Articles

Articles written by various author on Madhabdeva

ঐতিহাসিক মিলন

Published on:  29-09-2017

Author:  ললিত চন্দ্ৰ সভাপণ্ডিত

ধুৱাহাটত শ্ৰীমন্ত শংকৰদেৱৰ লগত মহাপুৰুষ মাধৱদেৱৰ মিলন ইতিহাসৰ এক বিৰল ঘটনা। ভাৰতবৰ্ষত বৈদিক যুগৰপৰা আৰম্ভ কৰি স্বামী বিবেকানন্দৰ যুগলৈকে বহুতো মহান সাধক আৰু ব্ৰহ্ম তত্ত্ববিদৰ আৱিৰ্ভাৱ হৈছে। আমাৰ মহান তীৰ্থক্ষেত্ৰসমূহক কেন্দ্ৰ কৰি আৰু হিন্দু ৰজা মহাৰজাসকলৰ পৃষ্ঠপোষকতাত বহুতো মঠ-মন্দিৰ তথা আশ্ৰম গঢ় দিয়া হৈছিল। সেই মঠ-মন্দিৰসমূহত ব্ৰহ্ম তত্ত্বৰ চৰ্চ্চা হৈছিল। মঠ-মন্দিৰসমূহৰ অধ্যক্ষসকলৰ বহুতেই আছিল একোজন মহান পণ্ডিত তথা ব্ৰহ্মতত্ত্ববিদ। মঠাধ্যক্ষৰ ওচৰত দীক্ষা গ্ৰহণ কৰি বহুতো সাধু সন্ন্যাসীয়ে ব্ৰহ্ম জ্ঞান আহৰণৰ কাৰণে জীৱনজোৰা কঠোৰ সাধনাত ব্ৰতী হয়। এজন সদগুৰুৰ অবিহনে ব্ৰহ্মজ্ঞানৰ সাধনা সম্ভৱ নহয় বুলি ভক্তসকলে বিশ্বাস কৰে। গতিকে গুৰু ভক্তিয়েই ব্ৰহ্ম জ্ঞান সাধনাৰ প্ৰকৃত পথ নিৰ্দ্দেশক। গুৰু কৃপা, আত্মা কৃপা, শাস্ত্ৰ কৃপা আৰু ইষ্ট কৃপাৰ অবিহনে পৰমাৰ্থ লাভ অসম্ভৱ বুলিয়েই গুৰু শিষ্য সকলোৰে দৃঢ় বিশ্বাস আছিল। এই বিশ্বাস এতিয়াও আছে।

এজন সদ গুৰু লাভ কৰাটো বৰ সহজসাধ্য নাছিল। কেতিয়াবা একোজন এনে ব্ৰহ্ম জ্ঞানৰ বিদ্যাৰ্থীয়ে সদ গুৰু লাভৰ কাৰণে হাবাথুৰি খাব লগা হৈছিল। এজন সদ গুৰুৰ সন্ধানত তেওঁলোকে বিভিন্ন তীৰ্থ ক্ষেত্ৰ আৰু মঠ-মন্দিৰ ভ্ৰমি ফুৰিছিল আৰু শেষত তেনে এজন গুৰুৰ সন্ধান পালেও সেই গুৰুৰ পৰা দীক্ষা লাভ কৰাটো বৰ সহজ নাছিল। কোনো কোনো ক্ষেত্ৰত গুৰুৰ ওচৰত তেওঁলোকে কঠোৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লগাও হৈছিল। ব্ৰহ্মজ্ঞানৰ সাধনাত নিজকে সন্ন্যাস ধৰ্মত ব্ৰতী কৰাৰ উদ্দেশ্য স্বামী বিশুদ্ধানন্দ সৰস্বতীয়ে এজন সদগুৰুৰ সন্ধানত নিজৰ জীৱন একাধিকবাৰ বিপদাপন্ন কৰিও বছৰৰ পিছৰ বছৰ ধৰি উত্তৰ আৰু দক্ষিণ ভাৰত ভ্ৰমি ফুৰিছিল। মঠ-মন্দিৰ আৰু আশ্ৰমত অধ্যয়ন আৰু সাধনা কৰিছিল। অৱশেষত কাশীৰ গৌড় স্বামীৰ দৰ্শন লাভ কৰি দীক্ষা দানৰ প্ৰাৰ্থনা জনাইছিল। কিন্তু গৌড় স্বামীয়ে কঠোৰ পৰীক্ষা কৰি চাইহে তেওঁক দীক্ষা দিছিল।

