Articles

Articles written by various author on Madhabdeva

অংকীয়া ভাওনাৰ সৈতে জড়িত অনুষ্ঠান, আচাৰ-বিশ্বাস

Published on:  23/11/2019

Author:  ৰীতামণি ভূঞা তামুলী

      নাট্যকলাক যৌগিক অথবা মিশ্ৰিত কলা আখ্যা দিয়া হয়। নৃত্য, গীত, কাব্য, কথা, অভিনয়ৰ সমন্বয়ত নাট্যকলা গঢ় লৈ উঠে। সেয়ে নাট্যকলা শিল্পকৰ্ম। শংকৰদেৱ অসমীয়া নাট্য-সাহিত্যৰ জন্মদাতা। শংকৰদেৱৰ আৰ্হিতে মাধৱদেৱে নাট ৰচনা কৰিলেও মাধৱদেৱৰ নাটৰ আংগিক শংকৰদেৱতকৈ পৃথক। শংকৰদেৱ-মাধৱদেৱে পৰিবৰ্তনমুখী চিন্তা আৰু চেতনাৰে সাংস্কৃতিক সমল নাট্যশিল্পক সমাজ পৰিবৰ্তনৰ আহিলালৈ ৰূপান্তৰ কৰিছিল। অতি সচেতনভাৱে আৰম্ভ কৰা এই প্ৰক্ৰিয়া শংকৰদেৱ-মাধৱদেৱৰ যৌথ প্ৰচেষ্টাত অভিন্নভাৱে সম্পন্ন হৈছিল। নব্য চিন্তা-চেতনাৰে ভাওনাক সমাজ-জীৱনৰ মংগল আৰু জীৱন মুক্তিৰ পথৰ সমল হিচাবে ব্যৱহাৰ কৰিছিল।

          শংকৰদেৱ-মাধৱদেৱ সৃষ্ট নাট্যধাৰাটিৰ অভিনয়ৰূপেই অংকীয়া ভাওনা। পৰিৱেশ্য কলা হিচাবে অংকীয়া ভাওনাৰ অসমৰ সমাজ-জীৱনত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ দেখা যায়। অংকীয়া ভাওনা আয়োজনৰ ক্ষেত্ৰত নাট লিখি নাট-মেলাৰ পৰা নাট-সামৰালৈকে জড়িত আচাৰ-অনুষ্ঠানসমূহৰ বিষয়ে অধ্যয়ন কৰাই আলোচনা পত্ৰখনৰ উদ্দেশ্য।

          আলোচনাৰ ক্ষেত্ৰত ক্ষেত্ৰভিত্তিক অধ্যয়নত গুৰুত্ব দিয়া হৈছে। লক্ষীমপুৰ জিলাৰ খেৰাজখাত মৌজাৰ জয়পুৰ আৰু পুলিনাহৰণি [বুঢ়াবুঢ়ী] গাঁৱত পৰম্পৰাগতভাৱে অংকীয়া ভাওনা অনুষ্ঠিত হৈ আহিছে। এই দুয়োখন গাঁৱতে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰা হৈছে। কেশৱানন্দ দেৱগোস্বামীৰ অংকীয়া ভাওনা' আৰু সত্ৰ-সংস্কৃতিৰ ৰূপৰেখা' শীৰ্ষক গ্ৰন্থ অধ্যয়ন কৰা হৈছে। বৰ্ণনামূলক পদ্ধতিৰে অধ্যয়ন কৰা হ'ব।

          অংকীয়া ভাওনাৰ সৈতে জড়িত অনুষ্ঠান আৰু আচাৰ-বিশ্বাসৰ বিষয়ে প্ৰণালীবদ্ধভাৱে বিদ্যায়তনিক আলোচনা হোৱা দেখা নাযায়। কেশৱানন্দ দেৱগোস্বামীয়ে অংকীয়া ভাওনা' আৰু সত্ৰ-সংস্কৃতিৰ ৰূপৰেখা' শীৰ্ষক গ্ৰন্থত দুই এটি বিষয় উল্লেখ কৰিছে। সেয়ে অংকীয়া ভাওনাৰ সৈতে জড়িত অনুষ্ঠান আৰু আচাৰ-বিশ্বাসৰ বিষয়ে অধ্যয়ন কৰিব বিচৰা হৈছে।

