একোটা ফটোকপি এই প্ৰৱন্ধ লেখকৰ হাততো আছে।]

 

অনিৰুদ্ধ দাস কিম্বা বৈকুণ্ঠ দ্বিজেও মাধৱদেৱৰ জন্ম কিম্বা বাল্যকালৰ সন্দৰ্ভত  বিশেষ একো উল্লেখ কৰা নাই। গুৰু-চৰিত-কথা'ৰ বক্তা চক্ৰপাণি বৈৰাগী আতৈ [১৬৬ৰ-১৭৫৮ খ্ৰীঃ]-ৰ কথন ৰীতি আৰু পুথিখনৰ অন্তৰংগ প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি অষ্টাদশ শতিকাৰ শেষাৰ্দ্ধত চৰিতখনিয়ে লিপিবদ্ধ ৰূপ লাভ কৰিছিল বুলি ঠাৱৰ কৰা হৈছে।  অৰ্থাৎ, মাধৱদেৱৰ মৃত্যুৰ প্ৰায় ১৫০ বছৰৰ পিছত লিখা এইখন চৰিততো মাধৱদেৱৰ জন্মস্থান সম্পৰ্কত একেই অস্পষ্টতা বিদ্যমান। তথাপি, এই স্পষ্টতা-অস্পষ্টতাৰ মাজেদিয়েই, চৰিত পুথিসমূহৰ আধাৰতে মাধৱদেৱৰ জন্মস্থান আৰু বাল্যকালৰ সন্দৰ্ভত এটা স্কেচ্ছ অংকন কৰিবলৈ প্ৰয়াস কৰিলোঁ।

 

মহাপুৰুষ মাধৱদেৱৰ পিতৃৰ নাম আছিল গোৱিন্দগিৰি। গোৱিন্দগিৰি বণ্ডুকা ৰাজ্যৰ ৰজাৰ কাকতি আছিল। প্ৰথমা পত্নী অনুচিতাৰ মৃত্যুৰ পিছত তেওঁ পুতেক-বোৱাৰীয়েকৰ সৈতে বাস কৰিছিল। কিবা কথাত বোৱাৰীয়েকৰ ব্যৱহাৰত বেয়া পাই  ৰাজকীয় বিষয়-বাব পুতেক দামোদৰক দি তেওঁ উজাই আহি আলিপুখুৰী পালেহি। তেওঁৰ সৈতে চা-চিনাকি হৈ শিৰোমণি কুসুম্বৰ ভূঞাই তেওঁলৈ নিজ বংশৰে মনোহৰি বা মনোৰমা নামৰ কন্যা এটি বিয়া দিলে আৰু আঁঠুভঙা দোলা আৰু আঠ দুলীয়া দি তেওঁক ৰ'টা অঞ্চলৰ বৰা পাতি থ'লে।

 

ইয়াৰ কিছু বছৰৰ পিছত ৰাজ্যত কছাৰিৰ উপদ্ৰৱ হয়। সাধাৰণ প্ৰজাই প্ৰাণৰ ভয়ত হাবিয়ে-জংঘলে সোমাই জীৱন ৰক্ষা কৰিলে। গোৱিন্দগিৰিয়েও পলাবৰ নিমিত্তে পত্নী মনোৰমাৰ সৈতে দোলাত উঠি অৰণ্য সোমাল। ৰাতি টোপনিৰ সুযোগ লৈ আঠ দুলীয়াই তেওঁলোকৰ সৰ্বস্ব চুৰি কৰি নিলে। তেওঁলোকে ৰাতিপুৱা সাৰ পাইহে নিজৰ দুৰ্দশাৰ কথা গম পালে। গোৱিন্দগিৰিয়ে তৃষ্ণাতুৰ ভাৰ্যাৰ নিমিত্তে ব্ৰহ্মপুত্ৰৰ পৰা পানী আনিবলৈ গ'ল। তেওঁ স্নান কৰি নিজেও পিয়াহ পলুৱাই পানী খালে আৰু পত্নী মনোৰমাৰ বাবেও নলৰ চুঙাত এচুঙা পানী ল'লে। উভতি আহোঁতেই গোৱিন্দগিৰিয়ে এখন চ'ৰা নাও উজাই অহা দেখি, বিপদৰ আশংকা কৰি পলোৱাৰ উপক্ৰম কৰিলে।