বঙ্গদেশত নৱবৈষžৱ আন্দোলনৰ গুৰি ধৰোতা শ্ৰীচৈতন্য দেৱৰ একান্ত নিষ্ঠাভাজন প্ৰিয় শিষ্য সনাতন গোস্বামীয়ে চৈতন্যদেৱৰ  দৰ্শন লাভৰ আগতে বহুত দিন ধৰি শ্ৰীচৈতন্যৰ দৰ্শন লাভৰ চিন্তাত অস্থিৰ হৈ পৰিছিল। বহুতো বাধা আৰু বিপদ অতিক্ৰম কৰিহে তেওঁ চৈতন্য দৰ্শন লাভ কৰিবলৈ সমৰ্থ হৈছিল।

উদাহৰণ বহুতো আছে। কিন্তু নাই কেৱল শংকৰ-মাধৱৰ ভূঞাহাটত হোৱা মিলনৰ সমতুল্য মিলনৰ উদাহৰণ। দুয়োজনা মহাপুৰুষৰ পৰিয়ালৰ মাজত পূৰ্বৰ সম্পৰ্ক কেনে আছিল সেই কথা কাৰো অবিদিত নহয়। ধুঞাহাটৰ দুয়োজনৰ মিলৰ যোগসূত্ৰ আছিল মাধৱৰ ভনী জোঁৱায়েক গয়াপাণি। গয়াপাণি ইতিমধ্যে শংকৰদেৱৰ নাম ধৰ্মত দীক্ষিত হৈছিল।

আমি ওপৰত উল্লেখ কৰা স্বামী বিশুদ্ধানন্দ বা সনাতন গোস্বামীৰ দৰে সদগুৰুৰ সন্ধানত মাধৱদেৱ শংকৰদেৱৰ ওচৰলৈ নিশ্চয় যোৱা নাছিল। সৰুৰ পৰাই অসাধাৰণ প্ৰতিভাৰ গৰাকী মাধৱৰ নিজৰ ওপৰত আছিল অতল বিশ্বাস। তেওঁ আছিল ঘোৰ শাক্ত। শক্তিৰ উপাসনাত গভীৰ অধ্যয়ন আৰু শাস্ত্ৰ জ্ঞান নথকা হ'লে গভীৰ আত্মবিশ্বাসেই তেৰাক লৈ গৈছিল শ্ৰীমন্ত শংকৰৰ ওচৰত প্ৰত্যাহবান জনাবলৈ। তৰ্ক যুদ্ধত অৱতীৰ্ণ হ'বলৈ।

এদিন ধুঞাহাটত সেই ঐতিহাসিক তৰ্ক যুদ্ধ আৰম্ভ হৈছিল। সেই যুদ্ধ উলা মূলা বিধৰ নাছিল। ‘‘প্ৰভাতৰে পৰা তিনিপৰ বেলি গৈল দুই হাস্তৰো কথা সাঙ্গ তথাপি নভৈল।'' তিনিপৰ বেলি বিভিন্ন শাস্ত্ৰ মন্থন কৰা সেই বাক যুদ্ধ সামৰণি পৰিছিল গুৰুজনাৰ কথাৰে ‘‘বৃদ্ধৰ মূলত যেন আনি দিলে জল। হোৱয় তৃপিতি জানা পাত পুষ্প ফল।।''