          নাটলিখা, নাট-মেলা, আখৰা, ভৰ আখৰা, খোলৰ আখৰা, নাট-সামৰা অংকীয়া ভাওনাৰ সৈতে জড়িত অনুষ্ঠান। এই অনুষ্ঠানসমূহৰ উপৰি অংকীয়া ভাওনাৰ সৈতে কিছুমান বিশ্বাস মানি চলে। এনে বিশ্বাসসমূহক আৰু তাৰ কাৰ্যৰূপক আচাৰ-বিশ্বাস বুলি ধৰা হ'ব। আলোচনা পত্ৰখনত এই বিষয়সমূহেহে ঠাই পাব। ভাওনাৰ মূল ৰূপৰ বিষয়ে আলোচনা কৰা নহ'ব।

          শংকৰদেৱ আৰু মাধৱদেৱে সৃষ্টি কৰা নাট্যশিল্পটি অংকীয়া ভাওনা আৰু অংকীয়া নাট হিচাবে পৰৱত¹ কালতহে পৰিচিত হয়। শংকৰদেৱ-মাধৱদেৱে এই নাট্যধাৰাটিক নাট, যাত্ৰা, নাটক বুলিহে উল্লেখ কৰি গৈছে।ৰ অংকীয়া শব্দটি শংকৰদেৱ-মাধৱদেৱ সৃষ্ট নাট্য ধাৰাটিক পৃথক ৰূপত বুজাবলৈহে ব্যৱহাৰ কৰা হয়। অংকীয়া নাট বুলি কওঁতে শংকৰদেৱ-মাধৱদেৱে ৰচনা কৰা নাটসমূহকহে বুজোৱা হয়। অভিনয় দিশটি ইয়াৰ সৈতে জড়িত হৈ থকা নাই। অভিনয় দিশটি জড়িত হ'লে অংকীয়া ভাওনা হিচাবে অভিহিত কৰা হয়। ভাওনা শব্দই অভিনয় বুজায়।2 সেয়ে দুয়োটা পৃথক ৰূপ বুজাবলৈ অংকীয়া নাট আৰু অংকীয়া ভাওনা শব্দ ব্যৱহাৰ কৰা হৈছে।

 অংকীয়া ভাওনাৰ সৈতে জড়িত অনুষ্ঠানঃ

          অসমৰ গ্ৰাম্য জীৱন আৰু সত্ৰ পৰম্পৰাত ভাওনা এক অবিে2ছদ্য অংগ। অঞ্চল বিশেষত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি সাম্প্ৰতিক সময়তো অংকীয়া ভাওনা অনুষ্ঠিত কৰা হয়। শংকৰদেৱ-মাধৱদেৱৰ তিথি, শংকৰ জন্মোৎসৱ, বাৰ্ষিক আদিত অংকীয়া ভাওনা অনুষ্ঠিত কৰা এক পৰম্পৰা হিচাবে এনে স্থানবোৰত স্বীকৃত হৈ আহিছে। ক্ষেত্ৰ অধ্যয়নত দেখা গ'ল অংকীয়া ভাওনা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আনুষংগিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এনে অনুষ্ঠানসমূহ হৈছেনাট লিখা, নাট-মেলা, আখৰা, শৰাই দিয়া, বৰ আখৰা, নাট সামৰা।

নাট লিখাঃ

          অভিনয় আৰম্ভ কৰিবলৈ প্ৰথমে এখন নাটক নিৰ্বাচন কৰা হয়। নাটক নিৰ্বাচনৰ পিছত ভাল হাতৰ আখৰৰ এজন বা দুজনক বচন লিখিবলৈ দায়িত্ব দিয়া হয়। এখন কাগজ দুভাগ বা তিনিভাগ কৰি বচন লিখা হয়। অন্য স্থানৰ পৰা নাটক আনিলে নাটখনো লিখি লোৱা হয়।

নাট-মেলাঃ

          নাট লেখাৰ পাছত এটি দিনত নাট-মেলা হয়। নাট মেলাৰ দিনা এখন শৰাই আগবঢ়োৱা হয়। সেইদিনাই ভাও বিতৰণ কৰা হয়। কেতিয়াবা নাট মেলাৰ আগতেই ভাও বিতৰণ কৰা হয়। গুৰু ঘাতেৰে নাট মেলা আৰম্ভ কৰা হয়। নান্দী, এটি গীত অথবা এটি অংশৰ আখৰা কৰি নাট মেলা হয়। গুৰু ঘাতেৰে নাট মেলা সামৰা হয়। গুৰু ঘাতৰ পিছত মাহ-প্ৰসাদ বিতৰণ কৰা হয়।