 

 

নাওখন আছিল আহোম ৰাজ-বিষয়া হৰসিংহ উজিৰ বৰাৰ। তেওঁ ৰাজকাৰ্য সমাধা কৰি ব্ৰহ্মপুত্ৰইদি উজাই আহিছিল। তেওঁ মানুহ পঠাই গোৱিন্দগিৰিক ধৰাই নিয়াই তেওঁ পলাব খোজাৰ কাৰণ সোধাত, গোৱিন্দগিৰিয়ে সমস্ত কথা বিবৰি ক'লে। উজিৰে তেওঁক তেওঁৰ পৰা কোনো অপকাৰ নহয় বুলি আশ্বাস দি গোৱিন্দগিৰিক লগতে লৈ অহাৰ ইচ্ছা ব্যক্ত কৰিলে। গোৱিন্দগিৰিয়েও উজিৰৰ কথা-বতৰা, ধৰণ-কৰণত তেওঁৰ ন্যায় পৰায়ণতাৰ পৰিচয় পাই, নিজৰ দুৰৱস্থা আৰু ৰাজ্যৰ অৰাজক অৱস্থাৰ কথা ভাৱি, অৰণ্যৰ ভিতৰৰ পৰা ভাৰ্যাক আনিলে। উজিৰে দুয়োকো খুৱাই-ধুৱাই, কাপোৰ-কানি দিলে আৰু  নিজৰ নাৱৰ আগত থকা আসন এৰি দি তেওঁলোকক শ্ৰদ্ধা-ভক্তিৰে লৈ উজাই আহিল। উজিৰে লুইতৰ মুখত নাও বান্ধি গোৱিন্দগিৰি আৰু মনোৰমাক নিজৰ ঘৰ নাৰায়ণপুৰৰ বালিগাঁৱলৈ [বালিগ্ৰাম] লৈ আহিল আৰু ইষ্ট-মিত্ৰ, জ্ঞাতি-বন্ধুৰ আগত নিজৰ জী-জোঁৱাই বুলি চিনাকি দি ঘৰতে ৰাখিলে।

 

উজিৰ বৰাৰ ঘৰৰ মানুহ চাকৰ-নাকৰেৰে সৈতে এশ ত্ৰিশজন। বৰাই এই সকলোৰে ওপৰত গোৱিন্দগিৰিক কাকতি নিয়োগ কৰিলে।

 

সেই সময়ত মনোৰমা আইৰ পাঁচ মাহ।  উজিৰ বৰাৰ স্ত্ৰীয়েই আইক পঞ্চামৃত খুৱালে। ন মাহ সম্পূৰ্ণ হ'ল। চৈধ্যশ এঘাৰ শকৰ জেঠ মাহৰ ৰবিবাৰে অমাৱস্যা তিথি ভৰণি নক্ষত্ৰত হৰসিংহ উজিৰ বৰাৰ গৃহতে মহাপুৰুষ মাধৱদেৱৰ জন্ম হয়।

 

গোৱিন্দগিৰিৰ নিৰ্দেশত গৰলা দলৈয়ে জাত-কৰ্ম কৰি নাম দিলে মাধৱ, ৰত্নাকৰ।১০ 

 

গোৱিন্দগিৰি আৰু মনোৰমা আইৰ আলাসৰ লাড়ু মাধৱ হৰসিংহ বৰাৰ হাউলীৰ সকলোৰে বাবেই আতোলতোল হ'ল। মাধৱ উজিৰ বৰাৰ গৃহতে লহপহকৈ ডাঙৰ হৈ আহিল।