মাধৱ নিৰুত্তৰ হ'ল যদিও নিপৰ বেলি শ্ৰীমন্ত শংকৰৰ লগত তৰ্ক কৰিব পৰা তেৰাৰ পাণ্ডিত্যৰ কথা ভাৱি আচৰিত নহৈ নোৱাৰি। বীৰে বীৰৰ মোল বুজে। জ্ঞানীজনে জ্ঞানীজনৰ মোল বুজে। জ্ঞানীজনে নিজৰ অজ্ঞানতাৰ কথা স্বীকাৰ কৰিবলৈ সংকোচবোধ নকৰে। অন্য দেৱ দেৱীৰ পূজাৰ অসাৰ্থকতাৰ কথা মাধৱদেৱে এতিয়া গভীৰভাৱে উপলব্ধ কৰিলে, নামেইহে সাৰ। গুৰুজনাৰ এইষাৰ বাণী শিৰোধাৰ্য কৰি শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত নিজকে সমৰ্পণ কৰি তেৰাৰ দীক্ষা গ্ৰহণ কৰিলে ধূঞাহাটত মণিকাঞ্চন সংযোগ ঘটিল। এই মহামিলনৰ ফলশ্ৰুতি হিচাবে অসমীয়া জাতিয়ে কি পালে সেই কথা প্ৰৱন্ধৰ বাহুল্যৰ ভয়ত আলোচনা কৰাৰ পৰা বিৰত থকা হ'ল।

ধূঞাহাটৰ মিলনক অন্য এক দৃষ্টিৰে মূল্যাংকণ কৰি চোৱাৰ অৱকাশ আছে। সামাজিক তথা ঘৰুৱা পৰিৱেশ, শিক্ষা-দীক্ষা, শিক্ষাগুৰু বা ধৰ্মগুৰুৰ প্ৰভাৱে জীৱন গঢ় দিয়ে আৰু জীৱনৰ গতি সালসলনিও কৰে। পৰিৱেশ বা যোগ্য পথ প্ৰদৰ্শকৰ অবিহনে কেতিয়াবা মহৎ প্ৰতিশ্ৰুতিসম্পন্ন প্ৰতিভাৰ অকাল নিস্পভন ঘটে আৰু কেতিয়াবা মহৎ স্বাক্ষৰ বহন কৰে। সামাজিক পৰম্পৰা আৰু পৰিৱেশৰ প্ৰভাৱতেই হয়তো মাধৱদেৱ শাক্ত আছিল। যদি ধূঞাহাটত তেৰাসবৰ পবিত্ৰ মিলন নঘটিলহেঁতেন কোনে জানে, মাধৱদেৱ হয়তো এজন শাক্ত পণ্ডিত হৈয়েই ৰলহেঁতেন। সেয়ে হ'ল মহাপুৰুষৰ মহান প্ৰতিভাৰ পূৰ্ণ বিকাশ কোনো দিনাই নহ'লহেঁতেন। শংকৰদেৱৰ প্ৰভাৱে সিজনাৰ মহৎ প্ৰতিভাৰ পূৰ্ণ বিকাশ ঘটালে। অসমীয়া জাতিয়ে জাতীয় গৌৰৱৰ উচ্চ শিখৰত নিজক প্ৰতিষ্ঠা কৰি গৌৰৱাম্বিত হ'বলৈ লাভ কৰিলে দুজনা মহাপুৰুষ। তৰ্কৰ মাজেদিয়েই গুৰুজনাই প্ৰতিপক্ষৰ বিচক্ষণতাৰ উমান ভালদৰেই পালে। তেৰাৰ লগত মাধৱৰ সহযোগে ধুঞাহাটৰ কীৰ্ত্তন ঘৰ অধিক প্ৰাণোচ্ছল কৰি তুলিলে। ধূঞাহাটৰ ‘‘গগন মণ্ডল চোৱে কীৰ্তনৰ ধ্বনি, আনন্দ সাগৰে লোকমাজে তাকে শুনি।''

ধূঞাহাট বৰ লুইতৰ বুকুত কোনোবা কাহানিয়ে নিঃচিহ্ন হৈ গ'ল। কিন্তু ধূঞাহাটৰ গগন মণ্ডলৰ সেই অমৃত বৰষা কীৰ্তনৰ ধ্বনি লুইতৰ দুয়ো পাৰে ইমূৰৰ পৰা সিমূৰলৈ ব্যাপ্ত হৈ ৰ'ল। সেয়েহে আজিও হেজাৰ বিজাৰ ভক্তৰ কণ্ঠত শ্ৰবিত হয়শুনা বৈকুণ্ঠত নামৰ ধ্বনি শুনা শুনা ভকত সব নামৰ ধ্বনি অনন্ত কাললৈ ধ্বনিত হৈয়েই থাকিব।