আখৰাঃ

          নাট মেলাৰ পাছৰ পৰা ভাওনাৰ দুদিন আগলৈকে আখৰা কৰা হয়। আখৰা গুৰু ঘাতেৰে আৰম্ভ কৰা হয় আৰু সামৰণি মৰা হয়। আখৰাত নাটৰ অভিনয়ৰ অভ্যাস কৰা হয়। প্ৰৱেশৰ পৰা আৰম্ভ কৰি বচন মতা, আংগিক আদি সকলো অভ্যাস কৰা হয়।

ভৰ আখৰাঃ

          ভৰ আখৰা বা বৰ আখৰা ভাওনাৰ দুদিন আগত কৰা হয়। এইদিনা নাটকখনৰ সম্পূৰ্ণ অভিনয় অভ্যাস কৰা হয়। ভৰ আখৰাৰ দিনা শৰাই দিয়া হয়। সকলো ভাৱৰীয়াই সেৱা জনাই আশীৰ্বাদ লয়।

শৰাই দিয়াঃ

          ভাৱৰীয়াসকলে আখৰা হৈ থাকোতে নিজাব্বীয়াকৈ এজন বা দুজনে শৰাই আগবঢ়ায়। ভাও সুচাৰুৰূপে দিব পৰা কামনাৰে এনে শৰাই আগবঢ়োৱা হয়। শৰাই আগবঢ়াওতাই সেৱা জনাই আশীৰ্বাদ লয়।

খোলৰ আখৰাঃ

          ভাওনাৰ আগদিনা খোলৰ আখৰা কৰা হয়। এনে আখৰাত সৰু ধেমালি, বৰ ধেমালি, ঘোষা ধেমালি, ৰাগ ধেমালি, ন ধেমালি, নট ধেমালি, গুৰু ধেমালি, দেৱ ধেমালি আদি অভ্যাস কৰা হয়।

নাট সামৰাঃ

          ভাওনা হৈ যোৱা পাছত এটা দিনত নাট সামৰা হয়। নাট সামৰাৰ দিনা গুৰু ঘাত, নাটৰ এটি গীত, মুক্তিমংগল ভটিমা আৰু গুৰু ঘাতেৰে নাট সামৰা কাৰ্য সম্পন্ন কৰে। সকলো ভাৱৰীয়াই সেৱা জনায়। নাট সামৰাৰ দিনাও শৰাই দিয়া হয়।

 অংকীয়া ভাওনাৰ সৈতে জড়িত আচাৰ-বিশ্বাসঃ

          অংকীয়া ভাওনা অসমৰ সমাজ-জীৱনে পবিত্ৰ কাৰ্য হিচাপে গণ্য কৰে। নামঘৰো অসমৰ সমাজ-জীৱনৰ এক পবিত্ৰ স্থান। অংকীয়া ভাওনাক কেন্দ্ৰ কৰি সমাজ-জীৱনৰ মাজত কিছুমান আচাৰ আৰু বিশ্বাস গঢ় লৈ উঠিছে।

          অংকীয়া ভাওনাত পূৰ্বতে নাৰী চৰিত্ৰত পুৰুষে অভিনয় কৰিছিল। এতিয়াও নামঘৰত অনুষ্ঠিত ভাওনাত নাৰীৰ চৰিত্ৰ পুৰুষে ৰূপায়ণ কৰে। অংকীয়া ভাওনাত দিয়া ভাও নলওঁ বুলি ক'ব নাপায় বুলি বিশ্বাস কৰে। ভাওক লৈ অংহাকৰ কৰিব নাপায় বুলিও বিশ্বাস কৰে। নাটকখনক পবিত্ৰ বুলি বিশ্বাস কৰি সেৱা কৰে।

          অংকীয়া ভাওনাৰ দিনা ভাও লোৱা ব্যক্তিসকল লঘোণে থাকে। সেইদিনা গাঁৱতো মাছ-মাংস নাখায়। ঘৰত কোনোবা আত্মীয়ৰ মৃতু্য হ'লে অথবা জন্ম হ'লে তেনে ব্যক্তিয়ে ভাও নলয়। আখৰা হৈ থাকোতেও এনে ব্যক্তি আখৰালৈ নাযায়। কিছু বছৰৰ আগলৈকে কোনো কোনো অঞ্চলত শিশু কৃষ্ণৰ ভাও গোসাঁই মানুহৰ ল'ৰাকহে দিয়া হৈছিল। ভাওনাত ওলোৱা ভাৱৰীয়াসমূহক উক্তদিনা চৰিত্ৰৰ সৈতে অভিন্ন ৰূপত বিশ্বাস কৰে।