 

উজিৰ বৰাৰ চেনেহৰ বান্ধোনত বান্ধ খাই গোৱিন্দগিৰি প্ৰায় তিনিবছৰ কাল বৰাৰ ঘৰতে থাকিল। পিছত কিবা কথাত মনোৰমা আই আৰু বৰানীৰ মাজত মনোমালিন্য হয়।১১ সেইবাবে গোৱিন্দগিৰিয়ে বৰাৰ ঘৰৰ কাষত, একেখন বাৰীতে দুটি ঘৰ সাজি থাকিবলৈ লয়। সেই সময়ত মাধৱদেৱৰ বয়স আছিল আঢ়ৈ বছৰ।১২

 

মাধৱদেৱৰ পাঁচ বছৰ বয়স হ'লত উজিৰ বৰায়ে মাধৱৰ পঢ়া-শুনাৰ ব্যৱস্থা কৰি দিলে। তেওঁৰ লগৰ সহপাঠীসকল আছিলঃ উমলা, হৰিবৰ, হৰি, হৰাই, নিৰাই, নিৰঞ্জন, নিৰাময়, নৰহৰি, নাৰায়ণ, নৰোত্তম  আদি। ১৩ মাধৱদেৱে গুৰুগৃহত অধ্যয়ন কৰি অতি কম দিনৰ ভিতৰতে ব্যাকৰণ, কাব্য, আদি সৰ্বশাস্ত্ৰ বিশাৰদ পণ্ডিত হৈ উঠিল।১৪ 

 

অপুত্ৰক উজিৰ বৰাই মাধৱক মোৰ পুত্ৰ, মোৰ পুত্ৰ' বুলি লগতে লৈ ফুৰে। সেয়ে পিছৰ কালৰ মাধৱদেৱৰ বৰা-পো' নামৰ তাৎপৰ্য।১৫ এদিন উজিৰ বৰাই নাৰায়ণপুৰলৈ ওলাল ৰজাৰ কৰ তুলিবলৈ। চাউল মুঠি সিজাই দিব পাৰিব বুলি লগতে মাধৱকো ল'লে। তেওঁলোকে সেইদিনা ৰাতিটো গমিৰ হাজাৰি[কা]ৰ ঘৰত থকাৰ দিহা হ'ল।  উজিৰ বৰাৰ মুখেদি মাধৱৰ গুণ-শীল, মহিমাৰ কথা শুনি গৃহস্থয়ো মাধৱৰ হাতেৰে ৰন্ধা ভাত খোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে। গিৰিহঁতক দেখি ঘৰৰ বাকী আঢ়ৈ কুৰি মানুহেও মাধৱে ৰন্ধা ভাত খুজি খুজি খালে। দুকঠি চাউলৰ ভাতেৰে ইমানখিনি মানুহক খুৱাব পৰা দেখি গৃহস্থ আচৰিত হ'ল। মাধৱৰ মহিমা দেখি গৃহস্থই পিছদিনা ৰাতিপুৱা তেওঁক ৰূপ পাঁচ টকা আৰু কাপোৰ এযুৰি দি সেৱা কৰিহে বিদায় দিলে।১৬  

 

এবাৰ উজিৰ বৰা ৰজাঘৰীয়া কৰ তুলিবৰ নিমিত্তে কলংপুৰলৈ গৈছিল। লগতে মাধৱো গৈছিল। তেওঁলোক সেই ৰাতি সতাই নেওগ নামৰ এজন মানুহৰ ঘৰত আছিল। নেওগে চ'ৰাঘৰতে তেওঁলোকৰ ৰন্ধা-বঢ়াৰ নিমিত্তে চৰু-খুঁটি মাৰিবলৈ দিহা কৰি দিলে। মাধৱে বোলে, ‘পাঁচহাত মাটিৰ তলত মৰা মানুহৰ হাড় আছে, এই ঠাইত চাউল সিজাবলৈ অশুচি হয়।'

 

মাধৱৰ কথা শুনি নেওগে মাটি খন্দাই চাই দেখে যে মৰা মানুহৰ হাড় থকা কথাটো সঁচা। সকলোৱে মাধৱক ঈশ্বৰ শক্তিসম্পন্ন পুৰুষ বুলি টকা-বস্ত্ৰ দি সেৱা কৰি বিদায় দিলে। বৰাই সেইবাৰ পাবলগীয়া বাৰকুৰি টকাৰ ভিতৰত এঘাৰ কুৰিহে পালে। কৰ দিব নোৱাৰা কাৰণে বৰাই দুখীয়া ৰায়তৰ ওপৰত নানা প্ৰকাৰৰ শাস্তি দিয়া দেখি মাধৱে টকাখিনি হাতত লৈ বোলে, ‘টকা পূৰ হৈয়ে আছে। মানুহখিনিক মিছাতে শাস্তি দিয়া হ'ল।' বৰাই পুনৰ টকাখিনি নিজৰ হাতলৈ নি লিখি চাই চমহা বেছিহে পালে। মাধৱৰ মহিমা দেখি সকলো আচৰিত হ'ল।১৭ এদিন উজিৰ বৰাই মাধৱক লগত লৈ হৰিপুখুৰীৰ পাৰত হোৱা এখন মেললৈ গৈছিল। মেলতে ৰাতি হ'ল। আন্ধাৰ ৰাতি ; পথৰুৱা বাট-পথ। মাধৱ আগত, তেওঁৰ শৰীৰৰ পৰা এক উজ্জ্বল জ্যোতি  চাৰিওফালে বিকিৰণ কৰিছিল। বৰাই সেই পোহৰতে  বিস্ময়-বিমূঢ় হৈ পিছে পিছে গৈ আছিল। নিশা হোৱাৰ কাৰণে বৰাৰ ঘৰৰ মানুহে হাতত জোৰ-বন্তি লৈ আগবাঢ়ি যোৱা দেখি মাধৱে তেওঁৰ শৰীৰৰ জ্যোতি সম্বৰণ কৰিলে। উজিৰ বৰাৰ বাহিৰে এই কথা কেৱে নাজানিলে।

 

গোৱিন্দগিৰিয়ে উজিৰৰ ঘৰৰ কাষত ঘৰ সজাই থকাৰ চাৰে-তিনি বছৰৰ পিছত১৮ উজিৰ বৰাৰ ৰায়তে আহোম ৰজাৰ আগত এইবুলি গোচৰ দিলে বোলেঃ এই উজিৰৰ লগত ভাটিৰ ফালৰ কাকতি এজন আছে। তেওঁ ধন খাই দেশ ভাঙিলে।'

 

এই কথা জানি গোৱিন্দগিৰিৰ অন্তৰত ভয় সোমাল। উজিৰৰ লগত থাকিলে ভৱিষ্যতে তেওঁৰ বিপদ হ'ব বুলি ভাৱি কথাষাৰ উজিৰৰ কাণ চুৱালে আৰু তেওঁৰ পৰা অনুমতি লৈ গোৱিন্দগিৰিয়ে গাঁৱৰ  মানুহ এঘৰৰ পৰা বাৰী এখন খুজি লৈ লেটেকুপুখুৰীৰ পশ্চিম পাৰলৈ উঠি গ'ল।১৯ 

 