          সাম্প্ৰতিক সময়ত বিভিন্ন উদ্দেশ্যত এজন ব্যক্তিয়ে ভাওনা পতাৰ এক ব্যৱস্থা আৰম্ভ হৈছে। এনে ভাওনা নামঘৰত নাপাতি ঘৰতো পতা দেখা যায়। ঘৰত পতাৰ ক্ষেত্ৰত সাধাৰণতে বাৰীৰ বাহিৰত ৰভা দিহে ভাওনা পাতে। বাৰীৰ ভিতৰত পাতিলে অমংগল হয় বুলি বিশ্বাস কৰে।

 উপসংহাৰঃ

          অংকীয়া ভাওনাৰ সৈতে জড়িত অনুষ্ঠান, আচাৰ-বিশ্বাসসমূহ অধ্যয়ন কৰি দেখা গ'

          অসমৰ সমাজ-জীৱনে অংকীয়া ভাওনা পবিত্ৰ বুলি ভবাৰ লগতে ঈশ্বৰ প্ৰা¿৫১ এক পথ হিচাপে গণ্য কৰে।

          ব্যক্তিগত মনৰ শুচি আৰু পবিত্ৰতাত গুৰুত্ব দিয়ে। 

          অহংকাৰশূন্যভাৱে অংকীয়া ভাওনাৰ সৈতে জড়িত হ'ব বিচাৰে।

          পূৰ্ণ পৰ্যায়ৰ অনুশীলনৰ মাজেৰে অংকীয়া ভাওনা অনুষ্ঠিত কৰিব বিচাৰে।

          এই বিষয়ৰ প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মত অধ্যয়নে নতুন দিশ উন্মোচন কৰাৰ সম্ভাৱনা দেখা যায়।

প্ৰসংগ টোকাঃ

          শ্ৰী পাৰিজাত হৰণ নাটকং সমাপ্তিমিতি

          সম্পা. মহিম বৰা, শংকৰদেৱৰ নাট, পৃ. ৯৭

                   ইতি কালিয়দমন যাত্ৰা সমাপ্ত।

          সম্পা. মহিম বৰা, শংকৰদেৱৰ নাট, পৃ. ৯৭

                   কেলিগোপাল নামেদং নাটকং সমাপ্তম।

          সম্পা. মহিম বৰা, শংকৰদেৱৰ নাট, পৃ. ২৩০

                   শ্ৰীৰামবিজয়ং নাম নাটকং বিদঠেহধুনা।

                   ৰাম বিজয় নাম নাটোংয়ং সম্পূৰ্ণম শ্ৰীকৃষ্ণ পাদ প্ৰসাদতঃ।।

          সম্পা. মহিম বৰা, শংকৰদেৱৰ নাট, পৃ. ২৭১

                   ইতি ৰুক্মিণীহৰণ নাট সমাপ্তং।

          সম্পা. মহিম বৰা, শংকৰদেৱৰ নাট, পৃ. ১৮৮

                   ইতি দধিমথন নাট।। অজুন-ভঞ্জন নাম জাত্ৰা সম্পূৰ্ণ ভেল।।

          সম্পা. ধৰ্মেশ্বৰ চুতীয়া, মহাপুৰুষ মাধৱদেৱ বাক্যামৃত, শ্ৰীমন্ত শংকৰদেৱ সংঘ, পৃ. ২২১

          অংকীয়া ভাওনা বুলিলে এক বিশেষ পৰ্যায়ৰ নাটৰ অভিনয়ক বুজায়। অংকীয়াৰ বাহিৰে আন নাটৰ অভিনয়ো ভাওনা। এইখিনিতে ভাও লোৱা, ভাও দিয়া আৰু ভাও ধৰা আদি শব্দও সুঁৱৰিবলগীয়া।কেশবানন্দ দেৱগোস্বামী, অংকীয়া ভাওনা, পৃ. ১৫

 

গ্ৰন্থপঞ্জীঃ

দেৱগোস্বামী, কেশৱানন্দঃ অংকীয়া ভাওনা, বনলতা, ডিব্ৰুগড়, চতুৰ্থ বনলতা সংস্কৰণ, ২০১১

সত্ৰ-সংস্কৃতিৰ ৰূপেৰখা, বনলতা, দ্বিতীয় সংস্কৰণ, ১৯৮৬

সম্পা. চুতীয়া, ধৰ্মেশ্বৰঃ মহাপুৰুষ মাধৱদেৱ বাক্যামৃত, শ্ৰীমন্ত শংকৰদেৱ সংঘ, প্ৰথম প্ৰকাশ, ১৯৯৪

সম্পা. বৰা, মহিমঃ শংকৰদেৱৰ নাট, অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ, ১৯৮৯