লেটেকুপুখুৰীৰ পাৰলৈ উঠি অহাৰ পিছতে গোৱিন্দগিৰিৰ শৰীৰত জিকিৰি পীড়া' নামৰ [মূত্ৰনলীৰ প্ৰদাহ] এবিধ ৰোগ হয়। মাধৱে অনেক শুশ্ৰূষা কৰাৰ অন্তত পিতৃৰ ৰোগ নিৰাময় হয়। বেমাৰৰ চিকিৎসা কৰোঁতেই সাঁচতীয়া পইচাকেইটাৰো অন্ত পৰিল। অন্যহাতে, সেই সময়তে ৰাজ্যত দুৰ্ভিক্ষয়ো দেখা দিলে। এনে অৱস্থাত পিতা-পুত্ৰ দুয়ো দিন ভিক্ষা, প্ৰাণ ৰক্ষা' কৰাৰ বাহিৰে অন্য উপায় নাথাকিল।

 

দুয়ো এদিন দিনটো ফুৰি কণটো নাপালে।' গোৱিন্দগিৰি ভোকে-পিয়াহে জৰ্জৰিত হ'ল। মাধৱে এখন এৰাবাৰীৰ পৰা এটা জাতিলাও আনি বাঁহৰ চোঁচেৰে চুঁচি ভিতৰৰ কোমল অংশখিনি পিতাকক খুৱাই সুস্থ কৰালে। গধূলি পৰত তেওঁলোক দুয়ো কাচিকটা নৈৰ কাৰ যোগী এঘৰত সোমাল। গৃহস্থই পাটপলু পুহিছিল। পলুখিনি মৰা বুলি ভাৱি ঠেৰেঙা লগা পলুখিনি আগত লৈ গৃহস্থই বেজাৰ কৰি আছিল।  মাধৱে কেইখনমান ডলা অনাই পলুখিনি সৰু-ডাঙৰ বিধে বিধে বাছি পাত দিয়াৰ লগে লগে পলুৱে চপচপকৈ পাত খাবলৈ ধৰিলে। এই কথাত গৃহস্থই  সন্তোষ পাই তেওঁলোকক দোদোণমান ধান, লোণ, শাক আদি দিলে। সেইখিনিকে আনি মা-পো দুয়ো বানি-খুন্দি তিনিও এসন্ধ্যা খালে।

 

ভিক্ষাৰ অন্নেৰে কেতিয়াবা এসাজ খায়, কেতিয়াবা দুই-তিনি সাজো উপবাসে থাকে। এইদৰে ছমাহমান কাল অতিবাহিত কৰাৰ অন্তত মাধৱে পিতৃ গোৱিন্দগিৰিক তেওঁৰ কোনো আপোন মানুহ আছেনে নাই সুধিলে। গোৱিন্দগিৰিয়ে মাধৱক তেওঁৰ তিনিঘৰ আপোন মানুহ থকা বুলি ক'লে। সেইসকলৰ ঘৰলৈ গৈ তেওঁলোকে সহায় পোৱা দূৰৰ কথা ভাল ব্যৱহাৰো নাপালে। ইষ্ট-কুটুম্বৰ পৰা এইদৰে নিৰাশ হৈ গোৱিন্দগিৰিয়ে অৱশেষত ঘাগৰ নদীৰ পাৰত বাস কৰা তেওঁৰ এজন পুৰণি বন্ধুৰ ওচৰলৈ যাবলৈ মনস্থ কৰিলে।

 

লেটেকুপুখুৰীৰ পাৰত তেওঁলোকে ছবছৰমান  কাল বাস কৰিছিল।২০ উজিৰ বৰাৰ ঘৰে-বাৰীয়ে, পুখুৰীপাৰে বাৰ বছৰ কাল ২১ কটোৱাৰ পিছত তেওঁলোক তিনিও ঘাগৰী মাজিৰ ঘৰলৈ যাত্ৰা কৰিলে।

 

ওপৰৰ আলোচনাৰ পৰা দেখা পাওঁ, চৰিত পুথিসমূহে মাধৱদেৱৰ প্ৰকৃত জন্মস্থান সম্পৰ্কে কোনো কথাই স্পষ্টকৈ কোৱা নাই। অথবা, বিবদমান থান দুখনৰ কোনখনত জন্ম গ্ৰহণ কৰিছিল বা কোনখনলৈ পিছত উঠি আহিছিল, সেই কথাটোও চৰিত পুথিৰ বৰ্ণনাৰ পৰা স্পষ্ট নহয়। এনেস্থলত, সাক্ষ্য-প্ৰমাণ নথকা কথা এটাৰ পিছত অনুমানৰ ভিত্তিত লাগি নাথাকি, দুয়োখন থানৰ শ্ৰী-বৃদ্ধিৰ বাবে চিন্তা কৰাটোৱেই বিদ্বৎ সমাজৰ কৰণীয় বুলিব পাৰি।

 

সন্দেহ নাই, লেটেকুপুখুৰী পাৰৰ থানৰ প্ৰতিটো ধূলিকণাই মহাপুৰুজনাৰ পদ-পংকজৰ পৰশত পৰম পবিত্ৰ ৰূপ পৰিগ্ৰহণ কৰিছে। তেওঁৰ জন্মভূমি আৰু লীলাভূমি স্বৰূপ দ্বিতীয় বৈকুণ্ঠপুৰী হেন থানৰে অতুলনীয় মহিমাও আবাল-বৃদ্ধ-বনিতাৰ বাবে সদায় বিস্ময়ৰ বিষয় হৈ থাকিব।

 

[১৯৮৯চনত অনুষ্ঠিত মহাপুৰুষ মাধৱদেৱৰ জন্ম পঞ্চ-শতবাৰ্ষিকী মহোৎসৱৰ স্মৃতিগ্ৰন্থ মহাপুৰুষ মাধৱদেৱ'-ত ইতিপূৰ্বে প্ৰকাশিত প্ৰামাণ্য গ্ৰন্থৰ ভিত্তিত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান' শীৰ্ষক লেখাটোৰ সংশোধিত ৰূপ। - লেখক।]

 

প্ৰসংগ টোকা :

গুৰু-চৰিতৰ ইতিকথা', মহেশ্বৰ নেওগ, অসম সাহিত্য সভা, যোৰহাট, ম প্ৰকাশ, ১৯৬৮, পৃষ্ঠা, ৮৩-৮৪।

শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ চৰিত', দৈত্যাৰি ঠাকুৰ, সম্পাদকঃ হৰিনাৰায়ণ দত্তবৰুৱা, নলবাৰী, ১৯৫৭, পদ, ,৭২৬। 

 শ্ৰীশ্ৰী শংকৰদেৱ', ভূষণানন্দ দ্বিজ, প্ৰকাশকঃ শিৱপ্ৰসাদ বৰকটকী, যোৰহাট, ১৯৮৬, পদ৮৩৭।

গুৰু-চৰিত-কথা'ৰ ভূমিকা, মহেশ্বৰ নেওগ, গুৱাহাটী বিশ্ববিদ্যালয়, ম প্ৰকাশ, ১৯৮৭, পৃষ্ঠা, ৬৫। 

গুৰু-চৰিত-কথা', সম্পাঃ ড মহেশ্বৰ নেওগ, গুৱাহাটী বিশ্ববিদ্যালয়, ম প্ৰকাশ, ১৯৮৭, পৃষ্ঠা, ৪২। দৈত্যাৰি ঠাকুৰে স্পষ্টকৈ নক'লেও, গোৱিন্দগিৰিয়ে নগৰ পাতি ৰাজ্য শাসন কৰাৰ কথা উল্লেখ কৰিছে পদ, ১১১।

শ্ৰীগুৰু চৰিত', ৰামানন্দ দ্বিজ, সম্পাঃ ড মহেশ্বৰ নেওগ, নলবাৰী, ম প্ৰকাশ, ১৯৫৭, পদ, ৩৬৩।

দৈত্যাৰি, পদ, ১১১।

দৈত্যাৰি, পদ, ১১১  ; ‘গুৰু-চৰিত-কথা', পৃষ্ঠা, ৪৮।

  ‘গুৰু -চৰিত-কথা, পৃষ্ঠা, ৪৩  ; দৈত্যাৰি ঠাকুৰে মাধৱদেৱৰ জন্মৰ কোনো চন-তাৰিখ, তিথি-বাৰৰ কথা উল্লেখ কৰা নাই। ৰামানন্দ দ্বিজে মাধৱদেৱৰ জন্মৰ শক উল্লেখ কৰা নাই  ; মাথো ব'হাগ মাহৰ শুক্লা নৱমী তিথিৰ দিনা দিনৰ দুই প্ৰহৰ যোৱাত মাধৱদেৱৰ জন্ম হয় বুলি লিখিছে। পদ, ৩৬৪ ; ‘বৰদোৱা গুৰু চৰিত' [সম্পাঃ  ড মহেশ্বৰ নেওগ, গুৱাহাটী, য় প্ৰকাশ, ১৯৮০, পৃষ্ঠা, ৭২]-ত চৈধ্য শ এঘাৰ শকৰ জেঠ মাহৰ ৰবিবাৰে পূৰ্ণিমা তিথিত মধ্য নিশা জন্ম হোৱা বুলিছে।

১০। দ্বাৰিকা দ্বিজ মিশ্ৰ ৰচিত সন্তাৱলী' [সম্পাঃ সূৰ্য হাজৰিকা, গুৱাহাটী, য় প্ৰকাশ, ২০০৮, পদ, ৬২১।] পুথিত ৰোহিণী নক্ষত্ৰৰ তৃতীয় পাদত মাধৱদেৱৰ জন্ম হয় বাবে তেওঁৰ অপৰ নাম বিন্ধ্যাৱলী হয় বুলি উল্লেখ কৰিছে।

১১  দ্বাৰিকা দ্বিজ মিশ্ৰ, পদ, ৬২৪।

১২। গুৰু-চৰিত-কথা, পৃষ্ঠা, ৪৩।

১৩। ঐ    , পৃষ্ঠা, ৪৫।

১৪। ৰামনন্দ দ্বিজ, পদ, ৩৬৮।

১৫।  দ্বাৰিকা দ্বিজ মিশ্ৰ, পদ, ৬২২। গুৰু-চৰিত-কথাৰ বৰ্ণনা অনুযায়ী কুসুম্বৰ শিৰোমণি ভূঞাই  গোৱিন্দগিৰিক ৰ'টা অঞ্চলৰ বৰা পতা কথা সঁচা হ'লে, গোৱিন্দগিৰি বৰা [শিৰোমণি ভূঞাই পতা বৰা]-ৰ পুত্ৰ হোৱা হেতু মাধৱক বৰা-পো' বোলা হৈছিল বুলি ধৰা যুক্তিসংগত হ'ব যেন অনুমান হয়।

১৬   ‘গুৰু-চৰিত-কথা', পৃষ্ঠা, ৪৬।

১৭।           ঐ      , পৃষ্ঠা, ৪৭।

১৮।  গুৰু-চৰিত-কথা', পৃষ্ঠা,৪৮।

১৯। গুৰু-চৰিত-কথা', পৃষ্ঠা, ৪৮; দৈত্যাৰি, পদ, ১২৫-১২৭ ; লক্ষ্মীনাথ বেজবৰুৱা,   ‘শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ', তৃতীয় সংস্কৰণ, গুৱাহাটী, পৃষ্ঠা, ৪৬।

২০। গুৰু-চৰিত-কথা', পৃষ্ঠা, ৪৮।

২১। দিচিয়াল কথা চৰিত', নগাঁও জিলাৰ প্ৰবীণ আইনজ্ঞ মোহন মহন্তৰ হাতত সংৰক্ষিত সাঁচিপাতৰ পুথি, পাতৰ সংখ্যা, ৩ ।